তিনি লাখতকৈও অধিক গছপুলি ৰোৱা এজন বাছ কনডাক্টৰ

তিনি লাখতকৈও অধিক গছপুলি ৰোৱা এজন বাছ কনডাক্টৰ

Monday October 31, 2016,

2 min Read

কইম্বাটুৰৰ ৪৯ বছৰীয়া যোগানাথন হৈছে এজন বাছ কণ্ডাক্টৰ । কিন্তু তেওঁ তাতোকৈ ডাঙৰ এটা কামৰ বাবে বিখ্যাত । যোৱা ৩০ বছৰত তেওঁ তামিল নাডুৰ ৩২ খন জিলাত তিনি লাখতকৈও অধিক গছ ৰুইছে । 

Image : (L) - The Weekend Leader; (R) - The News Minute

Image : (L) - The Weekend Leader; (R) - The News Minute


আশীৰ দশকত তেওঁ গছ কটাৰ বিৰুদ্ধে নীলগিৰি অঞ্চলত সজাগতা অভিযান আৰম্ভ কৰিছিল । তেতিয়াৰ পৰা তেওঁ থমকি ৰোৱা নাই । "মোৰ সাপ্তাহিক জীৰণিৰ দিনটোত মই স্কুল কলেজ, বিশ্ববিদ্যালয়ত গছ ৰুবলৈ যাওঁ ।" তেওঁ কয় ।

গছ ৰোৱা আৰু পৰিবেশ সজাগতা অভিযান চলোৱাৰ বাবে তেওঁ ৩০০০ তকৈও অধিক স্কুল ভ্ৰমণ কৰিছে । তেওঁ নিশ্চিত কৰে যে এটি শিশুৱে ৰোৱা এজোপা গছ শিশুটিৰ নামেৰে নামাকৰণ হয় আৰু ই সংৰক্ষণ লাভ কৰে । 

"যেতিয়া মই এটি শিশুক এজোপা গছ ৰুবলৈ কওঁ তেতিয়া সেই গছজোপা মই সেই শিশুটিৰ নামেৰে নামকৰণ কৰোঁ । সেই শিশুটিক গছজোপা নিজৰ ভাতৃ বা ভগ্নীৰ দৰে আপদাল কৰিবলৈ আৰু দৈনিক পানী দিবলৈ মই কওঁ ।" তেওঁ কয় ।

কামৰপৰা সঘনাই আঁতৰি থকা বাবে এতিয়ালৈকে ৪০ বাৰ বদলি হৈছে য়োগানাথন । পিছে তেওঁৰ বক্তব্য- কোনো ব্যক্তিগত কামৰ বাবে মই আজিলৈকে ছুটী লোৱা নাই । 

তেওঁ এতিয়ালৈকে ইক' ৱাৰিয়ৰ এৱাৰ্ড নামৰ ৰাজ্য চৰকাৰৰ এটা পুৰষ্কাৰ, চি এন এন- আই বি এন ৰিয়েল হিৰ'জ এৱাৰ্ড, পেৰিয়াৰ বঁটাকে ধৰি বহু সন্মান লাভ কৰিছে । এতিয়ালৈকে পোৱা বিভিন্ন সন্মানৰ বাবে তেওঁৰ মূৰব্বীসকলো তেওঁৰ প্ৰতি কিছু নৰম ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

এলিজাবেথৰপৰা ৰেম্ব'লৈকে যিকোনো ৰূপ ধাৰণ কৰিব পৰা এগৰাকী মেক আপ শিল্পী

ৰোগীৰ মৃত্যুৱে 'ট্ৰেফিক মেন'ত পৰিণত কৰিলে এজন চিকিৎসকক

গৱেষণা ক্ষেত্ৰখনত অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰচুৰ সম্ভাৱনা কঢ়িয়াই আনিছে এডুপেকডে

জুইয়ে পুৰি সোণ কৰা মহিলাগৰাকী