পত্নীৰ ব্যৱসায় সামগ্ৰী সৰবৰাহৰ অসুবিধাই অনুপ্ৰাণিত কৰিলে এইজন উদ্যোগীক

পত্নীৰ ব্যৱসায় সামগ্ৰী সৰবৰাহৰ অসুবিধাই অনুপ্ৰাণিত কৰিলে এইজন উদ্যোগীক

Friday December 11, 2015,

4 min Read

বাংগালুৰুত nopreservative.in.-ৰ স্বতাধিকাৰী চন্দা আগৰৱালাৰ বাবে তেওঁৰ সামগ্ৰী সৰবৰাহ কৰিবলৈ ট্ৰাক এখন পোৱাটো এক দুঃস্বপ্ন আছিল। খৰচৰ কথাটো আছিলেই, তাৰ উপৰি নিৰ্ভৰযোগ্য মালিক,চালক বিচাৰি পোৱোটো আন এক চিন্তা আছিল। তেওঁৰ স্বামী, SAP-ৰ জ্যেষ্ঠ কৰ্মচাৰী সঞ্জয় শৰ্মা পত্নীৰ সমস্যাক লৈ বিব্ৰত হৈ পৰিছিল আৰু কেইবাটাও কোম্পানীত সামগ্ৰী সৰবৰাহৰ কাম কৰা তেওঁৰ কেইবাজনো বন্ধুৰ সৈতে এই বিষয়ে আলোচনা কৰিছিল। তেওঁলোকৰ সৈতে কথা পাতি সঞ্জয়ে অনুভৱ কৰিছিল যে তেওঁলোকৰ সমস্যাও একে।

‘সমস্যাটোৰ বিষয়ে অধিক গৱেষণা কৰি দেখিলো যে সেইটো একপক্ষীয় নহয়। ট্ৰাক মালিকসকলৰো নিজা সমস্যা আছে। তেওঁলোকৰ অভিযোগ, মালৰ অভাৱত তেওঁলোকৰ ট্ৰাক মাহৰ পিছত মাহ বহি থাকিবলগীয়া হয়। মই দেখিলো যে, এইক্ষেত্ৰত চাহিদা আৰু যোগানৰ মাজত বিশাল ব্যৱধান আছে আৰু সমস্যাটো সমাধান কৰাটো জৰুৰী। Truck transport.in–ৰ প্ৰতিষ্ঠাপক শৰ্মাই জানিবলৈ দিলে।

যোৱা ডিচেম্বৰত ৪০ বছৰীয়া সঞ্জয়ে ট্ৰাকমালিক, ব্যৱসায়ী, পেকিং কৰোঁতা আৰু গ্ৰাহকসকলক সবল, দক্ষ আৰু স্বচ্ছভাৱে সংলগ্ন কৰিবলৈ এক অনলাইন প্লেটফৰ্ম আৰম্ভ কৰাৰ সিদ্ধান্ত ল’লে। তাৰ পিছৰ কেইটামান মাহ তেওঁ ট্ৰাকচালক, ব্যৱসায়ী আৰু গ্ৰাহকসকলৰ সৈতে কথা পাতি তেওঁলোকৰ সমস্যাসমূহ বুজাৰ চেষ্টা চলালে।

২০১৫ চনৰ ছেপ্তেম্বৰ মাহত সঞ্জয়ে Truck transport.in আৰম্ভ কৰিলে। ইয়াৰ জৰিয়তে ট্ৰাক বা সৰবৰাহকাৰী বিচৰা গ্ৰাহক/ব্যৱসায়ীয়ে সেৱা যোগান ধৰোঁতাৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰে, লগতে ভাড়াৰ হাৰ, তুলনামূলক হাৰ আৰু সেৱা বুক কৰাৰ বিভিন্ন বিকল্পৰ সন্ধান পাব পাৰে।

image


‘আমি সেৱা যোগানিয়াৰসকলৰ এক algorithmবিকাশ কৰিছো আৰু বিভিন্ন যোগানিয়াৰৰ গতিশীল ৰেটিং আৰু দামৰ তথ্য যোগান ধৰোঁ। গ্ৰাহকে ইয়াৰ জৰিয়তে বিভিন্ন যোগানিয়াৰৰ মাজত তুলনা কৰি পলকতে বুকিং কৰিব পাৰে’- মুম্বাইৰ ৰাষ্ট্ৰীয় উদ্যোগিক অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অপাৰেচনেল মেনেজমেণ্টৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী সঞ্জয়ে জানিবলৈ দিলে।

ৰাজহ মডেলঃ

অইন চহৰলৈ ট্ৰাক বুকিং, পেকিং আৰু সৰবৰাহৰ বাবদ বৰ্তমান তেওঁলোকে প্ৰতিটো লেনদেনৰ বাবদ ২০০ টকাকৈ service chargeলয়। চহৰৰ ভিতৰতে হ’লে একো দিব নালাগে।

Truck transport.in–ৰ বৰ্তমান কৰ্মীসংখ্যা ১০ গৰাকী। তেওঁলোকে বিত্ত, বিপণন, তথ্য-প্ৰযুক্তি আৰু বাণিজ্য উন্নয়ন আদিৰ কাম-কাজ চোৱাচিতা কৰে।

বিনিয়োগ আৰু বিকাশঃ

আত্মপ্ৰকাশ কৰাৰ পিছত Truck sport.in–এ এইপৰ্যন্ত চাৰিটা তথ্য প্ৰযুক্তি সংস্থা আৰু অনলাইন ব্যৱসায়িক কোম্পানীৰ সৈতে মিত্ৰতা কৰিছে। ইয়াৰ সৈতে ৩০ গৰাকী পৰীক্ষিত তালিকাভুক্ত সেৱা যোগানিয়াৰ আছে আৰু শীঘ্ৰেই দিল্লীত ইয়াৰ কাম-কাজ আৰম্ভ হ’ব।

তেওঁলোকে দাবী কৰা মতে, বৰ্তমান মাহিলী তেওঁলোকে ১৫০ টাতকৈ বেছি বুকিং কৰিছে আৰু ২০১৮ চনলৈ ২০খন চহৰত কাম-কাজ আৰম্ভ কৰিব। তেতিয়া ইয়াৰ বাৰ্ষিক আয়ৰ পৰিমাণ হ’ব ২৬ কোটি টকা।

অক্টোবৰত দিল্লী এন চি আৰ এলেকাত কাম আৰম্ভ কৰা এই প্লেটফৰ্ম ২০১৬-ৰ দ্বিতীয় ত্ৰৈমাসিকৰ পৰা গুৱাহাটী, চেন্নাই আৰু পুনেলৈ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা আছে। মূলতঃ পাইকাৰী বজাৰ, খুচুৰা ব্যৱসায়ী আৰু অনলাইন ব্যৱসায়ীসকলক আকৰ্ষণৰ চেষ্টা চলোৱা হৈছে। বৰ্তমানে, পূৰ্বনিৰ্ধাৰিত মূল্যত সেৱাৰ যোগান ধৰাৰ বিষয়ে কেইবাটাও অনলাইন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সৈতে আলোচনা চলাই থকা হৈছে। ২০১৬-ৰ শেহলৈ নিজৰ ব্যৱসায় ৰাজস্থান, কেৰেলা আৰু তামিলনাডুলৈ সম্প্ৰসাৰণৰ পৰিকল্পনা আছে সঞ্জয়ৰ।

সঠিক লাইচেন্স, পাৰ্মিট থকা সেৱা, যোগানিয়াৰ আৰু চালক বিচাৰি পোৱাটোৱেই হ’ল আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। সঞ্জয়ে জনোৱা মতে, সম্পূৰ্ণৰূপে পৰীক্ষা কৰি নিশ্চিত হোৱাৰ পিছতহে তেওঁ কোনো পৰিবহণ সেৱা যোগানিয়াৰক তালিকাভুক্ত কৰে।

নিজৰ জমাধনেৰে সঞ্জয়ে কাৰবাৰটো আৰম্ভ কৰিছে আৰু এই ধন তেওঁ product-টো নিৰ্মাণ আৰু বজাৰৰ অধ্যয়নত ব্যয় কৰিছে। তেওঁ কেইজনমান বিনিয়োগকাৰীৰ সৈতেও কথা পাতিছে যদিও নাম নজনালে। ‘আমাক কেৱল বিনিয়োগ নালাগে, অভিজ্ঞতা আৰু নেটৱৰ্কো লাগে’-ক’লে সঞ্জয়ে। তেওঁৰ লক্ষ্য ৫ নিযুত ডলাৰৰ মূলধনী পুজিঁ।

বজাৰ আৰু প্ৰতিযোগীতাঃ

Research and Market–ৰ মতে ৰক্ষণশীল বাৰ্ষিক বিকাশ হাৰৰ হিচাপ অনুসৰিও ভাৰতৰ সামগ্ৰী সৰবৰাহৰ বজাৰখন ২০২০ চনলৈ ১২.১৭ শতাংশকৈ বিকাশ হ’ব। ঔদ্যোগিক উৎপাদন, খুচুৰা ব্যৱসায়, ই-কমাৰ্চ, উপভোক্তা সামগ্ৰী আদিৰ বিকাশে এই হাৰ ত্বৰান্বিত কৰিব।উন্নত দেশসমূহৰ ৮ শতাংশৰ তুলনাত ভাৰতৰ পৰিবহণ আৰু সৰবৰাহৰ বাবদ বাৰ্ষিক মুঠ ঘৰুৱা উৎাদনৰ ১৪.৪ শতাংশ ব্যয় হয়।

তথ্য সমূহৰ মতে Truck transport –ৰ দৰে সংস্থাৰ বাবে পৰ্যাপ্ত বজাৰ আৰু সুযোগ আছে যদিও কোম্পানীটোৱে বহু বৃহৎপ্ৰতিদ্বন্দীৰ ক্ৰমবৰ্ধমান এখন তালিকাৰ সৈতে প্ৰতিদ্বন্দীতা কৰিব লাগিব। ইয়াৰ ভিতৰত আছে বাংগালুৰুৰ Blow horn, Shipper, LOTrucks, Zaicus, Instavansআৰু The Karrier, মুম্বাইৰ The Porter, আৰুQuifors, দিল্লীৰ truckmandi,ভিজাগৰ Return Trucks.

উল্লেখিত কোম্পানী সমূহৰ বহুতেই বজাৰৰ পৰাও মূলধনী পুজিঁ সংগ্ৰহ কৰিছে। যোৱাবছৰ নৱেম্বৰ মাহত ব্ল’হৰ্নে ইউনিটাছ ছীড্ ফাণ্ডৰ পৰা ঋণ লৈছে। চলিতবৰ্ষৰ মে মাহত The Karrie–য়ে ছোলপ্ৰাইমেৰু, আউটবক্স ভেন্সাৰছ আৰু নিকুঞ্জ জৈনৰ পৰা ১.৫ কোটিৰ মুলধনী পুজিঁ লৈছে। জুন মাহত Shipper –য়ে i2india Venture Factory –ৰ পৰা ৫ নিযুত ডলাৰ মুলধনী পুজিঁ সংগ্ৰহ কৰিছে। একেটা মাহতে The Porter -য়েSequoia, Kae Capitalআৰুঅন্যান্য আন বিনিয়োগকাৰীৰ পৰা ৩৫ কোটি টকাৰ পুজিঁ সংগ্ৰহ কৰিছে।

প্ৰতিদ্বন্দিতাক লৈ সঞ্জয় উদ্বিগ্ন নহয়। তেওঁ কয় যে আন কোম্পানীসমুহৰ মনোযোগ মাত্ৰ এটা ক্ষেত্ৰতেই নিবদ্ধ-সেইটো হ’ল মিনি ট্ৰাক। ইয়াৰ বিপৰীতে তেওঁ সকলোধৰণৰ সেৱাৰ যোগান ধৰে যিয়ে তেওঁক প্ৰতিদ্বন্দিতকৈ আগুৱাই ৰাখিছে।

‘ইয়াৰ উপৰি আমি যোৱা কেইমাহত লাভ কৰা অগ্ৰগতিক লৈ ভীষণ ইতিবাচক। আমাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ গ্ৰাহক আৰু সৰবৰাহকাৰীসকলে আমাৰ প্ৰয়াসত একধৰণৰ সুবিধাৰ সন্ধান পাইছে’-সঞ্জয়ে এইদৰে মোখনি মাৰিলে।

মুলঃ তৌছিফ আলম

অনুবাদঃ লুইত পাঠক

(Image credit- Shutterstock)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

‘আটাইতকৈ কুৎসিত মহিলা’ৰ চিনাকি ভেদি আনৰ বাবে আজি প্ৰেৰণাৰ উৎস লিজ্জী

হুইল চেয়াৰত বহা এজন সেনা বিষয়াই কান্ধ পাতি লৈছে ৫০০ ল’ৰা-ছোৱালীৰ দায়িত্ব

নিজে কষ্টকৰ জীৱন কটাইও আনৰ বাবে লাখ টকাৰ বিনামূলীয়া ঔষধ গোটোৱা ৭৯ বছৰীয়া ‘মেডিচিন বাবা’

ৰ'লছ ৰয়ছ থকা এজন নাপিত