ড'নাল্ড ট্ৰাম্পৰ দখলত হোৱাইট হাউছ

ড'নাল্ড ট্ৰাম্পৰ দখলত হোৱাইট হাউছ

Thursday November 10, 2016,

2 min Read

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৪৫তম ৰাষ্ট্ৰপতি পদত অধিষ্টিত হ'ল ড'নাল্ড ট্ৰাম্প । আঠবছৰৰ মূৰকত পুনৰবাৰ ৰিপাব্লিকান দলৰ দখললৈ গ'ল হোৱাইট হাউছ । আমেৰিকাৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে বিবেচিত হৈছে এই বিজয় । ডেমক্ৰেটিক দলৰ প্ৰাৰ্থী হিলাৰী ক্লিন্টনক শ্বাসৰুদ্ধকৰ এখ নিৰ্বচনত হৰুৱাই ট্ৰাম্প জয়লাভ কৰে । জানুৱাৰী মাহত তেওঁ শপত গ্ৰহণ কৰিব।

image


সমৰ্থক সকলক সম্বোধি ট্ৰাম্পে কয়, 

"এতিয়া সন্মিলিতভাৱে এখন ৰাষ্ট্ৰ হিচাপে থিয় দিয়াৰ সময় । মই সকলো দেশবাসীক আশ্বাস দিও যে মই সকলো আমেৰিকানৰেই ৰাষ্ট্ৰপতি হিচাপে কাম কৰিম ।"

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এজন প্ৰাৰ্থীয়ে জয়লাভ কৰিবলা হ'লে তেওঁ ৫৩৮ ইলেক্টৰেল কলেজ ভোটৰ ২৭০ টা ভোট লাভ কৰিব লাগে । নিউ য়ৰ্ক টাইমছৰ মতে ট্ৰাম্পে ফ্লৰিডা ( ২৯ ), জৰ্জিয়া ( ১৬), অহায়' (১৮), নৰ্থ কেৰলিনা ( ১৫), ছাউথ ডেকটা ( ৩), নেব্ৰাস্কা (৪), কানছাছ ( ৬), অক্লাহ'মা (৭), টেক্সাছ (৩৮), ৱায়মিং (৩), ইণ্ডিয়ানা (১১), কেন্টাকী (৮), টেনেছী (১১), মিছিছিপি ( ৬), আৰকানছাছ (৬), লুইজিয়ানা (৮), ৱেষ্ট ভাৰ্জিনিয়া (৫), আলাবামা (৯), ছাউথ কেৰলিনা ( ৯), মন্টানা (৩), ইডাহ' ( ৫) আৰু মিছৌৰী (১০) জয় কৰে ।

আনহাতে হিলাৰী ক্লিন্টনে কেলিফৰ্নিয়া (৫৫), হাৱাই (৪), ইলিনয়ছ (২০), নিউ য়ৰ্ক (২৯), নিউ জাৰ্ছী (১৪), মেৰীলেণ্ড (১০), কলম্বিয়া (৩), ভাৰ্মন্ট (৩), মাছাছুচেট (১১), কানেক্টিকাট ( ৭), ডেলাৱেৰ (৩), কলৰাড' (৯), নিউ মেক্সিক' (৫), ভাৰ্জিনিয়া (১৩), অৰেগন (৭), ৱাশ্বিংটন (১২) আৰু ৰড আইলেণ্ড (৪) জয়লাভ কৰে । 

এই জয়লাভৰ পাছত হিলাৰী ক্লিন্টনে ট্ৰাম্পক ফোন কৰি অভিনন্দন জনায় ।

"মই হিলাৰীক প্ৰচাৰৰ বাবে তেওঁ কৰা কঠোৰ পৰিশ্ৰমৰ বাবে অভিনন্দন জনাও । তেওঁৰ সেৱাৰ বাবে সমগ্ৰ দেশখন তেওঁৰ ওচৰত কৃতজ্ঞ ।" ট্ৰাম্পে কয় ।

এই জয় ক্লিন্টন শিবিৰৰ বাবে আছিল আশ্বৰ্যকৰ কিয়নো ক্লিন্টন শিবিৰৰ প্ৰচাৰত ট্ৰাম্পতকৈ অধিক ধন খৰচ হৈছিল । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

৫০০ আৰু ১০০০ টকীয়া নোট সম্পৰ্কে জানিবলগীয়া ১০ টা কথা

পথত বাতৰি কাকত বেচাৰপৰা আই আই টিলৈ শিৱাঙ্গীৰ প্ৰেৰণাদায়ী যাত্ৰা

ভাৰতীয় 'চায়ৱালী' উপমা অষ্ট্ৰেলিয়াৰ বিজনেছ ৱমেন অব দা ইয়েৰ

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম ভাৰতীয় প্ৰতিনিধি