অনলাইন প্ৰকাশনক বাদ দি যিকোনো ষ্টাৰ্ট-আপ আৰম্ভ কৰক

জেনেচিচ মিডিয়াৰ গৱেষণাত প্রকাশ পাইছে যে চৌব্বিশ শতাংশ সহাঁৰি দিওঁতাই ঘৰ আৰু কাৰ্য্যালয়ৰ কম্পিউটাৰত বিজ্ঞাপন বন্ধ কৰাৰ ছফটৱেৰ ব্যৱহাৰ কৰে, কিন্তু কেৱল তিনি শতাংশৰহে তেওঁলোকৰ মোবাইলত এই বিজ্ঞাপন বন্ধ কৰাৰ প্রযুক্তি আছে ।

অনলাইন প্ৰকাশনক বাদ দি যিকোনো ষ্টাৰ্ট-আপ আৰম্ভ কৰক

Wednesday December 16, 2015,

5 min Read

চাৰি বছৰ পূৰ্বে মোক এচিয়াৰ এগৰাকী প্ৰযুক্তি প্ৰকাশকে পৰামৰ্শ দিছিল যে তুমি যিকোনো ষ্টাৰ্ট আপ আৰম্ভ কৰিব পাৰা কিন্তু অনলাইন প্ৰকাশনৰ ব্যাৱসায় আৰম্ভ নকৰিবা।প্ৰতিষ্ঠাপকগৰাকী, যি সমগ্ৰ এচিয়াৰে এগৰাকী ৰোল মডেল, তেওঁ থিক মোক বাধা দিয়া নাছিল, মাথো অনলাইন প্ৰকাশন ব্যাৱসায় এটা আৰম্ভ কৰাৰ আগতে তাৰ কঠিন বাস্তৱিকতাখিনি সম্পৰ্কে মোক সাৱধান কৰি দিছিল। আৰু আজি চাৰি বছৰৰ পিছত মই সেই একে কথাকে দোহাৰিছো যে, “যিকোনো ষ্টাৰ্ট আপ আৰম্ভ কৰিব পাৰা কিন্তু অনলাইন প্ৰকাশন আৰম্ভ নকৰিবা।“

আনকি, আপুনি যদি Buzzfeed/ScoopWhoop ৰ দৰে আন এক ক্ল’ন সৃষ্টি কৰাৰ কথা চিন্তা কৰিছে, তাৰ আগতে ১০ বাৰ চিন্তা কৰি ল’ব।উল্লেখযোগ্য যে, পৰম্পৰাগত প্ৰকাশনগোষ্ঠীবোৰৰো অৱস্থা বেয়া, তলৰ স্ক্ৰীণগ্ৰেবটো চাব পাৰে।সেইটো ভাৰতীয় প্ৰখ্যাত প্ৰকাশনগোষ্ঠীৰ এটা নিবন্ধৰ পৃষ্ঠা!

খুউব সোনকালে Lighthouse Insight এ ইয়াৰ অৰ্দ্ধ-দশক পূৰ কৰিব।এই পাঁচ বছৰ, আমি অইন ষ্টাৰ্ট-আপৰ দৰেই যথেষ্ট কঠিন সময়ৰ মাজেৰে পাৰ কৰিছো।আমি তিষ্ঠি আছো কেৱল আমাৰ লক্ষ্য আগত ৰাখি কৰি যোৱা কঠোৰ পৰিশ্ৰমৰ কাৰণে।তলত কিছুমান প্ৰত্যাহ্বান উল্লেখ কৰা হৈছে, যিবিলাক অনলাইন প্ৰকাশনগোষ্ঠীয়ে প্ৰায়েই সন্মুখীন হ’ব লগীয়া হয়।ব্যাৱসায়ৰ পৰিসৰ অনুযায়ী আৰু বহুতো প্ৰত্যাহ্বান হয়তো থাকিব পাৰে,ক্ষমা কৰিব, এই ব্যাৱসায়ত মই নতুন বাবে মোৰ বৰ বেছি অভিজ্ঞতা নাই।মই বৰ্তমানেও শিকিহে আছো।

image


১)বিজ্ঞাপন অন্ধতা আৰু বিজ্ঞাপন বন্ধ কৰাঃ

পঢ়ুৱৈয়ে আমনিদায়ক বিজ্ঞাপনত যে ক্লিক নকৰে আৰু ইয়াৰ পৰাই যে বিজ্ঞাপন অন্ধতাৰ ধাৰণাটো আহিছে সেইটো ওপৰত উল্লেখ কৰা স্ক্ৰীণগ্ৰেবটোৱেই সুন্দৰ উদাহৰণ।ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতো ভাৰতীয় প্ৰকাশনগোষ্ঠীয়ে কিছুমান সৃষ্টিশীল উপায় উদ্ভাৱন কৰিছে যাৰদ্বাৰা পঢ়ুৱৈয়ে বিজ্ঞাপনৰ ভিৰৰ মাজতো লেখা বিচাৰি উলিয়াই পঢ়ে।বৃহৎ প্ৰকাশনগোষ্ঠীৰ পৰা ক্ষুদ্ৰ প্ৰকাশনগোষ্ঠীলৈ, বেছিভাগেই এই কথা বুজি উঠিছে যে, এতিয়া আৰু ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে বিজ্ঞাপনত গৈ ক্লিক নকৰে বা গুগল এডচেণ্সৰ দ্বাৰা ডলাৰ উপাৰ্জন কৰাৰ সেই সোণালী দিনো নাই।ইয়াৰ মাজতে এনে কিছুমান প্ৰকাশনগোষ্ঠীও আছে,যিবিলাকে বিজ্ঞাপনৰ জৰিয়তে ভাল পইছা উপাৰ্জন কৰি আছে, কিন্তু সেইবোৰেও পৃষ্ঠা দৰ্শনৰ প্ৰতিযোগিতাতে আছে।যি কি নহওক, মই কেইবাটাও প্ৰকাশন প্ৰতিষ্ঠানৰ লগত কথা পাতিছো আৰু বেছিভাগেই এইটো বুজি উঠিছে যে, আজিৰ পঢ়ুৱৈসকল ডিজিটেলী অতি সক্ষম আৰু সেইকাৰণেই তেওঁলোকে বিৰক্তিকৰ বিজ্ঞাপনবোৰ চাবও নোখোজে, যিয়ে তেওঁলোকৰ বহুমূলীয়া সময় নষ্ট কৰে বুলি ভাৱে।এইটোৱে প্ৰকাশনগোষ্ঠীবোৰৰ বিকাশত এক বৃহৎ প্ৰাচীৰ হৈ থিয় দিছে।

বিজ্ঞাপন বন্ধ কৰাঃ বিজ্ঞাপন বন্ধ কৰি দিয়াৰ ফলত চলিত বছৰত বিজ্ঞাপন ৰাজহ সংগ্ৰহত ২২ বিলিয়ন মাৰ্কিন ডলাৰৰ লোকচান হৈছে, Adobe আৰু Pagefair নামৰ ডাবলিনস্থিত এটা ষ্টাৰ্ট-আপে চলোৱা এক সমীক্ষাত এই তথ্য উন্মোচিত হৈছে, যিয়ে কোম্পানী আৰু বিজ্ঞাপনদাতাক তেওঁলোকৰ হেৰুওৱা ৰাজহ উদ্ধাৰত সহায় কৰে।বিগত ১২ মাহৰ তুলনাত এই অগ্ৰগতি ৪১ শতাংশ আৰু ৰিপ’ৰ্ট মতে,বিজ্ঞাপন বন্ধ কৰাৰ কাৰ্যসূচী দিনক দিনে বৃদ্ধি পাই আহিছে,বিশেষকৈ ইউৰোপত এই পৰিমাণ তিনি ভাগৰ এক শতাংশ।

শেহতীয়া খবৰ মতে, এপলৰ iOS-iOS9 এ মোবাইলত ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলৰ কাৰণে বিজ্ঞাপন বন্ধ কৰাৰ সুবিধা আগবঢ়াব।এইটোৱে প্ৰকাশনগোষ্ঠীবোৰৰ মাজত ব্যাপক চৰ্চা লাভ কৰিছে, কিয়নো তেওঁলোকে মোবাইল ফোনক বিজ্ঞাপন বন্ধ কৰাৰ সুৰক্ষিত স্থান হিচাপে গণ্য কৰে।

জেনেচিচ মিডিয়াৰ গৱেষণাত প্রকাশ পাইছে যে চৌব্বিশ শতাংশ সহাঁৰি দিওঁতাই ঘৰ আৰু কাৰ্য্যালয়ৰ কম্পিউটাৰত বিজ্ঞাপন বন্ধ কৰাৰ ছফটৱেৰ ব্যৱহাৰ কৰে, কিন্তু কেৱল তিনি শতাংশৰহে তেওঁলোকৰ মোবাইলত এই বিজ্ঞাপন বন্ধ কৰাৰ প্রযুক্তি আছে । বিজ্ঞাপন বন্ধ কৰাৰ সমস্যাটোৰ পৰা পৰিত্রাণ পাবলৈ মিক আদি প্রকাশন গোষ্ঠীয়ে কোম্পানি বিলাকৰ সৈতে চুক্তি হ্রাস কৰিছে । ভক্স মিডিয়া আৰু কোৱাৰ্টজ-এ সৃজনিশীল বিজ্ঞাপন প্রচাৰত গুৰুত্ব দিছে । আনহাতে ৱাচিংটন পোষ্ট-এ পঢ়ুৱৈসকলক বিজ্ঞাপন বন্ধ কৰাৰ এক পৰীক্ষামূলক সুযোগ প্রদান কৰিছে । সি যি কি নহওক, বিজ্ঞাপন বন্ধই নিজৰ প্রসাৰতা বৃদ্ধি কৰি গৈছে, ইফালে প্রকাশন গোষ্ঠীবোৰক এই সমস্যাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে ।

২)সমস্যাৰ গৰাহত মোবাইল ৰাজহ সংগ্রহঃ

মোবাইল ফোন বৰ্তমান বিনোদনৰ পৰা তথ্য আদান-প্রদানৰ মূল চালিকা শক্তি হৈ পৰিছে। মেৰি মিকাৰৰ তথ্যমতে ভাৰতৰ ৬৫% ইণ্টাৰনেট ট্রেফিক মোবাইল ফোনে অধিকাৰ কৰি আছে।ভাৰতত ২য় আৰু ৩য় শাৰীৰ চহৰবোৰত মোবাইলত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ পৰিমাণ বছৰি ১৭ শতাংশকৈ বৃদ্ধি পাইছে।

৩)সমস্যাৰ মাজত মূল্য সংযোজিত সমলঃ

ৰয়টাৰৰ শেহতীয়া এক ৰিপ’ৰ্ট মতে, মাত্ৰ ১১ শতাংশ মাৰ্কিন গ্ৰাহকে অনলাইন নিউজৰ বাবে মূল্য দিয়ে, যিটো ২০১৩ চনৰ পৰা অলপো বৃদ্ধি পোৱা নাই।পৰিসংখ্যাটো সমগ্ৰ বিশ্বৰ বাবেই প্ৰযোজ্য হৈছে, কাৰণ মাত্ৰ ১০ শতাংশইহে অনলাইন নিউজৰ বাবে মূল্য দিয়ে।

৪)স্থানীয় বিজ্ঞাপনৰ সৈতে প্ৰত্যাহ্বানঃ

বৰ্তমান স্থানীয় বিজ্ঞাপন, ডিজিটেল মিডিয়াৰ বাবে এক মূখ্য আলোচিত বিষয়, যাক বিজ্ঞাপনদাতা আৰু প্ৰকাশনগোষ্ঠীয়েও গুৰুত্ব দিছে।একেটা ফৰ্মেটতে বিজ্ঞাপন সৃষ্টিৰদ্বাৰা মূল গ্ৰাহকখিনিক পোৱা যায়, লগতে ব্যাৱসায়ী আৰু প্ৰকাশকেও কম বিৰক্তিকৰ বিজ্ঞাপনৰ অভিজ্ঞতা পাঠকক প্ৰদান কৰিব পাৰে।ভাৰতীয় প্ৰকাশক যেনে, ScoopWhoop, The Huffington Post, The Quint বা অইন কিছুমানে স্থানীয় বিজ্ঞাপনত আগ্ৰহ দেখুৱাইছে।কিন্তু স্থানীয় বিজ্ঞাপনৰ নিজৰে কিছুমান প্ৰত্যাহ্বান আৰু পৰিচয়ৰ সমস্যা আছে।বিজ্ঞাপনৰ পৰিসৰ,সম্পাদকীয়ৰ সংহতিৰ সংৰক্ষণ আৰু নিৰাপত্তাৰ দিশটোলৈ লক্ষ্য কৰি ৰাজহ বৃদ্ধি কৰাৰ লগতে ব্যৱহাৰকাৰীৰ অভিজ্ঞতাও আন এক সমস্যা হিচাপে দেখা দিছে।

৫)নতুন প্ৰকাশক হিচাপে চ’চিয়েল নেটৱৰ্কঃ

চ’চিয়েল নেটৱৰ্কবিলাক বৰ্তমান নতুন প্ৰকাশক।প্ৰত্যেক সপ্তাহত বিশ্বজুৰি ৪১ শতাংশ লোকে ফেচবুকৰ জৰিয়তে বাতৰি পঢ়ে।আনহাতে, টুইটাৰ যোগে পঢ়ে ১১ শতাংশই।ৰয়টাৰ ডিজিটেল নিউজ ৰিপ’ৰ্ট ২০১৫ ই এইটো কথাত গুৰুত্ব দিছে যে, হোৱাটছআপ নামৰ মোবাইল বাৰ্তাবাহক মঞ্চখন স্পেইন আৰু ব্ৰাজিলত বাতৰি প্ৰচাৰৰ বাবে অত্যন্ত জনপ্ৰিয়।অৱশ্যে চাৰ্ছ ইঞ্জিনসমূহো কোনো গুণে কম নহয়।ইটালী, স্পেইন, জাৰ্মানী আৰু আন আন দেশসমূহত য’ত ৫০ শতাংশতকৈও অধিক ইণ্টাৰনেট ব্যৱহাৰকাৰী আছে, তাত মানুহে বাতৰিৰ বাবে চাৰ্ছ ইঞ্জিনসমূহ খুচৰি ফুৰে।

২০১৫ চনৰ পৰা আমি দেখিছো যে, জনপ্ৰিয় চচিয়েল নেটৱৰ্ক যেনে, লিংকড্ইন, ফেচবুক, গুগল, টুইটাৰ আদি সকলোৱে প্ৰকাশক হ’ব খুজিছে-কাৰণ, পঢ়ুৱৈয়ে বেছিভাগ সময় এই চচিয়েল নেটৱৰ্কতে কটায়।“ইউটিউবৰ পৰা মানুহক আঁতৰাই ৰখোৱাতো একপ্ৰকাৰ অসম্ভৱেই।প্ৰকাশকে যিমানেই বেছি সমল ফেচবুকত দিব, সিমানেই আন কোনো বিশেষ প্ৰকাশকৰ ওচৰত কম নিৰ্ভৰশীল হ’ব পাৰিব।”

যিকোনো ষ্টাৰ্টআপতে নতুন ধৰণেৰে প্ৰত্যাহ্বানবিলাক আহি থাকিব।“কোনেও সুষম গতিৰে গৈ থকাৰ কথা কোনো ষ্টাৰ্টআপতে ভাবিব নোৱাৰে।” গতিকে মোৰ বিনয়ী পৰামৰ্শ হ’ব-“অনলাইন প্ৰকাশনক বাদ দি যিকোনো ষ্টাৰ্টআপ আৰম্ভ কৰক।”

(এই প্ৰবন্ধটোত প্ৰকাশিত মতামত লেখকৰ সম্পূৰ্ণ ব্যক্তিগত, ই ইয়ৰষ্টৰীৰ মতামতক প্ৰতিফলিত নকৰে)

লেখকঃ প্ৰশান্ত নাইডু

অনুবাদকঃ লীনা শইকীয়া