৫০০ আৰু ১০০০ টকীয়া নোট সম্পৰ্কে জানিবলগীয়া ১০ টা কথা

৫০০ আৰু ১০০০ টকীয়া নোট সম্পৰ্কে জানিবলগীয়া ১০ টা কথা

Wednesday November 09, 2016,

2 min Read

৫০০ আৰু ১০০০ টকীয়া নোট নিষিদ্ধ হোৱাৰ পাছত আপোনাৰ হাতত থকা ৫০০ আৰু ১০০০ টকীয়া নোটবোৰৰ কি হ'ব য? কেনেকৈ কৰিব আপুনি বজাৰ সমাৰ ? পুৰণি নোট সম্পৰ্কে জানিবলগীয়া কেইটামান কথা তলত দিয়া হ'ল- 

image


১) ১১ নৱেম্বৰৰ মাজনিশা পৰ্যন্ত ৫০০ আৰু ১০০০ টকীয়া নোট সমূহ চৰকাৰী হাস্পাতালত দিব পাৰিব ।

২) ১১ নৱেম্বৰৰ ভিতৰত আপুনি আপোনাৰ নোট সমূহ সলাব লাগিব ।

৩) ৰেলৱে, চৰকাৰী বাছ আৰু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত টিকট কিনিবৰ বাবে এই নোট ব্যৱহাৰ কৰিব পাৰিব ।

৪) ৰাজহুৱা খণ্ডৰ তেল কোম্পানীৰ পেট্ৰল, ডিজেল আৰু গেছ ষ্টেচনতো পুৰণি নোট লেৱা হ'ব ।

৫) চৰকাৰী অধিকৃত বিক্ৰী কেন্দৰ সমূহতো পুৰণি নোট চলিব ।

৬) দাহ সংস্কাৰস্থলী সমূহতো পুৰণি নোট লোৱা হব 

৭) বেংক আৰু ডাকঘৰৰ একউন্টত ১০ নৱেম্বৰৰপৰা ৩০ ডিচেম্বৰ পৰ্যন্ত পুৰণি নোট সমূহ জমা দিব পৰা যাব । কিন্তু মনত ৰখা দৰকাৰ যে অাগন্তুক দিন সমূহত বেংকৰপৰা দৈনিক ১০,০০০ আৰু সপ্তাহত ২০,০০০ টকৈহে উলিয়াব পাৰিব । এই সীমা পৰৱৰ্তী পৰ্যায়ত বঢ়োৱা হ'ব । 

৮) ১০ তাৰিখ পৰ্যন্ত এটি এম বন্ধ থাকিব । 

৯) নতুন নোট সমূহ এ টি এমত সুমুউৱাৰ পাছত এ টি এম কাৰ্ডত প্ৰতিদিনে ২০০০ টকা উলিয়াব পৰা যাব এই সীমা পৰৱৰ্তী পৰ্যায়ত ৪০০০ টকা পৰ্যন্ত বঢ়োৱা হ'ব । 

১০) ২৪ তাৰিখ পৰ্যন্ত নিজৰ পৰিচয় পত্ৰ দেখুৱাই যিকোনো বেংক বা ডাকঘৰত পুৰণি নোট সলাব পাৰিব ।

অৱশ্যে অনলাইন লোনদেন, চেক বা আন ইলেক্ট্ৰনিক লেনদেনৰ এপৰত কোনো বাধা নাই । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

৫০০, ১০০০ টকীয়া নোট অচল

ভাৰতীয় 'চায়ৱালী' উপমা অষ্ট্ৰেলিয়াৰ বিজনেছ ৱমেন অব দা ইয়েৰ

পথত বাতৰি কাকত বেচাৰপৰা আই আই টিলৈ শিৱাঙ্গীৰ প্ৰেৰণাদায়ী যাত্ৰা

উত্তৰ-পূবৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ ৫০ কোটি টকীয়া 'অইল ষ্টাৰ্টআপ পুঁজি'