এসময়ত বালি, ইটা আৰু চিমেণ্টৰ কাম কৰা শ্ৰমিক এতিয়া ২০টাকৈ কোম্পানীৰ স্বত্ত্বাধিকাৰী

0


শৈশৱত এটি শিশুক খুলি খুলি খাইছিল উদ্বিগ্নতাই। তেওঁৰ মাক-দেউতাকে দিনটোৰ ১৮ ঘণ্টাই কাম কৰিছিল। দিনে-ৰাতিয়ে কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো বহু সময়ত মাক-দেউতাকে সন্তানক পেট পূৰাই খাদ্য খুৱাব পৰা নাছিল। মাক-দেউতাক কোনো এদিন কামলৈ যাব নোৱাৰা মানেই সেই দিনটোত পৰিয়ালটোৱে অনাহাৰে থাকিব লাগিব। ঘৰত মুঠতে ১০টা মানুহ। মাক-দেউতাকৰ লগতে ৮টিকৈ সন্তান, যাৰ মাজত এই শিশুটিও আছে। ৮টি ভাই-ককাইৰ মাজত এই শিশুটি আছিল পঞ্চম। আঠোটি ভায়েক-ককায়েকেই ফটা আৰু মলিয়ন পোচাক পৰিধান কৰিছিল। খালী ভৰিৰে গৈছিল বিভিন্ন স্থানলৈ। তেওঁলোকে সপোন ঠিকেই দেখিছিল, কিন্তু তেওঁলোকৰ সপোন আছিল পেট পূৰাই খাবলৈ পোৱাৰ, ভাল কাপোৰ পিন্ধাৰ আৰু ভৰিত দুখ নাপাবলৈ এজোৰ চেণ্ডেলৰ সপোন। অন্যসকলৰ বাবে ভাল কাপোৰ, চেণ্ডেল আদি সাধাৰণ বস্তু হ’ব পাৰে কিন্তু সেই আঠটি শিশুৰ ভাগ্যত এনেবোৰ বস্তু হয়তো লিখাই হোৱা নাছিল।

সেই পৰিয়ালটোৱে অৰ্থাৎ ১০ জনেই এটা সৰু জুপুৰীত বাস কৰিছিল। শিশুটিয়ে উপলব্ধি কৰিব পৰা নাছিল যে গাঁওখনৰ সকলোৱেই পকী ঘৰত থাকে কিন্তু তেওঁলোকৰ পৰিয়ালটোৱে কিয় জুপুৰীত বাস কৰিব লাগে। শিশুটিয়ে আন এটা কথাক লৈয়ো চিন্তিত আছিল যে তেওঁলোকৰ মাক-দেউতাকে প্ৰকৃততে কি কাম কৰে? তেওঁলোকৰ ক’লৈ যায়? তেওঁৰ চিন্তাগ্ৰস্ততাৰ কাৰণো আছিল, কিয়নো পুৱা সাৰ পাই চকু খোলাৰ পূৰ্বেই তেওঁৰ মাক-দেউতাক ক’ৰবালৈ গুচি গৈছিল। তেওঁলোক যেতিয়া ঘৰলৈ ঘূৰি আহে তেতিয়ালৈ ভাগৰুৱা শিশুটিয়ে নিঃপালি দিয়ে। প্ৰায় সদায়েই অনুৰূপ ঘটনাৰ পুনৰাবৃত্তি ঘটে। শিশুটিয়ে কেতিয়াবাহে মাক-দেউতাকক দেখা পাইছিল। লাহে লাহে ডাঙৰ হৈ অহাৰ লগে লগে বহুতো কথা তেওঁৰ আয়ত্বলৈ আহিল। তেওঁ বুজিব পাৰিলে যে তেওঁৰ পৰিয়ালটো দৰিদ্ৰ আৰু বহুত পিছপৰা জাতিৰ। তেওঁ এই কথাও বুজি পালে যে তেওঁৰ দেউতাকে এজন জমিদাৰৰ ওচৰত ক্ৰীতদাস হিচাপে কাম কৰে। তেওঁৰ মাকে প্ৰতিদিনে এটা ধঁপাতৰ কোম্পানীত কাম কৰে আৰু তাৰ বাবে তেওঁ হাজিৰা লাভ কৰে। ঘৰ-পৰিয়াল চলোৱাৰ বাবে তেওঁৰ ডাঙৰ বায়েকেও মাকৰ সৈতে কামলৈ যাবলগীয়া হৈছিল।

শিশুটিক যেতিয়া স্কুললৈ পঠিওৱা হ’ল তেতিয়া তেওঁ জানিব পাৰিলে যে তেওঁৰ মাক-দেউতাক নিৰক্ষৰ। এজন ককায়েকক বাদ দি পৰিয়ালৰ আন কোনোৱে লিখা-পঢ়া জনা নাছিল। অতি কষ্টেৰে দুটি সন্তানক মাক-দেউতাকে বিদ্যালয়লৈ পঠিয়াবলৈ আৰম্ভ কৰিলে। পৰিয়ালটোক দাৰিদ্ৰ্যই এনেদৰে গ্ৰাস কৰিছিল যে দিনটোত এবাৰ খাদ্য পালেই সন্তুষ্ট হৈ পৰিছিল আটাইকেইটি শিশু।

শিশুটিৰ বাবে আটাইতকৈ আশ্বৰ্যকৰ কথাটো আছিল এয়ে যে গাঁৱৰ মানুহে তেওঁৰ পৰিয়ালৰ লোকৰ সৈতে বেয়া ব্যৱহাৰ কৰিছিল। আঁঠু কাঢ়ি হাত পাতিলেও কোনেও তেওঁলোকক এটুপি খোৱা পানী দিয়া নাছিল। গাঁওবাসীয়ে নিৰ্ণয় কৰা নিয়ম অনুসৰি তেওঁলোকৰ পৰিয়ালৰ কোনেও আঁঠুৰ তললৈ ধূতী পিন্ধিব নোৱাৰিছিল। মহিলাই জেকেট পিন্ধাটো নিষিদ্ধ আছিল। পৰিয়ালটোৰ সদস্যই ইচ্ছা কৰিলেই য’তে-ত’তে বহিব নোৱাৰিছিল। শিশুটি অথবা পৰিয়ালটোৰ কোনো সদস্যৰ ছাঁ কাৰোবাৰ গাত পৰিলেও দুৰ্ভাগ্য বুলি বিবেচনা কৰি তেওঁলোকক কঠোৰ শাস্তি দিয়া হৈছিল।

এনে পৰিস্থিতিত যেতিয়া শিশুটিৱে বিদ্যালয়ত অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াৰ পৰাই তেওঁ অনুভৱ কৰিলে যে তেওঁৰ পৰিয়ালটোক দাৰিদ্ৰ্য আৰু পৰিশ্ৰমৰ পৰা মুক্ত কৰিবলৈ তেওঁ এনেদৰে পঢ়িব লাগিব যাতে গাঁৱৰ পৰা বহুত দূৰৈত কোনো ডাঙৰ চহৰত তেওঁ ভাল চাকৰি লাভ কৰে।

শিশুটিৰ স্কুলত অত্যন্ত কষ্ট কৰিছিল। ভালদৰে পঢ়া-শুনা কৰিছিল। শিক্ষকে যেনেকৈ কৈছিল তেনেকৈ কৰিছিল। দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ’ল। দ্বাদশ শ্ৰেণীৰ পিছত প্ৰৱেশ পৰীক্ষা পাছ কৰি তেওঁ পলিটেকনিক কলেজত নামভৰ্তি কৰিলে। ডিপ্ল’মা পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলে।

সেই শিশুটি এতিয়া যৌৱনোদ্বীপ্ত। পঢ়া-শুনাও কৰিলে। সেইবাবে সকলোৰে আশা-প্ৰত্যাশা গঢ় লৈ উঠিল তেওঁক কেন্দ্ৰ কৰি। কিন্তু ডিপ্লমা সম্পূৰ্ণ কৰাৰ পিছতো যেতিয়া তেওঁ চাকৰি লাভ নকৰিলে, তেতিয়া মাক-দেউতাকৰ দৰে তেওঁ আৰম্ভ কৰিলে মজদুৰী। চহৰত ৱাছমেনৰ কাম কৰিলে। পিছত তেওঁ এদিন বৰ ডাঙৰ সিদ্ধান্ত এটা ল’লে। সিদ্ধান্ত ল’লে উদ্যমী আৰু ব্যৱসায়ী হোৱাৰ। সপোন পূৰণ কৰাৰ বাবে তেওঁ বৰ কষ্ট কৰিলে। দিন-ৰাতি একাকাৰ কৰি দিলে। দুৱাৰে দুৱাৰে গৈ উপেক্ষিত হ’ল। কিন্তু হাৰ নামানিলে। আৰু অৱশেষত এদিন গাঁৱৰ দৰিদ্ৰ দলিত পৰিয়ালত জন্মলাভ কৰা যুৱকজন ব্যৱসায়ী হৈ পৰিল। তেওঁ বছৰে বছৰে বঢ়াই আনিলে নিজৰ ব্যৱসায়। আজি তেওঁ ২০টাকৈ কোম্পানীৰ স্বত্বাধিকাৰী। তেওঁ সহস্ৰাধিক জনতাক দিছে নিয়োজনৰ সুবিধা। সম্প্ৰতি তেওঁক দেশৰ সফল উদ্যমীসকলৰ ভিতৰত গণনা কৰা হয়। বহুতৰে বাবে তেওঁ এতিয়া ৰ’ল মডেল। যিজন লোকৰ বিষয়ে আপুনি এতিয়ালৈ পঢ়িলে তেওঁৰ নাম হৈছে মন্নম মধুসুদন ৰাও।

মধুসুদন ৰাও এমএমআৰ গ্ৰুপ অব্ কোম্পানীজৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক। তেওঁ টেলিকম, আইটি, ইলেক্ট্ৰিকেল, মেকানিকেল, ফুড প্ৰচেছিঙৰ দৰে বিভিন্ন ক্ষেত্ৰত নিজৰ কোম্পানী প্ৰতিষ্ঠা কৰিছে আৰু প্ৰতিটো কোম্পানীয়ে ভালদৰে কাম কৰি প্ৰত্যাশিত লাভ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

২০১৬ চনৰ ৭ মে’ত এক অন্তৰংগ আলোচনাত মধুসুদন ৰাৱে নিজৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ ঘটনাৰ বিষয়ে জানিবলৈ দিয়ে। অপমান আৰু সংঘৰ্ষৰ পিছত লাভ কৰা সফলতাৰ বিষয়ে তেওঁ নিজৰ জীৱনৰ বহু গুৰুত্বপূৰ্ণ কাহিনী শুনালে।

মধুসুদন ৰাৱৰ জন্ম অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম জিলাত হৈছিল। তহচিলৰ নাম আছিল কন্দুৰুক আৰু গাঁৱৰ নাম পলকুৰু। দেউতাকৰ নাম পেৰেয়া আৰু মাকৰ নাম ৰামুলম্মা।

বিভিন্ন ধৰণৰ কঠিনতা, অস্থিৰতা আৰু অপমানৰ বোজাত, দাৰিদ্ৰ্যৰ কৰাল গ্ৰাসত পৰা শৈশৱৰ স্মৃতি সজীৱ কৰি তেওঁ ক’লে, ‘মই যেতিয়া সৰু আছিলো, তেতিয়া মা-দেউতাকেই দেখা নাছিলো। তেওঁলোৱে পুৱাই কামলৈ ওলাই গৈছিল আৰু নিশা ঘৰলৈ উভতিছিল। তেওঁলোক যেতিয়া ঘৰত আছিল মই তেতিয়া শুয়েই আছিলোঁ। সেই সময়ত মই মা-দেউতাৰ মৰম পোৱা নাছিলো।’

মধুসুদন ৰাৱে পুনৰ কয় যে, ‘মোৰ দেউতা আছিল ক্ৰীতদাস। বছৰ বছৰ ধৰি তেওঁ এজন জমিদাৰৰ ওচৰত কাম কৰিছিল। মোক কোৱা হৈছিল যে মোৰ ককা আৰু আজোককায়ো জমীদাৰৰ ঘৰত কাম কৰিছিল। সেই সময়ত জমীদাৰৰ খেতিপথাৰ, তেওঁলোকক জন্তুৰ চোৱাচিটা, ঘৰৰ চাফ-চিকুণৰ কাম মোৰ দেউতাৰ দৰে শ্ৰমিকে কৰিছিল। জমীদাৰে মাথোঁ আদেশ দিয়ে। সকলো কাম শ্ৰমিকে কৰে। কাম ভাল পালে পইচা পাব, নহ’লে নাই। যিহেতু ঘৰত আঠটাকৈ শিশু আছে, গতিকে সকলোকে পেট ভৰাই খুৱাবলৈ মায়ো পৰিশ্ৰম কৰিবলগীয়া হৈছিল। পৰিস্থিতি ইমানেই বেয়া আছিল যে অতি কম বয়সতে ডাঙৰ বাইদেৱেও মাৰ সৈতে গৈ ধঁপাতৰ ফেক্টৰীত কাম কৰিবলগীয়া হৈছিল। মা আৰু বাইদেৱে ১২ কিলোমিটাৰ খোজকাঢ়ি ধঁপাত ফেক্টৰীলৈ গৈছিল আৰু ঘণ্টাৰ পিছত ঘণ্টা কাম কৰি পুনৰ খোজকাঢ়ি ঘৰলৈ উভতি আহিছিল। ইমান কষ্ট স্বীকাৰ কৰাৰ পিছতো আমি বহু সময়ত ভোকতেই থাকিবলগীয়া হৈছিল।’ ভোকৰ বাবে পেটৰ জ্বালা আৰু নিশকতীয়া হোৱাৰ বাবে শৰীৰৰ দুখ এতিয়াও মধুসুদন ৰাৱৰ মনত আছে।

মধুসুদন ৰাৱৰ জীৱন সেই সময়ত সলনি হ’বলৈ আৰম্ভ কৰিছিল যেতিয়া তেওঁক পঢ়া-লিখাৰ বাবে বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল। পৰিস্থিতিয়ে বাধ্য কৰা শ্ৰমিক দেউতাকে সিদ্ধান্ত লৈছিল যে আঠোটাকৈ সন্তানৰ ভিতৰত দুজনক নিশ্চিতভাৱে তেওঁ বিদ্যালয়লৈ প্ৰেৰণ কৰিব। মধুসুদন ৰাৱৰ পূৰ্বে তেওঁৰ ককায়েক মাধৱক বিদ্যালয়লৈ পঠোৱা হৈছিল। পিছত নিৰ্বাচন কৰা হৈছিল মধুসুদন ৰাৱক। মাধৱ আৰু মধুসুদন, দুয়ো ভায়েক চৰকাৰী বিদ্যালয়লৈ যাব ধৰিলে। দুয়ো মনোযোগ দি পঢ়া-শুনা কৰিলে। মধুসুদনে সদায়ে পৰীক্ষাত ভাল নম্বৰ লাভ কৰিছিল। লাহে লাহে প্ৰত্যাশিত পৰিৱৰ্তন আৰম্ভ হ’ল।

মধুসুদন ৰাৱে প্ৰকাশ কৰিলে যে সেই সময়ত গাঁৱৰ ওচৰৰ এখন চৰকাৰী ছ’চিয়েল ৱেলফেয়াৰ হোষ্টেলৰ ৱাৰ্ডেন লক্ষ্মী নৰস্যাৰ বাবে তেওঁৰ জীৱনলৈ এক নতুন মোৰ আহিল। লক্ষ্মী নৰস্যাই মধুসুদনৰ দেউতাকক সৈমান কৰিছিল মধুসুদনক সেই হোষ্টেলত ভৰ্তি কৰাবলৈ। বিনামূলীয়া থকা-খোৱাৰ সুবিধা থকা বাবে দেউতাক মান্তি হ’ল। ককায়েক মাধৱৰ দৰে মধুসুদনো হোষ্টেলত থাকিবলৈ আৰম্ভ কৰিলে।

হোষ্টেলৰ স্মৃতিৰ বিষয়ে ক’বলৈ গৈ মধুসুদনে উল্লেখ কৰিলে যে, ‘হোষ্টেলত মোৰ বাবে সকলোবোৰেই ভাল আছিল। দিনত তিনিবাৰকৈ পেট পূৰাই খাবলৈ পাইছিলো। খাদ্য বেয়া হ’লেও যিকোনো উপায়েৰে মই খাইছিলো। কোনো আপত্তি কৰা নাছিলো। হোষ্টেলৰ ৱাৰ্ডেন লক্ষ্মী নৰস্যা আৰু এগৰাকী শিক্ষক জেকেই মোক বহুত সহায় কৰিছিল। তেওঁলোকে প্ৰতি মুহূৰ্ততে মোক উৎসাহিত কৰিছিল। ভাল নম্বৰ লৈ উত্তীৰ্ণ হোৱাৰ বাবে তেওঁলোকে নিৰৱচ্ছিন্নভাৱে তেওঁলোকে মোক উৎসাহিত কৰিছিল। ময়ো কেতিয়াও তেওঁলোকক নিৰাশ কৰা নাছিলো। মই সদায়ে শ্ৰেণীত টপ-ফাইভৰ ভিতৰত এজন আছিলো। কেতিয়া দ্বিতীয় স্থানত, কেতিয়াবা তৃতীয়।’

সমাজ কল্যাণ বিভাগৰ ছাত্ৰাবাসত থাকি মধুসুদনে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা পাছ কৰিলে। ককায়েক মাধৱে বি-টেক পাঠ্যক্ৰম নিৰ্বাচন কৰিছিল। মধুসুদনেও বি-টেক কৰিবলৈ বিচাৰিছিল। কিন্তু ককায়েক আৰু বিভিন্ন লোকে পলিটেকনিক পাঠ্যক্ৰম ল’বলৈ কৈছিল। এই পৰামৰ্শৰ অন্তৰালত এটা বিশেষ কাৰণ আছে। সেই সময়ত জনতাৰ মাজত এটা ধাৰণা আছিল যে আন পাঠ্যক্ৰমৰ পৰা পাওক বা নাপাওক, পলিটেকনিক কৰিলে চাকৰি পাবই পাব। ককায়েকৰ পৰামৰ্শৰ বাবে বিশ্বাস হৈ গৈছিল মধুসুদনৰ। তেওঁ প্ৰৱেশ পৰীক্ষা দিলে আৰু শ্ৰীভেংকেটেশ্বৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলে। মধুসুদনে দুবছৰ তিৰুপতিত আৰু এবছৰ ঔংগলত অধ্যয়ন কৰি পলিটেকনিক ডিপ্লমা অৰ্জন কৰিলে।

মধুসুদনে ডিপ্লমা লাভ কৰাৰ লগে লগে পৰিয়ালৰ সকলোৱে প্ৰত্যাশা বৃদ্ধি হ’ল। মাক-দেউতাক আৰু ভায়েক-ককায়েকে আশা কৰিছিল যে এতিয়াৰ মধুসুদনে ভাল চাকৰি লাভ কৰিব আৰু তেওঁৰ উপাৰ্জনেৰে ঘৰখনৰ পৰা আঁতৰি যাব দৰিদ্ৰতা।

সোনকালে চাকৰি কৰি দৰমহাৰ টকা পৰিয়ালক দিয়াৰ দাবী বাঢ়িবলৈ আৰম্ভ কৰিলে। চাকৰিৰ বাবে মধুসুদনে বিভিন্ন ঠাইত আবেদন কৰিলে। দুৱাৰে দুৱাৰে গৈ চাকৰি বিচাৰিলে আৰু চাকৰিৰ সন্ধানো অব্যাহত ৰাখিলে। বহু চেষ্টাৰ পিছতো মধুসুদনে চাকৰি লাভ নকৰিলে। তেওঁ পুনৰ উদাস আৰু ভাৰাক্ৰান্ত হৈ পৰিল। মাক-দেউতাক আৰু ভায়েক-ককায়েকহঁতৰো আশাবোৰ স্তিমিত হৈ পৰিল।

পলিটেকনিকৰ পিছত তেওঁ চাকৰি কিয় পোৱা নাছিল বুলি সোধা প্ৰশ্নৰ উত্তৰত মধুসুদনে প্ৰকাশ কৰিলে যে, ‘মই য’লৈকে যাওঁ মোক তেওঁলোকে ৰেফাৰেন্সৰ কথা সুধিছিল। মোৰ ওচৰত কোনো ৰেফাৰেন্স নাছিল। গাঁৱৰ পৰা যোৱা বাবেও মোক বহুতে প্ৰত্যাখ্যান কৰিছিল। বহু সময়ত মোক প্ৰত্যাখ্যান কৰাৰ কাৰণ আছিল এয়ে যে মোৰ পৰিয়ালৰ বহুতো লোক আছিল নিৰক্ষৰ।’

জীৱনৰ সেই কঠিন দিনবোৰৰ স্মৃতি ব্যক্ত কৰিলে মধুসুদনে, ‘মই নীৰৱে বহি থাকিব পৰা নাছিলো। মোৰ পঢ়া-শুনাৰ বাবে সকলোৱে অত্যন্ত কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিল। ত্যাগ কৰিছিল। মা-দেউতা, ভাই-ভনী সকলোৱে ভাবিছিল যে ডিগ্ৰী লাভ কৰাৰ পিছতে মই চাকৰি কৰিম। টকা উপাৰ্জন কৰিম। মোৰ ওপৰতে আছিল সকলোৰে ভৰসা। মই তেওঁলোকক নিৰাশ কৰিব নোৱাৰো। এনে অৱস্থাত কিবা এটা কৰি উপাৰ্জন কৰাৰ কথা চিন্তা কৰিলো।’

মধুসুদনৰ সিদ্ধান্ত আছিল এনে ধৰণৰ, যে তেওঁ অন্য ভাই-ভনীৰ দৰে শ্ৰম কৰিব। তেওঁৰ এজন ককায়েকে হায়দৰাবাদত মিস্ত্ৰীৰ কাম কৰিছিল। মধুসুদনেও ককায়েকৰ সৈতে কাম কৰিবলৈ আৰম্ভ কৰিলে। অট্টালিকা নিৰ্মাণৰ বাবে তেওঁ মাটি আৰু শিল ধুলে। নতুন দেৱালত পানী দিলে। নিৰ্মাণকৰ্মীয়ে কৰা সকলো কামেই তেওঁ কৰিলে।

যিহেতু মজদুৰীৰ পৰা বেছি টকা উপাৰ্জন কৰিব নোৱাৰি, সেই বাবেই তেওঁ অন্য কাম বিচাৰিবলৈ আৰম্ভ কৰি দিলে। মধুসুদনে ক’লে, ‘দিনটো মজদুৰী কৰাৰ বিনিময়ত মই ৫০ টকাকৈ পাইছিলো। যেতিয়া গম পালো নিশা কাম কৰিলে ১২০ টকা পোৱা যায়, তেতিয়া মই নিশাও কাম কৰিবলৈ আৰম্ভ কৰিলো। মই ৱাচমেনৰ কাম কৰিলো। বেলেগ বেলেগ ঠাইত মজদূৰী কৰিলো আৰু ৱাচমেনৰ কাম কৰিলোঁ।’

উদ্দেশ্য সৎ আছিল আৰু সততাতে সম্পূৰ্ণ শক্তি লগাই কাম কৰাৰ বাবেই বোধকৰোঁ তেওঁক জীৱনে এনে এক সুন্দৰ সুযোগ দিলে।

জীৱনৰ এক অকথিত কাহিনীৰ বিষয়ে মধুসুদনে ক’লে, ‘এদিন টেলিফোনৰ খুঁটাৰ বাবে গাত খান্দি আছিলো। এজন অভিযন্তা মোৰ ফালে আহি সুধিলে- তুমি লিখা-পঢ়া কৰিছা নেকি? মই ক’লো- হয়, মই পলিটেকনিকো কৰিছো। এই উত্তৰ শুনি অভিযন্তাজনে ক’লে- তোমাৰ কাম কৰাৰ ধৰণ দেখিয়েই মই বুজিব পাৰিছিলো যে তুমি লিখা-পঢ়া কৰিছা। অন্য মজদুৰ হ’লে এইদৰে জোখমাপ কৰি গাত নাখান্দে। মই মাত্ৰ তোমাকেই মাথোঁ দেখিছো যিয়ে জোখ-মাপ কৰি বিজ্ঞানসন্মতভাৱে গাত খন্দা।’

প্ৰশংসা কৰাৰ পিছত সেই অভিযন্তাজনে মধুসুদনক সুধিলে, ‘চাকৰি কৰিবা?’ এই প্ৰশ্ন শুনাৰ পিছত মধুসুদন আনন্দবিহ্বল হৈ পৰিল। আৱেগিক হৈ সেই অভিযন্তাজনক তেওঁ ক’লে- ‘মোক চাকৰি এটাৰ বৰ প্ৰয়োজন। মোৰ পৰিয়ালে মোৰ ওপৰতে আশা ৰাখিছে। মই মাথোঁ চাকৰিৰ অপেক্ষাত আছো।’

মধুসুদনে ভাল ব্যৱহাৰৰ সুযোগ পালে। সেই অভিযন্তাজনে তেওঁক নিজক কাৰ্যালয়লৈ লৈ গ’ল। মধুসুদনৰ সাক্ষাৎকাৰ আৰম্ভ হ’ল। এফালে সাক্ষাৎকাৰ চলি আছে, আনফালে এজন ঠিকাদাৰৰ সৈতে উপ ঠিকাদাৰৰ মাজত কোনো এটা ঠিকাক কেন্দ্ৰ কৰি সংঘাত চলি আছে। উপ ঠিকাদাৰক বেছি ধন লাগে। সেয়া দেখি মধুসুদনে সেই ঠিকা তেওঁক দিয়াৰ বাবে আবেদন কৰিলে। মধুসুদনে ঠিকাদাৰজনক সৈমান কৰালে যে তেওঁ মজদূৰৰপৰা কাম উলিওৱাত পাকৈত আৰু তেওঁৰ পৰিয়ালে ঠিকা আৰু মজদূৰীৰ কামেই কৰে। প্ৰথমে সেই ঠিকাদাৰজনে মধুসুদনক নিজৰ সাক্ষাৎকাৰত মনোনিবেশ কৰিবলৈ ক’লে কিন্তু যেতিয়া উপ ঠিকাদাৰজনৰ সৈতে তেওঁ কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰিলে তেতিয়া মধুসুদনকেই সেই ঠিকাটো দি দিলে।

ঠিকা পালে ঠিকেই কিন্তু মজদূৰক আগতীয়াকৈ পইচা দিবলৈ আৰু কাম আৰম্ভ কৰিবলৈ হাতত পাঁচ হাজাৰ টকাও নাছিল। মধুসুদনে সকলো ভাই-ভগ্নীৰপৰা সহায় বিচাৰিলে। সেই সহায়ে তেওঁৰ জীৱনলৈ অমূল্য আৰু যুগান্তকাৰী পৰিৱৰ্তন অনা বুলি উল্লেখ কৰি মধুসুদনে ক’লে যে, ‘মোৰ এগৰাকী ভনীয়ে মোক ৯০০ টকা দিলে। এই ধন লৈ মই মজদূৰৰ ওচৰলৈ গ’লো আৰু কাম কৰিবলৈ মান্তি কৰিলো। ৯০০ টকাৰে কাম আৰম্ভ হৈ গ’ল। প্ৰথম দিনতে মোৰ ২০ হাজাৰ টকা উপাৰ্জন হ’ল। মোৰ জীৱন সলনি হৈ পৰিল।’

ইয়াৰ পিছত মধুসুদনে পিছলৈ উভতি চাবলগীয়া হোৱা নাই। কামত আনন্দিত হৈ ঠিকাদাৰজনে মধুসুদনক এক লাখ টকা আগতীয়াকৈ দিলে। পিছত তেওঁ এটাৰ পিছত এটা নতুন ঠিকা পাই গ’ল। হাতলৈ এক লাখ টকা অহাৰ পিছত তেওঁ নিজৰ গাঁৱলৈ আহিল।

গাঁৱলৈ অহাৰ সেই ঘটনাৰ স্মৃতি ৰোমন্থন কৰি মধুসুদনে ক’লে, ‘চাকৰি নাছিল। টকা নাছিল। কি মুখ লৈ গাঁৱলৈ যাম। লাজতে মই দুবছৰলৈ গাঁৱলৈ যোৱাই নাছিলো। কিন্তু মোৰ হাতলৈ যেতিয়া এক লাখ টকা আহিল তেতিয়া গাঁৱলৈ যোৱাৰ সিদ্ধান্ত ল’লো। ইয়াৰ পূৰ্বে মই কেতিয়াও এক লাখ টকা একেলগে দেখা নাছিলো। মই বহুত আনন্দিত হৈ পৰিছিলো। যেতিয়া গাঁৱলৈ গৈ মা-দেউতাৰ হাতত এক লাখ টকা দিছিলো তেওঁলোক বিতত হৈ পৰিছিল। তেওঁলোকে বিশ্বাসেই কৰিব পৰা নাছিল। সকলোৱে আচৰিত হৈ সুধিলে, ইমান টকা ক’ৰপৰা আহিল? তই কি কৰিলি? ক’ৰপৰা আনিলি ইমান টকা?’

মধুসুদনে কয় যে এই ধনৰ বাবে তেওঁৰ এজনী ভনীয়েকৰ বিয়া সম্ভৱ হৈছিল। ভনীয়েকক বিয়া দিয়াৰ পিছক তেওঁ পুনৰ হায়দৰাবাদলৈ উভতি আহি কামত মনোনিৱেশ কৰিলে। ঠিকা পাই গ’ল, উপাৰ্জন বাঢ়ি গ’ল।

এতিয়া সকলোতে পৰিৱৰ্তন আৰম্ভ হৈ গ’ল। দাৰিদ্ৰ্য দূৰ হ’ল। উত্তৰণ ঘটি থাকিল। কিন্তু এনে সময়তে আন এটা ঘটনা সংঘটিত হ’ল, যিয়ে মধুসুদনৰ হাত পুনৰ খালী হৈ পৰিল। সেই ঘটনাই তেওঁক সম্পূৰ্ণৰূপে তচনচ কৰি থৈ গ’ল। এটা জোকাৰণিতে সকলো উপাৰ্জন শেষ হৈ পৰিল।

সেই ঘটনাৰ কথা উল্লেখ কৰি মধুসুদনে ক’লে, ‘মই যিসকল লোকক বিশ্বাস কৰিছিলো তেওঁলোকেই মোক প্ৰবঞ্চনা কৰিলে। মোৰ সৈতে বিশ্বাসঘাতকতা কৰিলে। মোৰ পিঠিত ছুৰী বহুৱালে। মোক কেইজনমান সতীৰ্থই কোৱা বাবে তেওঁলোকৰ সৈতে মিলি এটা কোম্পানী আৰম্ভ কৰিছিলো। কোম্পানীৰ কামো প্ৰত্যাশিত ধৰণেই আগুৱাইছিল। কিন্তু সতীৰ্থসকলে এনেদৰে প্ৰবঞ্চনা কৰিলে যে মোৰ সমস্ত উপাৰ্জন শেষ হৈ পৰিল।’

মধুসুদনে সতীৰ্থসকলৰ সেই বিশ্বাসঘাতকতাৰ কাহিনীটো বিস্তৃতভাৱে বৰ্ণনা নকৰিলে, কিন্তু নিশ্চিতভাৱে উল্লেখ কৰিলে যে সেই ঘটনাটো তেওঁৰ বাবে এক ডাঙৰ শিক্ষা। মধুসুদনে ক’লে, ‘সেই ঘটনাটো সংঘটিত হৈ ভালেই হ’লে। এই ঘটনাই মোক অধিক সতৰ্ক কৰি তুলিলে আৰু ইয়াৰ পৰৱৰ্তী সময়ত মই অধিক ক্ষিপ্ৰতাৰে আগুৱাই গ’লো।’

কিন্তু, সেই বিশ্বঘাতকতাৰ প্ৰহাৰ মধুসুদনৰ ওপৰত এনেদৰে পৰিছিল যে তেওঁ ঠিকা আৰু ব্যৱসায় পৰিহাৰ কৰি চাকৰি কৰাটোৱেই যুগুত বুলি বিবেচনা কৰিলে। মধুসুদনে এক অভিযান্ত্ৰিক প্ৰতিষ্ঠানত চাকৰি আৰম্ভ কৰিলে। সেই চাকৰিটোৰ সময়তে মধুসুদনে বিবাহপাশত আৱদ্ধ হ’ল।

আমোদজনক কথাটো হ’ল মধুসুদনৰ পত্নী পদ্মতলা আৰু তেওঁৰ ভনীয়েকসকলে জানিছিল যে মধুসুদনে ব্যৱসায়ত বিশ্বাসঘাতকতাৰ সন্মুখীন হৈছিল। গতিকে পত্নীয়ে মধুসুদনৰ আগত এটা চৰ্ত দিছিল যে তেওঁ কেতিয়াও ব্যৱসায় কৰিব নোৱাৰিব, মাত্ৰ চাকৰিতেই মনোনিৱেশ কৰিব। মধুসুদনে চৰ্তত সন্মতি প্ৰকাশ কৰিলে।

তেওঁৰ মনটোৱে তেওঁক মাথো ব্যৱসায়ৰ দিশেই টানি লৈ গ’ল। তেওঁ বিশ্বাস কৰিছিল যে এজন সফল উদ্যমী হ’বলৈ তেওঁৰ গাত সকলো গুণ আছে আৰু চাকৰি কৰাৰ ফলত এই গুণসমূহ অনাহকত শেষ হৈ যাব।

পত্নীক নোকোৱাকৈয়ে মধুসুদনে এটা কোম্পানী আৰম্ভ কৰি দিলে। কোম্পানীটোৱে ঠিকা পাবলৈ আৰম্ভ কৰিলে আৰু তেওঁ কামত নিয়োজিত হৈ পৰিল। ইয়াৰ মাজতে পত্নীয়ে ঘৰলৈ অহা এখন চিঠি পঢ়ি পেলালে আৰু জানিব পাৰিলে যে মধুসুদন পুনৰ ব্যৱসায়ত লাগি পৰিছে। খঙত একোনাই হৈ পত্নীয়ে মধুসুদনক অশেষ প্ৰশ্নৰে ব্যতিব্যস্ত কৰি তুলিলে। খং দেখুৱালে। ব্যৱসায় বন্ধ কৰি পুনৰ চাকৰিত মনোনিৱেশ কৰিবলৈ ক’লে। কিন্তু মধুসুদনে এনেদৰে কৈ বুজাবলৈ চেষ্টা কৰিলে যে, ‘মোৰ দৰমহা ২১ হাজাৰ টকা, তোমাৰ দৰমহাও প্ৰায় ১৫ হাজাৰ টকা। ঘৰলৈ প্ৰতিমাহে ৩০ৰপৰা ৩২ হাজাৰ টকা আহে। তুমি মোক ব্যৱসায় কৰিবলৈ এৰি দিয়া যদি মই তোমাক প্ৰতিমাহে কমেও তিনি লাখ টকা দিম। মানে আমাৰ দুয়োজনৰে এবছৰৰ দৰমহা মই তোমাক এটা মাহতে দিম। তেওঁ এই কথা মানি ল’লে।’

পত্নীৰ প্ৰশংসাত মধুসুদনে কয়, ‘প্ৰতিবাৰেই মই পত্নীৰ সহযোগিতা লাভ কৰি আহিছো। তেওঁৰ সংগ মোৰ বাবে বহুত লাভজনক আৰু সন্তোষজনক। তেওঁ মোৰ শক্তি।’

ইয়াৰ পিছত মধুসুদনে তেওঁৰ সফলতাৰ কাহিনী এনেদৰে আগুৱাই নিলে আৰু বিস্তাৰিত কৰিলে যে সেয়া এক অদ্ভুত প্ৰগতি। মধুসুদনে ইটোৰ পিছত সিটোকৈ এতিয়ালৈ ২০টা কোম্পানী আৰম্ভ কৰিলে। আইটিৰ পৰা আৰম্ভ কৰি ফুড প্ৰচেছিঙলৈ আছে তেওঁৰ কোম্পানীৰ ভিতৰত। নিজৰ কোম্পানীসমূহৰ বাবে মধুসুদন ৰাও কেৱল ভাৰততেই নহয়, বৰং বিশ্বৰ বহু দেশত প্ৰসিদ্ধ হৈ পৰিছে। তেওঁ দলিত ইণ্ডিয়ান চেম্বাৰ অব্ কমাৰ্চৰ অন্ধ্ৰপ্ৰদেশ শাখাৰো অধ্যক্ষ।

২০টাকৈ কোম্পানী অকলেই কেনেকৈ চম্ভালে বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত মধুসুদনে ক’লে, ‘মই অকলশৰীয়া নহয়। মোৰ সমগ্ৰ পৰিয়ালটো মোৰ সৈতে আছে। মোৰ ভাতৃয়ে মোক সহায় কৰে। পৰিয়ালৰ অন্যসকলেও কোম্পানীৰ কাম কৰে। সকলোৱে সুকীয়া সুকীয়া দায়িত্ব পালন কৰে। মই সকলো ভাৰ্টিকলতে এক্সপাৰ্টসকলক মুৰব্বী পাতি দিছো। সকলোৱে নিজৰ নিজৰ কাম ভালদৰে কৰি গৈছে। মই প্ৰতিদিনেই আটাইবোৰ কোম্পানীৰ মুৰব্বীৰ সৈতে কথা পাতো। মই সুযোগ সন্ধানী চেষ্টা অব্যাহত ৰাখিছো। য’ত সুযোগ আছে তাতেই লাভ আহৰণৰ চেষ্টা কৰো। মোৰ বাবে টাইম মেনেজমেণ্ট ডাঙৰ কথা নহয়।’

মধুসুদনে পুনৰ ক’লে যে, ‘মা-দেউতা মোৰ বাবে প্ৰেৰণা। তেওঁলোকে দিনটোত ১৮ ঘণ্টালৈকে কাম কৰাটো মই দেখিছো। তেওঁলোকৰ দৰে ময়ো ১৮ ঘণ্টা কাম কৰো। মোৰ কোম্পানীত কাম কৰা সকলোৱেই মন লগাই কাম কৰে। কোনেও নকয় যে মই মাত্ৰ ইমান ঘণ্টাহে কাম কৰিম। লক্ষ্য পূৰণ নোহোৱালৈকে কোনেও জিৰণী নলয়।’

নিজৰ পিতৃ-মাতৃক নিজৰ প্ৰেৰণাৰ উৎস বুলি উল্লেখ কৰি মধুসুদন ৰাৱে কয় যে, ‘মই যেতিয়ালৈ জীয়াই থাকিম মোৰ মাতৃ-পিতৃয়েই হ’ব মোৰ প্ৰেৰণাৰ উৎস। তেওঁলোকৰ পৰাই মই প্ৰেৰণা লাভ কৰিছো। যেতিয়াই মই সমস্যাৰ মাজত সোমাই পৰোঁ, তেতিয়াই মই পিতৃ-মাতৃক মনত পেলাও। মই অনুভৱ কৰিব পাৰো মোৰ কোনো সমস্যাই মোক পিতৃ-মাতৃৰ সমস্যাতকৈ ডাঙৰ হ’ব নোৱাৰে। তেওঁলোকে যি দুখ সহ্য কৰিবলগীয়া হৈছিল তাৰ তুলনাত মোৰ দুখ একোৱেই নহয়।’

সফলতাৰ মন্ত্ৰৰ বিষয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত মধুসুদনে কয় যে, ‘মেন, মেটেৰিয়েল আৰু মানী (মানুহ, সামগ্ৰী আৰু মুদ্ৰা)... এই তিনিটা আপোনাৰ সৈতে আছে, আৰু আপুনি ইয়াৰ সঠিক ব্যৱহাৰ কৰিছে তেন্তে সফলতাৰ পৰা আপোনাক কোনেও বাধা দি ৰাখিব নোৱাৰে। মই এই তিনিওটা উপাদান... মেন, মেটেৰিয়েল আৰু মানীৰ মেনেজমেণ্টত গুৰুত্ব দি আহিছো আৰু ইয়াৰ ফলতেই সফলতা পাইছোঁ।’

এই সফলতাৰ পিছত এতিয়া সবাতোকৈ ডাঙৰ সপোন আৰু মূল লক্ষ্য কি বুলি সোধাৰ পিছত মধুসুদনে ক’লে, ‘আগন্তুক পাঁচ-ছয় বছৰত গ্ৰামাঞ্চলৰ যুৱকসকলৰ এনেধৰণৰ প্ৰশিক্ষণ দিব বিচাৰোঁ যাতে তেওঁলোকে চাকৰি পোৱাৰ ক্ষেত্ৰত সুবিধা লাভ কৰে বা সহজেই উদ্যমী হ’ব পাৰে। গ্ৰামাঞ্চলৰপৰা অহা বাবেই জানো যে গাঁৱৰ যুৱক আৰু বিদ্যাৰ্থী আৰু যুৱকসকলৰ সমস্যা কি। গ্ৰামাঞ্চলৰ যুৱকসকল কমিউনিকেচনৰ ক্ষেত্ৰত অলপ নিশকতীয়া। তেওঁলোকৰ মাজক কৌশল বিকাশৰ অৱকাশ আছে। মই সিদ্ধান্ত লৈছো যে আগন্তুক পাঁচ বছৰত গ্ৰামাঞ্চলৰপৰা অহা কমেও পাঁচ হাজাৰ যুৱক হয় উদ্যমী হিচাপে উলিয়াই আনিম অন্যথা ভাল চাকৰি পাবলৈ সক্ষম কৰি তুলিম।’

প্ৰবল আত্মপ্ৰত্যয়েৰে মধুসুদন ৰাৱে ক’লে, ‘মই নিবিচাৰোঁ যে আগন্তুক প্ৰজন্মই মোৰ দৰে কষ্ট পাওক। মই বিচাৰো চিৰদিনৰ বাবে দৰিদ্ৰতা আঁতৰি যাওক। মই জানো পৰিয়াল এটাৰ অন্ততঃ এজনেও চাকৰি লাভ কৰিলে সমগ্ৰ পৰিয়ালটোৱেই আনন্দিত হৈ পৰে। মোৰ পৰিয়ালতো একেই হৈছিল। আমি সকলোৱে জুপুৰীত বাস কৰিছিলো। আজি আমাৰ সকলোকে পকী ঘৰ আছে। এতিয়া মোৰ পৰিয়ালত ৬৫জন লোক আছে আৰু সকলো কৰ্মত নিয়োজিত। মই ইয়াকেই বিচাৰো যাতে যুৱ প্ৰজন্মৰ সকলোৱেই কৰ্মত নিয়োজিত হওঁক। কোনো দাৰিদ্ৰ্যপীড়িত নহওক।’

অনুবাদ: ৰুবুল দাস

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অৰ্ধশতিকা ধৰি ঘৰৰ ছাদতে এখন অৰণ্য প্ৰতিপালন কৰি আহিছে গুৱাহাটীৰ লাবু সেনাপতিয়ে

ছিলিকন ভেলীৰ ২৫ হাজাৰ ডলাৰৰ লোভনীয় কাম এৰি ভেড়া পালনত ব্যস্ত এজন পেছাদাৰী

অগতানুগতিক ৰুচিৰ নিদানৰ বাবে গুৱাহাটীৰ 'নিদানা'

ৰং আৰু ৰেখাৰে অসমক ৰাষ্ট্ৰীয় স্তৰত উজলাই তুলিছে পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ ৰাতুলে

Dr Arvind Yadav is Managing Editor (Indian Languages) in YourStory. He is a prolific writer and television editor. He is an avid traveler and also a crusader for freedom of press. In last 19 years he has travelled across India and covered important political and social activities. From 1999 to 2014 he has covered all assembly and Parliamentary elections in South India. Apart from double Masters Degree he did his doctorate in Modern Hindi criticism. He is also armed with PG Diploma in Media Laws and Psychological Counseling . Dr Yadav has work experience from AajTak/Headlines Today, IBN 7 to TV9 news network. He was instrumental in establishing India’s first end to end HD news channel – Sakshi TV.

Related Stories

Stories by ARVIND YADAV