ষ্টাৰ্ট আপৰ বাবে নিজা চহৰ এৰি আন ঠাইলৈ ঢাপলি মেলিব নালাগে

ষ্টাৰ্ট আপৰ বাবে নিজা চহৰ এৰি আন ঠাইলৈ ঢাপলি মেলিব নালাগে

Tuesday December 15, 2015,

4 min Read

মনত কিবা এটা কৰাৰ দুৰ্বাৰ বাসনা থাকিলে যিকোনো কামেই সম্ভৱ হ'ব পাৰে।মাত্ৰ প্ৰয়োজন আত্মবিশ্বাস আৰু ধৈৰ্যৰ।যিসময়ত চাকৰি বা ব্যৱসায় সংক্ৰান্তত যুৱ প্ৰজন্ম বাঙ্গালুৰু,মুম্বাই আদি চহৰলৈ ঢাপলি মেলিছে, সেই সময়ত দুই যুৱক-যুৱতীয়ে সাধনালব্ধ চেষ্টাৰে জন্ম চহৰ কলকাতাতে ই-কমাৰ্চ ক্ষেত্ৰখনত ব্যৱসায়ত নামি নিজে সফল হোৱাৰ লগতে আনৰ বাবেও আদৰ্শনীয় হৈ পৰিছে।

উদ্যমী এই দুই যুৱক-যুৱতী হল-সুপ্তত্থিতা আৰু নবাৰুণ। ই কমাৰ্চ ক্ষেত্ৰখনত আহিব পৰা সকলো প্ৰত্যাহ্বানক আদৰণি জনাই এই দুই তৰুণ যুৱক-যুৱতীয়ে আৰম্ভ কৰিলে ornativa.com নামৰ অনলাইন ষ্ট'ৰ।

image


২০১৪ চনত আত্মপ্ৰকাশ কৰিছিল এই ৱেৱছাইটটোৱে।সুপ্তত্থিতা আৰু নবাৰুণে এই পৰিকল্পনা বহু আগতেই কৰিছিল যদিও ইয়াক বাস্তব ৰূপ দিবলৈ যাওঁতে বহু বাধাৰ সন্মুখীন হৈছিল।কলকাতাৰ দৰে চহৰত নিজা ব্যৱসায় কৰাটো যে কিমান কঠিন সেই কথা ভালকৈ বুজি উঠিছিল সুপ্তত্থিতা আৰু নবাৰুণে।'আমি যেতিয়া ব্যৱসায়ৰ বাবে বিনিয়োগকাৰী সন্ধান কৰিছিলো আমাৰ কনচেপ্ট তেওঁলোকৰ পছন্দ হৈছিল।কিন্তু প্ৰত্যেকৰে মত আছিল যে মুম্বাই,দিল্লী বা বাঙ্গালুৰুত কম্পেনী খুলিব লাগে।' অৱশেষত বিনিয়োগকাৰীৰ চিন্তা বাদ দি তেওঁলোকে নিজা জমা পুঁজিৰে ব্যৱসায়টো আৰম্ভ কৰাৰ কথা ভাবিলে।তেওঁলোকে কৰিবলৈ লোৱা কামটো যে এদিন ফলদায়ক হব এই কথা পৰিয়ালৰ লোককো বুজাব লগীয়া হৈছিল।বন্ধুবৰ্গইও তেওঁলোকক ঠাট্টাহে কৰিছিল। কিন্তু এইবোৰলৈ কাণসাৰ নকৰি নিজ লক্ষ্যত আগবাঢ়ি গৈছিল সুপ্তত্থিতা আৰু নবাৰুণ।

কিন্তু হঠাৎ এই পৰিকল্পনা মনলৈ কেনেকৈ আহিল?

এই প্ৰশ্নৰ উত্তৰত নবাৰুণে ক'লে- 'স্কুলীয়া পাঠ্যক্ৰমৰ পাছত মই জুৱেলাৰী ডিজাইনিঙ তথা CAD ডিপ্লমা কৰিছিলো।তাৰপাছত ২০০৭ চনৰ পৰা ২০১২ চনলৈ বাঙ্গালুৰুৰ bluestone.com নামৰ সংস্থাত পাঁচবছৰ কৰ্মৰত আছিলো।সেই সময়তে মনলৈ আহিছিল নিজা ষ্টাৰ্ট-আপ ৰ পৰিকল্পনা।' কিন্তু নিজা ব্যৱসায় আৰম্ভ কৰিবলৈ পুঁজিৰ যোগান ধৰাটো যে ইমান সহজ নহয় সেয়া বুজি উঠিছিল নবাৰুণে ।বাঙ্গালুৰুৰ পিছত ডুবাইৰ এটা জুৱেলাৰী সংস্থাত কেইবছৰমান কাম কৰি ২০১৪ চনত নিজা চহৰলৈ ঘূৰি আহিছিল নবাৰুণ।লগত আনিছিল বাহিৰত কাম কৰাৰ অভিজ্ঞতা আৰু জমা কৰা কিছু টকা।

আনফালে সুপ্তত্থিতাই মহাবিদ্যালয়ৰ পাঠ্যক্ৰম সমাপ্ত কৰি মাৰ্কেটিঙ তথা পাব্লিক ৰিলেশ্যন বিষয়ত ফ্ৰী লান্স কৰি আছিল।তেওঁৰ মনতো নিজাকৈ ব্যৱসায় এটা গঢ়ি তুলাৰ ইচ্ছা সুপ্ত হৈ আছিল।সুপ্তত্থিতাৰ পৰিয়ালৰ সকলো চাকৰিয়াল।সেয়ে, ব্যৱসায়ৰ দিশত তেওঁলোকৰ কোনো ধাৰণা নাছিল।কেইজনমান বন্ধুক নিজ ইচ্ছাৰ কথা ব্যক্ত কৰি ইতিবাচক সঁহাৰি নাপালে।অৱশেষত সুপ্তত্থিতা আৰু নবাৰুণে সিদ্ধান্ত ল'লে যে তেওঁলোক নিজেই আগবাঢ়িব।নবাৰুণৰ জুৱেলাৰী ডিজাইনিঙৰ অভিজ্ঞতা আৰু সুপ্তত্থিতাৰ মাৰ্কেটিঙ স্কীল।এই দুই দিশক সম্বল হিচাপে লৈ দহ লাখ টকা পুঁজিৰে আৰম্ভ কৰিলে ornativa.com।

ডেৰ বছৰৰ ভিতৰত সুপ্তত্থিতা আৰু নবাৰুণৰ সপোনৰ বীজ অংকুৰিত হৈ এজোপা বৃক্ষলৈ ৰূপান্তৰিত হৈছে।দুই বন্ধুৰ উদ্যোগত আৰম্ভ হোৱা এই সংস্থাৰ বৰ্তমান সদস্য সংখ্যা দহ জন।মুম্বাই আৰু বেংককত তৈয়াৰ হোৱা ফেশ্বন জুৱেলাৰী বিক্ৰী কৰে এই সংস্থাই।কোনো গ্ৰাহকে যদি নিজৰ পছন্দৰ ডিজাইনৰ গহনা বিচাৰে, তেন্তে সেই ব্যৱস্থাও আছে ornativa.com.ত। মাত্ৰ এই ক্ষেত্ৰত অতিৰিক্ত সাতৰ পৰা আঠ দিন সময় অপেক্ষা কৰিব লগা হয়।বৰ্তমানলৈকে এই সংস্থাই মাহত গড়ে এহেজাৰ গহনাৰ অৰ্ডাৰ পাই আছে যাৰ গড় মূল্য ৭৫০ টকাৰ পৰা ৯০০ টকা।

২০১৪-২০১৫ ফাইনান্সিয়েল ইয়েৰত অৰনাটিভৰ টাৰ্ণঅভাৰ আছিল ১২ লাখ টকা।এই সংখ্যা পঞ্চাশ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য আগত ৰাখিছে সুপ্তত্থিতা আৰু নবাৰুণে।উল্লেখ্য যে অৰনাটিভৰ জন্মচহৰ কলকাতা হ'লেও এই চহৰৰ পৰা অহা অৰ্ডাৰ অতি কম।বাঙ্গালুৰু,মুম্বাই আৰু চেন্নাইত ফেশ্বন জুৱেলাৰীৰ চাহিদা অতি বেছি।সংস্থাৰ ৰিপৰ্ট অনুসৰি মুঠ অৰ্ডাৰৰ যদি চল্লিশ শতাংশ চেন্নাইৰ পৰা আহে,তাৰ তুলনাত কলকাতাৰ পৰা আহে দুই বা তিনি শতাংশ।সেয়ে, বহু লোকে মুম্বাই,বাঙ্গালুৰু,দিল্লীৰ দৰে ঠাইত ষ্টাৰ্ট আপ আৰম্ভ কৰাটো সুবিধাজনক বুলি ভাৱে।

image


অৰনাটিভৰ বাবে এটা সুখবৰ যে চলিত বছৰত Microsoft Ventures তথা ‘Microsoft Bizspark’ ৰ দ্বাৰা নিবেদিত ‘IBM Catalyst Program’, ISDI Creative Accelerator দ্বাৰা নিৰ্বাচিত হৈছে ornativa.com.ইয়াৰ ফলত প্ৰযুক্তিগত সহায় লাভ কৰিছে এই সংস্থাই।পৰোক্ষভাৱে ছাৰ্ভাৰৰ খৰচ কমাৰ লগতে ছমহীয়া এই প্ৰকল্পত অফিচৰ ঠাই,প্ৰযুক্তি সংক্ৰান্তীয় সাহাৰ্য,মাইক্ৰছফট ছফটোৱেৰ,কাৰ্যনিৰ্বাহী তথা আৰ্থিক যোগানৰ ক্ষেত্ৰত সহায় কৰিব ISDI Creative Accelerator এ।নিজা ব্ৰেণ্ড অৰনাটিভৰ উপৰিও স্নেপডিল,পেটিএম,ফ্যাশনাৰা,শ্বপক্লুজ ৰ দৰে ২৫ টা ই-কমাৰ্চ চাইটত বিক্ৰি হৈছে অৰনাটিভৰ জুৱেলাৰী।ফলত সংস্থাৰ এই বছৰৰ লক্ষ্য আয় পূৰণ কৰাটো নিশ্চয় ইমান জটিল নহ'ব।

আন চহৰৰ দৰে এই চহৰৰ নতুন প্ৰজন্মইও সপোন দেখিব জানে।কিন্তু তেওঁলোকৰ চিন্তা-ভাৱনাসমূহ বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত অনেক বাধা-বিপত্তি আছে।সেয়ে, বেছিভাগেই কলকাতা এৰি আন চহৰ বা দেশৰ বাহিৰলৈ ঢাপলি মেলিছে।কিন্তু এনে পৰিস্থিতিটো হাৰ নামানি নিজৰ ঠাইত বৰ্তি থাকিবলৈ ornativa.com. এ যৎপৰোনাস্তি চেষ্টা চলাইছে।সচৰাচৰ ধাৰণাৰ পৰা বহু দূৰ আগবাঢ়ি নিজৰ যোগ্যতা প্ৰমাণ কৰি দেখুৱাইছে সুপ্তত্থিতা আৰু নবাৰুণে।

তেওঁলোক লক্ষ্যস্থানত উপনীত হওক।ইয়ৰ ষ্ট'ৰীৰ তৰফৰ পৰা অৰনাটিভ টিমলৈ থাকিল অশেষ শুভকামনা।


মূল: বিদিশা বেনাৰ্জী

অনুবাদ: পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নৱজাতকৰ বাবে জীৱনদায়িনী এক অভূতপূৰ্ব মাতৃদূগ্ধৰ বেংক

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান

দুয়োখন ভৰি হেৰুৱা ট্ৰাক ড্ৰাইভাৰৰ সন্তান নাগা নৰেশ আজি বিশ্ববিখ্যাত গুগলৰ কৰ্মকৰ্তা