ব্যক্তিগত শাখাত অলিম্পিক পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় কে ডি যাধৱ

ব্যক্তিগত শাখাত অলিম্পিক পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় কে ডি যাধৱ

Friday September 02, 2016,

2 min Read

মল্লযোদ্ধা কে ডি যাধৱ আছিল ব্যক্তিগত শাখাত অলিম্পিক পদক জয় কৰা প্ৰথম ভাৰতীয় । ১৯৫২ চনত হেলছিংকি অলিম্পিকত তেওঁ পদক লাভ কৰিছিল । পদ্ম পুৰষ্কাৰ নোপোৱা একমাত্ৰ ভাৰতীয় অলিম্পিয়ানো তেৱেঁই । প্ৰায় অৰ্ধশতিকা ধৰি তেওঁ সোমাই আছিল পাহৰণিৰ গৰ্ভত । 

১৯৫২ত কছাভা দাদাচাহেব যাধৱ আছিল এজন ৰাষ্ট্ৰীয় নায়ক । ১৯৫২ চনত বেন্টামৱেইট শাখাত ফ্ৰিষ্টাইল মল্লযুদ্ধত ব্ৰঞ্জৰ পদক পোৱা যাধৱক আখ্যা দিয়া হৈছিল পকেট ডাইনাম' । ইয়াৰ পাছত সুদীৰ্ঘ ৫০ বছৰ পাছত ১৯৯৬ চনত লিয়েণ্ডাৰ পেজে ভাৰতলৈ এটা ব্ৰঞ্জৰ পদক আনিছিল ব্যক্তিগত শাখাত । 

Image : (L) - Times of India; (R) - Insist Post

Image : (L) - Times of India; (R) - Insist Post


১৯৪৮ চনৰ লণ্ডন অলিম্পিকত কে ডি যাধৱে ষষ্ঠ স্থান লাভ কৰিছিল ফ্লাইৱেইট শাখাত । পিতৃ আৰু চাৰিজন ককায়েকৰপৰা মল্লযুদ্ধ শিকা যাধৱে চাৰিবছৰৰ পাছত হেলছিংকিত গৈ উপস্থিত হবলৈ চৰকাৰী অনীহা আৰু আৰ্থিক সংকটৰ সৈতে মোকবিলা কৰিব লগীয়া হৈছিল । তেওঁৰ যাত্ৰাৰ খৰচ বহন কৰিছিল তেওঁৰ বন্ধু-বান্ধৱ আৰু শুভাকাংক্ষীয়ে । জুলাইৰ ২৩ তাৰিখে ব্ৰঞ্জৰ পদক অৰ্জন কৰি তেওঁ সেইসকলৰ আদৰৰ প্ৰতিদান দিছিল । যদিও হকী দলে সেইবাৰ সোণৰ পদক পাইছিল কিন্তু ভাৰতীয় দলৰ তাৰকা আছিল যাধৱ । 

Image: Democratic Paper

Image: Democratic Paper


১৯৯৬ চনৰপৰা ভাৰতৰ প্ৰতিজন ব্যক্তিগত অলিম্পিক পদক বিজেতাক পদ্ম বঁটাৰে সন্মানিত কৰি অহা হৈছে । কিন্তু কছাভা দাদাচাহেবৰ মৃত্য হৈছিল ১৯৮৪ চনত আৰু সেয়েহে তেওঁ এই পদকৰ পৰা বঞ্চিত হৈ ৰ'ল । পদ্ম পুৰষ্কাৰৰ নীতি অনুসৰি সাধাৰণতে মৰণোত্তৰভাৱে এই বঁটা প্ৰদান কৰা নহয় । বিৰল কোনো সাফল্যৰ বাবে মৰণোত্তৰভাৱে এই বঁটা দিলেও সেয়া ব্যক্তিজনৰ মৃত্যুৰ এবছৰৰ ভিতৰত এই বঁটা ঘোষণা কৰিব লাগিব ।

এই নিয়মৰ বাবেই যাধৱে এই বঁটা পোৱা টান যদিও তেওঁৰ পুত্ৰ ৰঞ্জিতৰ দাবী চাৰকাৰে নিয়ম সলনি কৰি তেওঁক পদ্মভূষণ বঁটা দিব লাগে । "মোৰ দেউতাই দেশৰ প্ৰথমটো ব্যক্তিগত অলিম্পিক মেডেল আনিছিল অথচ তেওঁক সকলোৱো পাহৰি গ'ল। মই কেতিয়াবা ভাবোঁ তেঁৰ পদকটো সাগৰত পেলাই দিয়াই ভাল । " ৰঞ্জিতে দ্য হিন্দু কাকতক কয় ।

বছৰ বছৰ ধৰি পাহৰণিৰ গৰ্ভত হেৰাই থকাৰ পাছত ২০০০ চনত ক্ৰীড়া মন্ত্ৰালয়ে তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰে । ২০১১ চনত নতুন দিল্লীৰ ইন্দিৰা গান্ধী ক্ৰীড়া প্ৰকল্পৰ মল্লযুদ্ধৰ ভেন্যুৰ নামাকৰণ যাধৱৰ নামেৰে কৰা হয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কেক বনোৱাৰ চখৰপৰাই আৰম্ভ টিক্-টক্ বেইকহাউছ 

ভাৰতত 'অযোগ্য' মালৱিকা ৰায় আজি এমআইটিত অধ্যয়নৰত

পাক সেনাৰ মেজৰ হোৱা ভাৰতীয় চোৰাংচোৱাজন

নৱেম্বৰত উত্তৰ-পূব ষ্টাৰ্টআপ সমাৰোহ 'আপষ্টাৰ্ট'