বিদ্যুৎচালিত চুলাৰ ক্ষেত্ৰত ষ্টাৰ্ট-আপ আৰু তৰুণ উদ্ভাৱকসকলক উদগনি যোগাবলৈ অ'এনজিচিক আহ্বান প্ৰধানমন্ত্ৰীৰ

বিদ্যুৎচালিত চুলাৰ ক্ষেত্ৰত ষ্টাৰ্ট-আপ আৰু তৰুণ উদ্ভাৱকসকলক উদগনি যোগাবলৈ অ'এনজিচিক আহ্বান প্ৰধানমন্ত্ৰীৰ

Wednesday September 27, 2017,

1 min Read

বিদ্যুৎচালিত চুলাৰ ক্ষেত্ৰত ষ্টাৰ্ট-আপ আৰু তৰুণ উদ্ভাৱকসকলক উদগনি যোগাবলৈ তেল আৰু প্ৰাকৃতিক গেছ নিগমক আহ্বান জনায় প্ৰধানমন্ত্ৰীয়ে। দীনদয়াল উপাধ্যায়ৰ জন্ম বাৰ্ষিকীৰ উপলক্ষে প্ৰধানমন্ত্ৰীয়ে তেল আৰু প্ৰাকৃতিক গেছ নিগম, চমুকৈ অ’এনজিচিক প্ৰত্যাহ্বান গ্ৰহণৰ বাবে আহ্বান জনায়। এই উপলক্ষে আয়োজিত সৌভাগ্য যোজনাৰ (SAUBHAGYA Yojana) এক অনুষ্ঠানত অ’এনজিচিৰ বিষয়া-কৰ্মচাৰীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে বিদ্যুতৰ দ্বাৰা চলাব পৰা এক ইলেক্ট্ৰিক চুলা নিৰ্মাণৰ বাবে আহ্বান জনায়।

image


প্ৰধানমন্ত্ৰীয়ে কয় যে এই অভিনৱ উদ্ভাৱনে ইন্ধনৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব। তেওঁ কয় যে যিসময়ত বিশ্বই বৈদ্যুতিক গাড়ীৰ নিৰ্মাণৰ প্ৰতি আগবাঢ়িছে, ভাৰতত বৈদ্যুতিক গাড়ীৰ পৰিৱৰ্তে ইলেক্ট্ৰিক চুলা নিৰ্মাণে দেশবাসীৰ অভাৱ পুৰণ কৰিব।