ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি,২০১৭ত কেবিনেট অনুমোদন

ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি,২০১৭ত কেবিনেট অনুমোদন

Friday March 31, 2017,

3 min Read

অলপতে কেন্দ্ৰীয় কেবিনেটত ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি,২০১৭(NHP, 2017) অনুমোদন জনোৱা হয়। এই নীতিৰ জৰিয়তে দেশৰ সকলোকে ব্যাপক হাৰত সংহত ৰূপত স্বাস্থ্য সেৱা আগবঢ়োৱাৰ লগতে সকলোৰে বাবে যাতে উন্নত স্বাস্থ্য সেৱা সহজলভ্য হয়, সেইটো লক্ষ্য ধাৰ্য কৰা হৈছে।

নতুন স্বাস্থ্য নীতিত বিভিন্ন সমস্যা চিনাক্ত কৰাৰ সমান্তৰালভাৱে ইয়াৰ সৰ্বাংগীন সমাধানৰ ওপৰতো বিশেষ জোৰ দিয়া হৈছে। ইয়াৰ বাবে বেচৰকাৰী খণ্ডৰ সৈতে কৌশলগত সহযোগিতা গঢ়ি তোলা হ’ব। বিভিন্ন ৰোগ-ব্যাধিৰ সৈতে মোকাবিলা আৰু স্বাস্থ্য সজাগতাৰ প্ৰচাৰ আৰু প্ৰতিৰোধমুলক দিশত বিনিয়োগেই হ’ল এই স্বাস্থ্য নীতিৰ বিশেষ বৈশিষ্ট্য। ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি ৰোগীকেন্দ্রিক আৰু ইয়াত উন্নত মানৰ স্বাস্থ্য সেৱা নিশ্চিত কৰাৰ প্রতিশ্রুতি দিয়া হৈছে। ইয়াত স্বাস্থ্য সুৰক্ষাৰ লগতে ঔষধ আৰু চিকিৎসা সজুঁলি উৎপাদনৰ ক্ষেত্রত ‘মেক ইন ইণ্ডিয়া’ আঁচনিৰ সফল ৰূপায়ণত গুৰুত্ব প্ৰদান কৰা হৈছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য নীতি, ২০১৭ৰ মূল উদ্দেশ্য হ’ল নাগৰিকসকলৰ সুস্বাস্থ্য আৰু ভালে থকাৰ বিষয়টোক অধিক উন্নত পৰ্যায়লৈ নিয়া। ইয়াৰ বাবে স্বাস্থ্য সংক্রান্তীয় বিভিন্ন ব্যৱস্থাত এফালে ৰোগ প্রতিৰোধৰ ওপৰত যিমান জোৰ দিয়া হৈছে, আনফালে, সিমানেই স্বাস্থ্য সেৱা প্ৰসাৰতো গুৰুত্ব দিয়া হৈছে। আর্থিক দীনতাৰ কাৰণে দেশৰ কোনো নাগৰিকেই যাতে স্বাস্থ্য সেৱাৰ সুযোগৰ পৰা বঞ্চিত নহয়, সেইটো নিশ্চিত কৰাটোৱেই এই নীতিৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য।

image


গৌন আৰু সেৱাখণ্ডত বিত্তীয় সুৰক্ষাৰ দিশতো চিন্তা কৰি সকলো চৰকাৰী চিকিৎসালয়ত বিনামুলীয়া ৰোগ চিনাক্তকৰণ, ঔষধপাতিৰ ব্যৱস্থা আৰু জৰুৰীকালীন স্বাস্থ্য সেৱাৰ সুযোগ প্ৰদান কৰাৰ বিষয়টো এই নীতিত অন্তৰ্ভূক্ত কৰা হৈছে।

এই নীতিত স্বাস্থ্য ব্যৱস্থাত অপূৰ্ণ হৈ থকা বিশেষ সুবিধা পুৰণৰ অৰ্থে হস্ৰকালীন উপায় হিচাপে গৌন আৰু সেৱা খণ্ডত কেতবোৰ কৌশলগত সজুঁলি ক্ৰয়ৰ ব্যৱস্থা লোৱা হৈছে।

এই নীতিয়ে স্বাস্থ্য ব্যৱস্থাক সকলো দিশতে চৰকাৰৰ অগ্ৰাধিকাৰমুলক ভূমিকাৰ বিবেচনা কৰিছে। এই নতুন নীতিৰ অধীনত স্বাস্থ্য সেৱা খণ্ডত ব্যাপক হাৰত চৰকাৰী ব্যয় কৰি সংহত আৰু সকলোৰে বাবে স্বাস্থ্যৰ ব্যৱস্থা কৰা সন্দৰ্ভত পূৰ্বাভাস দিয়ে।

এই নীতিয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বাস্থ্যখণ্ডত থকা অভাৱ পুৰণৰ অৰ্থে ইতিবাচক আৰু সক্ৰিয় ৰূপত ব্যক্তিগত খণ্ডৰ সৈতে জড়িত হোৱা বিষয়টোৰ পোষকতা কৰে। ই কৌশলগত সজুঁলি ক্ৰয়, সক্ষমতা সৃষ্টি, দক্ষতা বিকাশ আঁচনি, সজাগতা বৃদ্ধি, সমুদায়ৰ মাজত মানসিক স্বাস্থ্য সেৱাৰ সবল কৰাৰ বাবে বহনক্ষম নেটৱৰ্কৰ উন্নয়ন আৰু দুৰ্যোগ প্ৰশমনৰ দৰে দিশত ব্যক্তিগত খণ্ডৰ সহযোগিতাক বিবেচনা কৰে। এই নীতি ব্যক্তিগত খণ্ডৰ সহযোগিতাক উৎসাহ যোগোৱাৰ বাবে বিত্তীয় আৰু অনুৎসাহমুলক দিশত পোষকতা কৰে।

এই নীতিত চৰকাৰী স্বাস্থ্য ব্যয় মুঠ ঘৰুৱা উৎপাদনৰ ২.৫% বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে। এই নীতিত স্বাস্য আৰু আৰোগ্য কেন্দ্ৰসমূহৰ জৰিয়তে ব্যাপক হাৰত প্ৰাথমিক স্বাস্থ্য সজাগতা নিশ্চিত কৰাৰ দিশতো বিবেচনা কৰা হৈছে।

এই নীতিত বাৰ্ধক্যজনিত আৰু পুনৰ সংস্থাপনমুলক স্বাস্থ্য সেৱাকে ধৰি কিছুমান নিৰ্বাচিত প্ৰাথমিক স্বাস্থ্য সজাগতা খণ্ডৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তন অনা হৈছে। এই নীতিত গৌন আৰু সেৱা খণ্ডৰ প্ৰাথমিক সজাগতাৰ বাবে সম্পদ আহৰণৰ অধিকাংশ আৱণ্টনৰ পোষকতা কৰা হৈছে। এই নীতিৰ অধীনত বৰ্তমান জিলা পৰ্যায়ত থকা মেডিকেল কলেজসমূহত এনে সুবিধা প্ৰদান কৰা হৈছে।

এই নীতিৰ অধীনত ৰোগ সক্ৰমণ/দুৰ্ঘটনা হ্ৰাস, স্বাস্থ্যজনিত স্থিতি আৰু আঁচনিৰ প্ৰভাৱ, স্বাস্থ্য ব্যৱস্থাৰ পাৰদৰ্শিতা আৰু পদ্ধতিসমূহক সবল কৰাৰ ক্ষেত্ৰত বিশেষ পৰিমাণগত লক্ষ্য ধাৰ্য কৰা হৈছে। ২০২০ চনৰ ভিতৰত স্বাস্থ্যখণ্ডৰ সবলীকৰণ আৰু অনুসন্ধান ব্যৱস্থাৰ অধিক উন্নত কৰি তোলা হ’ব।

এই নতুন স্বাস্থ্য নীতিত অভূতপূর্ব ৰূপত পেশাদাৰীত্ব, সংহতি আৰু নীতিবোধ, সমতা, সহজলভ্যতা, সার্বজনীনতা, ৰোগীকেন্দ্রিক পৰিসেৱা আৰু পৰিচর্যা তথা দায়ৱদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

এই স্বাস্থ্য নীতিৰ আন এক বৈশিষ্ট্য হ’ল, দেশৰ গ্রামীণ আৰু চিকিৎসা সেৱাৰ সুযোগৰ পৰা বঞ্চিত এলেকাসমূহত পেশাদাৰী চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ দ্বাৰা বিনামুলীয়া স্বাস্থ্য পৰীক্ষা পদ্ধতিৰ প্রসাৰ কৰা।

ইয়াৰ অধীনত আয়ুষ বিভাগ সক্ষমতাকো মুলসুঁতিৰ সৈতে জড়িত কৰি চৰকাৰী হস্পিটেলসমূহত যোগ চৰ্চা অন্তৰ্ভূক্ত কৰাৰ সন্দৰ্ভত বিবেচনা কৰা হৈছে। তদুপৰি, ভাল স্বাস্থ্য এক অংগ হিচাপে যোগক ব্যাপক হাৰত বিদ্যালয় আৰু কৰ্মস্থলীত অন্তৰ্ভূক্ত কৰা হ’ব।

উল্লেখ্য যে শেহতীয়া স্বাস্থ্য নীতি ২০০২ চনত গঠন কৰা হৈছিল। নতুন স্বাস্থ্য নীতি গঠনৰ সময়ত বৰ্তমান জলন্ত সমস্যাৰ প্ৰত্যাহ্বানৰ পৰিপেক্ষিতত সেই নীতিৰ আৰ্থ-সামাজিক দিশৰ লগতে অন্যান্য কেতবোৰ পৰিৱৰ্তন কৰা হৈছে।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ষ্টাৰ্ট আপ বিফল হোৱাৰ দহটা মুখ্য কাৰণ

মটৰ চাইকেলেৰে বিশ্ব ভ্ৰমণত এক দম্পতি

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত