এগৰাকী বিদেশী মহিলা ভ্ৰমণকাৰীৰ দৃষ্টিৰে ভাৰত

0
মুম্বাইৰ মেৰিন ড্ৰাইভত কেথেৰিণ
মুম্বাইৰ মেৰিন ড্ৰাইভত কেথেৰিণ

ভাৰত ভ্ৰমণলৈ অহাৰ পূৰ্বে মই বিভিন্ন গাইড বুক, অনলাইন প্ৰবন্ধ আৰু ব্লগ আদি পঢ়ি দেশখন সম্পৰ্কে এক ধাৰণা ল’বলৈ চেষ্টা কৰিছিলো। সেইবিলাকৰ কিছুমান আছিল ভাল, কিছুমান বেয়া । কোনো এখন দেশৰ বিষয়ে জানিবলৈ বিচাৰোঁতে এনেকুৱা কথা কিছুমান আহি পৰেই, বিশেষকৈ অকলশৰীয়া(মহিলা)ভ্ৰমণকাৰীৰ ক্ষেত্ৰত।

অৱশ্যে মোৰ ইমান সমস্যা হোৱা নাছিল, যিহেতু মই মোৰ বয়ফ্ৰেণ্ডৰ সৈতে ভাৰত ভ্ৰমণ কৰিম, যি অকলেই বহু ঠাই ফুৰিছে।প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছত ঋণাত্মক কথাবোৰে আমাৰ যাত্ৰা ব্যাহত কৰিব নোৱাৰিলে আৰু বেয়া ঘটনাবোৰ যাতে আমাৰ লগত নঘটে তাৰ বাবেও আমি সাজু হৈ ল’লো। আমি খুব সম্ভৱ কিছু পৰিমাণে সৰল প্ৰকৃতিৰেই আছিলো আৰু আমি সোনকালেই বুজি উঠিলো যে, প্লেনখনত উঠি দিয়াৰ পিছত আৰু ভাৰতৰ মাটিত যেতিয়া আপুনি ভৰি থয়, তেতিয়া আপোনাক আগতীয়াকৈ কৰা গৱেষণাৰ বৰ এটা প্ৰয়োজনো নহয়।

আনকি আমি ঘৰ এৰাৰ আগতে জানিছিলো যে, এই ভ্ৰমণ মনত ৰাখিবলগীয়া এটা ভ্ৰমণেই হ’ব। কিমান যে আকৰ্ষণীয় ঠাই চাবলৈ আছে, আমাৰ বাবে প্ৰিয় ঠাই আছিল গ’ল্ডেন টেম্পল, তদুপৰি আছিল ভাৰতৰ সুকীয়া সংস্কৃতিক জনাৰ ইচ্ছা আৰু ইয়াৰ সকলো সুস্বাদু আহাৰৰ সোৱাদ লোৱা, অতি কমেও দুবাৰকৈ! আমি কিছুমান বৰ সুন্দৰ স্মৃতি গোটাইছিলো, কিন্তু লাহে লাহে সময়বোৰ পাৰ হৈ যোৱাৰ লগে লগে আমি প্ৰায় প্ৰত্যেকদিনাই কিছুমান মনে নিবিচৰা ঘটনাৰ সৈতে জড়িত হ’ব লগা হৈছিল, যিবিলাক মনত ৰৈ গৈছিল।

চুবুৰীয়া দেশবিলাক ভ্ৰমণ কৰাৰে পৰা আমি নিজকে প্ৰশ্ন কৰিছিলো যে, অতুল্য ভাৰত, ভ্ৰমণকাৰী বিশেষকৈ মহিলা ভ্ৰমণকাৰীৰ কাৰণে বিপদজনক হৈ উঠাৰ কাৰণ ভাৰতীয় পুৰুষ আৰু তেওঁলোকৰ মানসিকতা নেকি বাৰু? 

এয়া আৰম্ভ হৈছিল আমি দিল্লীত আহি পোৱাৰ পিছত। চহৰখনত আমি মাত্ৰ চাৰি ঘণ্টা আছিলো, তেতিয়াই বাটত এজন ভাল পোছাক পৰিহিত মানুহৰ পাল্লাত পৰিলো। আমি ভাৱিলো তেওঁ নিশ্চয় বন্ধুভাৱাপন্ন আৰু আমাক সহায় কৰিব পাৰিব। কিন্তু তেওঁ আচলতে আমাক এটা ভুৱা টুৰিষ্ট অফিচলৈ পঠাইছিল এইটো আশা কৰি যে আমি চাগে’ অধিক মূল্য ভৰি কোনো এক ভ্ৰমণ সেৱা গ্ৰহণ কৰিম।

তাৰ এদিন পাছত আমি নিউ দিল্লী ৰে’লৱে ষ্টেশ্যনৰ পৰা বাহিৰলৈ খোজকাঢ়ি আহি থাকোতে এজন মানুহে মোক সাৱটি ধৰিব খুজিছিল। মানুহজনে গম পোৱা নাছিল যে, মই এজন কৃষ্ণবৰ্ণৰ মানুহৰ সৈতে আছো আৰু তেওঁ মোৰ ঠিক পিছতেই থিয় হৈ আছিল। মানুহজনে ডেভিদৰ ওচৰত ধৰা পৰি আৰু তেওঁৰ পৰা বাধা পাই মাথোঁ হাঁহি আঁতৰি গ’ল।

সেয়া আছিল মাথোঁ আৰম্ভণী!

এতিয়ালৈকে যিমান ভ্ৰমণ কৰিছো, সেই অভিজ্ঞতাৰ ফালৰ পৰাই দিনটোৰ কাৰণে যেতিয়া ওলাই যাঁও নিজকে মানসিকভাৱে প্ৰস্তুত কৰিয়ে ওলাই যাঁও। যেনে, ধৰক আপুনি এনেকুৱা এক সাজ-পোচাক পৰিধান কৰিছে যি আনৰ দৃষ্টিগোচৰ নহয়,আৰু আনৰ দৃষ্টিৰ পৰা সাৰিবলৈ আপুনি চানগ্লাচ পিন্ধিব পাৰে বা আন নহ’লেও নিজৰ মুখখনকে কিছু পৰিমাণে ঢাকিব পাৰে।আমি আনকি পৰিস্থিতি অনুসৰি আমাৰ মনৰো পৰিৱৰ্তন কৰি লওঁ, যদি আমাৰ মন ভালে থাকে তেন্তে আমি হাঁহি মুখেৰে ফটোৰ বাবে ২০টা মান অনুৰোধ ৰক্ষা কৰো, কিন্তু মন বেয়া থাকিলে যদি কোনোৱে আমাৰ অনুমতি অবিহনে ফটো ল’বলৈ বিচাৰে, তেতিয়া আমি তেওঁলোকৰ ফোন কাঢ়ি লৈ তেওঁলোকক এটা শিক্ষা দিব বিচাৰোঁ।

তাৰপিছত আপুনি ডাঙৰকৈ এবাৰ উশাহ লওঁক, কাৰণ এবাৰ আপুনি অতিথি গৃহৰ পৰা ওলোৱাৰ পিছত দিনটোৱে আপোনালৈ কি কঢ়িয়াই আনিব পাৰে সেয়া আপুনি অনুমান কৰিব নোৱাৰে। কিছুমানে সেয়া এক ৰোমাঞ্চকৰ অভিজ্ঞতা বুলি ক’ব আৰু কিছুমান দিন সচাঁকৈয়ে বৰ ভাল লগা, যেনে কেৰালাৰ এক জনশূণ্য বীচত আমি লাভ কৰা শান্তি আৰু নিৰৱতাৰ সেই সময়বোৰ, বা এখন টি-টুৱেণ্টি ক্ৰিকেট খেলৰ বাবে আমি টিকট লাভ কৰাটো-এই সময়বোৰ খুব সুন্দৰ আছিল। কিন্তু এনেকুৱা কিছুমান সময়ো আছে যাৰ বাবে আমাৰ যাত্ৰাটো বৰ বেছি আনন্দকৰ হৈ উঠা নাছিল।


অমৃতসৰত কেথেৰিণ আৰু ডেভিদ
অমৃতসৰত কেথেৰিণ আৰু ডেভিদ

মই ভাৰতীয় সকলো পুৰুষকে একে শাৰিতে বিচৰা নাই।আমাৰ যাত্ৰাকালত আমি কিছু সংখ্যক প্ৰকৃততেই সৎ, দয়ালু আৰু ৰসিক ভাৰতীয় পুৰুষ লগ পাইছিলো। অমৃতসৰত আমি তিনিগৰাকী যুৱ ফটোগ্ৰাফাৰক লগ পাইছিলো, যিয়ে মোক আৰু ডেভিদক পাগুৰি পিন্ধাই ফটো তুলিছিল। আৰু খাজুৰাহোত লগ পোৱা খাদ্য পৰিৱেশকগৰাকী, যিয়ে বৰ আন্তৰিকতাৰে আমাক তেওঁৰ পামলৈ লৈ গৈছিল যাতে তেওঁৰ পৰিয়ালৰ সকলোকে আমি লগ পাব পাৰোঁ আৰু ঘৰুৱা এক অভিজ্ঞতা লাভ কৰিব পাৰোঁ। এই অভিজ্ঞতাবিলাক আমাৰ বাবে বৰ সুখকৰ আছিল।

ৰাজস্থানখন বিদেশী পৰ্যটকৰে সদায় গিজগিজাই থাকে কাৰণে আমি তাত মানুহৰ ইমান এটা দৃষ্টিত পৰিম বুলি ভৱা নাছিলো, যিমান আমি লাভ কৰিলো। এইটো এনে এক পৰ্যায় আছিল, যিটো আমি আগতে ভাৰতত কেতিয়াও পোৱা নাছিলো। একেবাৰে সৰলভাৱে ক’বলৈ গ’লে তাত মানুহৰ চকুৰ পৰা আমি একেবাৰে আঁতৰ হ’বই পৰা নাছিলো। আমি বুজি পাইছিলো যে, ভাৰতৰ মানুহে আমাৰ দৰে সম্পূৰ্ণ বিপৰীত বৰ্ণৰ যোৰা তেনেকৈ দেখা নাপায় আৰু ভাৰতীয় লোকে আমাক জনোৱা মতে, ভাৰতীয় লোকসকল জাতি-বৰ্ণ লৈ যথেষ্ট ৰক্ষণশীল। কিন্তু এই ধৰণৰ কথাই আমাক শাৰিৰীক আৰু আৱেগিকভাৱে কিমান হতাশ কৰে সেয়া কোনোৱেই যেন বুজি পাবলৈ নিবিচাৰে!

আমাৰ বাবে আটাইতকৈ বেয়া অভিজ্ঞতা

আমাৰ বাবে দুখদায়ক ঘটনাটো ঘটিছিল মুম্বাইত। ইতিমধ্যে ভাৰতত আমাৰ তিনি মাহ হৈ গৈছিল আৰু দৈনন্দিন জীৱনৰ লগত আমি বেছ পৰিচিত হৈ পৰিছিলো।

আমি ক’লাবা কজৱেত খোজকাঢ়ি ঘূৰি ফুৰিছিলো।সেইসময়তে কোনোবাই মোৰ উৰুত চিকুটি দিয়া যেন লাগিল।মই হাতত আধা পানীৰ বটল এটা লৈ আছিলো আৰু সেইখিনি মানুহজনৰ হাতত ঢালি দিলো। ডেভিদে লগে লগে ঘূৰি কি হৈছে সুধিলে।মই মুখেৰে মাথো বিৰবিৰাই থকা দেখি তেওঁ কিবা এটা বুজি পাই মোক আকোৱালি লৈ অভিযুক্তজনলৈ আঙুলি টোৱালে, যি মাথো আমাৰ পৰা এক মিটাৰমান দূৰত আছিল। ডেভিদে তেওঁক ধৰিলে,আৰু বেৰ এখনলৈ টানি নিলে আৰু তেওঁ কি কৰিছিল সুধিলে। ল’ৰাজনে একো নকৈ ডেভিদক গোৰ এটা সোধাই, ওচাইন ব’ল্টতকৈও দ্ৰুত বেগেৰে দৌৰি পলাই সাৰিল।

আচৰিত লাগিল,কোনেও কিনো হৈছিল বুলি আমাক নুসুধিলে আৰু ল’ৰাটোৰ লগত থকা মানুহখিনিয়েও তেওঁক যাবলৈ দিলে।মই ডেভিদক ইয়াৰ আগতে মনত ইমান আঘাত পোৱা দেখা নাছিলো,তেওঁ হিংস্ৰ প্ৰকৃতিৰ মানুহ নহয়,তেওঁ মাথো আৰক্ষী আহি নোপোৱালৈকে মানুহজনক ধৰি ৰাখিব খুজিছিল যাতে মোৰ আক্ৰমণকাৰীজনে অন্যায়ৰ শাস্তি পায়।

প্ৰতিক্ৰিয়া

আমি মুম্বাইৰ কিছুমান ছোৱালীক পিছদিনা লগ পাইছিলো আৰু আগদিনাৰ ঘটনাটোৰ কথা ক’লো। তেওঁলোকে শুনি আচৰিত হোৱা নাছিল! তেওঁলোকৰ প্ৰতিক্ৰিয়া আছিল এইধৰণৰঃ “আমি শুনি খুব দুখ পাইছো, এয়া সদায় হৈ থকা ঘটনাই।” আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া দেখি আচৰিত হ’লো। তেওঁলোকে এইটোকে বুজাব খুজিছিল যে, তুমি যদি মহিলা হৈ মুম্বাইৰ পৰ্যটকৰ অন্যতম প্ৰিয় ঠাই এখনত ঘূৰি ফুৰা, তেন্তে এনেধৰণৰ ঘটনা ঘটিবই বুলি ভাৱিয়ে ল’ব লাগে। ইয়াত এনেকুৱাই হয় আৰু তুমি এইবোৰ সলনি কৰো বুলিলেই কৰিব নোৱাৰা।

এই কথাবোৰে আমাক ধৰ্মশালাত লগ পোৱা বাংগালোৰুৰ এগৰাকী যুৱতীৰে হোৱা কথা-বতৰাখিনি মনত পেলাই দিলে।যুৱতীগৰাকীয়ে তেওঁলোকক কৈছিল যে,তেওঁ আন্ধাৰ হোৱাৰ আগতেই ঘৰ সোমাবলৈ চায়, কাৰণ তেওঁ ৰাতি হ’লে বাহিৰত সুৰক্ষিত অনুভৱ নকৰে।

মহিলা যাত্ৰীসকলে কৰিব কি যেতিয়া তেওঁলোকে ভ্ৰমণ কৰিব খোজা দেশখনৰ মহিলাসকলেই য’ত সন্ধিয়া হ’লে বাহিৰলৈ ওলাবলৈ ভয় কৰে? আৰু কি কাৰণে তেওঁলোকে ভয় কৰে? আমি জানিব পৰা মতে তেওঁলোকক তেওঁলোকৰ দেশৰে পুৰুষসকলে কি কৰিব পাৰে সেই লৈয়ে তেওঁলোকে ভয় খায়।

ময়ো মুম্বাইৰ ঘটনাটোকে ধৰি নাথাকিলো আৰু। কিছুমান পুৰুষে এই কথাটো একেবাৰেই বুজি নাপায় যে, এনেধৰণৰ ঘটনাই ভাৰতৰ সন্মান হানি কৰে। মই প্ৰায়েই বিৰক্ত হওঁ যেতিয়া আন আন মহিলা ভ্ৰমণকাৰীয়ে মোক ভাৰতৰ বিষয়ে সোধে।মই বিচাৰোঁ মানুহে নিজেই ইয়ালৈ আহি দেশখনৰ অভিজ্ঞতা লওঁক, সেয়ে মই মোৰ অভিজ্ঞতাৰ পৰা এক সমতা ৰাখিহে তেওঁলোকক দেশখন সম্পৰ্কে কওঁ। কিন্তু এটা কথা, মই তেওঁলোকক যিয়েই নকওঁ তেওঁলোকে কিন্তু ভালখিনিৰ পৰিৱৰ্তে বেয়াখিনিহে বেছিকৈ মনত ৰাখিব।


ভ্ৰমণৰ আনন্দ লৈছে দুয়োয়ে
ভ্ৰমণৰ আনন্দ লৈছে দুয়োয়ে

আমি ভাৰতত চাৰে চাৰিমাহ আছিলো আৰু আমি দেশখনৰ দীঘলে লেহৰ পৰা লাডাখলৈ আৰু তললৈ ভাৰকলাৰ পৰা কেৰালালৈ ভ্ৰমণ কৰিলো। এই গোটেই ভ্ৰমণছোৱা এক আৱেগিক ৰ'লাৰক’ষ্টাৰ ৰাইডৰ দৰেই আছিল আৰু,আপোনালোকে বিশ্বাস কৰকেই বা নকৰক আমি বিদায়ৰ পৰত বৰ দুখী অনুভৱ কৰিছিলো।দেশখনৰ কিছুমান বিশেষত্বক আমি ভালপাবলৈ শিকিলো। কিন্তু এটা প্ৰশ্ন মনত ৰৈ যায় যে,কিমান দিনলৈ ইয়াৰ মহিলাসকল, স্থানীয় বাসিন্দা আৰু ভ্ৰমণকাৰীসকলে দেশখনত ৰাতিয়েই হওক বা দিনতেই হওক খোজকাঢ়ি যাওঁতে আক্ৰমণৰ চিকাৰ হ’ব নেকি বুলি ভয় খাই থাকিব?

মূলঃ কেথেৰিণ লিগ্গাট

অনুবাদঃ লীনা শইকীয়া

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

অসমৰ কাৰিকৰী ক্ষেত্ৰৰ বাধাই টলাব পৰা নাই উদ্যমী ৰাজৰ্ষি আৰু ৰাজীৱক 

মেট্ৰ' চহৰ এৰি ভিতৰুৱা গাঁৱত জীৱন ধাৰণৰ মান উন্নত কৰিছে মনোজ বসুমতাৰীয়ে

কোনো NSA, CIAই আপোনাৰ মেইলত আৰু চকু ৰাখিব নোৱাৰিব

অসমৰ শিক্ষা জগতলৈ অভিনৱ অৱদান শান্তনু আৰু উৎপলাৰ GOOD WORDS