দিল্লী আৰক্ষীৰ এজন কনিষ্টবল আৰু এজন অট'চালক কিয় ঘৰে ঘৰে ঘূৰি ফুৰিছিল

দিল্লী আৰক্ষীৰ এজন কনিষ্টবল আৰু এজন অট'চালক কিয় ঘৰে ঘৰে ঘূৰি ফুৰিছিল

Tuesday November 29, 2016,

1 min Read

কৰ্তব্যৰত কনিষ্টবল ধৰ্মেন্দ্ৰৰ ওচৰলৈ এজন অট'চালকে এজনী কান্দি থকা কমানিক লৈ আহিছিল । ইয়াৰ পাছত এই অটচালকজন আৰু আৰক্ষী কনিষ্টবলজনে ঘৰে ঘৰে গৈ ৩ বছৰীয়া লৰাটোৰ মাক দেউতাকৰ সন্ধান কৰিবলৈ ধৰিলে । পাৰুল নামৰ এই শিশুটি ককাক তীৰথ কোহলিৰ লগত দিল্লীৰ কালকাজীত বাস কৰিছিল । শিশুটিৰ পিতৃৰ দুবছৰ আগতে মৃত্যু ঘটিছিল আৰু মাক আন ঠাইত বাস কৰিছিল । 

Image: India

Image: India


এই শিশুটিয়ে নিজৰ পিতৃ মাতৃৰ সন্ধানত ঘৰৰ পৰা দুই কিলোমিটাৰ দুৰলৈ গুছি গৈছিল আৰু তাৰ পাছত এখন অট'ৰিক্সাত উঠিছিল । যেতিয়া অট'চালকজনে শিশুটিৰ ঠিকনা শুধিলে তেতিয়া সি কান্দিবলৈ ধৰিলে । লগে লগে তেওঁ আৰক্ষী কনিষ্টবলজনৰ ওচৰলৈ গ'ল ।

এই শিশুটিক দেখাৰ লগে লগে কনিষ্টবলজন আৰু অট'চালকজনে অঞ্চলটোৰ প্ৰতিটো গলিতে ঘূৰি ঘূৰি শিশুটিৰ মাক দেউতাকক বিচাৰিবলৈ ধৰিলে । অৱশেষত যেনিবা শিশুটিৰ ঘৰৰ সন্ধান ওলাল । ইয়াৰ বাবে আৰক্ষী বিভাগে কনিষ্টবলজনক পুৰষ্কৃত কৰে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কহিমা আৰু ইম্ফল যুদ্ধৰ স্মৃতিত “মেম’ৰিজ অৱ এ ফৰগটেন ৱাৰ”

একলব্যৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি বুঢ়া আঙুলি ব্যৱহাৰ নকৰা জনজাতীয় ধনুৰ্বিদসকল

পাকিস্তানৰ হৈ ফুটবল আৰু ক্ৰিকেট দুয়োটা খেলা ডায়েনা বেইগ

চৰকাৰৰপৰা সহায় নাপাই নিজেই বান্ধ সাজি লোৱা এজন কৃষক