দেশৰ প্ৰযুক্তিক্ষেত্ৰৰ ৫ গৰাকী সফল মহিলা মুখ্য কাৰ্যবাহী বিষয়া

দেশৰ প্ৰযুক্তিক্ষেত্ৰৰ ৫ গৰাকী সফল মহিলা মুখ্য কাৰ্যবাহী বিষয়া

Saturday November 07, 2015,

5 min Read

বৰ্তমান সময়ত দেশৰ প্ৰযুক্তি প্ৰতিষ্ঠানসমূহত পুৰুষৰ সৈতে মহিলাসকল সমানেই আগবাঢ়ি গৈছে। আজিৰ দিনত দেশ তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সফলকাম প্ৰযুক্তিগত প্ৰতিষ্ঠানসমূহত মুখ্য পদবীসমূহত বহুসংখ্যক মহিলাই কাম কৰি আছে। দেশৰ কেইবাটাও উদ্ভাৱনমূলক তথা গুৰুত্বপূৰ্ণ প্ৰয়ুক্তিগত প্ৰতিষ্ঠানৰ শীৰ্ষ পদবীত থকা এই মহিলাসকলৰ মাজৰ পাঁচগৰাকী সফল মহিলাকলৈ ইয়ৰ ষ্ট’ৰীয়ে আপোনালোকলৈ আগবঢ়াইছে এই প্ৰতিবেদন।

image


ৱনীতা নাৰায়ণ, পৰিচালন সঞ্চালক, আইবিএম ইণ্ডিয়া প্ৰাইভেট লিমিটেড

আইবিএম ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক তথা আইবিএমৰ ভাৰত/দক্ষিন এছিয়াৰ মুখ্য প্ৰৱন্ধক ৱনীতা নাৰায়ণ। ২০১৩ চনত এই পদবীত নিযুক্ত হোৱা ৱনীতা নাৰায়ণে প্ৰযুক্তিগত কোম্পানীটোৰ ছেলছ, মাৰ্কেটিঙ, ছাৰ্ভিছেচ আৰু গ্লবেল ডেলিভাৰী অ’পাৰেছনৰ দায়িত্বত আছে। মুখ্যত ভাৰতীয় বজাৰত অধিক গুৰুত্ব আৰোপ কৰা আইবিএম ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ হৈ ৱনীতা নাৰায়ণে বাংলাদেশ, শ্ৰীলংকা আৰু নেপালৰ লগতে দক্ষিণ এছিয়াৰ আন দেশসমূহৰ লগত কোম্পানীৰ হৈ ব্যৱসায়িক সম্বন্ধ স্থাপনৰ মুখ্য দাযিত্বত আছে।

আইবিএমৰ সৈতে যোৱা ২৫ বছৰে জড়িত হৈ আছে ৱনীতা নাৰায়ণ। ১৯৮৭ চনত আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত আইবিএমত যোগদান কৰি ৱনীতা নাৰায়নে বিগত সময়ত ভিন্ন দেশৰ সৈতে কোম্পানীৰ হৈ ব্যৱসায়িক সম্বন্ধৰ মাজেৰে বিৰল অভিজ্ঞতা অৰ্জন কৰিছে।২০০৯ চনৰ পৰা আইবিএমৰ দক্ষিণ এছিয়াৰ ছেলছ আৰু ডিস্ট্ৰিবিউচনৰ দায়িত্বত থকা ৱনীতাই অলপতে গ্ল’ৱেল বিজনেছ ছাৰ্ভিছেৰ মেনেজিং পাৰ্টনাৰ হিচাপেও মনোনীত হৈছে। আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ আইবিএমৰ এছিয়া পেচিফিক ক্ষেত্ৰৰ কমিউনিকেছন ছেক্টৰৰ ভাইচ প্ৰেছিডেন্ট হোৱাৰ লগতে আইবিএম টেলিকম ছলিউচনৰ গ্ল’বেল ভাইচ প্ৰেছিডেন্ট হিচাবেও তেওঁ কাৰ্যনিৰ্বাহ কৰি আছে। আইবিএমৰ চেয়াৰমেনে নিয়োগ কৰা গ্লবেল এক্সিকিউটিভ সকলৰ ইন্টিগ্ৰেছন এণ্ড ভেলুছ টীমৰো সদস্য ভনীতা নাৰায়ণ। ২০১২ চনত আইবিএমৰ নেতৃত্ব গঠনৰ সহায়ক গোট আইবিএম ইণ্ডাষ্ট্ৰী একাডেমীৰো সদস্যা হিচাপে দায়িত্ব লাভ কৰিছে নাৰায়ণে। এগৰাকী সফল কৰ্মী হিচাপে বিখ্যাত কোম্পানী আইবিএমৰ এনে বহু গুৰুত্বপূৰ্ণ পদবীৰ দায়িত্বত আছে ৱনিতা । বিশেষত কোম্পানীত নিয়োজিত মহিলাসকলৰ বিকাশ তথা নেতৃত্ব বিকাশৰ ক্ষেত্ৰত ৱনীতা নাৰায়ণৰ আছে বিশেষ অৱদান।

ৱনীতা নাৰায়ণ ২০১৩-১৪ চনৰ বাবে কনফেডাৰেছন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজ চমুকৈ চিআইআইৰ ৰাষ্ট্ৰূয় পৰিষদৰো সদস্য আছিল।

মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা বিজনেছ এডমিনিছট্ৰেশ্বনৰ মাৰ্কেটিঙ বিভাগৰ স্নাতোকত্তৰ ৱনীতা নাৰায়ণে যুক্তৰাষ্ট্ৰৰ হউষ্টন বিশ্ববিদ্যালয়ৰ পৰা বিশেষ ডিস্টিংচনসহ বিজনেছ এডমিনিছট্ৰেচনৰ ইনফ’ৰমেছন ছিষ্টেমত স্নাতোকত্তৰ ডিগ্ৰীও লাভ কৰিছে।

এইচ-পি ইণ্ডিয়াৰ মেনেজিং ডিৰেক্টৰ, নীলম ধাৱান

হেইলিট-পেকাৰ্ড চমুকৈ এইচ-পি ইণ্ডিয়াৰ মেনেজিং ডিৰেক্টৰ হৈছে নীলম ধাৱান। সমগ্ৰ ভাৰতবৰ্ষৰ পৰা কোম্পানীৰ ব্যৱসায়িক মুনাফা আৰু এইচ-পিৰ ছাৰ্ভিছেচ, পাৰ্ছনেল ছিষ্টেম তথা ইমেজিং আৰু প্ৰিন্টিঙ ব্যৱসায়ৰ চোৱাচিতাৰ গুৰু দায়িত্ব বহন কৰি আছে নীলম ধাৱানে।

ভাৰতবৰ্ষত এইচ-পিক অধিক সফল কৰাৰ লক্ষ্য লৈ কাম কৰা নীলম ধাৱানে কোম্পানীটোৰ বিপিঅ’ ছাৰ্ভিছ, ছফটৱেৰ ইঞ্জিনিয়াৰিং, আই-টি ছাৰ্ভিছ আৰু গৱেষণাৰো কামত নিজকে নিয়োজিত কৰি ৰাখিছে।

ইয়াৰ পূৰ্বে ২০০৫ৰ পৰা ২০০৮লৈ মাইক্ৰ’ছফ্ট ইণ্ডিয়াৰ মেনেজিং ডিৰেক্টৰ হিচাপে কাম কৰা নীলম ধাৱানে কোম্পানীটোত কৰ্মৰত হৈ কোম্পীনীটোৰ কৌশলগত দিশসমূহৰ লগতে মুনাফা অৰ্জনত যথেষ্ট অৰিহনা আগবঢ়াইছিল। নীলম ধাৱানে ইয়াৰ উপৰি এইচ-চি-এল আৰু আইবিএমৰ লগতে আন বহুকেইটা আই-টি কোম্পানীত সফলভাৱে শীৰ্ষ পদবীত কাম কৰাৰ অভিজ্ঞতা অৰ্জন কৰিছে।

নতুন দিল্লীৰ ছেন্ট ষ্টিফেন কলেজৰ পৰা অৰ্থনীতিৰ স্নাতক নীলম ধাৱানে দিল্লী বিশ্ববিদ্যালয়ৰ ফেকাল্টী অৱ মেনেজমেন্ট ষ্টাডিজৰ পৰা বিজনেছ মেনেজমেন্টৰো স্নাতকোত্তৰ ডিগ্ৰী লৈছে।

কেপজেমিনি ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া অৰুণা জয়ন্তী

কেপজেমিনি গোটৰ ভাৰতস্থিত কেপজেমিনি ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া হৈছে অৰুণা জয়ন্তী। ভাৰতস্থিত কোম্পানীটোৰ কনছালন্টিং, টেকনোলজী আৰু আউটছ’ৰছিঙৰ মুখ্য দায়িত্বত থকা অৰুণা জয়ন্তীয়ে কোম্পানীটোৰপ্ৰায় ৪০ হাজাৰ কৰ্মচাৰীৰ মাজত কামৰ পাৰদৰ্শিতা আৰু সমণ্বয় বৃদ্ধি কৰাৰ ওপৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে। ২০১১ চনত কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে তেওঁ কেপজেমিনি আউটছ’ৰছিঙৰ গ্ল’বেল ডেলিভাৰী অফিচাৰ হিচাপে কৰ্মৰত আছিল। প্ৰায় দুটা দশক ধৰি প্ৰযুক্তিগত ক্ষেত্ৰত বিভিন্ন কোম্পানীত কাৰ্যনিৰ্বাহ কৰা অৰুণা জয়ন্তীয়ে ইউৰোপ আৰু উত্তৰ আমেৰিকাত কাম কৰাৰ উপৰিও তেওঁ কোম্পানীৰ গ্ৰাহক, বিশ্লেষক আৰু কৰ্মচাৰীৰ সৈতে বৈঠক অনুস্থিত কৰাৰ বাবে বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ কৰিবলগীয়া হয়। মুখ্য কাৰ্যবাহী বিষয়া হিচাপে দাযিত্বভাৰ গ্ৰহণ কৰাৰ পাছত অতি কম সময়ৰ ভিতৰতে নিজৰ কৰ্মদক্ষতাৰ জৰিয়তে কেবাটাও সফলতা লাভ কৰিবলৈ সৎক্ষম হোৱা জয়ন্তীয়ে অলপতে ফ’ৰছিউন ইণ্ডিয়াৰ ৫০ গৰাকী ক্ষমতাশালী মহিলাৰ তালিকাত তৃতীয় স্থান দখল কৰাৰ লগতে বিজনেছ টুডেই প্ৰকাশ কৰা ক্ষমতাশালী মহিলাৰ তালিকাতো প্ৰতিবছৰে স্থান পাই আহিছে। ২০১৩ চনত অনুস্থিত ইণ্ডিয়া টুডেৰ মহিলা সন্মিলনত অৰুণা জয়ন্তীক ক’ৰপ’ৰেট জগতৰ ‘ইণ্ডিয়া টুডে ৱমেন’ সম্মানেৰে সম্মানিত কৰা হ’য়।

কীৰ্তিগা ৰেড্ডী, হেড অৱ অফিছ, ফেচবুক ইণ্ডিয়া

২০১০ চনৰ জুলাইত ফেচবুকত নিয়োজিত হোৱা প্ৰথম ভাৰতীয় কীৰ্তিগা ৰেড্ডীয়ে হায়দাৰবাদত কোম্পানীটোৰ প্ৰথম কাৰ্য পৰিচালনা আৰম্ভ কৰে। ফেচবুকৰ গ্ল’বেল মাৰ্কেটিং ছলিউশ্বন গোটৰ নেতৃত্বত থকা কীৰ্তিগা ৰেড্ডীয়ে ক্ষেত্ৰীয় গোটসমূহ তথা গ্ৰাহকসকলৰ লগত কৌশলগত সম্পৰ্ক ৰক্ষা কৰাৰ গুৰু দায়িত্ব পালন কৰি আছে।

ফেচবুকত যোগদান কৰাৰ পূৰ্বে কীৰ্তিগাই ফিনিক্স টেকন’ল’জীত মুখ্য তথা উপ-মুখ্য প্ৰৱন্ধকৰূপে কৰ্মৰত আছিল। এই কোম্পানীটোত কাম কৰি থকাৰ সময়ত কীৰ্তিগাই আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত, জাপান, কোৰিয়া আৰু টাইৱানৰ গোটসমূহৰ নেতৃত্ব বহন কৰিছিল। ইয়াৰ উপৰি তেওঁ কেলিৰ্ফনিয়াস্থিত ছিলিকন ভেলীৰ কেইবাটাও কোম্পানীত কৰ্মৰত আছিল, মুখ্যত ম’ট’ৰলাৰ প্ৰডাক্ট মেনেজমেন্টৰ ডিৰেক্টৰ, ছিলিকন গ্ৰাফিক্সত ডিৰেক্টৰ অৱ ইঞ্জিনিয়াৰিং তথা বুজ এলেন হেমিলটনত সহকাৰী হিচাপে কাম কৰাৰ অভিজ্ঞতা অন্যতম।

কীৰ্তিগা ৰেড্ডীৰ আছে সফল বিদ্যায়তনিক যাত্ৰা। আমেৰিকাৰ স্ট্ৰেটফ’ড বিশ্ববিদ্যালয়ৰ পৰা এমবিএ ডিগ্ৰীধাৰী কীৰ্তিগাই ভাৰতৰ আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ পৰা ইঞ্জিনিয়াৰিঙত স্নাকত ডিগ্ৰী লাভ কৰা পাছত ছাইৰাকিউজ বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত এম-এছ ডিগ্ৰী লয়।

ক্ষীপ্ৰ গতিত আগবঢ়া কোম্পানীৰ ১০০ গৰাকী ব্যৱসায়িক সৃষ্টিশীল ব্যক্তিৰ তালিকাত স্থান পোৱা কীৰ্তিগা বিজনেছ টুডে, ফৰছুন ইণ্ডিয়াৰ ৫০ গৰাকী ক্ষমতাশালী মহিলাৰ তালিকাত স্থান লাভ কৰাৰ লগতে ইমপেক্টৰ ইণ্ডিয়া ডিজিটেল ইক’ছিষ্টেম আইকনৰ তালিকাতো কীৰ্তিগা ৰেড্ডীৰ নাম আছে। শিশুৰ বিষয় সমূহত গুৰুত্ব আৰোপ কৰা কীৰ্তিগাই মহিলাসকলক ব্যৱসায়ৰ ক্ষেত্ৰত নেতৃত্ব দিয়াৰ বিষয়তো গুৰুত্ব দিয়ে।

কুমুদ শ্ৰীনিবাসন, ইন্টেল ইণ্ডিয়াৰ প্ৰছিডেন্ট

ইন্টেল ইণ্ডিয়াৰ সামগ্ৰীক পৰিকল্পনা, বাৱসায়িক পৰিচালনা, বজাৰৰ উন্নয়নৰ বাবে কোম্পানীৰ প্ৰডাক্টৰ পৰিকল্পনা তথা চৰকাৰ, উদ্যোগ ক্ষেত্ৰ আৰু বিদ্যায়তনিক জগতখনৰ সৈতে জড়িত সকলো বিষয়ৰ দায়িত্বত আছে কুমুদ শ্ৰীনিবাসন।

ইয়াৰ পূৰ্বে ইন্টেল ইণ্ডিয়াৰ হাৰ্ডৱেৰ আৰু ছফটৱেৰ ক্ষেত্ৰৰ সৈতে জড়িত অভিযন্তাসকলক প্ৰয়োজনীয় আই-টি ছলিউছন আৰু ছাৰ্ভিছেচ প্ৰদান কৰা ছিলিকন, ছফটৱেৰ আৰু ছাৰ্ভিছেছ বিভাগটোৰ প্ৰৱন্ধক হিচাপে কৰ্মৰত আছিল। ১৯৮৭ চনত ইন্টেলত যোগদান কৰা কুমুদ শ্ৰীনিবাসনে ইন্টেলত এতিয়ালৈ বিভিন্ন পদবীত কাম কৰি শীৰ্ষ পদবীলৈ আহিবলৈ সক্ষম হৈছে।

কুমুদ শ্ৰীনিবাসন ছাইৰাকিউজ বিশ্ববিদ্যালয়ৰ স্কুল অৱ ইনফ’ৰমেছন ষ্টাডিজ বিভাগটোৰ পৰামৰ্শদাতা হোৱাৰ লগতে বাংগালুৰুৰ ইনটাৰনেছনেল ইনষ্টিটিউট অৱ ইনফৰমেছন টেকনলজীৰ পৰিচালন মণ্ডলীৰো সদস্যা। তেওঁ লগতে ইণ্ডিয়ান কাউন্সিল অৱ অনিতা বৰ্গ ইনষ্টিটিউটতো সেৱা আগবঢ়াই আছে।

১৯৮১ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিৰ স্নাতক ডিগ্ৰী লোৱা কুমুদ শ্ৰীনিৱাসনে ১৯৮৪ চনত ছাইৰাকিউজ বিশ্ববিদ্যালয়ৰ পৰা ইনফৰমেছন এণ্ড লাইবেৰী ছাইন্সত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ উপৰি তেওঁ বাৰ্কলীৰ কেলিফৰ্নীয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট পাঠ্যক্ৰমো সম্পূৰ্ণ কৰিছে।