নিজৰ মাতৃভাষাত স্মাৰ্টফোন ব্যৱহাৰৰ সুবিধা লৈ আহিল Firstouch

নিজৰ মাতৃভাষাত স্মাৰ্টফোন ব্যৱহাৰৰ সুবিধা লৈ আহিল Firstouch

Wednesday January 13, 2016,

4 min Read


আমাৰ দেশত ২২টা মূল ভাষা আছে। ১৩টা ভিন্ন ধৰণত লিখা হয় ভাষাসমুহ। ৭২০টা উপ-ভাষা আছে। সেইবাবেই বৈচিত্ৰতাৰে ভৰা এইখন দেশক কেৱল এটা ভাষাই যে বান্ধিব পাৰিব সেই কথা কব নোৱাৰি। তাৰ পিছতো স্মাৰ্টফোন সমুহে সকলো কাম কাজ ইংৰাজী ভাষাতেই কৰাৰ ব্যৱস্থা হে দিছে। এই বৃহৎ জনসংখ্যাৰ ৬০শতাংশ লোকেই স্মাৰ্টফোন ব্যৱহাৰ কৰি আছে। কিন্তু তাৰে ভিতৰত একাংশই হে ইংৰাজী ভাষাটোৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি ব্যৱহাৰ কৰিব পাৰে।

জীৱনৰ ২০বছৰ বয়সৰ শেষৰ পৰা ৩০ৰ আৰম্ভণী সময়ছোৱাত ৰাকেশ দেশমুখ, আকাশ ডোংগ্ৰে আৰু বাংগাৰামবান্দি নামৰ বোম্বাই আইআইটিৰ তিনিজৰ প্ৰাক্তন ছাত্ৰই তেওঁলোকৰ অগ্ৰজসকলে এক কাৰিকৰী চিন্তাৰে বৰ বৰ কোম্পানী গঢ়ি তোলা এক সফলতাৰ পিছত দৌৰিছিল। কিন্তু যিটো সমস্যাই ভাৰতীয়সকলক নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত দীৰ্ঘদিনে বিভিন্ন ক্ষেত্ৰত বাধা দি আহিছিল, সেই সমস্যাটো চিনাক্ত কৰি তেওঁলোকে তেওঁলোকৰ আভিযান্ত্ৰিক দক্ষতাৰে ইয়াৰ এটা সমাধান বিচাৰিছিল।


image


“ভাৰতীয় লোকসকলে স্মাৰ্টফোন ব্যৱহাৰ কৰোতে তাৰ ইংৰাজী ভাষাৰ ব্যৱহাৰৰ ফলত পোৱা অসুবিধা সমুহ পৰ্যবেক্ষণ কৰাৰ পিছত আমাৰ মনলৈ Firstouchৰ চিন্তাটো আহিছিল। সেই চিন্তাৰ আঁত ধৰিয়েই আমি ভাবিলো যে স্মাৰ্টফোনসমুহ এনেভাবে ডিজাইন কৰিব লাগিব যাতে ব্যৱহাৰকাৰী সকলে তেওঁলোকৰ সুবিধাৰ ভাষাৰে ইয়াৰ সুফল লাভ কৰিব পাৰে ,” ৰাকেশে কয়।

ৰাকেশ হৈছে Firstouchৰ আঁৰৰ কোম্পানী MoFirst Solutions Ltdৰ সহ প্ৰতিস্থাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া। আকাশ হৈছে কোম্পানীটোৰ চিঅ'অ' আৰু সুধীৰ চিটিঅ'।

“যিহেতু আমাৰ দেশৰ বিভিন্ন প্ৰান্তৰ লোকসকলৰ নিজস্ব প্ৰয়োজনীয়তা আছে আৰু সেই প্ৰয়োজন নিজস্ব ধৰণেৰে কাৰিকৰীভাবে পূৰণ হব লাগিব, গতিকে আমাৰ দেশৰ বাবে Firstouchঅতিকৈ প্ৰয়োজনীয়। আমি গভীৰ ভাবে বিশ্বাস কৰোঁ যে বিশাল পৰিসৰত স্মাৰ্টফোনৰ উপযোগিতা লাভ কৰাৰ ক্ষেত্ৰত বহু ভাষিক ব্যৱস্থাৰ অভাবেই মূল কাৰণ,” ৰাকেশে লগতে কয়।

এইধৰণৰ বিভিন্ন প্ৰয়োজনৰ প্ৰতি তেওঁলোকে লক্ষ্য ৰাখি বিভিন্ন নতুন চিন্তা কৰি সেই সমস্যাসমুহ সমাধানৰ পথ বিচাৰিলে। যেনে ধৰক-swipe to translate নামৰ সুবিধাটো। এই সুবিধাটোৰে গ্ৰাহক এজনে ভাৰতৰ মূল দহটা ভাষাৰ যিকোনো এটা ভাষাতেই লাভ কৰি এটা মেছেজেই এটা তিলিকতে অৰ্থাত মোবাইলৰ স্ক্ৰীণখনত swipe কৰিলেই ইংৰাজীলৈ তৰ্জমা হৈ যায় । ফলত সেই মেছেজটোৰ অৰ্থ তেওঁ বুজিব পাৰে। ই ইংৰাজী ভাষাৰ মেচেজ এটাও যিকোনো প্ৰদত্ত ভাষা এটালৈ অনুবাদ কৰি লোৱাত সহায় কৰে।

Firstouchৰ আন এক মূল সুবিধা হৈছে কী-বোৰ্ডৰ সুবিধা। এই কী-বৰ্ডৰ সহায়ত ১০টা ভাষা লিখিব পৰা সুবিধা কৰা হৈছে। আনকি ই অনুবাদো কৰি দিয়ে যি কোনো কথা এটা। উদাৰহণ স্বৰূপে ‘How are you?’ হৈ যায় ‘কেনে আছা?’ সেয়াও আনকি swipe বুলি কবলৈ নৌপাওতেই।

যিসময়ত কিছুমান হেণ্ডছেট কোম্পানীয়ে ১৫টালৈকে ভাষাৰ সুবিধা দিয়ে। কিন্তু সেই সুবিধা ফোনৰ ব্যৱহাৰ অলপ কমকৈ জনা লোকৰ বাবেও Firstouchএ যিধৰণে দিছে, তেনেধৰণে দিব পৰা নাই।

Firstouchৰ পেটেন্ট কৰা OS এণ্ড্ৰইডত নিৰ্মান কৰা হৈছে আৰু গুজৰাটী,মাৰাঠী,কন্নড়, হিন্দী, বেংগলী আদি প্ৰায় ১২টা ভাষাৰে সুবিধা প্ৰদান কৰা হৈছে। ”Firstouchএ ভাৰতত আঞ্চলিক অপাৰেটিং ব্যৱস্থাটোৰ সুচনা কৰিছে। ধাৰণাটো নতুন। ই গ্ৰাহক পোৱাৰ লগতে উদ্যোগটোত কিছু ঘাত-প্ৰতিঘাতো পাইছে। ই ভিতৰুৱা গাওঁ অথবা সৰু চহৰ নগৰৰ গ্ৰাহকক নিজৰ ভাষাৰ এটা স্মাৰ্টফোন ব্যৱহাৰৰ সুবিধা দিছে। ,” ৰাকেশে তদুপৰি কয়।


image


কোম্পানীটোৱে Micromax ৰ প্ৰাক্তন Head of Mobile Phones আৰু Zen Mobilesৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বৈভৱ শাস্ত্ৰীক কোম্পানীৰ পেটেন্ট কৰি লোৱা এই কাৰিকৰী ব্যৱস্থাটোক আৰু অধিক বজাৰৰ কাষলৈ লৈ যোৱাত সুবিধা হবৰ বাবে নিযুক্তি দিছে। Snapdealৰ কুনাল বেহেল আৰু ৰোহিত বানছাল, Quikrৰ প্ৰণয় চুলেট আদিয়ে বিনিয়োগ কৰা এই কোম্পানীটোৱে সদায়ে ভাষাসমুহৰ পৰিসৰ আৰু উত্তৰণৰ বাবে অহৰহ কাম কৰিবলৈ কেইবাগৰাকীও ভাষা বিশেষজ্ঞৰ সহায় লৈ আছে। এই সুবিধা কিন্তু এণ্ড্ৰইডে প্ৰদান নাই কৰা।

eMarketerৰ নামৰ আন্তৰ্জাতিক গৱেষণা প্ৰতিস্থানটোৰ এক তথ্য মতে ২০১৬চনৰ ভিতৰত ২০০ মিলিয়ন স্মাৰ্টফোন ব্যৱহাৰকাৰীৰে ভাৰতে আমেৰিকাক পিছ পেলাই শীৰ্ষস্থানত উপনীত হব। ইয়াৰে ৬০ শতাংশই হ'ব ইংৰাজী ব্যৱহাৰ নকৰা গ্ৰাহক। এইহেন বিশাল এখন বজাৰত ভাৰতৰ গাওঁসমুহৰ এক মিলিয়ন গ্ৰাহকৰ কাষ পাওঁতে Firstouchৰ মাত্ৰ ১৪ সপ্তাহ লাগিছে। কেৱন নিজৰ Firstouch হেণ্ডচেটৰ উপৰিও Micromax হেণ্ডছেট এই সুবিধা প্ৰদান কৰি এই কাম সমাধা কৰিছে কোম্পানীটোৱে। ইয়াৰ দ্বাৰাই কোম্পানীটোৱে এক সুস্থিৰ উপাৰ্জন আহৰণ কৰিবলৈ সক্ষম হৈছে।

“দ্ৰূত গতিত সম্প্ৰসাৰণ হৈ থকা এই বজাৰ খনত আমি নিজৰ ভাষাৰে ইন্টাৰনেটৰ সৈতে সংযুক্ত হোৱাৰ সুবিধা প্ৰায় ৫০০ মিলিয়ন আৰু ডিজিটেল জগতখনৰ সৈতে সংযুক্ত হোৱাৰ সুবিধা প্ৰায় ১০০ মিলিয়ন গ্ৰাহকক ২০১৮চনৰ ভিতৰত দিয়াৰ সপোন দেখিছো ,” ৰাকেশৰ ভাষ্য

“এইটো পৰ্যায়ত, কাৰিকৰী উত্তৰণ, সজাগতা আৰু অপাৰেটিং চিষ্টেমত নতুন নতুন সুবিধা প্ৰদান কৰাত গুৰুত্ব প্ৰদান কৰিছো। ,” ৰাকেশে কয়। Firstouch এ শেহতীয়াবাবে বাংলাদেশত এই সেৱা মুকলি কৰিছে আৰু অতি শীঘ্ৰে দক্ষিণ-পূৱ এছিয়াৰ বজাৰ দখলৰ চেষ্টা চলাই আছে।

মূল--বিঞ্জল শ্বাহ

অনুবাদ-প্ৰাঞ্জল শৰ্মা