'পৰৱৰ্তী আইনষ্টাইন' চব্ৰিনা পেষ্টাৰস্কিয়ে ১৪ বছৰ বয়সতে উৰাইছিল নিজে সজা বিমান

'পৰৱৰ্তী আইনষ্টাইন' চব্ৰিনা পেষ্টাৰস্কিয়ে ১৪ বছৰ বয়সতে উৰাইছিল নিজে সজা বিমান

Friday June 17, 2016,

3 min Read

'ভাগৰ লাগিলে মই শুই থাকোঁ। অান সময়ত মই পদাৰ্থবিজ্ঞানৰ লগত ব্যস্ত থাকোঁ।' এই মন্তব্য চব্ৰিনা পেষ্টাৰস্কিৰ । হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে 'পৰৱৰ্তী আইনষ্টাইন' আখ্যা দিয়া চব্ৰিনাই গাড়ি চলাবলৈ শিকাৰ আগতে নিজৰ বিমান উৰাইছিল । আজিৰ যুগৰ হিচাপত এক অগতানুগতিক জীৱনধাৰা চব্ৰিনাৰ । তেওঁ স্মাৰ্টফোন ব্যৱহাৰ নকৰে । ছ'চিয়েল মিডিয়া তেওঁ এৰাই চলে ।ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ আৰু লিংকডইনত কতো বিচাৰি নাপাব তেওঁক । কিন্তু নিজৰ ৱেবচাইট PhysicsGirl ত নিজৰ সফলতা আৰু উপলব্ধিৰ খবৰসমূহ নিয়মিতভাৱে দি থাকে তেওঁ ।

(Image- Scoop Whoop)

১৯৯৩ চনত চিকাগোত জন্ম হোৱা চব্ৰিনা এগৰাকী প্ৰথম প্ৰজন্মৰ কিউবান আমেৰিকান । ১৯৯৮ চনত এডিচন ৰিজিঅ'নেল গিফ্টেড চেন্টাৰত নামভৰ্তি কৰে চব্ৰিনাই । ইলিনয়ছ মেথমেটিকছ এণ্ড চাইন্স একাডেমিৰপৰা ২০১০ চনত শিক্ষা সমাপ্ত কৰা চব্ৰিনাই ২০০৩ চনত বিমান উৰণৰ প্ৰশিক্ষণ ল'বলৈ আৰম্ভ কৰে । ২০০৬ চনত তেওঁ নিজাকৈ এখন বিমান নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰে । নিচেই কম বয়সৰপৰা পদাৰ্থবিজ্ঞান অধ্যয়ন কৰিবলৈ লোৱা চব্ৰিনাই ১৪ বছৰ বয়সতে এটা ইঞ্জিনৰ এখন বিমান নিৰ্মাণ কৰি সেইখন অকলে উৰাবলৈ সক্ষম হয় । পাছলৈ MITৰ পৰা উচ্চ শিক্ষা আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰপৰা পি এইছ ডি ডিগ্ৰী লাভ কৰা চব্ৰিনা ব্যস্ত আছে পদাৰ্থবিজ্ঞানৰ জটিলতম সমস্যাসমূহৰ সমাধান উলিউৱাত । MITৰ অধ্যাপক এলেন হেগাৰ্লী আৰু এলেন মাৰমেনে 'ফিজিক্স গাৰ্ল' চব্ৰিনাৰ বিমানৰ ইউ টিউব ভিডিঅ' দেখি অত্যন্ত মুগ্ধ হয় । 'এই ভিডিঅ দেখি আমাৰ মুখ মেল খাই গৈছিল । আমি বুজিছিলো এই ছোৱালীজনীৰ প্ৰতিভা আৰু সম্ভাৱনীয়তা কিমান ।' হেগাৰ্লীয়ে কয়। চব্ৰিনাই MITত নামভৰ্তি কৰাৰ সুযোগ পায় আৰু তাৰপৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে । 

বেছিভাগ মেধাৱী ছাত্ৰ-ছাত্ৰীৰে অলংকাৰ হ'ল পৰীক্ষাত ভাল নম্বৰ আৰু পাঠ্যক্ৰম বহিৰ্ভূত কাম-কাজ। চব্ৰিনা আছিল এইবোৰৰ ওপৰত । বিমান নিৰ্মাণ আৰু উৰণেৰে তেওঁ নিজৰ বাবে এক সুকীয়া স্থান সৃষ্টি কৰিবলৈ সক্ষম হৈছে । 'প্ৰথমতে ই অলপ টান আছিল । কাৰণ মই এই কাম আৰম্ভ কৰোঁতে মোৰ বয়স আছিল ১২ বছৰ আৰু এইবোৰ জ্ঞান পাঠ্যপুথিৰপৰা পোৱা নাযায় ।' উল্লেখযোগ্য যে চব্ৰিনা বৰ্তমান এগৰাকী স্বীকৃতিপ্ৰাপ্ত লঘু বিমান নিৰ্মাতা । 

ইলিনয়ছ মেথমেটিকছ এণ্ড চাইন্স একাডেমিৰ অধ্যক্ষ এৰিক মেকলাৰেনৰ মতে চব্ৰিনাৰ বিশেষত্ব তেতিয়াই প্ৰকাশ পাইছিল যেতিয়া ইউ এছ ফিজিক্স টীম ছেমিফাইনেলিষ্ট হিচাপে মাত্ৰ ২৩ গৰাকী ছাত্ৰীৰ এগৰাকী হিচাপে স্থান পাইছিল চব্ৰিনাই । এি সন্মান লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল মাত্ৰ ৩০০। এই অভিজ্ঞতাই চব্ৰিনাক আৰু এটা কথা শিকাইছিল । বিজ্ঞানৰ ক্ষেত্ৰখনত মহিলা আৰু সংখ্যালঘূৰ সংখ্যা নিচেই তাকৰ । সেয়েহে বিজ্ঞান অধ্যয়নক অধিক জনপ্ৰিয় কৰিবলৈ তেওঁ এখন তথ্যচিত্ৰৰ কামত ব্যস্ত আছে । মেকলাৰেনৰ মতে, 'বিজ্ঞান আৰু গণিতৰ ক্ষেত্ৰত তাইৰ দক্ষতা অপাৰ আৰু তাই জনা সকলো কথা তাই বাস্তৱ জগতখনত প্ৰয়োগ কৰিছে । কিন্তু মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে তাই নিজৰ দক্ষতাৰ প্ৰয়োগেৰে মহিলা আৰু সংখ্যালঘুসকলক বিজ্ঞানৰ ক্ষেত্ৰখনলৈ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত বাটকটীয়াৰ কাম কৰি গৈছে ।'

ইতিমধ্যে এগৰাকী দক্ষ বক্তা হিচাপে খ্যাতি লাভ কৰা চব্ৰিনাই প্ৰিন্সটন, হাৰ্ভাৰ্ড (ফেকাল্টি কনফাৰেন্সকে ধৰি), MIT, ফিলাডেলফিয়াত অনুষ্ঠিত ফৰ্বছ শীৰ্ষ সন্মিলনকে ধৰি বিভিন্ন স্থানত বক্তৃতা প্ৰদান কৰিছে । ইতিমধ্যে নাছাৰ উপৰিও এমেজন আৰু বিমান তথা মহাকাশযান প্ৰযুক্তি প্ৰতিষ্ঠান ব্লু অৰিজিনৰ প্ৰতিষ্ঠাতা জেফ বেজ'ছে তেওঁক চাকৰিৰ প্ৰস্তাৱ আগবঢ়াইছে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বেঞ্জামিন ফ্ৰেংকলিনৰ কৰ্মকুশলতাৰ এক গোপন মন্ত্ৰ উদ্যমীসকলৰ বাবে

১০ অনুৰ্দ্ধ CEO 'হেক কিং' ৰুবেন

হুইল চেয়াৰৰপৰা ৰেম্পৱাক আৰু বিশ্বৰেকৰ্ডলৈ ৰুচিকা শৰ্মাৰ যাত্ৰা