৮২ বছৰীয়া 'ৰিভলভাৰ দাদী' চন্দ্ৰো তোমৰ

৮২ বছৰীয়া 'ৰিভলভাৰ দাদী' চন্দ্ৰো তোমৰ

Monday October 10, 2016,

2 min Read

৮২ বছৰীয়া চন্দ্ৰো তোমৰৰ বাবে বয়স মাত্ৰ এটা সংখ্যা । ৰিভলভাৰ দাদী নামে জনাজাত চন্দ্ৰোৱে শ্বুটিঙত ২৫ টা ৰাষ্ট্ৰীয় পুৰষ্কাৰ লাভ কৰিছে । তেওঁৰ বিশ্বৰ জ্যেষ্ঠতম মহিলা শ্বাৰ্পশ্বুটাৰ ।

Image : Daily Bhaskar

Image : Daily Bhaskar


উত্তৰ প্ৰদেশৰ বাগপত জিলাৰ জোহৰি গাৱৰ চন্দ্ৰোৱে ৬৫বছৰ বয়সত আৰম্ভ কৰিছিল প্ৰশিক্ষণ । ছটা সন্তান আৰু ১৫ টা নাতি নাতিনীৰে এখন বিশাল সংসাৰ তেওঁৰ । শ্বুটিঙৰ সৈতে তেওঁৰ সম্পৰ্ক আছিল আকস্মিক । তেওঁৰ এগৰাকী নাতিনীয়ে জোহৰি ৰাইফল ক্লাবত নাম লগাবলৈ যাওঁতে তেৱোঁ লগত গৈছিল । তাত তেওঁ এটা বন্দুক তুলি লৈ যেতিয়া লক্ষ্যত গুলিয়াবলৈ ধৰিলে তেতিয়া সকলো আচৰিত হৈ পৰিল তেওঁৰ দক্ষতা দেখি । সেয়াই আছিল আৰম্ভণী ।

সেই দিন ধৰি ঘূৰি চোৱা নাই চন্দ্ৰোৱে । "প্ৰথমবাৰ পিষ্টলেৰে গুলী চলোৱাৰ পিছত মই ইয়াৰ প্ৰতি আকৰ্ষিত হৈছিলো । আৰু এতিয়া মই সকলোকে দেখুৱাইছো যে মোৰ বয়স মোৰ বাবে বাধা নহয় । লক্ষ্য স্থিৰ থাকিলে সকলো কাম কৰিব পাৰি ।" তেওঁ কয় ।

Image : Hindustan Times

Image : Hindustan Times


চন্দ্ৰোৰ জনপ্ৰিয়তা আৰু অধ্যৱসায়ে তেওঁৰ গাৱঁৰ আন মহিলাসকলৰ মাজত আনিছে ক্ৰীড়াৰ প্ৰতি এক জাগৰণ । বৰ্তমান এই গাৱঁৰ ২৫ গৰাকী মহিলাই ৰাইফল ক্লাবত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে । 

২০১০ চনত চন্দ্ৰোৰ জিয়ৰী সীমাই ৰাইফল আৰু পিষ্টল বিশ্বকাপত পদক পোৱা প্ৰথম ভাৰতীয় মহিলা হোৱাৰ সন্মান অৰ্জন কৰে। তেওঁৰ নাতিনী নিতু ছোলংকীয়ে জাৰ্মানী আৰু হাঙ্গেৰীত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে । 

Image : Hindustan Times

Image : Hindustan Times


চন্দ্ৰোৰ ৭৭ বছৰীয়া ননদ প্ৰকাশী তোমৰেও তেওঁৰ পদাংক অনুসৰণ কৰিছ । তেওঁ আৰক্ষী পৰিদৰ্শক এগৰাকীক এবাৰ পাৰজিত কৰিছিল আৰু সেই বিষয়াজন লাজতে বঁটা বিতৰণী অনুষ্ঠানলৈ অহা নাছিল ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে অসমত গঢ়ি উঠিছে এটা কৃষি বিপ্লৱ

সাত দিনত আৰম্ভ কৰক ষ্টাৰ্টআপ

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

মালগাড়ীৰ গাৰ্ডৰূপে কাম কৰা ভাৰতৰ প্ৰথম মহিলা ইউ এইচ লক্ষ্মী