পাক সেনাৰ মেজৰ হোৱা ভাৰতীয় চোৰাংচোৱাজন

পাক সেনাৰ মেজৰ হোৱা ভাৰতীয় চোৰাংচোৱাজন

Saturday August 13, 2016,

2 min Read

ৰাজস্থানৰ শ্ৰী গঙ্গানগৰত ১৯৫২ চনত জন্ম হৈছিল ৰৱিন্দৰ কৌশিকৰ । তেওঁ আছিল এজন বিখ্যাত পঞ্জাবী থিেটাৰ অভিনেতা । অভিনয়ৰ যোগেদিয়েই তেওঁ ভাৰতীয় চোৰাংচোৱা সংস্থা ৰ (RAW)ৰ দৃষ্টিলৈ আহিছিল । "কলেজত থকাৰ সময়ত তেওঁ চীনক তথ্য দিবলৈ অস্বীকাৰ কৰা এজন সেনা বিষয়াৰ চৰিত্ৰত অভিনয় কৰোঁতেই হয়তো তেওঁৰ ওপৰত 'ৰ'ৰ চকু পৰিছিল ।" ৰৱিন্দৰৰ ভাতৃ ৰাজেশ্বৰে এটা সাক্ষাৎকাৰত এইদৰে কয় হিন্দুস্তান টাইমছক ।

Image: (L, C)- MensXP; (R)- Ajab Gjab

Image: (L, C)- MensXP; (R)- Ajab Gjab


ৰৱিন্দৰক পাকিস্তানত ভাৰতৰ হৈ চোৰাংচোৱাগিৰি কৰিবলৈ দায়িত্ব দিয়া হয় । দুবছৰীয়া কঠোৰ প্ৰশিক্ষণৰ অন্তত । ১৯৭৫ চনত তেওঁ পাকিস্তানলৈ যায় । ইয়াত তেওঁ নবী আহমেদ শ্বাকিৰ নামৰ এটা ভূৱা নামেৰে কৰাচী বিশ্ববিদ্যালয়ত এলএলবি পাঠ্যক্ৰমত নামভৰ্তি কৰে । পাঠ্যক্ৰম শেষ কৰি তেওঁ পাকিস্তানৰ সেনাবাহিনীত যোগদান কৰে আৰু অচিৰেই মেজৰ পদলৈ পদোন্নতি লাভ কৰে । আনকি এগৰাকী পাকিস্তানী যুৱতী বিয়া কৰাই তেওঁ এটি কন্য সন্তানৰ পিতৃও হয় । 

১৯৭৯ৰপৰা ১৯৮৩ চনলৈ ৰৱিন্দৰে পাক সেনাৰ বহু গুৰুত্বপূৰ্ণ তথ্য ৰক যোগান ধৰে । তেওঁ পাকিস্তানতেই সদায় থকাৰ পৰিকল্পনা আছিল যদিও ১৯৮৩ চনত ইনায়ৎ মছিহা নামৰ আন এগৰাকী ভাৰতীয় চোৰাংচোৱা পাকিস্তানত বন্দী হোৱাত তেওঁৰ পৰিচয় ওলাই পৰে আৰু তেওঁ বন্দী হয় । ৰৱিন্দৰক গ্ৰেপ্তাৰ কৰি মুলতানৰ এখ কাৰাগাৰত ৰখা হয় । 

ৰৱিন্দৰক মৃত্যদন্দ দিয়া হয় আৰু এই মৃত্যুদন্দক যাৱজ্জীৱন কাৰদন্দলৈ পৰিৱৰ্তিত কৰা হয় । ১৮ বছৰ কাৰাগাৰত থকাৰ পাছত তেওঁৰ ২০০১ চনৰ ২১ নৱেম্বৰত যক্ষ্মা ৰোগত মৃত্য হয় । মুলতান কাৰাগাৰৰ পিছফালে তেওঁক কবৰ দিয়া হয় । 

ভাতৃ ৰাজেশ্বৰে আক্ষেপ কৰে যে ৰৱিন্দৰৰ বলিদানক চৰকাৰ আৰু দেশ উভয়েই অৱজ্ঞা কৰিলে । সামান্য পেঞ্চনৰ টকাকেইটাও তেওঁৰ মাতৃ-পিতৃৰ বিয়োগৰ পাছত বন্ধ হৈ যায় । মুলতান কাৰাগৰৰপৰা তেওঁ আশ্বৰ্য্যজনকভাৱে পঠোৱা চিঠিবোৰৰ এখনত তেওঁ লিখিছিল, "ভাৰতৰ দৰে ডাঙৰ দেশ এখনৰ বাবে বলিদান দিয়াসকলে এয়াই পায় নেকি ?"

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

দলিত নিগ্ৰহৰ ঘটনাৰ আঁৰত আছে এক গভীৰ সামাজিক কাৰণ

বিশ্বজোৰা এটা চাহৰ ব্ৰেণ্ড স্থাপন কৰাৰ লক্ষ্যৰে নমঃ টি

ৰেষ্টোৰাঁৰ পাকঘৰৰ মজিয়াত শোৱা শিশুটি আজি 'ইডলী কিং' : পি.ৰাজাগোপালৰ ছাৰাৱানা ভৱন

ষ্টিফেন হকিঙৰ আৰ্হিত কণ্ঠস্বৰেৰে নিয়ন্ত্ৰণ কৰিব পৰা হুইল চেয়াৰ নিৰ্মাণ কৰা এজন ছাত্ৰ