পৰিসংখ্যা অধিনিয়ম সংশোধনত কেবিনেটৰ অনুমোদন

পৰিসংখ্যা অধিনিয়ম সংশোধনত কেবিনেটৰ অনুমোদন

Sunday February 26, 2017,

2 min Read

পৰিসংখ্যা অধিনিয়ম, ২০০৮ (২০০৯ৰ ৭)সংগ্ৰহৰ বাবে কেবিনেটৰ সংশোধনৰ অনুমোদন প্ৰধানমন্ত্ৰীৰ পৌৰহিত্যত অনুষ্ঠিত কেবিনেট মণ্ডলীয়ে সংসদত জম্মু আৰু কাশ্মীৰত পৰিসংখ্যা অধিনিয়ম, ২০০৮ৰ সংগ্ৰহৰ অধিক্ষেত্ৰ সংবৃদ্ধিৰ প্ৰস্তাৱ অনুমোদন কৰে৷ এই পৰিসংখ্যা সংবিধানৰ সপ্তম অনুসূচী অনুসৰি জম্মু আৰু কাশ্মীৰত বলৱৎ আইন ১৯৫৪ অনুসৰি তালিকা-১ (ঐক্য তালিকা) আৰু তালিকা-৩ (সমৱৰ্তী তালিকা)ৰ অধীনত যিকোনো বিষয়ৰ ওপৰত প্ৰযোজ্য৷ এই সংশোধনীয়ে জম্মু আৰু কাশ্মীৰত তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া অধিক সুদৃঢ় কৰিব৷

image


এই সংশোধনীৰ অন্তৰ্গতঃ

(ক) সংবিধান (জন্মু আৰু কাশ্মীৰত প্ৰযোজ্য)ক্ৰম ১৯৫৪ মতে ৰাজ্যখনৰ বাবে সংৰক্ষিত নোহোৱা বিষয় অনুসৰি সেই আইনৰ অধিক্ষেত্ৰ জম্মু আৰু কাশ্মীৰত সংবৃদ্ধি কৰা;

(খ) কেন্দ্ৰ আৰু প্ৰতিখন ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চলসমূহত একোজন মাণ্ডলিক বিষয়াৰ নিযুক্তিৰ জৰিয়তে পৰিসংখ্যা সংগ্ৰহ কৰি চৰকাৰী বিভাগসমূহক ক্ৰুটিমুক্তভাৱে প্ৰদান কৰা ইত্যাদি৷

পৃষ্ঠভূমি

পৰিসংখ্যা সংগ্ৰহ আইন ২০০৮ বিভিন্ন তথ্য যেনে অৰ্থনৈতিক, জনসংখ্যা বিষয়ক, সামাজিক, বিজ্ঞান সম্বন্ধীয় আৰু পৰিৱেশ সম্বন্ধীয় তথ্য সংগ্ৰহৰ বাবে প্ৰণয়ন কৰা হৈছিল৷ এই আইন জম্মু আু কাশ্মীৰৰ বাদে ভাৰতৰ সকলো স্থানতে প্ৰযোজ্য হৈছিল৷ জম্মু আৰু কাশ্মীৰ অধিনিয়মৰ দ্বাৰা জম্মু আৰু কাশ্মীৰ পৰিসংখ্যা আইন ২০১০ প্ৰণয়ন কৰা হৈছিল যি কেন্দ্ৰীয় অধিনিয়মৰ সমপৰ্যায়ৰ আছিল৷ পৰিসংখ্যা আইন, ২০০৮ৰ সংগ্ৰহ আৰু জম্মু আৰু কাশ্মীৰৰ পৰিসংখ্যা সংগ্ৰহ আইন ২০১০ ঐক্য তালিকা যি সংবিধান (জম্মু আৰু কাশ্মীৰত প্ৰযোজ্য)ক্ৰম ১৯৫৪ অধীনত প্ৰযোজ্য নহয়৷ ইয়াৰ জৰিয়তে অধিনিয়মৰ এক শূন্যতাৰ সৃষ্টি হৈছিল৷ তাৰোপৰি, কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা জম্মু আৰু কাশ্মীৰত বলৱৎ সমৱৰ্তী অধিক্ষেত্ৰও পৰিসংখ্যা সংগ্ৰহ আইন, ২০০৮ত প্ৰদান কৰা হোৱা নাই৷ এই সংশোধনীৰ জৰিয়তে সেই শূন্যতা পূৰণ কৰাৰ বাবে প্ৰয়াস কৰা হৈছে৷ 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

কাশ্মীৰ প্ৰসঙ্গত চিন্তা-চৰ্চাৰ দৰকাৰ

মহিলাৰ স্বাস্থ্যৰ বাবে এজন পুৰুষৰ বিচিত্ৰ সংগ্ৰাম

প্ৰাৰম্ভিক উদ্যোগীসকললৈ ২০ টা বিনামূলীয়া আহিলা

যোধপুৰৰ মহিলা বিজয় হালদিয়াই ৫৬ বছৰ বয়সতো দেখুৱালে সময়ৰ সৈতে কেনেকৈ ফেৰ মাৰিব পাৰি