নিটী আয়োগৰ উদ্যোগত আয়োজিত অনুষ্ঠানত যুৱ উদ্যোগীসকলক উদ্দেশ্যি ভাষণ প্ৰধানমন্ত্ৰীৰ

নিটী আয়োগৰ উদ্যোগত আয়োজিত অনুষ্ঠানত যুৱ উদ্যোগীসকলক উদ্দেশ্যি ভাষণ প্ৰধানমন্ত্ৰীৰ

Tuesday August 22, 2017,

3 min Read

নতুন দিল্লীৰ প্রবাসী ভাৰতীয় কেন্দ্রত নীতি আয়োগৰ উদ্যোগত আয়োজিত “পৰিৱর্তনৰ চেম্পিয়ন” শীৰ্ষক অনুষ্ঠানত যুৱ উদ্যোগীসকলৰ সৈতে বাৰ্তালাপত মিলিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী।

এই উপলক্ষে যুৱ উদ্যোগীসকলৰ ৬টা গোটে আজি প্রধানমন্ত্রীৰ সন্মুখত সুক্ষ্ম ক্ষমতা, অবিশ্বাস্য ভাৰত ২.০, ‘শিক্ষা আৰু দক্ষতা বিকাশ’, ‘স্বাস্থ্য আৰু পুষ্টি’, ‘এক বহনক্ষম ভৱিষ্যতৰ লক্ষ্যৰে উৎসাহ প্ৰদান’, ‘ডিজিটেল ভাৰত’ আৰু ‘নতুন ভাৰত-২০২২’ৰ ইত্যাদিৰ দৰে বিষয়সমূহৰ ওপৰত উপস্থাপন কৰে।

image


যুৱ উদ্যোগীসকলৰ উপস্থাপনৰ নতুন নতুন চিন্তা-ভাৱনা আৰু উদ্ভাৱনী প্রচেষ্টাৰ শলাগ লৈ প্রধানমন্ত্রীয়ে কয় যে অতীতত সামাজিক উদ্যোগসমূহৰ লক্ষ্য আছিল বৃহৎ সংখ্যক লোকৰ চাহিদা পূৰণ কৰা আৰু এই ধৰণৰ আন্দোলনৰ নেতৃত্ব দিছিল সমাজৰ বিশিষ্ট ব্যক্তিসকলে।

প্ৰধানমন্ত্ৰীয়ে এই “পৰিৱর্তনৰ চেম্পিয়ন” শীৰ্ষক ধাৰণাটো দেশ তথা সমাজৰ কল্যাণৰ অৰ্থে বিভিন্ন শক্তিৰ সমন্বয় ঘটোৱাৰ চেষ্টা কৰা হৈছে বুলি উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰচেষ্টাৰ জৰিয়তে প্রতিষ্ঠানগত দিশক সম্ভাব্য সকলো ধৰণে আগুৱাই নিব। আজি উপস্থাপন কৰা গোটৰ কেন্দ্ৰীয় চৰকাৰ তথা বিভিন্ন বিভাগ তথা মন্ত্ৰালয়সমূহৰ সৈতে জড়িতসকলক একেলগে কাম কৰি যোৱাৰ সুযোগ দিয়া হ’ব বুলি কয় প্ৰধানমন্ত্ৰীয়ে।

পদ্ম সন্মানৰ উদাহৰণ দি প্রধানমন্ত্রীয়ে কয় যে সমাজৰ বিভিন্ন ক্ষেত্রত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা লোকসকলক কিদৰে চিনাক্ত কৰি স্বীকৃতি প্ৰদান কৰা হয়, সেই দিশতো আমি ভাবিব লাগিব। প্ৰধানমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলত দেশবাসীৰ কল্যান সাধন কৰিব পৰা নতুন নতুন ব্যৱস্থাৰ সন্ধান কৰিবলৈ আহ্বান জনায়।

তেওঁ উদ্যোগীসকলক নিজ নিজ গ্ৰুপত তেওঁলোকৰ ধাৰণাসমূহৰ ধাৰাবাহিকতা অব্যাহত ৰখাৰ প্ৰতি উৎসাহ যোগায়। তেওঁ কয় যে যদি এই কাম সফল হয়, তেওঁলোকে সু-প্ৰশাসনত যথেষ্ট অৱদান আগবঢ়োৱাৰ আশা আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে কৰা সামান্য পৰিৱৰ্তনে গুৰুত্বপূৰ্ণ ফলাফল লাভ কৰি আহিছে। তেওঁ কয় যে নথিপত্ৰৰ স্বপ্রত্যায়িতকৰণ ব্যৱস্থাই সাধাৰণ লোকসকলৰ বিশ্বাসক প্ৰতিষ্ঠা কৰিছে। তদুপৰি, কেন্দ্ৰীয় চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিত মকৰলৰ বেলিকা সাক্ষাৎকাৰ গ্ৰহণৰ ব্যৱস্থা বিলুপ্তিকৰণো এনে এক উল্লেখযোগ্য পদক্ষেপ। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে আমি যিকোনো অভাৱ পুৰণৰ বাবে ‘এপ’ৰ শুভাৰম্ভ কৰা হৈছে। তেওঁ কয় যে প্ৰযুক্তি আৰু নতুনত্ব উদ্ভাৱন প্ৰশাসনৰ পৰিৱৰ্তন কৰিব পৰা হোৱা উচিত। গ্ৰাম্য অৰ্থনীতি ভালদৰে আগুৱাই নিবলৈ বিকেন্দ্ৰীকৰণ পদ্ধতিৰ যথেষ্ট গুৰুত্ব আছে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ পৰিৱৰ্তনশীল প্ৰচেষ্টাত ষ্টাৰ্ট আপৰ ভূমিকাৰ সন্দৰ্ভতো উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে সমাজত এগৰাকী ভাল শিক্ষকৰ ভূমিকাক অধিক গুৰুত্ব দিয়ে। তেওঁ কয় যে প্ৰযুক্তিবিদ্যাই শিক্ষাৰ মানদণ্ড অধিক বৃদ্ধি কৰিব পাৰে।

প্ৰধানমন্ত্ৰীয়ে যুৱ উদ্যোগীসকলক তেওঁলোকৰ কৰ্মচাৰীসকলৰ মাজত চৰকাৰৰ কল্যানমুলক আঁচনি প্ৰচাৰ হকে কাম কৰাৰ বাবে উৎসাহ যোগায়।

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে এনে কোটি কোটি অসাধাৰণ নাগৰিকৰ প্ৰচেষ্টাৰ জৰিয়তে নতুন ভাৰত গঢ় দিব পৰা যাব। তেওঁ উদ্যোগীসকলক এই প্ৰচেষ্টাত সহযোগ কৰাৰ বাবে আহ্বান জনায়।

এই উপলক্ষে একাংশ কেন্দ্ৰীয় মন্ত্ৰী, নিটী আয়োগৰ উপাধ্যক্ষ শ্ৰী অৰৱিন্দ পানাগেৰিয়াকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। নিটী আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অমিতাভ কান্তে বৈঠকৰ সঞ্চালনা কৰে।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

৬৩ বাৰ বিফলতাৰ পাছত আহিল সফলতা

ক্ৰীড়াৰ বিকাশৰ বাবে আৰএফৱাইএছৰ বিশেষ পদক্ষেপ

মাধ্যমিক আৰু উচ্চতৰ শিক্ষাকোষ গঠনৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

বি এছ এফৰ ইতিহাসৰ প্ৰথম মহিলা বিষয়া তনুশ্ৰী পাৰিক