উদ্যোগীৰ বাবে যোগাভ্যাসৰ তাৎপৰ্য

উদ্যোগীৰ বাবে যোগাভ্যাসৰ তাৎপৰ্য

Monday June 13, 2016,

3 min Read

যোগাভ্যাস যে স্বাস্থ্যৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে । কিন্তু যিসকল উদ্যোগপতি অথবা যিসকলৰ উদ্যোগপতি হোৱাৰ ইচ্ছা আছে তেওঁলোকৰ বাবে যোগাভ্যাসৰ কিছু মৌলিক তাৎপৰ্য আছে । উদ্যোগীসকলে ভীষণ পৰিশ্ৰম কৰিবলগীয়া হয় । দৈনিক যোগাভ্যাসে তেওঁলোকৰ মানসিক আৰু শাৰীৰিক বল বৃদ্ধি কৰে । তেওঁলোকৰ সৃজনীশক্তি আৰু কৰ্মকুশলতা বঢ়াই তোলে । প্ৰতিকূলতাৰ সৈতে যুঁজাৰ শক্তি বৃদ্ধি কৰে । মনক সজীৱ আৰু চাপমুক্ত কৰে । বৌদ্ধিক, মানসিক আৰু স্নায়বিক সকলো দিশতে ই সহায় কৰে । দৈনিক কেইমিনিটমানৰ যোগাভ্যাসে মানুহক শক্তিৰ ভঁৰালত পৰিণত কৰে ।

ইতিমধ্যে অবছেছড কম্পালছিভ ডিছঅৰ্ডাৰৰ প্ৰতিকাৰত যোগাভ্যাসৰ গুৰুত্ব প্ৰমাণিত হৈছে । গৱেষণাই কয় যে যোগাসনে মগজুৰ ৰক্ত সঞ্চালন আৰু অক্সিজেনৰ প্ৰৱাহ বঢ়ায় । ই শাৰীৰিক আৰু মানসিক দুয়োধৰণৰ অৱসাদ আঁতৰায় । এটা দিঘলীয়া যোগাভ্যাসৰ পাছত মন আৰু শৰীৰ দুয়োটাই সতেজ হৈ পৰে । 

বেছিভাগ উদ্যোগীয়েই স্বাস্থ্য সচেতন । কিন্তু মানসিক স্বচ্ছতাও দৰকাৰী । দুৰ্ভাগ্যজনকভাৱে ব্যস্ত ষ্টাৰ্টআপ জীৱনত প্ৰতিকূলতা বাঢ়িয়েই থাকে । যি প্ৰবল মনোবল আৰু শাৰীৰিক তৎপৰতা এই জীৱনে বিচাৰে সেয়া কেৱল যোগাভ্যাসে দিব পাৰে । 

প্ৰচলিত বিশ্বাসৰ বিপৰীতে কোৱা হয় যে কায়িক পৰিশ্ৰম বহু সময়ত স্বাস্থ্যৰ পক্ষে ভাল । আদিম মানুহৰ বাচি থকাৰ আহিলাই আছিল কায়িক পৰিশ্ৰম । প্ৰগৈতিহাসিক যুগত এই শ্ৰমেই মানুহক ঘাতক শত্ৰু, ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰপৰা বচাই ৰাখিছিল। আমাৰ পুৰ্বপুৰুষৰ বাবেই সেই পৰিশ্ৰমী সত্তা আমাৰ জিনত আজিও আছে । প্ৰত্যেক উদ্যমীৰেই কিছু ভ্ৰান্ত ধাৰণা থাকে । অৱশ্যে নিজৰ ব্যৱসায় স্থাপন কৰিবলৈ যেতিয়া আপুনি অহৰহ যুদ্ধ চলাই গৈছে তেতিয়া জানি ৰখা দৰকাৰ যে আপোনাৰ স্বাস্থ্যই হ'ব প্ৰথমটো বিষয় যি জোঁকাৰণি খাব । হাড়ভগা পৰিশ্ৰম আৰু বহু বাধা বিপত্তি নেওচি অনেক পৰীক্ষা দিব লাগিব আপেনাৰ শৰীৰটোৱে । 

পৰিশ্ৰম স্বাস্থ্যৰ বাবে ক্ষতিকৰ নহয় । কিন্তু অতিৰিক্ত পৰিশ্ৰম বিপজ্জনক । পৰিশ্ৰমৰ ফলত আমাৰ শৰীৰত বিভিন্ন এচিড উৎপন্ন হয় । গৱেষণাই কয় যে ট্ৰেফিকত আৱদ্ধ হৈ থকা অৱস্থাত যি পৰিমাণৰ মানসিক পৰিশ্ৰম হয় সি আফ্ৰিকাৰ হাবিত সিংহৰ খেদা খোৱা জিৰাফ বা জেব্ৰাৰ যি কষ্ট হয় তাৰ সমান । 

জীৱনত প্ৰথমবাৰ যোগসন কৰা এজন মানুহে যথেষ্ট শান্তি আৰু আৰাম অনুভৱ কৰে । যিসকলে নিয়মিত যোগাভ্যাস কৰে তেওঁলোকে নিশ্চিতভাৱেই মানসিক চাপ কমাবলৈ সক্ষম হৈছে । যোগাভ্যাসে মনৰ চঞ্চলতা হ্ৰাস কৰে । শুনাত সহজ হলেও একো নভৱাকৈ থকা খুব টান । যোগাসনে মনক শান্ত কৰে । মনটোৱে বিশ্ৰাম লাভ কৰে । 

যোগাভ্যাসৰ সময়ত শৰীৰৰ লগত স্নায়ুসমূহৰ এক সমতা স্থাপন হয় । শৰীৰত পবিত্ৰ শক্তিৰ এক স্ৰোত বয় । মন, মগজু আৰু শৰীৰে আৰাম পায় । পঢ়া-শুনাৰ ধাউতি বাঢ়ে। দৃষ্টিভঙ্গী স্পষ্ট হয় । বিশ্লেষণ ক্ষমতা বাঢ়ে । যোগাভ্যাসে মানসিক গভীৰতাও বৃদ্ধি কৰে । 

আজিৰ মানুহ উৎপাদনশীলতাৰ পূজাৰী । আজিৰ মানুহৰ মনত ডাঙৰ ডাঙৰ ধাৰণাই খেলা কৰে । আমাৰ মনটো সৰ্বাধিক তৎপৰ হৈ থাকিবলগীয়া হয় । যোগাভ্যাসে ব্যক্তিৰ সৈতে তেওঁৰ আত্মাৰ মিলন ঘটায় । এই কথা সদায় মনত ৰখা উচিত উৎদ্যোগী সকলে । 

যোগাসনে উৎত্তেজনা আৰু অৱসাদ কমায় । নিজৰ ওপৰত থকা সন্দেহক মাৰি পেলায় । আত্মিক আৰু শাৰীৰিক চেতনা বঢ়ায় । ফলত ব্যক্তিৰ গ্ৰহণযোগ্যতা বৃদ্ধি পায় । প্ৰতিজন মানুহৰ অন্তৰত একোজন সৃষ্টিশীল মানুহ লুকাই থাকে । যোগাভ্যাসে এই সৃষ্টিশীলতাক উলিয়াই আনে । মানসিকভাৱে বিপৰ্যস্ত অৱস্থাৰপৰা মানুহে মুক্তি পায় । আৰু ঘুৰাই পায় প্ৰাণঞ্চলতা আৰু উৎসাহ । 

এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কিছুমান কাহিনী

অসমীয়া কিতাপক চাইবাৰ জগতলৈ নিয়া উদ্যমী বিকাশ কলিতা

বলীউদত এজন উদীয়মান অসমীয়া- বিবেক কৰ

আপোনাৰ চাকৰিটো এৰি উদ্যোগ আৰম্ভ কৰাৰ সঠিক সময় কেনেকৈ চিনিব

য়েল্ল' পেজেছৰ পৰা অনলাইন বজাৰলৈকে Askmebazaar ৰ নীৰৱ আৰু দ্ৰুত সফলতা