মনীষা ৰায়সিংহানীঃ প্ৰযুক্তিৰে উচ্চ শিখৰত

মনীষা ৰায়সিংহানীঃ প্ৰযুক্তিৰে উচ্চ শিখৰত

Saturday November 07, 2015,

5 min Read

কাৰ্নেগী মেলন ইউনিভাৰচিটিত মাৰ্ক জুকাৰবাৰ্গক লগ পোৱা সময়খিনি মনীষা ৰায়সিংহানীৰ বাবে আছিল জীৱনক সলনি কৰি দিব পৰা কেইটামান মুহূৰ্ত। মনীষা ৰায়সিংহানী ‘লজিনেক্সট’ৰ সহ প্ৰতিষ্ঠাপক। “মাৰ্কে তেওঁৰ সহকৰ্মী ছেৰীল ছেণ্ডবাৰ্গৰ কথা ক’লে। আৰু নাৰী নেতৃত্ব সন্দৰ্ভত ছেৰীলৰ ভিডিঅ’- গ্ৰাফিক্স প্ৰেজেন্টেচনটো চোৱাৰ পিছত মোৰ মনত যেন জুইহে লাগিল।”

image


‘লজিনেক্সট ছলিউচনছ্’ৰ প্ৰযুক্তি আৰু উৎপাদনৰ দিশটোৰ নেতৃত্বত আছে মনীষা। বহুসময়ত, যেনে ব্যৱসায়িক মিটিং, ক্লায়েন্টৰ সৈতে হোৱা কথাবতৰা আৰু বহুজনৰ লগত যোগাযোগ ৰক্ষাৰ অনুষ্ঠানসমূহত মনীষাৰ সৈতে থকা পুৰুষ সহ প্ৰতিষ্ঠাপক জনেই প্ৰযুক্তিৰ দিশটো নেতৃত্ব দিয়া বুলি বহুজনে ভাবে। আজিৰ এই ক্ষেত্ৰখনত মানুহে তেনেদৰে ভবাটোৱেই স্বাভাৱিক। মানুহৰ তেনে ধাৰণাক মিছা প্ৰমাণিত কৰি মনীষাই সেই দায়িত্ব পোৱাৰ আঁৰত আছে তেওঁৰ কঠিন পৰিশ্ৰম আৰু বিষয়বস্তুৰ ওপৰত গভীৰ জ্ঞান।

দুগৰাকী মহিলাও মনীষাৰ অনুপ্ৰেৰণাৰ উৎস। আই বি এম ৰ চি ই অ’ গিন্নী ৰ’মেট্টী আৰু ছেৰীল ছেণ্ডবাৰ্গ। সহ প্ৰতিষ্ঠাপক হিছাপে মনীষাইও নেতৃত্বদি নিজে এক আদৰ্শ হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে।

মনীষাৰ প্ৰযুক্তিৰ সৈতে এই যাত্ৰা তথা তেওঁৰ ক্ষেত্ৰখনত শীৰ্ষত থকিবলৈ কৰা জীৱনৰ যুঁজখনৰ বিষয়ে অধিক জানিবলৈ আমি জানিব লাগিব তেওঁৰ কাহিনী।

ভেটি গঢ়াৰ সময়চোৱা

সামাজিক বা আৰ্থিকভাবে কোনো চাপ নোপোৱাকৈ সাধাৰণভাৱে ডাঙৰ হোৱা মনীষাই বাছি ল’লে প্ৰত্যাহ্বানমূলক পথ । পৰিয়ালৰ ব্যৱসায় চম্ভালিবলৈ মাক- দেউতাকে বিচাৰিছিল তেওঁ ল’ৰাৰ দৰে হোৱাটো। কিন্তু পৰিয়ালৰ ইচ্ছাৰ বিপৰীতে মনীষাই বিছাৰি ল’লে সংখ্যা আৰু তথ্যৰ জগতখন।

মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰা মনীষাই ছফটৱেৰ ইঞ্জিনীয়াৰ হিছাপে যোগদান কৰে মাছটেক নামৰ প্ৰতিষ্ঠান এটাত। পিছে ছমাহ কাম কৰাৰ পিছতে তেওঁ বুজি উঠিলে যে কৰ্পৰেট চকৰি এটা তেওঁৰ বাবে জীৱনযোৰা কাম হ’ব নোৱাৰে। ২০০৯ চনত মাছটেকৰ চাকৰিয়াল হ্ৰাস কৰাৰ সময়ত আন শ শ চকৰিয়ালৰ লগতে বাহিৰ ওলাইছিল মনীষাও।

কৰ্পৰেটৰ সীমিত পাৰিশ্ৰমিকে মনীষাক নতুন কিবা এটা শিকাৰ প্ৰতি আগ্ৰহী কৰি তুলিলে। প্ৰযুক্তিৰ সা-সুবিধাৰে এটা সুযোগ সৃষ্টি কৰিব পৰাকৈ কিবা এটা কৰাৰ কথা ভাবিলে মনীষাই। সমিধান বিচাৰি পালে ‘ইনফৰমেচন চিষ্টেমছ্’ত। তেওঁ কাৰ্নেগী মেলনৰ পৰা ‘ইনফৰমেচন চিষ্টেমছ্’ত মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰিলে। ডিগ্ৰীৰ পাছত কাম আৰম্ভ কৰিলে ৱাৰ্ণাৰ ব্ৰাডাৰ্ছৰ আই-টিউন ডাটা এনালাইষ্টিক টীমত।

তাৰপিছত মনীষাই আমেৰিকাতে আই বি এমত কাম কৰিলে। “লজিনেক্সট”ৰ সহ প্ৰতিষ্ঠাপক ধ্ৰুৱিলক ২০১০ চনতে কাৰ্নেগী মেলন ইউনিভাৰচিটিত লগ পাইছিল মনীষাই। ২০১৩ চনৰ জুলাই মাহত নিউয়ৰ্কত ধ্ৰুৱিলৰ সৈতে একেলগে একাপ কফি খাই আলোচনা কৰিছিল নতুন বজাৰখনত লজিষ্টিক ব্যৱসায়ৰ বিভিন্ন সমস্যা আৰু জটিলতাৰ বিষয়ে। অহৰহ প্ৰযুক্তিৰে কথাবোৰ চিন্তা কৰা মনীষাই সীদ্ধান্ত ল’লে ইন্টাৰনেটৰ জৰিয়তেই সমাধান উলিওৱাৰ। আৰু আমেৰিকাতে মনীষাই প্ৰথমটো প্ৰডাক্টৰ কাম আৰম্ভ কৰিলে । ২০১৪ চনৰ প্ৰথম ভাগতে আমেৰিকাৰ পৰা ভাৰতলৈ উভটিল মনীষা।

প্ৰযুক্তিৰ ক্ষেত্ৰত মহিলা

অভিজ্ঞতাৰ পৰা মনীষাই ক’য়, “প্ৰযুক্তিৰ ক্ষেত্ৰখনত অতি কম সংখ্যক মহিলা থকাটোৱেই এটা সমস্যা। দশম শ্ৰেণীলৈকে ল’ৰা আৰু ছোৱালীৰ অনুপাতটো ঠিকেই আছে বুলিয়েই মই ভাবিছিলো। কিন্তু একাদশ আৰু দ্বাদশ শ্ৰেণীত বিজ্ঞান শাখাত নাম ভৰ্তি কৰোঁতে এই অনুপাতটো বহু কমিল। বিদ্যালয়ৰ ৪০% স্নাতক শ্ৰেণীত হ’লগৈ ৩০%। যিটো কাৰ্নেগী মেলন ইউনিভাৰচিটিত আৰু কমি হ’লগৈ ২০%।”

দিগদৰ্শন দিব পৰা লোকৰ অভাৱ আৰু সৰু কালছোৱাৰ পৰাই এজনী ছোৱালীয়ে সঠিক দিশত প্ৰেৰণা নোপোৱাটোৱেই ইয়াৰ মূল কাৰণ বুলি ভাবে মনীষাই। লগতে পুৰুষতকৈ নাৰীৰ পৰা সামাজিক দায়বদ্ধতা অধিক আশা কৰাটোও এটা কাৰণ।

image


প্ৰত্যাহ্বান

“ব্যৱসায়িক লেনদেন, সামগ্ৰীৰ অনা-নিয়া আদি ক্ষেত্ৰত বৰ বেছি সংখ্যক মহিলা নাই। এইখন এখন বৰ জটিল ক্ষেত্ৰ। তথাপি এই ক্ষেত্ৰখনে মোক ৰোমাঞ্চিত কৰে”- এয়া মনীষাৰ ভাষ্য। মনীষাই ভাবে, লজিষ্টিক কম্পানীসমূহৰ উচ্চ পৰ্যায়ৰ কাৰ্যবাহী সকলৰ বৈঠকত মহিলা প্ৰতিনিধি কেৱল এগৰাকী উপস্থিত থকাটো প্ৰত্যাহ্বান হোৱাতকৈ হতাশাৰ কথাহে।

এগৰাকী মহিলা নেত্ৰী বা উদ্যোগী হিচাপে মনীষা সন্মুখীন হোৱা আন এটা প্ৰত্যাহ্বান হ’ল টীম এটাত মহিলা আৰু পুৰুষৰ সংখ্যাৰ সমতুলতা ৰক্ষা কৰাটো। “আমি দেখা প্ৰায়বোৰ কৰ্মস্থানতে, বিশেষকৈ নতুনকৈ আৰম্ভ হোৱা প্ৰতিষ্ঠানবোৰত পুৰুষৰ সংখ্যাই অধিক। প্ৰায়বোৰ প্ৰতিষ্ঠানেই পুৰুষে নেতৃত্ব দিয়া আৰু মহিলা নেত্ৰীৰ পৰা আন মহিলাই সহযোগীতা নোপোৱাটোৱেই ইয়াৰ মূল কাৰণ বুলি ভাবোঁ। লজিনেক্সটৰ আজিৰ মহিলা সদস্যসকল কাইলৈ নেতৃত্ব দিব পৰা হোৱাটো, নিজে কিবা এটা কৰাটো মই বিছাৰো।”

সি যি কি নহওক, এগৰাকী উদ্যোগী মহিলা হিছাপে মনীষাৰ আন এটা ডাঙৰ প্ৰত্যাহ্বান আহিছিল সৰ্বসাধাৰণ মানুহৰ ধাৰণাৰ এগৰাকী ৰুক্ষ, স্বাৰ্থপৰ বছৰ পৰা বিশ্বাসযোগ্য, উদ্যমী, কামৰ প্ৰতি উৎসৰ্গীকৃত নেত্ৰী হিছাপে নিজকে পৰিচয় দিয়াত। মনীষাৰ ভাষ্য-“মোৰ কোনো গপ-ভেম নাই, আৰু নেত্ৰী হিছাপে ‘বছ’গিৰি দেখুৱাতকৈ টীমটোৱে কামৰ আলোচনা মোৰ সৈতে কৰিলে মই ভালহে পাঁও।”

সফলতাৰ উচ্চ শিখৰত

মনীষাই নেতৃত্ব দিয়া প্ৰযুক্তিবিদ্যা আৰু উৎপাদনৰ ক্ষেত্ৰখনত তেওঁ গুৰুত্ব দিয়েএকানপটীয়া চেষ্টাৰে নতুন নতুন প্ৰযুক্তিৰ উন্মেষ ঘটোৱাত। মনীষাৰ লক্ষ্য টীমটোৱে যাতে সন্মুখত অহা প্ৰতিটো সুযোগৰ সৎ-ব্যৱহাৰ কৰিব পাৰে সেয়া কেৱল প্ৰতিষ্ঠানটোৰ উন্নতিৰ বাবেই নহয়, নিজৰ বাবেও।

মনীষাৰ ভাষ্য- “প্ৰযুক্তিৰ ক্ষেত্ৰত কেৱল স্থানীয়ই নহয়, বিশ্বৰ যি কোনো প্ৰান্তৰ মেধাসম্পন্ন লোকক আমাৰ প্ৰতিষ্ঠানলৈ অনাৰো আমাৰ পৰিকল্পনা আছে। আমি এটা কথা লক্ষ্য কৰিছো -হঠাতে পছিমীয়া দেশ সমূহৰ পৰা ভাৰতীয় লোক সকল ভাৰতত কাম কৰাৰ প্ৰতি, বিশেষকৈ নিজে কিবা এটা কাম আৰম্ভ কৰাৰ প্ৰতি আগ্ৰহী হৈ স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰিছে।”

সদায় উৎসাহী হৈ থকা 

মনীষাই নিজে সৃষ্টি কৰা তথ্যৰ যাদুৰ বাবে তেওঁ নিজেই গৌৰৱান্বিত। পৰিয়াটোৱেও তেওঁক খুবেই সহযোগ কৰে।

কামত উৎসাহ যোগোৱা সকলৰ কথাও ক’লে মনীষাই- “তিনিজন জ্ঞানী মানুহে (সহঃ প্ৰতিষ্ঠাপক ধ্ৰুৱিল ছাংভি, বিনিয়োগকাৰী সঞ্জয় মেহতা আৰু উপদেষ্টা মাৰ্ক ডিছান্টিছ) সদায়েই মই নেতৃত্ব দিব পাৰিম বিশ্বাস ৰাখিছিল। মোৰ আত্মবিশ্বাস এটা বছৰৰ এই যাত্ৰাৰ প্ৰতিটো মাইলৰ খুটিতে বহু গুণে বৃদ্ধি পাইছিল ”

ভৱিষ্যত পৰিকল্পনা

মনীষাৰ বৰ্তমান আৰু ভৱিষ্যত লক্ষ্য একেই- ভাৰত আৰু অন্যান্য উঠি অহা বজাৰ সমূহৰ ল’জিষ্টিক আৰু যোগান ব্যৱস্থাৰ উদ্যোগটোৰ কাম-কাজৰ ধৰণটো সলনি কৰা। “আমি গভীৰ ভাবে বিশ্বাস কৰোঁ আৰু প্ৰমাণ কৰি দিব পাৰোঁ প্ৰযুক্তিৰ সহায়ত তথ্যৰ ক্ষেত্ৰখনত খেল ওলট- পালট কৰি দিব পাৰি। আমি শীঘ্ৰেই এনে এখন পৃথিৱী দেখিম য’ত সকলো কাম পৰিকল্পিতভাৱে নিৰ্দিষ্ট কৰি থোৱা ধৰণে কোনো সমস্যা নোহোৱাকৈ সম্পন্ন হ’ব। আমি পৰিকল্পনা কৰিছো লজিনেক্সট এনে এটা স্থান হৈ পৰিব যি স্থানত পৃথিৱীৰ যিকোনো ল’জিষ্টিকৰ প্ৰয়োজনীয়তা সম্পূৰ্ণ হ’ব।”