বিৰক্তিকৰ সহকৰ্মীৰ সৈতে কিদৰে কাম কৰিব

বিৰক্তিকৰ সহকৰ্মীৰ সৈতে কিদৰে কাম কৰিব

Tuesday August 16, 2016,

3 min Read

কৰ্মস্থলীত বিৰক্তিকৰ সহকৰ্মী লাভ কৰাটো বিৰল অভিজ্ঞতা নহয় । যি স্থানত আপুনি সপ্তাহটোৰ ৪০ ঘন্টা সময় পাৰ কৰে তাত সামান্যতম বিৰক্তিয়েও বিশাল ৰূপ ধাৰণ কৰিব পাৰে । ইয়াৰ ফলত আপোনাৰ কৰ্মদক্ষতাত ঋণাত্মক প্ৰভাৱ পৰিব পাৰে। 

বাঢ়ি অহা বিৰক্তি, অৱসাদ আৰু অপ্ৰিয় ব্যক্তিক এৰাই চলাৰ চেষ্টা- এইবোৰ আপোনাৰ কাৰ্যকুশলতা আৰু সুস্থিৰতাৰ কাৰণে ক্ষতিকৰ । অপ্ৰিয় বা বিৰক্তিকৰ সহকৰ্মীৰ সৈতে মোকাবিলা কৰাৰ কেইটামান পদ্ধতি উল্লেখ কৰা হ'ল ।

Image : dashburst.com

আপোনাৰ বিৰক্তিৰ কাৰণটো সঠিকভাৱে বিচাৰি উলিয়াওক 

বিৰক্তিৰ সঠিক কাৰণটো বিচাৰি উলিয়াওক । সহকৰ্মীজনৰ ব্যৱহাৰৰ বিশেষ কোনো কথা অথবা তেওঁৰ উপস্থিতি মাত্ৰও আপোনাৰ বিৰক্তিৰ কাৰণ হ'ব পাৰে । এই কাৰণটো সঠিককৈ বিচাৰি উলিওৱাটো এই ক্ষেত্ৰত প্ৰথম খোজ হ'ব পাৰে । সেই ব্যক্তিজনৰ কোনবোৰ কথাই আপোনাক বিৰক্ত কৰে সেই কথা বুজিবলৈ আপোনাক কিছু আত্মানুসন্ধানৰো প্ৰয়োজন হ'ব । কাৰণটো সঠিককৈ নজনাকৈ আপুনি ইয়াৰ সমাধান উলিয়াব নোৱাৰে । 

উমৈহতীয়া আগ্ৰহ বিচাৰি উলিয়াওক 

কেতিয়াবা কামৰ হেঁচাৰ ফলতো মানুহৰ মাজত সম্পৰ্ক বেয়া হয় । আপোনাৰ সহকৰ্মীগৰাকীৰ সৈতে কিবা এটা উমৈহতীয়া আগ্ৰহ বিচাৰি উলিয়াওক । সেই ব্যক্তিজনৰ সৈতে এটা উমৈহতীয়া আগ্ৰহৰ কথাই তেওঁৰ সৈতে কাম কৰাটো সহজ কৰি তুলিব পাৰে । অন্ততঃ এনেকুৱা এটা বিষয় যিটোৰ বিষয়ে আপোনালোক দুয়ো কথা পাতিব পাৰে আৰু আপোনালোকৰ মাজত সম্পৰ্ক সহজ কৰি তুলিব পাৰে তেনে এটা বিষয় বিচাৰি উলিয়াওক ।

ৰসিকতাৰ আশ্ৰয় লওক 

সকলো সমস্যাৰ সমাধান হ'ল ৰসিকতা । ৰসিকতাৰ যোগেদি তেওঁলোকৰ সৈতে সম্পৰ্ক সহজ কৰাৰ চেষ্টা কৰক । অথবা তেওঁলোকৰ বেয়া ব্যৱহাৰক লৈ ৰসিকতা কৰিবলৈ চেষ্টা কৰক । দুয়োটা ধৰণেৰে আপুনি পৰিস্থিতি সহজ কৰি তুলিব ।

পৰচৰ্চা নকৰিব 

বহু সময়ত নিজৰ মনৰ বিৰক্তি আৰু হতাশা কাৰোৱাৰ আগত কৈ দিবলৈ মন গ'লেও নক'ব । কাৰণ প্ৰথমে ই আপোনাৰ বিষয়ে এটা বেয়া ধাৰণাৰ সৃষ্টি কৰিব । দ্বিতীয়তে ই পৰিবেশটো ঋণাত্মক কৰি তুলিব । 

বিৰক্তিকৰ ব্যৱহাৰ কৰাজনক পোনপটীয়াকৈ প্ৰশ্ন কৰক 

যদি সমস্যাটো সমাধান হোৱাটো বিচাৰিছে তেনেহলে পোনপটীয়াকৈ ইয়াৰ মোকাবিলা কৰক । যেতিয়া নম্ৰভাৱ দিয়া ইঙ্গিত ফলৱৰ্তী নহয় তেতিয়া পোনপটীয়াকৈ তেওঁলোকৰ লগত কথা পতাটো কাৰ্যকৰী হ'ব পাৰে । ইজন ব্যক্তিয়ে কথাটো সহজভাৱে নল'লেও ই আপোনাৰ মনটো পাতল কৰি তুলিব ।

মধ্যস্থতাকৰীৰ সহায় লওক 

যদি সকলো প্ৰচেষ্টা বিফল হয় তেনেহলে কোনো ওপৰৱালাৰ সৈতে কথা পাতক । জ্যোষ্ঠ বিষয়াই কিবা কথা ক'লে সকলোৱে শুনে । সাধাৰণতে মধ্যস্থতাকাৰীৰ দায়িত্ব পালন কৰা কোনো এজনৰ সহায় লওক । আলোচনাই সমাধান কৰিব নোৱাৰা কোনো সমস্যা নাই ।

যোগাত্মক হৈ থাকক

কিছুমান মানুহ সলনি নহয় । এনে ক্ষেত্ৰত যোগাত্মক হৈ থকাটোৱেই শেষ উপায় । যোগাত্মক ব্যৱহাৰে আপোনাক কামত উৎসাহ দিব । লগতে আপোনাৰ যোগত্মক ব্যৱহাৰে সিজন ব্যক্তিক বিৰক্তিকৰ ব্যৱহাৰ কৰিবলৈ নিৰুৎসাহ কৰিব ।

কামৰ হেঁচাই খং, বিৰক্তি আদি বঢ়াই তুলিব পাৰে । কামবোৰ কৰাৰ ক্ষেত্ৰত এক দক্ষতাপূৰ্ণ আৰু যোগাত্মক মনোভাৱে এইটো সুনিশ্চিত কৰে যে কামৰ হেঁচাই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নকৰে । এটা প্ৰত্যাহ্বান আপুনি কেনেকৈ চম্ভালে তাৰ ওপৰত নিৰ্ভৰ কৰে আপুনি নিজৰ কেৰিয়াৰত কিমান দূৰ আগবাঢ়িব পাৰে । অলপ নম্ৰতা আৰু অমায়িকতা তথা পেছাদাৰী মনোভাৱে কৰ্মস্থলীত এটা সুখৰ পৰিবেশ সৃষ্টিত সহায় কৰে । 

মূল- অনিকেত জৈন

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

উদ্যোগশীলতাৰ শিক্ষা মণিৰাম দেৱানৰপৰা

বিশ্বজোৰা এটা চাহৰ ব্ৰেণ্ড স্থাপন কৰাৰ লক্ষ্যৰে নমঃ টি

আজিও কাৰ্যক্ষম ভাৰতৰ প্ৰথমটো এলিভেটৰ

সকলোৱে বুৰ্বক বুলি কোৱাৰ বাবেই নাম হ’ল-বাঞ্চ অৱ ফুলছ