সহযোগিতাৰে বিনিয়োগঃ ধনী হওঁ আহক, একেলগে

সহযোগিতাৰে বিনিয়োগঃ ধনী হওঁ আহক, একেলগে

Tuesday December 22, 2015,

5 min Read

একোটা মাধ্যমে সাঙুৰি লোৱা প্ৰতিযোগিতামূলক প্ৰাইভেট ইকুইটি (পি.ই) স্পেক্ট্ৰাম, বিশেষকৈ মূলধন থকা প্ৰতিষ্ঠানসমূহ ষথেষ্ট বিস্তৃত আৰু আকৰ্ষণীয়। শেহতীয়া এটা আকৰ্ষণীয় তথ্য হ'ল যে, ভাৰতীয় ই-কমাৰ্চৰ দুটা বৃহৎ প্ৰতিদ্বন্দ্বী হ’ল এছিয়াৰ পি.ই. বিনিয়োগকাৰী টাইগাৰ গ্ল’ৱেল আৰু চফ্টচনিক। বৰ্তমানে বিনিয়োগৰ প্ৰবৃত্তি চাই এই সমীক্ষাটো হোৱা বা নোহোৱাৰ সম্পূৰ্ণ অনুমানহে কৰা হৈছে।

image


দৰাচলতে বিনিয়োগনো কি

পি.ই. বিনিয়োগৰ মূল লক্ষ্য হ’ল কোনো ধৰণৰ বিপদ নোহোৱাকৈ তেওঁলোকে বিনিয়োগ কৰা মূলধন কেনেকৈ দ্ৰুতগতিত ঘূৰাই আনিব পাৰে। যদি ভালদৰে চালিজাৰি চোৱা যায়, এই পদ্ধতি মৌলিকভাবে পোনপতীয়া হয়। এনেকুৱা এখন বজাৰ বাচি উলিয়াব লাগে যি হয় বৃহৎ ন’হলেবা সোনকালে বৃহৎ হোৱাৰ আশা আছে, এনেকুৱা এক প্ৰতিষ্ঠান বাচি উলিয়াব লাগে যি এই বজাৰ দখল কৰিব পাৰে, একে সময়তে সেইসমূহতে বিনিয়োগ কৰিব লাগে আৰু ইয়াৰ জৰিয়তে যি মূলধন আহৰণ কৰা যায় সেয়া অতিকৈ লাভজনক হয়।

যেতিয়া ধন অৰ্জন কৰা হয় তেতিয়াই জয়ী হোৱা যায়। ধন আহৰণ কৰাটোহে মূখ্য, বাকীবোৰ গৌণ।

নিজৰ লক্ষ্যত উপনীত হ’বৰ বাবে পি.ই. সকলে বিস্তৃত জ্ঞান তথা কৰ্মক্ষেত্ৰত নিপুণ লোকক একত্ৰিত কৰি গুৰুত্বপূৰ্ণ সেইবোৰ বজাৰ চিনাক্ত কৰে যিবোৰ ইতিমধ্যে বৃহৎ নতুবা বৃহৎ হোৱাৰ অবস্থাত আছে। আন আন প্ৰতিষ্ঠানসমূহে তাৰ পিছতহে স্থান পায়। এইক্ষেত্ৰত বিনিয়োগ কৰাতো অতি সংকটজনক, কাৰণ প্ৰতিষ্ঠান এটাই বিনিয়োগ কৰাৰ আগতে সেই বজাৰখন আকৰ্ষণীয় হোৱাটো জৰুৰী। 

অৱশ্যে সকলোৰে আকাংশা থাকে। কিছুমান প্ৰতিষ্ঠানে এই ডাঙৰ বজাৰসমূহত প্ৰৱেশ কৰে আৰু তেওঁলোকৰ সেই বজাৰসমূহ দমন কৰাৰ লগতে এইসমূহৰ পৰিধি প্ৰসাৰ কৰাৰো ক্ষমতা থাকে। কিছুমান প্ৰতিষ্ঠানে কোনো বাধা-বিঘিনি নোহোৱাকৈ এখন বজাৰতে তেওঁলোকৰ মূলধন বিনিয়োগ কৰিব বিচাৰেযাতে তেওঁলোকে অংশীদাৰৰ লগত সমান্তৰালভাবেআগবাঢ়ি যাব পাৰে। আৰু কেতিয়াবা এনে অংশীদাৰৰ মাজৰ পৰাই উপভোক্তাৰ পচন্দৰ এক অদ্বিতীয় আৰু নতুনত্ব থকা ব্ৰেণ্ডৰ উদ্ভাৱন হয়, যিসমূহ সঠিক সময়তে বজাৰৰ উপযোগীও হয়।

এইখিনিতে চাবলগীয়া আনুসংগিক কথাবোৰ হ’ল- এই উদ্ভাৱনী দলটো কিমান বিচক্ষণ, তেওঁলোকৰ ব্ৰেণ্ডৰ প্ৰাধান্য, গ্ৰাহকৰ সৈতে সম্পৰ্ক, সমতা স্থাপন আৰু আন আন প্ৰয়োজনীয় উপাদান। এই উপাদানসমূহেই হ’ল এখন প্ৰতিষ্ঠানৰ ক্ষমতাৰ সংকেতস্বৰূপ কিয়নো তেতিয়াহে তেওঁলোকে এখন বজাৰত আধিপত্য বিস্তাৰ কৰিব পাৰিব।

প্ৰথম অৱস্থাতেই যদি এখন বজাৰ আকৰ্ষণীয় নহয়, যদিওবা তাত যোগ্য লোক তথা শ্ৰেষ্ঠ সামগ্ৰীয়েই নাথাকক কিয়, সেইসমূহ গ্ৰহণীয় নহয়। ২০১৫ ৰ প্ৰতিবেদন অনুসৰি এনেকুৱা বজাৰত কোনো বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিব নিবিচাৰে।

সহযোগিতাই প্ৰতিযোগিতাৰ সহায়ক

বিনিয়োগকাৰীসকলে কেৱল বৃহৎ আৰু ক্ৰমান্বয়ে বৃহৎ হ’বলৈ ধৰা বজাৰৰ ওপৰতহে গুৰুত্ব দিয়েএটা কাৰণতেই,তেওঁলোকে ধনসমূহ এনেকুৱা এটা প্ৰতিষ্ঠানত বিনিয়োগ কৰিব বিচাৰে, য’ত বজাৰখনৰ এক ডাঙৰ অংশ তেওঁলোকে দখল কৰাৰ লগতে আধিপত্য বিস্তাৰ কৰিব পাৰে। সেয়েহে পোণপতীয়াকৈ আধিপত্য বিস্তাৰ কৰা এই প্ৰতিষ্ঠানখনৰ পৰা তেওঁলোকৰ মূলধন ভালকৈ আহৰণ কৰিব পাৰে। যদি সেই প্ৰতিষ্ঠানটো একচেটীয়া হয়, তেতিয়াহ’লে তেওঁলোকে সেই বজাৰখন নিজৰমতেই গঢ়িব পাৰেআৰু এইটো বিনিয়োগকাৰীসকলৰ বাবে শ্ৰেষ্ঠ আৰ্জন। এই পদ্ধতিয়েই বিনিয়োগকাৰীসকলৰ মূল লক্ষ্য।

আমি যদি কিছু বছৰৰ আগৰ চফ্টবেংকৰ বিনিয়োগলৈ চাওঁ, স্পষ্টকৈ দেখা পাওঁ যে তেওঁলোকে বিভিন্নধৰণৰ দখলৰ পদ্ধতি প্ৰয়োগ কৰিছে। তেওঁলোকে বৃহত্ আকাৰৰ মূলধন আগবঢ়োৱা আৰু ব্যক্তিগত প্ৰতিষ্ঠানসমূহক লোভনীয় আশা দিয়াবাবেই বিখ্যাত।

২০১০ৰ পৰা চফ্টবেংকে প্ৰায় ১৩ ইউ.এছ. ডলাৰ ৯০ মিলিয়ন + মুঠ বিনিয়োগ ইউ.এছ. ডলাৰ ৩.৯৩ বিলিয়ন সম্পূৰ্ণ কৰিলে। টাইগাৰেও তেওঁলোককেই অনুসৰণ কৰিলে; এই বৰ বৰ বজাৰসমূহৰ অংশীদাৰত বিনিয়োগ কৰি। যদি আমি এই প্ৰতিষ্ঠানসমূহত থকা এই বজাৰসমূহ পৰীক্ষা কৰো তেনেহলে স্পষ্টকৈ দেখা পাওঁ যে এই বজাৰসমূহ অতি বৃহত্ আৰু ক্ৰমান্বয়ে আৰু বৃহৎ হোৱাৰ পথত।

আমি যদি শীৰ্ষত থকা বজাৰসমূহলৈ লক্ষ্য কৰোঁ, বেছিভাগ প্ৰতিষ্ঠানে সমান্তৰালকৈ আৰু ক্ষিপ্ৰভাবে গতি কৰি আছে যাতে ভৱিষ্যতে এই বজাৰসমূহৰ লগত ফেৰ মাৰিব পাৰে। প্ৰতিযোগিতামূলক বজাৰত এইটো সাধাৰণ কথা হৈ পৰিছে ।

আমি যদি বিনিয়োগকাৰীসকলৰ প্ৰতিযোগীতা নিৰীক্ষণ কৰোঁ এইটো অতি সোনকালে ধাৰণা কৰাটো সম্ভৱ নহয়, কিয়নো টাইগাৰ গ্ল’বেল আৰু চফ্টবেংক এই দুয়োটা প্ৰতিষ্ঠানেই একেধৰণৰ বজাৰতে বিনিয়োগ কৰে- ফ্লিপকাৰ্ট(টাইগাৰ) আৰু স্নেপডিল(চফ্টবেংক)। ইয়াত এইটোৱেই ধৰিব পাৰি যে, এই দুয়ো বিনিয়োগকাৰীয়ে ভাৰতৰ অনলাইন কমাৰ্চ বজাৰক বিশ্বাস কৰে আৰু ই এতিয়া এক বৃহৎ ৰূপ লৈছে। ক্ৰমান্বয়ে ই আৰু বৃহৎ হোৱাৰ আশা কৰা হৈছে।

অতি সহজভাবে ক’বলৈ গ’লে এই বজাৰসমূহে ইমান বৃহৎ ৰূপ লৈছে যে আন আন প্ৰতিষ্ঠানেও এই বজাৰসমূহ দখল কৰি লাভবান হ’ব পাৰিছে। প্ৰতিষ্ঠানসমূহে কৰা এই প্ৰচেষ্টাত বিনিয়োগকাৰীসকলো লাভৱান হৈছে। তেওঁলোকে বজাৰখন বিস্তাৰ কৰা লগতে বৃহদাকাৰত গঢ়ি তুলিবলৈ সক্ষম হৈছে। একগোট হৈ বৃহৎ ৰূপ লোৱাই এখন সাধাৰণ বজাৰৰ লক্ষ্য।


image


টাইগাৰ গ্ল’বেল আৰু চফ্টবেংকে এতিয়া বুজি উঠিছে যে বৃহৎ মূলধন থকা বজাৰসমূহতহে প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ ধন বিনিয়োগ কৰে, য’ত তেওঁলোক বৰ্তমান আছে। ফ্লিপকাৰ্ট আৰু স্নেপডিলে ভাৰতীয় গ্ৰাহকসকলৰ ধাৰণা একেবাৰেই সলনি কৰি পেলালে। ইয়াৰ পৰিণাম এইটোৱেই যে, অনলাইন শ্বপিং এতিয়া ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে- আৰু বৃদ্ধি হোৱাৰ আশা আছে। তেওঁলোকে বজাৰৰ মূল্য চাই একেখন বজাৰৰেই বিভিন্নধৰণৰ প্ৰতিষ্ঠানত বিনিয়োগ কৰাৰ চেষ্টা কৰিছে। আৰু আমি ভাবোঁ যে এইয়া এক প্ৰতিযোগিতা। প্ৰকৃততে সেয়া নহয়- তেওঁলোকে প্ৰতিযোগিতামূলক ভাবে বিনিয়োগ কৰি বৃহৎ ৰূপ লোৱা এই বজাৰসমূহৰ পৰা ভালধৰণেই লাভৱান হয়, কিয়নো এই বজাৰসমূহ ডাঙৰ আৰু ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ আছে। যদি টাইগাৰ গ্ল’বেলে মতভেদ হোৱাৰ অভিপ্ৰায়ৰ পৰা আঁতৰি থাকে, তেওঁলোকৰ দ্বিতীয় বৃহৎ ৰাজহুৱা বজাৰ আমাজনে ধৰি ৰাখিব নোৱাৰিলেহেতেঁন (ফ্লিপকাৰ্টৰ ভাৰতৰ ভিতৰত বৃহত্তম প্ৰতিদ্বন্দী)।

ঠিক সেইধৰণে ভৱিষ্যতেও এই একেধৰণৰ প্ৰতিষ্ঠানত বিনিয়োগ কৰাত এওঁলোকক ৰখাই থব নোৱাৰে আৰু এইবোৰ অন্য বজাৰৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়। চাহিদা অনুসৰি যাতায়ত ব্যৱস্থা হৈছে এনেকুৱা এটা বৃহৎ তথা ক্ৰমান্বয়ে বৃহৎ হ’বলৈ ধৰা এখন বজাৰ। চফ্টবেংক আৰু টাইগাৰ গ্ল’বেলে যুটীয়াভাবে ইয়াক দখলৰ লগতে ক্ৰমবিকাশৰ প্ৰচেষ্টা চলাইছে।

অ’লা হ’ল ইয়াৰ এক উপযুক্ত উদাহৰণ- টাইগাৰ গ্ল’বেলে অ’লাক এনেধৰণে সহায় আগবঢ়াইছে যাতে দুয়োপক্ষই সমানে লাভাৱান্বিত হয়। আনহাতে চফ্টবেংকেও ইয়াক একেলগে সহযোগিতা আগবঢ়াইছে যাতে ভাৰতৰ বজাৰত অ’লাই এটা সুকীয়া আসন দখল কৰিব পাৰে।


image


সহযোগিতাৰে বৰ বৰ প্ৰতিষ্ঠানসমূহে কৰা বিনিয়োগৰ পৰিসৰ ক্ৰমান্বয়ে সমগ্ৰ বিশ্বতেই বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত বজাৰসমূহ দমন কৰাত কঠিন হৈ পৰিছে। সহযোগিতাৰে কৰা বিনিয়োগ মানে হ’ল, এটা প্ৰতিষ্ঠানত কেইবাগৰাকীও বিনিয়োগকাৰীয়ে কৰা বিনিয়োগ অথবা বিভিন্ন পদ্ধতিৰে বজাৰত নিজৰ প্ৰতিষ্ঠানৰ পৰিসৰ বৃদ্ধি কৰা। ইয়াৰ পৰিণাম একেই- সকলো বিনিয়োগকাৰীৰ মূল লক্ষ্য হ’ল যিকোনো প্ৰকাৰে মুনাফা অৰ্জন কৰা।

সেয়েহে যদি দ্বিতীয়বাৰৰ বাবে কিদৰে বিনিয়োগকাৰীসকলে প্ৰতিযোগিতাত নামিব সেই কথা জানিব বিচাৰে, তেন্তে সদায় মনত ৰখা উচিত যে, এই নিৰীক্ষণ সকলো সময়তে সঠিক ন’হবও পাৰে। এগৰাকী উদ্যোগী হিচাপে বাধা-বিঘিনিত গুৰুত্ব নিদি এখন বজাৰৰ পৰা কেনেকৈ মুনাফা আহৰণ কৰিব পৰা যায় তাৰ সঠিক পৰিকল্পনা কৰাতহে গুৰুত্ব আৰোপ কৰিব লাগে, আৰু এইবোৰে এটা প্ৰতিষ্ঠানৰ ভাল উপাদানসমূহ নিঃশেষ কৰে। আৰু ইয়াৰ জৰিয়তেই শ্ৰেষ্ঠ বিনিয়োগকাৰীসকলক চিনিব পাৰি।

এই বিনিয়োজন আৰু বিনিয়োগসমূহ প্ৰতিষ্ঠান এটাৰ আঁৰৰ প্ৰক-ত খেল, আৰু ইয়াত আমি যিমানেই সোমাই পৰোঁ ই সিমানেই অধিক আকৰ্ষণীয় হৈ পৰে।


লেখক- প্ৰণাভ পাই

অনুবাদ- অৰুন্ধতী বেজবৰুৱা

(Image credit - ShutterStock )