২০১৭ চনত অসমৰ ঔদ্যোগিক জগতত ব্যাপক উত্থানৰ অশা উদ্যোগ মন্ত্ৰীৰ

২০১৭ চনত অসমৰ ঔদ্যোগিক জগতত ব্যাপক উত্থানৰ অশা উদ্যোগ মন্ত্ৰীৰ

Saturday December 31, 2016,

2 min Read

২০১৭ চনৰ ভিতৰত অসমত ৫০০০ কোটি টকা বিনিয়োগেৰে ২৫ টা সৰু-ডাঙৰ ঔদ্যোগিক গোট গঢ়ি তোলা হ'ব । ইয়াৰ ফলত ৪৫,০০০ চাকৰি সৃষ্টি হ'ব । অলপতে এই কথা প্ৰকাশ কৰে অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । তেওঁ কয় যে স্থিৰতা, সুশাসন, Ease of Doing Businessৰ অধীনত লোৱা ব্যৱস্থাসমূহে অসমৰ উদ্যোগ খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াইছে । অকলে পতঞ্জলিয়েই ৰাজ্যখনত ১৩০০ কোটি টকাৰ বিনিয়োগ কৰিছে । ২৫ টা সৰু বৰ প্ৰতিষ্ঠানে অসমত অহা বছৰটোৰ ভিতৰত নিজা নিজা উদ্যোগ প্ৰতিষ্ঠা কৰিব । 

image


পাটোৱাৰীয়ে কয় যে অসম চৰকাৰে কৃষি ভিত্তিক, বিশেষকৈ জৈবিক উদ্যোগৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে আৰু বাঁহ, কুঁহিয়াৰ, খাদ্য সংশ্লেষণ আৰু প্ৰাথমিক সংশ্লেষণক ৰাজ্যৰ কৃষি উদ্যোগৰ উত্থানৰ চাৰিটা খুটা হিচাপে গণ্য কৰিছে । 

পাটোৱাৰীয়ে জনায় যে চৰকাৰে ইতিমধ্যে ৫০০০ একৰৰ এক ভূমি বেংক স্থাপন কৰিছে বিভিন্ন উদ্যোগক মাটি দিবৰ কাৰণে । ইতিমধ্যে HUL, গডৰেজ, ইমামী, ব্ৰিটানিয়া আৰু হৰলিক্সে ৰাজ্যখনত উদ্যওগ চলাি আছে আৰু পতঞ্জলি, (১৩০০ কোটি) ডাবৰ (৪৭৫ কোটি), ছানফাৰ্মা ( ২০০ কোটি), এভাৰেডি ( ১৯৯ কোটি) আৰু অজন্তা ফাৰ্মাই ( ১৫৮ কোটি) ৰাজ্যখনত বিনিয়োগ আৰম্ভ কৰিছে । ইয়াৰ উপৰিও HUL আৰু ব্ৰিটানিয়াই ক্ৰমে ১০০ কোটি আৰু ১৪৩ কোটি তেওঁলোকৰ দ্বিতীয় উৎপাদন গোটত বিনিয়োগ কৰিবলৈ প্ৰস্তুত হৈছে । 

আনহাতে ২০১৭ চনৰ মাৰ্চত অন্ত পৰিবলগীয়া নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰীয়েল এণ্ড ইনভেষ্টমেন্ট প্ৰমচন পলিচীৰ স্থানত নতুন এখন আঁচনি গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে । অহা বছৰটোৰ ভিতৰত ৰাজ্যখন দেশৰ সৰ্বোচ্চ ৫ খন ৰাজ্যৰ ভিতৰত থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

বহু হাজাৰ লোকৰ পানীৰ অভাৱ দূৰ কৰিছে অয়াপ্পাই

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

বিৰাটৰ দল শ্ৰেষ্ঠ ভাৰতীয় দল নেকি?