যেতিয়া দৃষ্টি লক্ষ্যত নিবদ্ধ তেতিয়া প্ৰত্যাহ্বানবোৰ সাধাৰণ উজুতি মাত্ৰ : পৱনা জৈন

যেতিয়া দৃষ্টি লক্ষ্যত নিবদ্ধ তেতিয়া প্ৰত্যাহ্বানবোৰ সাধাৰণ উজুতি মাত্ৰ : পৱনা জৈন

Sunday November 08, 2015,

6 min Read

পৱনাৰ জীৱনত প্ৰযুক্তি সদায় এক ধ্ৰুৱকসদৃশ। ছিলিকন ভেলীত কাৰ্যালয়স্থিত পৱনা জৈন হ’ল শ্বিফট মবিলিটি নামৰ যান-বাহন প্ৰযুক্তি ব্যৱস্থাৰ একত্ৰ সমাধান সম্পৰ্কীয় এক মঞ্চৰ সহ প্ৰতিষ্ঠাতা। তেওঁলোকৰ আলোড়নকাৰী প্ৰযুক্তিয়ে গাড়ী-মটৰৰ সুচল যাতায়াত ব্যৱস্থাৰ বাবে নেটৱৰ্ক ব্যৱস্থাৰ সৰলীকৰণ কৰে।

image


সহ প্ৰতিষ্ঠাতা অৰবিন্দ জৈনৰে বিবাহপাশত আবদ্ধ হোৱা পৱনাই কয় - ‘ছিলিকন ভেলীত বাস কৰি নিজাকৈ কোম্পানী আৰম্ভ নকৰাটো এক অপৰাধ।’ অৰেক’ল নামৰ প্ৰতিষ্ঠানটোত ১৮ বছৰ কাম কৰাৰ পিছত পৱনাই নিজাকৈ প্ৰতিষ্ঠান এটা আৰম্ভ কৰাৰ সিদ্ধান্ত ল’লে। গাড়ী-মটৰৰ উদ্যোগ ক্ষেত্ৰখনে সৃষ্টি কৰা বৃহৎ সুযোগে তেওঁক উদ্বুদ্ধ কৰি তুলিছিল। ‘‘যেতিয়া গাড়ীবোৰে গতি লাভ কৰে তেতিয়া যিসকলে তাৰ খেয়াল ৰাখে তেওঁলোকে একেঠাইতে থাকে। যান-বাহনৰ ব্যৱসায়িক পৰিমণ্ডলত এক বৃহৎ পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰাটো দেখিছিলো যি বৰ্তমান প্ৰচলিত ব্যৱসায়বোৰ মৌলিক পৰিৱৰ্তন ঘটাই নতুন অৱয়ব প্ৰদান কৰাটো নিশ্চিত আছিল। আৰু সেই পৰিৱৰ্তনে অনা সুযোগটো আছিল অথলে যাবলৈ দিব নোৱাৰাকৈ বিশাল।’’ তেওঁ ক’লে।

যান-বাহন উদ্যোগত শ্বিফট মবিলিটিয়ে উৎপাদনকাৰীৰ হৈ উৎপাদিত যান-বাহন বজাৰলৈ প্ৰেৰণ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে, বিতৰকসকলক এক ছেকেণ্ডৰ ভিতৰতে গ্ৰাহকৰে সংযোগ স্থাপনত সহায় কৰে, আৰু ছাৰ্ভিচ চেণ্টাৰত প্ৰতিখন গাড়ীৰ বিপৰীতে মেৰামতিৰ সময় হ্ৰাসত বৰঙণি যোগায়। যাৰ ফলত ছাৰ্ভিচ চেণ্টাৰে অধিক সংখ্যক গাড়ী মেৰামতি কৰিবলৈ সমৰ্থ হয় আৰু সেৱা প্ৰদানকাৰীয়ে গ্ৰাহকসকলৰ নিজৰ নিজৰ গাড়ীখনৰ মেৰামতিৰ প্ৰয়োজনীয়তা সম্পৰ্কে জানিবলৈ অধিক সময় দিব পাৰে। এক মাল্টি-প্ৰডাক্ট কোম্পানী হিচাপে, তেওঁলোকৰ ব্যৱসায়িক ব্যৱস্থাটো সকলো গ্ৰাহককে ম’বাইল প্ৰযুক্তি আৰু ক্লাউড কম্পিউটিং প্ৰযুক্তিৰ সৰ্বাধিক লাভ প্ৰদান কৰিব পৰাকৈ নিৰ্মিত আৰু তেওঁলোকৰ আছে বহু প্ৰকাৰৰ ম’বাইল চাচ (saas) অফাৰিঙছ আৰু সেৱাৰ সুব্যৱস্থা। তেওঁলোকৰ সমাধান প্ৰদান ব্যৱস্থাটো ব্যৱসায়িক কৌশল আৰু উৎপাদনকাৰী, বিতৰক আৰু ছাৰ্ভিচ চেণ্টাৰৰ লাভালাভৰ লক্ষ্য অনুযায়ী খাপ খুৱাই ল’ব পাৰি।

‘গাড়ী সংযোগীকৰণৰ নতুন W3C মানৰ সৈতে গাড়ী সংযোগ নেটৱৰ্ক স্থাপন কৰি সুসংহত ব্যৱস্থা এটা আমি দ্ৰুতভাৱে সাজু কৰি তুলিব পাৰো য’ত গাড়ীবোৰত থকা যন্ত্ৰ-পাতি, উন্নত বিজুতি নিৰূপণ ব্যৱস্থা, ইনফ’টেইনমেণ্ট আৰু চালকক অতিৰিক্ত সহযোগ ব্যৱস্থাবোৰ কাৰ্যকৰীভাৱে ব্যৱহাৰ কৰা হয়।’’ পবনাই ক’লে।

মহীশূৰত জন্ম আৰু ডাঙৰ-দীঘল হোৱা পৱনাই পঢ়াশলীয়া শিক্ষা মহীশূৰতে গ্ৰহণ কৰে আৰু মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক শিক্ষা লাভ কৰে। স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ বাংগালুৰুত য়ক’গাৱা নামৰ স্বয়ংচালিত ফেক্টৰীৰ ব্যৱস্থা আগবঢ়োৱা প্ৰতিষ্ঠান এটাত চাকৰি কৰিছিল। বিবাহৰ পিছত ছিলিকন ভেলীলৈ গুছি যায় পৱনা আৰু তাতে ১৯৯১-১৯৯৩ চনৰ ভিতৰত কেলিফৰ্নিয়া ষ্টেট ইউনিভাৰছিটী নৰ্থৰিজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। নিউৰেল নেটৱৰ্ক বিষয়ত ডক্টৰেট ডিগ্ৰীৰ বাবেও গৱষণা কৰিছিল যদিও সেয়া সম্পূৰ্ণ নকৰিলে।

image


ভাৰতত থাকোতে তেওঁ আছিল এগৰাকী ক্ৰীড়াবিদ যি ট্ৰেক এণ্ড ফিল্ডত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ খোখো ভাল পায়। এগৰাকী ক্ৰীড়াবিদ হিচাপে তেওঁৰ দৃষ্টি সদায় ফিনিছ লাইনত স্থিৰ আৰু ফিনিছ লাইন অভিমুখে তেওঁৰ গতিপথত থকা প্ৰত্যাহ্বানবোৰ তেওঁ সৰু-সুৰা উজুতি হিচাপেহে গণ্য কৰে।

অ’ৰেকলত কাম কৰি থাকোতে তেওঁ সংস্থাটোৰ দুটাকৈ প্ৰধান প্ৰকল্পৰ প্ৰতিষ্ঠাপক মণ্ডলীৰ এজন আছিল - অৰেকল ফিউজন মিডলৱেৰ আৰু অৰেকল ক্লাউদ। তেওঁ কয় - ‘‘সেয়া এক ধৰণে নতুন উদ্যোগৰে আৰম্ভণি আচিল কিন্তু নিজৰ হাততে প্ৰয়োজনীয় সকলোখিনি আছিল। গতিশীল মানুহক নতুন এক কৌশলৰ ফালে ঢাল খুৱাবলৈ চেষ্টা কৰোতে সন্মুখীন হোৱা প্ৰত্যাহ্বান আৰু বিশ্বজনীনভাৱে কাম কৰিবলৈ পোৱা সেই শিক্ষাই এগৰাকী স্বাধীন উদ্যোগী হিচাপে আগবাঢ়িবলৈ লোৱাত সহায় কৰিছিল।’’

প্ৰযুক্তিৰ জগতখনত মহিলাৰ সংখ্যা নগন্য আৰু পৱনাই লাভ কৰিছে প্ৰত্যক্ষ প্ৰথম অভিজ্ঞতা। ‘‘১৬ টাৰো অধিক সংস্থা য’ত মই অংশীদাৰ বা মই নেতৃত্ব লোৱা সংস্থাবোৰৰ বৈঠকবোৰত চাফ্ৰা এ কেটজৰ বাহিৰে ময়েই একমাত্ৰ মহিলা।’’

এটা ফৰচুন 500 কোম্পানীত কাম কৰি মই লাভ কৰা শিক্ষা হ’ল যে তুমি ক’ত আছা ডাঙৰ কথা নহয় কিন্তু তুমি আগবাঢ়ি আহিব লাগিব যাতে তোমাৰ কণ্ঠস্বৰ আনে শুনিব পাৰে। আৰু বহু বছৰৰ পিছত সেয়া এতিয়া নিজে নিজেই সম্ভৱ হৈ উঠে।’’

তেওঁৰ ব্যৱসায় বাঢ়ি অহাৰ লগে লগে যান-বাহনৰ ক্ষেত্ৰখনলৈ বহু মহিলা ওলাই আহিব পৰাত তেওঁ যেনেকৈ পাৰে সহায় কৰাৰ পৰিকল্পনা কৰিছে যাতে মহিলাসকলেও প্ৰযুক্তিৰ শিক্ষা লাভ কৰিব আৰু শিকিব কেনেকৈ গাড়ী এখন মেৰামতি কৰিব পাৰি।

পৱনাৰ উদ্যোগী জীৱনৰ আন এক আকৰ্ষণীয় কাহিনী হ’ল স্বামী-স্ত্ৰীৰ যৌথ উদ্যোগৰ প্ৰতি ভেন্সাৰ কেপিটেলিষ্টসকলৰ প্ৰতিক্ৰিয়া। ছিলিকন ভেলীৰ ভেন্সসাৰ কেপিটেলিষ্টসকলে স্বামী-স্ত্ৰীৰ যৌথ প্ৰচেষ্টা ব্যৰ্থ হয় বুলি সংশয় প্ৰকাশ কৰিছিল। পৱনাই ক’লে - ‘প্ৰচলিত সেই ধাৰণাৰ বিপৰীতে মই আৰু মোৰ স্বামীয়ে সুন্দৰকৈ একেলগে কাম কৰি আছো। আমি জানো যে আমাৰ লক্ষ্য কেৱল ব্যৱসায় বৃদ্ধি কৰা আৰু সেয়ে আমি আমাৰ ব্যক্তিগত সম্পৰ্কটো ঘৰতে এৰি থৈ আহোঁ।’

পৱনাই নিজৰ মাতৃৰ পৰা যথেষ্ট অনুপ্ৰেৰণা আহৰণ কৰিছে, যি বিগত ৪০ বছৰ ধৰি সমাজৰ পিছ পৰা শ্ৰেণীৰ শিশুসকলৰ বাবে এখন স্কুল পৰিচালনা কৰি আহিছে। ‘মোৰ মায়ে যি কৰিছে মই তাৰ ওচৰে-পাজৰেও যাব পৰা নাই।’ তেওঁ যোগ দিলে। অলপতে তেওঁ পিতৃক হেৰুৱালে।

যান-বাহন জগতৰে উদ্যোগী হিচাপে পৱনাই এতিয়া এখন ‘হাইব্ৰীড’ শ্ৰেণীৰ গাড়ী চলায় আৰু শীঘ্ৰেই এখন ইলেক্ট্ৰিক কাৰ কিনাৰ কথা ভাবিছে। ‘অৱশ্যে সেই গাড়ীখন টেছলাৰ দৰে দামী গাড়ী নহ’ব।’ তেওঁ মন্তব্য।

‘হাৰ ষ্ট’ৰী’য়ে কথা পাতিছিল পৱনাৰ সৈতে আৰু আমাৰ ৰেপিড ফায়াৰৰ কিয়দংশ এনে ধৰণৰ -

হাৰ ষ্ট’ৰী : আপুনি উদ্যোগটো আৰম্ভ কৰাৰ পূৰ্বে বিস্তৃত অধ্যয়ন বা পৰিকল্পনা কৰিছিল নে সময়ানুযায়ী সেয়া সলনি হৈছিল?

প : আৰম্ভ কৰাৰ পৰা আমাৰ লক্ষ্য অপৰিৱৰ্তিত আছে। গ্ৰাহক আৰু বজাৰৰ প্ৰয়োজনীয়তাৰ মূল্যায়নত আমি বহু সময় ব্যয় কৰিছিলো, কেনেকৈ ব্যৱসায়-বাণিজ্যৰ ৰেহৰূপ টাচ ডিভাইচবোৰৰ সহায়ত সলনি হয়, এক প্লেটফৰ্ম আৰু সমাধান ব্যৱস্থা সাজু কৰি তোলাৰ পূৰ্বে ক্লাউদ আৰু ম’বাইল কম্পিউটিং ব্যৱস্থাৰ সংযোগীকৰণৰ ক্ষেত্ৰত ভাৰ্টিকেল উদ্যোগ জগতখনত আমি কি প্ৰযুক্তিৰ গভীৰতা আৰু প্ৰত্যাহ্বান অতিক্ৰম কৰিব লাগিব সেয়া ঠাৱৰ কৰিছিলো। তাৰ ফলত আমাৰ প্লেটফৰ্মে কেৱল আজিৰ প্ৰত্যাহ্বানবোৰ অতিক্ৰম কৰাই নহয়, পৰৱৰ্তী পৰ্যায়লৈকে সহজেই অতিক্ৰম কৰিবলৈ সক্ষম - দ্ৰুত পৰিৱৰ্তনশীল যান-বাহনৰ জগতখনলৈ যি নতুন জোৱাৰ আহিছে, য’ত আছে হাইব্ৰীড কাৰ, ইলেক্ট্ৰিক কাৰ, হাইড্ৰজেন কাৰ, কানেক্টেদ কাৰ, ইণ্টাৰনেট অব্ থিংছ (IoT), ম’বাইল সুসংহত উৎপাদন আদিৰ মাজত তিষ্ঠি থাকিব পৰাকৈ।

হাৰ ষ্ট’ৰী : এগৰাকী উদ্যোগীৰ ৰূপত নিজৰ কোনটো কথা আপোনাৰ ভাল লাগে?

প : এটা জটিল সমস্যা সমাধান কৰোতে নতুন কিবা এটা চিন্তা কৰিব পৰাটোক লৈ মই বৰ উৎসাহী। এক মহৎ সংস্কৃতিৰে উদ্বুদ্ধ এটা প্ৰতিষ্ঠান গঢ়ি মই ভাল পাইছো, য’ত মোৰ চৌপাশে থকা অনবদ্য এটা দলৰপৰা দৈনিক শিকিব পাৰোঁ।

হাৰ ষ্ট’ৰী : আৰু আপুনি ভাল নোপোৱা কথাটো?

প : একো নাই। মই প্ৰতিটো মুহূৰ্ত উপভোগ কৰি আছো।

হাৰ ষ্ট’ৰী : আপোনাক উদ্যোগী হ’বলৈ কিহে উদ্বুদ্ধ কৰিলে?

প : বৰ্তমান যান-বাহনৰ উদ্যোগটো পূৰ্ণ শক্তিৰে আগ বাঢ়ি গৈছে - আৰু সম্ভৱতঃ সাম্প্ৰতিক সময়ৰ আন সকলো ক্ষেত্ৰতকৈ তীব্ৰবেগে আগ বাঢ়িছে। দহ বছৰৰ ভিতৰত আমাৰ ৰাস্তা-ঘাট, গাড়ী, ব্যৱসায় আৰু গাড়ীচালকসকল সকলোৱেই নতুন অভিজ্ঞতাৰ সোৱাদ পাব। শ্বিফট ম’বিলিটী এক চাব লগীয়া প্ৰতিষ্ঠান হ’ব আন সকলো প্ৰযুক্তিনিৰ্ভৰ কোম্পানীৰ সৈতে।

হাৰ ষ্ট’ৰী : আপোনাৰ কাম-কাজত কিহে আপোনাক উৎসাহী কৰি তোলে?

প : মোৰ কোম্পানীটো পৰৱৰ্তী দশকটোৰ যান-বাহন উদ্যোগটোৰ সৃষ্টিমুখী বিকাশৰ বাবে কাম কৰি থকা প্ৰতিষ্ঠানবোৰৰ এটা। প্ৰত্যেকজন গাড়ীৰ গৰাকীক সুখী কৰিব পৰা আৰু যিসকলে তাৰ মেৰামতি কৰে তেওঁলোকক সম্পূৰ্ণ দূৰ নিয়ন্ত্ৰিত কৰি তুলিব পৰাটো মাত্ৰ আৰম্ভণিহে।

হাৰ ষ্ট’ৰী : কঠিন মুহূৰ্ত, প্ৰত্যাহ্বান আৰু তাৰ মুখামুখি কেনেকৈ হয়? কিবা বিশেষ নীতি?

প : সেইবোৰেহে প্ৰকৃততে তোমাৰ শ্ৰেষ্ঠখিনি বাহিৰ কৰিব পাৰে। মই তাৰ প্ৰতি লালায়িত। তাৰ কৌশলটো হ’ল সেইসকল সৰ্বশ্ৰেষ্ঠ খেলুৱৈ যি বাজীমাৎ কৰিব পাৰে, উদ্ভাৱক, বিনিয়োগকাৰী, পৰামৰ্শদাতা, কৰ্মচাৰী আৰু গ্ৰাহক - তেওঁলোকৰ মাজত সৰ্বদা নিজকে ৰাখিব লাগিব - যিসকলে একেই লক্ষ্য আৰু উদ্দেশ্যত বিশ্বাস ৰাখে।

হাৰ ষ্ট’ৰী : আপুনি অনুসৰণ কৰা আদৰ্শ?

প : পৰিৱৰ্তন অৱশ্যম্ভাৱী - তাক আঁকোৱালি লোৱাঁ।