সূৰ্যৰ ৰশ্মিৰ সহায়তে আইচক্ৰীম নগলাকৈ ৰখা কাৰ্ট নিৰ্মাণ মুম্বাইৰ মহেশ ৰাঠীৰ

সূৰ্যৰ ৰশ্মিৰ সহায়তে আইচক্ৰীম নগলাকৈ ৰখা কাৰ্ট নিৰ্মাণ  মুম্বাইৰ মহেশ ৰাঠীৰ

Tuesday February 02, 2016,

4 min Read

গৰমত বাহিৰলৈ ওলাই গ’লে আপোনাক প্ৰয়োজন হয় এগিলাছ ঠাণ্ডা পানী বা এটা আইচক্ৰীমৰ। কিন্তু পথৰ দাঁতিত আপোনাৰ মন পচন্দৰ আইচক্ৰীম পালেও কেতিয়াবা আইচক্ৰীম আধা গলি যায়, তেনেদৰে পথৰ দাঁতিত পোৱা সকলো পানী বিশুদ্ধ নহবও পাৰে, সকলোৱেতো পানীৰ বটল কিনিব নোৱাৰে। এনে সমস্যাৰ সমাধান উলিয়ালে মুম্বাইৰ ইলেকট্ৰনিকচ ইঞ্জিনীয়াৰ মহেশ ৰাঠীয়ে। ৰাঠীয়ে যোৱা কিছু বছৰ ধৰি সূৰ্য ৰশ্মি, বতাহ আৰু জৈৱিক সামগ্ৰীৰ পৰা শক্তি উৎপাদনৰ ক্ষেত্ৰ খনত কাম কৰি আহিছে।

“নতুন কিবা এটা কৰাৰ ইচ্ছা মোৰ সদায়েই আছিল। গুজৰাটৰ ভুজত ৱাইণ্ড টাৰবাইনত কাম কৰি আছো তেতিয়া। প্ৰখৰ ৰ’দত ফিল্ডত কাম কৰি থকাৰ সময়ত মই উপলদ্ধি কৰিলো, গৰমত ঠাণ্ডা পানীৰ কিমান প্ৰয়োজন। মই সৌৰ শক্তিৰ দ্বাৰাই পানী ঠাণ্ডা কৰা এটা তন্ত্ৰৰ কথা চিন্তা কৰিলো। তোতিয়াৰ পৰাই মই এই ক্ষেত্ৰ খনত কাম কৰিবলৈ আৰম্ভ কৰিলো।”- সৌৰ শক্তিৰ দ্বাৰা পানী ঠাণ্ডাকৰি ৰখা ছিষ্টেমটোৰ কথা কেনেকৈ মনলৈ আহিল সেয়া য়'ৰ ষ্ট'ৰীক এনেদৰে জনালে মহেশ ৰাঠীয়ে।

image


মহেশে কৈ গ’ল-“মই এবাৰ কামৰ সংক্ৰান্তত দিল্লীলৈ যাওঁতে, পথৰ দাঁতিত থকা আইচক্ৰীম ভেণ্ডৰে মোক এটা আধা গলা আইচক্ৰীম দিলে, মই অন্য এটা খোজাত ক’লে, দিল্লীৰ গৰমত চব আইচক্ৰীম এনেদৰেই আধা গলি যায়। এনেদৰে ঘুৰি ফুৰোঁতে, পথৰ দাঁতিত দুটকাত এগিলাছ পানী বেছা আন এজন লোকক পালো, কিন্তু তেওঁ নাজানে পানী খিনি কিমান বিশুদ্ধ। তেতিয়াই মই কুলিং ৰেফ্ৰিজাৰেটৰ নিৰ্মাণৰ কথা ভাবিলো যাতে বিশুদ্ধ পনীৰ লগতে ঠাণ্ডা পানীও সহজতে পোৱা যায়।”

এনেধৰণেই মহেশে কুলিং ছিষ্টেমৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিলে। প্ৰথমে নিৰ্মাণ কাৰ্যত খুবেই অসুবিধা হৈছিল মহেশৰ। কেইবাটাও যন্ত্ৰাংশ চীন আৰু আমেৰিকাৰ পৰা মগাই আনিব লগীয়া হৈছিল। যাৰ বাবে মহেশৰ বহু সময় আৰু পইছাও খৰছ হ’ল। প্ৰায় ৫ লাখ টকা আৰু ডেৰ বছৰৰ কঠিন পৰিশ্ৰমৰ অন্তত মহেশে এনে এটা কুলিং ছিষ্টেম নিৰ্মাণ কৰি উলিয়ালে যিটোত বৰফো নগলাকে থাকে আৰু পানীও ঠাণ্ডা হৈ থাকে। তাৰ পাছত মহেশে ছিষ্টেমটো বজাৰত বিক্ৰীৰ বাবে উপযোগী কৰি তুলিলে। ছিষ্টেমটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, ছ’লাৰ পেনেলৰ সহায়ত ইয়াক চাৰ্জ কৰিব পাৰি, সময়ত বিদ্যুৎ শক্তিৰ দ্বাৰাও চাৰ্জ কৰিব পাৰি। ছিষ্টেমটোত থকা ১২ ভল্টৰ বেটেৰী মাত্ৰ আধা ইউনিটতে চাৰ্জ হৈ যায়। বৰফ আৰু ঠাণ্ডা পানী ৰখাৰ উপৰিও কোনোবাই বিচাৰিলে মোবাইল ফোন চাৰ্জ কৰাৰ সুবিধাও আছে ছিষ্টেমটোত।

image


মহেশে কোৱা অনুসৰি, কাৰ্টতো নিৰ্মাণ কৰাৰ সময়ত আটাইতকৈ ডাঙৰ সমাস্যাটো আহিল বিনিয়োগকাৰীক লৈ। প্ৰকল্পটোত আগবাঢ়িবলৈ কোনো বিনিয়োগকাৰী বিচাৰি নাপালে মহেশে। মহেশে পাব্লিক প্লেটফৰ্ম ব্যৱহাৰ কৰাৰ কথা চিন্তা কৰিলে। অৱশেষত এজন বিনিয়োগকাৰীৰ ধাৰণাটো পচন্দৰ হ’ল আৰু কামটো আৰম্ভ কৰাৰ কথা ক’লে। মহেশ কামত আগবাঢ়িল। “মই তেওঁক ক’লো যদি মই পইছা পাওঁ, এনেধৰণৰ দহটা কাৰ্ট নিৰ্মাণ কৰিম, আৰু এইবোৰ কোনো বেচৰকাৰী সংস্থাক ভাৰালৈ দিম, ইয়াৰ পৰা কোনো নিবনুৱাই উপাৰ্জন পথ এটা পাব, প্ৰতিমাহে এটা নিয়মিত আমদানিও হ’ব।”

তাতে থমকি নৰৈ মহেশ এতিয়া চালানী মাছ ৰাখিবৰ বাবে এটা কাৰ্ট নিৰ্মাণ কৰাত ব্যস্ত। এই কাৰ্টৰ দ্বাৰা পথৰ দাঁতিত মাছ বেছা সকলৰ মাছ দীৰ্ঘ সময় ধৰি বেয়া নোহোৱাকৈ থাকিব। মহেশে নিজৰ পৰবৰ্তী পৰিকল্পনাৰ বিষয়েও জনালে য়’ৰ ষ্টৰীক। সৌৰ শক্তিৰে চালিত এটা শীত তাপ নিয়ন্ত্ৰণ যন্ত্ৰও নিৰ্মাণ কৰি আছে তেওঁ। এই যন্ত্ৰটো হ’ব ফ’ৰ ইন ওৱান। ইয়াত থাকিব ছ’লাৰ পেনেল, বেটেৰী, কুলাৰ আৰু ইনভাৰেটাৰ। ইয়াৰ বিশেষত্ব হ’ল গৰম দিনত কুলাৰৰ কাম কৰাৰ লগতে গৰমৰ দিন গ’লে ই ইনভাৰেটৰৰ কাম কৰিব। মহেশৰ এই কুলাৰৰ দাম চাৰে বাৰ হাজাৰ টকাৰ পৰা আৰম্ভ হৈছে।

image


মহেশে নিৰ্মাণ কৰা আটাইতকৈ সৰু আইছ কাৰ্টটো ১০৮ লিটাৰৰ। যিটোৰ এবাৰ চাৰ্জ হোৱাৰ পিছত ১৬-১৭ ঘন্টা আইছক্ৰীম জমা কৰি ৰাখিব পৰা ক্ষমতা আছে। ইয়াৰ উপৰিও কাৰ্টটোত একেসময়তে ৫০ পৰা ৬০ লিটাৰ পানী ৰাখিব পাৰি। পানী পৰিস্কাৰ হোৱাৰ লগতে ঠাণ্ডা হৈয়ো থাকে। এই আইছকাৰ্টৰ দাম আৰম্ভ হয় ১লাখ টকাৰ পৰা। মহেশে বৰ্তমানলৈ প্ৰায় ১৫টা আইছকাৰ্ট (ডীপ ফ্ৰীজাৰ) বিক্ৰী কৰিছে হোটেলত। ইয়াৰ প্ৰায়বোৰেই ৫০০ পৰা ১০০০ লিটাৰৰ ভিতৰত। ইয়াৰ উপৰিও কেইবাটাও ডাঙৰ ডাঙৰ আইছক্ৰীম কোম্পানীৰ সৈতে মহেশৰ কথা বতৰা চলি আছে। মুম্বাইত বসবাস কৰা মহেশে নিজৰ কাম কাজ ‘বিশ্বামিত্ৰ ইলেকট্ৰিকেল এণ্ড ইঞ্জীনিয়াৰৰ্ছ প্ৰাইভেট লিমিটেড’ৰ জৰিয়তে কৰি আছে। এতিয়া মহেশৰ পৰিকল্পনা ক্ৰাউন ফাণ্ডিংৰ জড়িয়তে পইছা গোটাই কোম্পানীটোৰ প্ৰসাৰণ ঘটোৱা।

মূলঃ হৰিষ বিষ্ট

অনুবাদঃ মুকুন্দ মাধৱ নেওগ

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

নাৰীয়ে কেৰিয়াৰত উধাব নোৱাৰিলে সমাজেও চাপ নিদিয়েঃ

বিয়াৰ বাবে ফটোগ্ৰাফাৰৰ সন্ধান কৰোতে সৃষ্টি হ'ল কিউ ৱাই কে (Qyk) ৰ

“যদি দৃঢ়বিশ্বাস থাকে তেন্তে সফলতা অনিবাৰ্য”: ডঃ বন্দনা জৈন