নিজৰ পৰিচয় নিজেই গঢ়ি তোলক-শৈলেন্দ্ৰ সিং

নিজৰ পৰিচয় নিজেই গঢ়ি তোলক-শৈলেন্দ্ৰ সিং

Friday November 20, 2015,

5 min Read


“ক্ষমা কৰিব, পুনৰ কওকচোন আপুনি কোন” এই প্ৰশ্নটো সম্ভৱতঃ আমেৰিকাত মই উদ্যোগী হিচাপে প্ৰথম অৱস্থাত আটাইতকৈ বেছিকৈ শুনা প্ৰশ্ন আছিল।এইটো মই মোৰ জীৱনত লাভ কৰা আনন্দদায়ক আৰু বিনয়ী অভিজ্ঞতাবোৰৰ অন্যতম আছিল - Sequoia Capital ৰ পৰিচালন সঞ্চালক শৈলেন্দ্ৰ সিঙে টেকস্পাৰ্কছ সমাৱেশত এইদৰে কয়।

image


এগৰাকী উদ্যোগীয়ে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানটোৱেই হৈছে তেওঁৰ নিজাকৈ এটা পৰিচয় গঢ়াটো।এটা ষ্টাৰ্টআপৰ প্ৰতিস্থাপক হিচাপে বিশ্বই আপোনাক চিনি নাপায়।কিন্তু আপোনাৰ এটা নিগাজী পৰিচয় গঢ়িবলৈ আপুনি নিজেই নিজৰ দায়িত্ব ল’ব লাগিব।দুৰ্ভাগ্যজনকভাৱে বেছিভাগ অভিযান্ত্ৰিক প্ৰতিস্থাপকেই এই কথাটো মানি ল‘ব নিবিচাৰে।শৈলেন্দ্ৰৰ মতে, তথ্যৰ আদান-প্ৰদান শক্তিশালী কৰি ৰাখিবলৈ যোগাযোগ এক মুখ্য কাৰক।

বহুতো প্ৰতিস্থাপকে ভাৱে যে, যোগাযোগ হৈছে মাৰ্কেটিং বিভাগৰ কাম বা কিছুমানৰ মতে, তেওঁলোকৰ আহিবলগীয়া প্ৰডাক্টটো WhatsApp ৰ দৰে হ’ব য’ত যোগাযোগৰ কোনো প্ৰয়োজন নাই।“আপোনালোকলৈ শুভেচ্ছা থাকিল।কিন্তু WhatsApp ৰ দৰে প্ৰডাক্ট বনোৱাটো ইমান সহজ নহয়” এইদৰে কৈ তেওঁ লগতে এইটোও উল্লেখ কৰে যে প্ৰতিস্থাপকসকলে যদি যোগাযোগত গুৰুত্ব দিয়ে, তেন্তে ই তেওঁলোকক ব্যাৱসায়ত উন্নতি কৰাত যথেষ্ট সহায় কৰিব।

মূল বাৰ্তাঃ

শৈলেন্দ্ৰৰ মতে মূল কথাটো তেনেই সৰল । তথাপি বেছিভাগ প্ৰতিস্থাপকেই তলত উল্লেখ কৰা পাঁচটা কথাৰ কাৰণে কষ্ট আৰু সময় দুয়োটাই খৰচ কৰিব নিবিচাৰে।

১. লক্ষ্য আৰু দৃষ্টিঃ

ব্যাৱসায় এটাৰ কাৰণে এইবিলাক অতিশয় দৰকাৰী আৰু প্ৰয়োজনীয় কথা।“এইটো দৰকাৰী, কিয়নো আপোনাৰ সংশয়ৰ মূহুৰ্তত আপুনি এই দুটাৰ ওপৰতে ভৰষা কৰিব পাৰে,” শৈলেন্দ্ৰই কয়।অন্য অৰ্থত ই আপোনাৰ নিৰ্দেশ নীতি হিচাপেও কাম কৰিব।

২. ই-মেইল প্ৰেৰণকাৰীসকলক উদ্দ্যেশি একাষাৰঃ

যেতিয়া প্ৰতিস্থাপকসকলে তেওঁলৈ তেওঁলোকে কি কাম কৰে, সেয়া জনাই কেইবাবাৰো মেইল কৰে, তেতিয়া প্ৰতিবাৰেই কথাবিলাক বেলেগ হয়।“এজন প্ৰতিস্থাপক হিচাপে আপুনি যোগাযোগত যদি একেৰাহে লাগি থাকিব নোৱাৰে, তেন্তে আপোনাৰ দলৰ কোনেও নোৱাৰিব,” শৈলেন্দ্ৰৰ মন্তব্য।

৩. আপোনাৰ সকলোখিনি সময় দিয়কঃ

শৈলেন্দ্ৰই কয়, “এজন উদ্যোগী হিচাপে আপুনি যদি নিজা পৰিচয় গঢ়ি তুলিব খোজে, তেন্তে নিজৰ সকলো সময় খৰচ কৰিবৰ বাবে সাজু হৈ থাকিব।আপুনি বিনিয়োগকাৰীসকলক আপোনাৰ ওচৰত বিনিয়োগ কৰিবলৈ,কৰ্মচাৰীসকলক আপোনাৰ প্ৰতিষ্ঠানৰ অংশ হ’বলৈ আৰু গ্ৰাহকক আপোনাৰ সৈতে ব্যাৱসায় কৰিবলৈ উৎসাহিত কৰিবৰ বাবে আপুনি আপোনাৰ সময় দিবই লাগিব।যদি আপুনি এয়া কৰিব নোৱাৰে, তেন্তে এগৰাকী সহ-প্ৰতিস্থাপক বিচাৰি লওঁক, যিয়ে নিজৰ সময় কেনেকৈ ব্যৱহাৰ কৰিব লাগে, সেয়া যাতে ভালকৈ বুজি পায়।”

৪. Power Point উপস্থাপনঃ

য’ত বেছিভাগ প্ৰতিস্থাপকেই এইটোক অবাবত সময় নষ্ট কৰা বুলি ভাৱে,শৈলেন্দ্ৰই বিশ্বাস কৰে যে, এটা ভাল উপস্থাপনে, ব্যাৱসায় এটাক বহুত ওপৰলৈ লৈ যাব পাৰে।তেওঁ লগতে ইয়াকো কয় যে, এটা ভাল উপস্থাপনৰ বাবে অলপ সময় আৰু কষ্ট কৰিলে ই ব্যাৱসায় সম্পৰ্কে এটা স্পষ্ট ধাৰণাও দিয়ে।

৫. প্ৰতিযোগিতা সম্বন্ধে জনাঃ

“আপুনি পৃথিৱীৰ কোন ঠাইত আছে সেইটো লক্ষ্য কৰি নিজকে সেই স্থানত ৰাখি চোৱাটো দৰকাৰী,” শৈলেন্দ্ৰই কয়।আপোনাৰ কোম্পানীৰ গঠন সম্পৰ্কীয় এখন প্ৰতিযোগিতামূলক মেপে গ্ৰাহকক তেওঁলোকৰ পছন্দ আৰু প্ৰতিষ্ঠাপককো নিজৰ ব্যাৱসায়ৰ স্থিতি সম্পৰ্কে জ্ঞান দিব।সাধাৰণতে, আপুনি যদি কিবা এটা সৃষ্টি কৰিছে, তেন্তে সেই ক্ষেত্ৰত আনে কি কৰিছে, সেয়াও আপুনি চাব লাগিব।

মূল বাৰ্তাই কি ক'বঃ

শৈলেন্দ্ৰৰ মতে, এটা শক্তিশালী মূল বাৰ্তাই বহুকেইটা দিশ উনুকিয়াই দিয়ে।সেইসমূহ হৈছে—

১.এটা ট্ৰেণ্ড অনুকৰণ কৰাঃ

Hyperlocal আৰু Cloud এই দুটা গুৰুত্বপূৰ্ণ বিষয়।এনেকুৱা ক্ষেত্ৰত যদি আপুনি কিবা কাম কৰিছে, তেন্তে এনেবোৰ কামত যুক্ত হ’বলৈ আপোনাৰ সুবিধা হ’ব।এইটোৱে প্ৰডাক্টটোৰ বিষয়ে বুজাত সহায়ো কৰিব।

২.সৰল আৰু স্পষ্টবাদী হওঁকঃ

শৈলেন্দ্ৰৰ মতে, এই ক্ষেত্ৰত আটাইতকৈ ভাল উদাহৰণ হৈছে-ড্ৰপ্ বক্স।আপোনাৰ ফাইলবিলাক য’তেই নাথাকক, ই সৰল হোৱা উচিত,কাৰণ সহযোগিতাৰ কথা উল্লেখ নথকা এনেকুৱা একো পৰিভাষা নাই।

৩.সাৰাংশৰ উপযুক্ত পৰ্যায়ঃ

তেওঁ কৈছে যে বহুতো লোকে এটা পৰ্যায়লৈকে কোনো সাৰাংশ নোহোৱাকৈ কথাবোৰ চিধা-চিধিকৈ কয়।সাৰাংশ ৰাখি কথা ক’লে ই আপোনাৰ পৰিসৰ কিছু বহল কৰি তুলিব।অৱশ্যে,সাৰাংশ বেছি চুটি কৰিলেও আপোনাৰ কথা মানুহে বুজি নাপাব।

৪. গ্ৰাহক কেন্দ্ৰিক বাৰ্তা

৫. স্মৰণীয় কৰি তোলক

৬. পুনৰ ১০ বাৰ কৰক

৭. পৃথকীকৰণঃ “এটা পৃথকীকৰণ,যিটো প্ৰকৃত আৰু একক হয়, যাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি এটা বৃহৎ পাৰ্থক্য অনাৰ কথা চিন্তা কৰিব পাৰে।”

৮. স্পষ্টতাঃ শৈলেন্দ্ৰৰ মতে, এইটো যোগাযোগৰ এটা অন্যতম প্ৰধান কাৰক।

৯. নিজস্ব পৰিভাষাঃ আপুনি আপোনাৰ নিজস্ব পৰিভাষা সৃষ্টি কৰিবলৈ যদি আপোনাৰ কৌশলটোক বোধগম্য কৰি তুলিব পাৰে, তেন্তে ই সুন্দৰ হৈ উঠিব।“আপোনাৰ নিজৰ কণ্ঠতে আপোনাৰ মনৰ কথাবোৰ ভালদৰে বুজি উঠিব,” শৈলেন্দ্ৰই ক’লে।

গ্ৰাহক মেপঃ

উদ্যোগ প্ৰতিষ্ঠাপকসকলৰ কাৰণে তেওঁলোকৰ মূল ব্যাৱসায়িক অংশীদাৰসকলৰ সৈতে নিয়মীয়া যোগাযোগ ৰাখিবৰ বাবে বাৰ্তা প্ৰেৰণ কৰি থকাটো জৰুৰী।প্ৰতিষ্ঠাপকজন হৈছে মূল কেন্দ্ৰবিন্দু আৰু তেওঁক আগুৰি আছে কৰ্মচাৰী,ব’ৰ্ড আৰু পৰামৰ্শদাতাসকল,বিনিয়োগকাৰী,ব্যাৱসায়িক অংশীদাৰসকল, গ্ৰাহক, প্ৰেছ আৰু বাকী সমগ্ৰ বিশ্ব।“কিছুমান কোম্পানীয়ে ধাৰাবাহিক সফলতা লাভ কৰাৰ মূলতে আছে তেওঁলোকে এই সকলো অংশীদাৰৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি চলে,” শৈলেন্দ্ৰই লগতে কয়।প্ৰতিজন অংশীদাৰৰ সৈতে বেলেগ ধৰণেৰে সম্পৰ্ক ৰক্ষা কৰাটো জৰুৰী।

এক পৰিস্কাৰ সজ্জা গঢ়াঃ

বহুতো কোম্পানীয়ে এক পৰিস্কাৰ সজ্জা গঢ়ি তোলাৰ কথাটোত গুৰুত্ব নিদিয়ে।প্ৰতিষ্ঠিত ব্যৱসায়ীসকলৰ বাবে এই কথাটো বিশেষভাৱে দৰকাৰী।“এইটো এটা সুযোগ । আপুনি কোন আৰু কি কৰি আছে সেয়া মানুহক জনোৱাটো আপোনাৰ বাবেএকো বোজা নহয়,” তেওঁ কয়।তদুপৰি এটা স্পষ্ট উপস্থাপনো অতি প্ৰয়োজনীয়, কাৰণ ই আপোনাৰ লগতে আপোনাৰ কোম্পানীকো প্ৰতক্ষ্যভাৱে প্ৰভাৱান্বিত কৰিব।

স্পষ্টতা আৰু নিৰ্ভৰযোগ্যতাঃ

এইটোৱে আপোনাক এটা দলৰ মুৰব্বী হিচাপে আপোনাৰ স্থিতি সম্বন্ধে সত্যতা আৰু বুজাপৰা নিশ্চিত কৰিব। আপুনি যদি আপোনাৰ কোম্পানীৰ লক্ষ্যৰ বিষয়ে বিনিয়োগকাৰীসকলক ভালদৰে বুজাব নোৱাৰে, তেন্তে তেওঁলোকে কি বিশ্বাসত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিব?ইয়াতেই পুনৰ প্ৰতিষ্ঠাপকৰ ওপৰত বোজা আহি পৰিব।শুদ্ধতাও এই ক্ষেত্ৰত সমানেই দৰকাৰী।“আপুনি যদি বিনিয়োগকাৰীসকলক অশুদ্ধ তথ্য দিছে,তেন্তে আপোনাৰ লগতে প্ৰতিষ্ঠানটোৰ ওপৰতো বিশ্বাসযোগ্যতাৰ প্ৰশ্ন উঠিব,” শৈলেন্দ্ৰই এইদৰে মতপ্ৰকাশ কৰে।সেয়েহে কেতিয়াও মিছাৰ আশ্ৰয় নল’ব।

সাংবাদিক মেলঃ

বহুতো কোম্পানীয়ে তেওঁলোকৰ কিবা ডাঙৰ প্ৰডাক্ট মুকলি কৰিবৰ সময়তহে সাংবাদিকৰ ওচৰ চাপে।কিন্তু আপুনি সঘনে সাংবাদিকসকলক লগ ধৰি আপোনাৰ কোম্পানীয়ে কি কাম কৰি আছে সেয়া জনাই থাকিব লাগে।

আপোনাৰ কথাৰেই নিজৰ পৰিচয় দিয়কঃ

এইটো অত্যন্ত জৰুৰী, কাৰণ আপুনি যেতিয়া মানুহৰ সৈতে কথা পাতিব,তেতিয়া তেওঁলোকে তেওঁলোকৰ ভাষাতেই আপোনাৰ প্ৰতিষ্ঠানৰ বিষয়ে কথা ক’ব আৰু তেওঁলোকৰ মন্তব্য দিব।এই ক্ষেত্ৰত আপুনি আপোনাৰ বক্তব্য সজোৰে ধৰি ৰাখিবলৈ ব্লগ, টুইটাৰ বা আন চচিয়েল মিডিয়াৰ সহায় ল’ব পাৰে।

গ্ৰাহকে বস্তুৰ ভিন্নতাত গুৰুত্ব দিয়েঃ

“গ্ৰাহকে কেতিয়াও আপোনাৰ মূল্যায়ন, সংস্কৃতি আৰু পুঁজিত গুৰুত্ব নিদিয়ে, তেওঁলোকে গুৰুত্ব দিয়ে কেৱল মূল্যত, ” শৈলেন্দ্ৰই কয়। গতিকে, আপুনি যেতিয়া গ্ৰাহকক কিবা এটা ক’ব, সেইটো সংগতিপূৰ্ণ, মূল্য থকা আৰু তাত যে আপোনাৰ দায়বদ্ধতা আছে, সেয়া প্ৰকাশ পাব লাগিব।মনৰ এই দৃঢ়তা কোম্পানীৰ সকলোৰে মাজত থাকিব লাগিব আৰু সেয়া হ’ব লাগিব সমন্বিত আৰু স্মৰণীয়।

কৰ্মচাৰীক বিভিন্ন প্ৰকাৰৰ প্ৰেৰণাৰ প্ৰয়োজনঃ

কৰ্মচাৰীয়ে কামৰ হেচাঁ, সুযোগ আৰু আৰু কেৰিয়াৰত উন্নতি আদি কথাবোৰত গুৰুত্ব দিয়ে।আপোনাৰ কৰ্মসংস্কৃতিটো তেওঁলোকে স্পষ্টকৈ বুজি পোৱাটো জৰুৰী।মাত্ৰাধিক পৰিসংখ্যাই কৰ্মচাৰীসকললৈ ঋণাত্মক বাৰ্তা প্ৰেৰণ কৰে, ফলত তেওঁলোকে প্ৰতিস্থানটোৰ প্ৰতি বিশ্বাসযোগ্যতা হেৰুৱায়।আপোনাৰ কৰ্মচাৰীসকলক মিটিঙত বা ই-মেইল প্ৰেৰণ কৰি তেওঁলোকৰ কামক প্ৰশংসা কৰক।এনেধৰণৰ প্ৰশংসাসূচক বাৰ্তাই তেওঁলোকক অনুপ্ৰাণিত কৰিব।

কোম্পানীৰ জ্যেষ্ঠ পৰিচালন দলটোৰ মাজতো যোগাযোগ ৰক্ষা কৰাটো জৰুৰী। তেওঁলোকো কোম্পানীৰ লক্ষ্য সম্বন্ধে জ্ঞাত থকা উচিত।

যোগাযোগ ৰক্ষা কৰাৰ মূল ছাবি-কাঠি হৈছে—

দৃঢ়তা, স্পষ্টতা, নিৰ্ভৰযোগ্যতা আৰু স্বাধীনতা।

লেখকঃ সিন্ধু কাশ্যপ

অনুবাদকঃ লীনা শইকীয়া