ধনেশ পক্ষী সংৰক্ষণেৰে এখন গাঁৱৰ ৰাইজে দেখুৱাইছে পৰিবেশ সংৰক্ষণৰ নিদৰ্শন

ধনেশ পক্ষী সংৰক্ষণেৰে এখন গাঁৱৰ ৰাইজে দেখুৱাইছে পৰিবেশ সংৰক্ষণৰ নিদৰ্শন

Friday February 12, 2016,

3 min Read

গোলকীয়া উষ্ণতা বৃদ্ধি, নানা প্ৰাকৃতিক কাৰণ, জীৱশ্ৰেষ্ঠ অত্যাচাৰ আৰু জীৱশ্ৰেষ্ঠৰ ওখ ওখ সপোনৰ তাগিদাত প্ৰকৃতি ক্ৰমে ধবংসৰ গ্ৰৰাহত । এনে সন্ধিক্ষণত ইতিবাচক চিন্তাৰে ডিমৌৰ ধেমেচী গাও পঞ্চায়তৰ অন্তৰ্গত বৰভুই চেতিয়া গাৱঁৰ জনসাধাৰণৰ সহযোগত আছাম বন্ধু নামৰ স্বেছাসেবী সংগঠনটোৱে গ্ৰহণ কৰিছে এক মহৎ কাম । বিৰল প্ৰজাতি ধনেশ পক্ষী সুৰক্ষা আৰু সংৰক্ষণত ব্ৰতী হৈছে, শিৱসাগৰ জিলাৰ ডিমৌৰ বৰভুই চেতিয়া গাৱৰ একাংশ সচেতন প্ৰকৃতি প্ৰেমী। উল্লেখ যোগ্য যে লুপ্তপ্ৰায় হবলৈ আৰম্ভ হোৱা ধনেশ পক্ষী সংৰক্ষণে প্ৰকৃত মানৱীয়তাৰ নিৰ্দশন দাঙি ধৰিছে ।

image


এটা জনবিশ্বাস আৰু ধনেশ পক্ষী সংৰক্ষণ

ধনেশ পক্ষী সংৰক্ষণৰ উৱাদিহ বিচাৰি আমি জানিব পাৰিছিলো যে অঞ্চলটোৰ ৰাইজ এটা জনবিশ্বাসৰ ভিত্তিতে আজি ধনেশ পক্ষী সংৰক্ষণ হৈছে । জনবিশ্বাসৰ অনুসৰি তিনিটা দশক পূৰ্বে এজন লোকে এয়াৰ গানেৰে ধনেশ পক্ষী নিধন কৰিছিল আৰু সেই ব্যক্তিজনৰ হঠাৎ অতি শোকাবহ দুৰ্ঘটনাত মৃত্যু ঘটিছিল । সেই সুত্ৰে জনসাধাৰণৰ মনত এটা বিশ্বাসে ঠাই পাইছিল যে ধনেশ পক্ষী নিধন কৰাৰ ফলশ্ৰুতিত এনে কৰুণ দুৰ্ঘটনা হ’ল, আৰু তেতিযাৰ পৰা ধনেশ পক্ষীক নিধন কৰাৰ পৰা বিৰত থাকিল । শেহতীযাকৈ আছাম বন্ধু নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ধনেশ পক্ষী সংৰক্ষণ বৈজ্ঞানিক দৃষ্টি ভংগী সৰ্ম্পকে বুজাই দিয়াৰ পিছৰ পৰাই ধনেশ পক্ষী সংৰক্ষণ হৈ আছে ।


image


প্ৰায় তিনিটা দশকৰ আগৰ পৰাই অঞ্চলটোৰ হাবি খনত ধনেশ পক্ষী আছিল । বৰ্ত্তমানে সেই হাবিত মানুহে বসতি কৰাত বাৰীলৈ পৰিণত হ’ল । বাৰীৰ এজোপা ওখ শিলিখা গছৰ ধোন্দত পক্ষীয়ে বাহ সাজি, উমনি লৈ বংশ বৃদ্ধি কৰে । ৰ্বত্তমানে দহটাৰো অধিক ধনেশ পক্ষী আছে । ইয়াৰে চাৰিটা মান পোৱালিও আছে । ধনেশ পক্ষীৰ বংশ বৃদ্ধিৰ বাবে অৰ্থাৎ মাইকী ধনেশ পক্ষী জনীযে উমনি দিযা সময়ত মতা ধনেশ পক্ষীটোৱে লোৱা যত্নৰ কাহিনী সচাঁই আমোদজনক! উল্লখযোগ্য যে ইতিমধ্যে ধনেশ পক্ষী সংৰক্ষণৰ বাবে আগবাঢি আহিছে যোৰহাট মহিলা বিশ্ববিদ্যালয় অধ্যাপক ৰ্সূয কুমাৰ চেতিয়াৰ নেতৃত্বত পৰিচালিত আছাম বন্ধু নামৰ এটা স্বেছাসেৱী সংগঠন । আছাম বন্ধু নামৰ সংগঠনটোৱে ধনেশ পক্ষী সংৰক্ষণৰ বাবে বিভিন্ন ঠাইত বেনাৰ পোষ্টাৰিং কৰাৰ লগতে হস্তাক্ষৰ সংগ্ৰহ কৰি ৰাইজক পক্ষী সংৰক্ষণৰ বাবে সংকল্পবদ্ধ কৰি তুলিছে।


image


ধনেশ পক্ষী সংৰক্ষণৰ এই প্ৰচেষ্টাত ২০১৫ চনৰপৰা সহায়ৰ হাত আগবঢ়াইছে আছাম বন্ধুৱে। শেহতীযাকৈ আছাম বন্ধুৰ তৰফৰ পৰা এঘৰ মানুহৰ বাৰীত কল গছ ৰোপন কাৰ্য্য সম্পাদিত হৈছে । আশা কৰা হৈছে ধনেশ পক্ষী জাকে কলনিডৰাৰ পৰা আহৰৰ সন্ধান পাব । ধনেশ পক্ষী কেইটাৰ বংশ বৃদ্ধিৰ সুবিধাৰ অৰ্থে “Artificial Nest” ব্যৱহাৰৰ সুবিধা কৰা বাবে ইতিমধে যো-জা আৰম্ভ হৈছে । ইযাৰ উপৰিও বিভিন্ন শিক্ষানুষ্ঠানত পক্ষী সুৰক্ষা তথা সংৰক্ষণৰ সজাগতামূলক অনুষ্ঠান আয়োজন কৰা হ'ব বুলি আছাম বন্ধুৰ পৰা ৰ্সূয কুমাৰ চেতিয়াই জানিবলৈ দিয়ে । এই বিশেষ অঞ্চলটো ভবিষ্যতে “Tourist Spot” হিচাপে গঢ দিয়াৰ পোষকতা কৰে ।



image


আছাম বন্ধু নাম সংগঠন পৰা ৰ্সূয কুমাৰ চেতিয়াৰ ভাষাত, 'ধনেশ পক্ষী সংৰক্ষণত সমগ্ৰ বৰঙুই চেতিয়া গাঁৱৰ ৰাইজে টেপৰচালি বাম, গাঢ়িশালিচুক আদি গাঁও ৰাইজৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিছো । আটাইতকৈ সুখৰ কথা যে ধনেশ পক্ষী জাকে বিচৰণ কৰা অঞ্চলটো নিৰাপদ ঠাইলৈ পৰ্যবসিত হৈছে । পক্ষীজাকৰ অৱস্থিতিয়ে গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনীয়তা কঢিয়াই আনিছে । গাৱৰ প্ৰকৃতি প্ৰেমী ৰাইজে কোনো ধনেশ পক্ষীয়ে আঘাত পালে সুস্থ কৰি তোলাৰো উদাহৰণ আছে ।'

image


বৰ্ত্তমানে ধনেশ পক্ষী নিৰীক্ষণৰ বাবে অঞ্চলটোলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰকৃতি প্ৰেমী লোকৰ সোঁত বৈছে । কোনোৱে হয়টো পক্ষীৰ জাকটোকৱে সৃষ্টি কৰা নান্দনিক দৃশ্য উপভোগ কৰিব গৈছে আৰু কোনোৱে হয়টো নগৰীয়া কোঢ়ালৰ পৰা আঁতৰি নিজকে প্ৰকৃতিৰ মাজত বিলীন কৰি শান্তি লভিবলৈ গৈছে । লগে লগে গুৰুত্ব বাঢিছে পৰ্যটকৰ গৃহ নিৰ্মাণ অথবা হোটেল তথা যাতায়তৰ সুব্যৱস্থা গঢি তোলাৰ। এই ক্ষেত্ৰত অঞ্চলটোৰ সমুহ সচেতন ৰাইজ তথা প্ৰকৃতিপ্ৰেমী আশাবাদী কাৰণ বৰ্ত্তমানে বয়ন শিল্পও এক ব্যবসায় হিচাপে গঢ় লৈ উঠিছে । ইয়ে এক আশাৰ বতৰা কঢিয়াই আনিছে, যি আশাই সন্ধান দিছে এক নৱ চিন্তা, নৱ আলোকৰ । আমাৰ ফালৰ পৰা যাচিলো অশেষ শুভকামনা ।


এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


অসমীয়া জলপানক বিশ্বসভালৈ নিয়াৰ সপোন - 'ভোগালী জলপান'

এটা ব্যৱসায় আৰম্ভ কৰাৰ আগত কাৰ পৰামৰ্শ ল'ব আৰু কাৰ নল'ব

চল্লিশ টকা মূলধনেৰে আৰম্ভ কৰা 'অসম প্ৰাকৃতিক উদ্যোগ' আজি এক আগশাৰীৰ ব্ৰেণ্ড

মাছ ধৰি খাবলৈ 'মাছ'লৈ যাওক