চিটিফ্ল': মুম্বাইৰ চাকৰীয়াল আৰু বাছযাত্ৰী সকলৰ কাৰণে ডাঙৰ সকাহ

মূল- অপৰ্ণা ঘোষ

চিটিফ্ল': মুম্বাইৰ চাকৰীয়াল আৰু বাছযাত্ৰী সকলৰ কাৰণে ডাঙৰ সকাহ

Thursday October 20, 2016,

3 min Read

য'ত সমস্যা আছে, তাতেই আছে সমাধানৰ পথ।মুম্বাইৰ দৰে মহানগৰীত বাছ যাত্ৰা কৰাটো অতি আমনিদায়ক।এফালে যাত্ৰীৰ ভিৰ,আনফালে অতিৰিক্ত সময়।সাধাৰণ যাত্ৰীৰ উপৰি চাকৰীয়াল সকলে এই ক্ষেত্ৰত বেছি সমস্যাৰ সন্মুখীন হব লগা হয়।এই সমস্যাৰ সমাধান হিচাপে কিছুসংখ্যক কৰ্মচাৰীয়ে 'কেব' ৰ সুবিধা গ্ৰহণ কৰে যদিও ব্যয়বহুলতাৰ বাবে ই একমাত্ৰ সমাধান নহয়গৈ।

জেৰিন ৱেনাড মুম্বাই নিবাসী আই আই টি গ্ৰেজুৱেট। তেওঁ Ernst & Young কম্পেনীত কৰ্মৰত থাকোতে নিজেও তেনে সমস্যাৰ সন্মুখীন হোৱাৰ লগতে তেওঁৰ সহকৰ্মী সকলৰ মুখত প্ৰায়ে বাছ যাতায়তৰ বিষয়েঅভিযোগ শুনিছিল।

"যাতায়তৰ সমস্যাই দৈনিক বহু মানুহক অতিষ্ঠ কৰিছে। মই মোৰ কৰ্মস্থানলৈ যাবলৈ দুঘন্টা যাত্ৰা কৰিব লগীয়া হৈছিল।মই ভাগৰুৱা দেহাৰে ঘৰ পাই মাত্ৰ শুই পৰিছিলোঁ যাতে পিছদিনা অফিচ কৰিবলৈ পুনৰ শক্তি গোটাব পাৰোঁ।আৰু মই জনা প্ৰায়বোৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই ঘটনাই ঘটিছিল।" জেৰিণে কয়।

আনহাতে চাকৰীয়াল সকলৰ বাবে দৈনিক দুবাৰকৈ 'কেব' ত যাতায়ত কৰাটো ব্যয়বহুল হৈ পৰে।এই সমস্যাৰ কথা চিন্তা কৰি জেৰিন আৰু তেওঁৰ আই আইটিয়ান বন্ধু কেইজনমানে এটা সমাধানৰ পথ বিচাৰি উলিউৱাৰ কথা চিন্তা কৰি যাত্ৰীৰ সুবিধা হোৱাকৈ ব্যক্তিগত এ.চি. মিনি বাছৰ সেৱা আৰম্ভ কৰিলে।

পৰিকল্পনাৰ পিছতে সঠিক ৰূপায়ণৰ কথা চিন্তা কৰি জেৰিনে তেওঁৰ চাকৰিও বাদ দিলে।কৰ্মক্ষেত্ৰত যাত্ৰাৰ সমস্যাৰ সন্মুখীন হোৱা লোকসকলৰ লগত তেওঁ ব্যক্তিগতভাৱে কথা পাতিলে।যাত্ৰীসকলৰ সুবিধা-অসুবিধাৰ বুজ ললে।

image


চিটিফ্ল' জন্মৰ আঁৰৰ ব্যক্তিসকল

পৰিকল্পনাই সফল ৰূপ পাব বুলি বিশ্বাস ৰাখি জেৰিন আৰু তেওঁৰ কেইজনমান বন্ধু বৰ্গই চিটিফ্ল' নামেৰে ব্যক্তিগত এ.চি. মিনি বাছৰ সেৱা আৰম্ভ কৰিলে।এই ক্ষেত্ৰত জেৰিনক সহযোগ কৰিলে তেওঁৰ বন্ধু-অংকিত,সুভাষ,ৰুছভ,অদ্বৈত আৰু সংকল্পে।আনহাতে এই উদ্যোগী যুৱক কেইজনক পথপ্ৰদৰ্শক হিচাপে উৎসাহিত কৰিলে Housing.com ৰ প্ৰতিষ্ঠাতা অদ্বিতীয় শৰ্মাই। 

"ৰিয়েল ইষ্টেটৰ দৰে বাছ যাত্ৰাৰ সমস্যা সকলোতে আছে।দীৰ্ঘকাল ধৰি বাছ যাত্ৰাত কোনো নতুনত্ব নহা কথাটোৱে মোৰ চিটিফ্ল' ৰ প্ৰতি আগ্ৰহ বঢ়ালে।"

চিটিফ্ল'য়ে সম্প্ৰতী মুম্বাইৰ দহটা ব্যস্ত পথ সামৰি লৈছে।পশ্চিম দিশত মীৰা ভায়ানদেৰ,বৰিভালী,কান্দীভালী; পূব দিশত থানে, মুলুন্দ আৰু নৱী মুম্বাইৰ বাশী,খপাৰ খাইৰেণ ৰ পৰা বান্দ্ৰা কুৰলা কমপ্লেক্সলৈকে চিটিফ্ল'ৰ বাছ সমূহ চলাচল কৰে।

চিটিফ্ল'ৰ সেৱাৰ বাবে এই পথসমূহ নিৰ্দ্ধাৰণ কৰাৰ ক্ষেত্ৰত জেৰিনে কয়-"এই ক্ষেত্ৰত আমি গুগুল মেপৰ সহায় লৈছিলো।ইয়াৰোপৰি ঘন জনবসতি, কৰ্পৰেট হাব আদি থকা পথসমূহ বাছি লৈছিলো যি সমূহত যাতয়তৰ সুবিধা কম। আনহাতে যাত্ৰীৰ মতামতসমূহকো গুৰুত্ব দিছিলো।"

চিটিফ্ল'ৰ চলাচল ব্যৱস্থা

চিটিফ্ল'ৰ চলাচল ব্যৱস্থা সন্দৰ্ভত জেৰিনে মন্তব্য কৰে যে সৰ্বপ্ৰথমে তেওঁলোকে ৰেডবাছৰ নিয়মসমূহ অনুকৰণ কৰিছিল।তিনিটা পৰ্যায়ত টিকট বুকিং কৰা হয়- পথ নিৰ্বাচন, সময় আৰু যাত্ৰা বুকিং ।যিহেতু এজন যাত্ৰীৰ কাৰণে যাত্ৰাপথ দৈনিক সলনি নহয় গতিকে বুকিং বিশেষ সালসলনি কৰিব লগা নহয়।আনহাতে কিছুমান যাত্ৰীৰ কাৰণে 'Recent Ride' ৰ সুবিধা আছে।

আৰম্ভণিতে ১০ টা বাছ অপাৰেটৰৰ লগত যোগাযোগ কৰা চিটিফ্ল' য়ে প্ৰতি সপ্তাহত এই সংখ্যা বৃদ্ধি কৰি গৈছে।

অনলাইন ট্ৰেভেল এজেন্ট হিচাপে চিটিফ্ল'

৪২ বিলিয়ন মাৰ্কিন ডলাৰ আয় কৰা ইণ্ডিয়ান ট্ৰেভেল এণ্ড টুৰিজিম মাৰ্কেটে আহা দহ বছৰত এই আয় ১০.২ শতাংশলৈ বঢ়োৱাৰ কথা চিন্তা কৰিছে।আনহাতে মুঠ গড় বুকিঙৰ ১৭.৫ শতাংশ বুকিঙ অনলাইন ট্ৰেভেল এজেন্ট সমূহৰ পৰা হয়।

সম্প্ৰতী চিটিফ্ল' অনলাইন ট্ৰভেল এজেন্সী হিচাপে ৰেডবাছ, আইবিব', ক্লিয়েৰ ট্ৰিপ,মেক মাই ট্ৰিপ আদি ব্যক্তিগত এজেন্সী সমূহৰ লগত প্ৰতিযোগীতাত নমাৰ উপৰি দেশৰ আগশাৰীৰ ইন্ট্ৰা চিটি বাছ বুকিং সেৱা ৰেড বাছ,গুৰগাওঁস্থিত ছাটল,জিপগ',অ'লা আদিৰ লগত প্ৰতিযোগীতাত নামিছে।


চিটিফ্ল' ৰ যাত্ৰাৰ ভাড়া প্ৰতি কিলোমিটাৰত তিনি টকা।সেই হিচাপত প্ৰতিজন যাত্ৰীৰ পৰা দৈনিক গড়ে ৬০ টকাকৈ বুকিং কৰা হয়।এই ভাড়া Brihanmumbai ৰ স্থানীয় এ.চি. সম্বলিত চিটিবাছ ভাড়াৰ সৈতে একে।চিটিফ্ল' ৰ অধীনত দৈনিক ১৮,০০ চিট বুকিং কৰা হয়।

জেৰিনৰ মতে তেওঁলোকৰ প্ৰয়াসত জন্ম হোৱা চিটিফ্ল'ই অতি কম দিনৰ ভিতৰত যাত্ৰীৰ সহাঁৰি পোৱাৰ লগতে বিনিয়োগকাৰী সকলৰো মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।এটা সমস্যাৰ সমাধান উলিয়াই যাত্ৰীক সুবিধা আগবঢ়োৱাৰ লগতে নিজেও স্বাৱলম্বীতাৰ পথ গ্ৰহণ কৰা জেৰিন আৰু তেওঁৰ সহকৰ্মী বন্ধুসকল যুৱ প্ৰজন্মৰ বাবে আদৰ্শস্বৰূপ।