পথৰ শিশুৱে পাব আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰ

পথৰ শিশুৱে পাব আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰ

Wednesday August 17, 2016,

1 min Read

ভাৰতত পথত বাস কৰা শিশুৰ সংখ্যা প্ৰায় ৪ নিযুত । মুম্বাই, কলকাতা, চেন্নাই, কানপুৰ, বাঙ্গালুৰু আৰু হাইদৰাবাদৰ পথত ৩১৪,৭০০ শিশু বাস কৰে বুলি এটা হিচাপ কৰা হৈছ । অকল দিল্লীতেই ১০০,০০০ শিশু পথত বাস কৰে । 

চাইল্ড লাইন ইণ্ডিয়াৰ মতে পথত বাস কৰা ৪০শতাংশ শিশুৰ বয়স ১১-১৫ বছৰ । এওঁলোক অপুষ্টিৰপৰা আৰম্ভ কৰি শোষণলৈকে বিভিন্ন সমস্যাৰ সন্মূখীন হয় । 

Image : Wikimedia Commons

এই শিশুসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য কেন্দ্ৰীয় মহিলা আৰু শিশু অন্নয়ন মন্ত্ৰী মেনকা গান্ধীয়ে অলপতে ঘোষণা কৰে যে এই শিশুসকলক অচিৰেই জন্মৰ প্ৰমাণ পত্ৰ আৰু আধাৰ কাৰ্ড দিয়া হ'ব ।

আনহাতে যিকোনো ধৰণৰ শোষণৰ বিৰুদ্ধে অনলাইন অভিযোগ দাখিল কৰিবলৈ ই-বক্স নামৰ এক ব্যৱস্থাও প্ৰৱৰ্তন কৰা হৈছে । "স্কুলৰ অধ্যক্ষ সকলে এই বিষয়ে সজাগতা আনিবলৈ চেষ্টা কৰা উচিত আৰু পথৰ শিশু সকলকো এই অনলাইন ব্যৱস্থা সম্পৰ্কে জনোৱা উচিত ।" চেন্নাইত দয়া ফাউণ্ডেচনৰ দ্বাৰা আয়োজিত এক অনুস্থানত ভাগ লৈ মন্ত্ৰী গৰাকীয়ে এই কথা কয় । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

গুৱাহাটীৰ বজাৰত উবেৰৰ নতুন কৌশল

পাক সেনাৰ মেজৰ হোৱা ভাৰতীয় চোৰাংচোৱাজন

অনন্ত অম্বানিৰ ফিটনেছ ট্ৰেইনাৰ বিনোদ চান্নাই এদিন দৈনিক এসাজহে খাবলৈ পাইছিল