‘যুগ্ম-অযুগ্ম’ৰ ফর্মূলাৰ সফল ৰূপায়ণৰ বাবে দিল্লীৰ জনতাক ধন্যবাদ

‘যুগ্ম-অযুগ্ম’ৰ ফর্মূলাৰ সফল ৰূপায়ণৰ বাবে দিল্লীৰ জনতাক ধন্যবাদ

Monday January 11, 2016,

7 min Read

মই আশাকৰোঁ যে কিছুদিনলৈ কেৱল মাত্ৰ প্ৰপাগাণ্ডাত বিশ্বাসী অন্ধ সমালোচক সকলৰ মূখবোৰ বন্ধ হ’ব৷ এই মানুহখিনিয়েই আম আদমি পার্টিৰ চৰকাৰখনক শাসন ব্যৱস্থাটোলৈ আওকাণ কৰি অকল প্ৰতিবাদত ব্যস্ত থকা চৰকাৰ বুলিয়েই কৈ আহিছিল৷ কিন্তু বিপৰীতপক্ষে ‘আপ’ চৰকাৰখনে বর্তমান সময়ৰ আটাইতকৈ সময়োপযোগী আৰু অভিলাষী আঁচনিখনৰ ৰূপায়ণ কৰি সকলোকে চমকিত কৰিবলৈ সক্ষম হৈছে৷

image


প্ৰদূষণ ৰোধ কৰিবলৈ ‘যুগ্ম-অযুগ্ম’ৰ সূত্ৰটো প্ৰথম অৱস্থাত ৰূপায়ণ কৰিবলৈ লওঁতে আনকি ‘আপ’ৰ সদস্য আৰু চৰকাৰৰ ভিতৰুৱা বহুলোকেই দিল্লীৰ জনসাধাৰণে যে আঁচনিখনক এনেদৰে আদৰি ল’ব সেই কথাটো সপোনতো ভাবিব পৰা নাছিল৷

ব্যক্তিগতভাৱে বিগত কিছু দিনত দিল্লীৰ চুকে কোণে পৰিভ্ৰমণ কৰা কালত মই লগ পোৱা সকলো লোকেই দিল্লী চৰকাৰৰ এই বলিষ্ঠ পদক্ষেপক আন্তৰিকতাৰে আদৰণি জনাইছে৷ সেই লোকসকলৰ বহুতেই আপ চৰকাৰে এই আঁচনিখন প্ৰৱর্তন কৰা বাবে চৰকাৰখনক ধন্যবাদো জনাইছে৷ কিন্তু মই ক’ব খুজিছো যে দিল্লীত বাস কৰা লোকসকলৰ সহযোগিতা অবিহনে এই আঁচনিখন ৰূপায়ণ কৰাটো একেবাৰেই অসম্ভৱ হ’লহেতেন আৰু সেইবাবেই মই দিল্লীবাসী সকলক এই চেগতে বহুত ধন্যবাদ জনাব খুজিছো৷

কিছুদিন পূর্বে দিল্লী উচ্চ ন্যায়ালয়ে দিল্লীক এক ‘গেছ চেম্বাৰ’ হিচাবে অভিহিত কৰিছিল৷ তেতিয়াই সেই বিষয়টো দিল্লী চৰকাৰৰ দৃষ্টিগোচৰ হৈছিল আৰু চৰকাৰে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি প্ৰতি মাহৰ ২২ তাৰিখে দিল্লীৰ ৰাস্তাত গাড়ী-মটৰ নচলোৱাৰ সংকল্প লৈ এক অভিযানৰ পাতনি মেলিছিল৷ কিন্তু এইটো এটা জৰুৰী অৱস্থা আছিল আৰু চৰকাৰখনে এই জৰুৰী অৱস্থাৰ মোকাবিলা কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল৷ কাৰণ ইয়াৰ সৈতে দিল্লীৰ সমস্ত জনসাধাৰণ আৰু ভবিষ্যৎ প্ৰজন্মৰ বিষয়টো জড়িত হৈ আছিল৷

আনহাতে ‘যুগ্ম-অযুগ্ম’ৰ সূত্ৰটো ঘোষণা কৰিবলৈ লোৱাৰ সময়ত আমাৰ দল আৰু মোৰ বহু শুভাকাঙ্ক্ষীয়ে সূত্ৰটোৰ বিফল প্ৰয়োগ হ’লে আমাৰ দলটো শাসন কৰাত অপাৰদর্শী বুলি সকলোৱে সমালোচনা কৰাৰ আশংকাত বিষয়টোত ভালদৰে ভাবি চাইহে আগবঢ়াৰ পৰামর্শ দিছিল৷ কিন্তু আমাৰ চৰকাৰ, আমাৰ দল আৰু দলৰ কর্মকর্তা সকল এই অভিযানটোকলৈ গভীৰভাৱে আত্মবিশ্বাসী আছিল আৰু জনসাধাৰণৰ এটা শ্ৰেণীৰ সমর্থন পালেই এই আঁচনিখন সঠিকভাবে ৰূপায়িত হ’ব বুলি আমি সকলোৱে দৃঢ়ভাৱে বিশ্বাস কৰিছিলো৷

এতিয়া এই ‘যুগ্ম-অযুগ্ম’ৰ সূত্ৰটোৰ সফল ৰূপায়ণৰ পিছত আমাৰ দল আৰু চৰকাৰক লৈ পূর্বে প্ৰচলিত কিছুমান ভ্ৰান্ত ধাৰণাৰ বিলোপ হোৱাৰ লগতে শাসনপ্ৰণালীৰ ক্ষেত্ৰটো এটা বিশেষ মান প্ৰতিষ্ঠা হ’ল৷ এই ঘটনাটোৱে আপ চৰকাৰখনৰ সুচিন্তিত কর্ম পৰিকল্পনাৰ দিশটোকে প্ৰতিফলিত কৰাৰ লগতে ইয়াতকৈয়ো বলিষ্ঠ আন আঁচনিৰ ৰূপায়ত ই যে সক্ষম হ’ব সেই কথাটোকে সন্দেহাতীতভাৱে প্ৰমাণ কৰিলে৷

আঁচনি সমূহৰ ৰূপায়ণৰ ব্যর্থতাই স্বাধীনতাৰ পৰৱর্তী সময়ত ভাৰতবর্ষৰ উন্নয়ন আৰু প্ৰগতিৰ পথত অটাইতকৈ ডাঙৰ হেঙাৰ ৰূপে চিহ্নিত হৈছে৷ বহুবোৰ চৰকাৰে অনেক অভিলাষী আঁচনিৰ প্ৰৱর্তন কৰাৰ পাছতো সেইবোৰ সঠিকভাৱে ৰূপায়ণ নোহোৱাৰ বাবেই আজি ভাৰতবর্ষ বিশ্বৰ আন উন্নত দেশৰ তুলনাত পিছপৰি ৰৈছে৷ ‘যুগ্ম-অযুগ্ম’ৰ সূত্ৰটোৰ এই সফল ৰূপায়ণে ভাৰতবষর্ত প্ৰথমবাৰলৈ র্আঁচনি এটাৰ প্ৰয়োগ সম্পর্কে থকা সেই চর্বিত চর্বন আখ্যান বোৰ ভূৱা বুলি প্ৰতিপন্ন কৰিলে৷ চৰকাৰী তথা বেচৰকাৰী বহু সংস্থাৰ সহায় আৰু সহযোগিতা অবিহনে এই ‘যুগ্ম-অযুগ্ম’ৰ সূত্ৰটোৰ সফল প্ৰয়োগ সম্ভৱ নহ’লহেতেন৷ ইয়াৰ সৈতে জড়িত প্ৰতিটো চৰকাৰী তথা বেচৰকাৰী সংস্থাক চৰকাৰখনে বিশ্বাসত লৈ সেইবোৰক অনুপ্ৰাণিত কৰি আগুৱাই লৈ যাবলৈ সক্ষম হ’ল৷ গঠনমূলক দৃষ্টিভঙ্গীৰে প্ৰত্যেকেই একে উদ্দেশ্য আগত লৈ কাম কৰা কাৰণেহে এই আঁচনিখনৰ সফল ৰূপায়ণ সম্ভৱ হৈছে৷

জনসাধাৰণৰ সহযোগিতা অবিহনে এনে ধৰণৰ এক অভিলাষী আঁচনিৰ সফল ৰূপায়ণ কেতিয়াও সম্ভৱ নহয় বুলি আমি উপলব্ধি কৰিছিলো৷ দিল্লীৰ সমূহ জনসাধাৰণৰ সুস্বাস্থ্য, তেওঁলোক আৰু তেওঁলোকৰ আহিব লগা সতি সন্ততি সকলৰ এটা নিৰোগী জীৱনৰ বাবেই যে এই আঁচনিখনৰ ৰূপায়ণ ঘটাব বিচৰা হৈছে সেই কথাটো ৰাইজক ভালদৰে বুজাই দিয়াৰ বাবেই এই প্ৰয়োগ আজি সফল হৈছে৷ ভয়াবহ প্ৰদূষণত আজি সকলো আক্ৰান্ত হৈছে৷ ডেকা-বুঢ়া, পুৰুষ-মহিলা সকলো ইয়াৰ প্ৰভাৱত ৰুগীয়া হৈছে৷ ধনী-দুখীয়া কোনো ইয়াৰ পৰা সাৰি যোৱা নাই৷ আমি আজি মিডিয়াক এইকাৰণেই ধন্যবাদ দিছো যে কেৱল তেওঁলোকৰ প্ৰচাৰৰ সুবাদতে এই বিষয়টোৱে দিল্লীৰ চুকে কোণে সিঁচৰতি হৈ থকা প্ৰতিজন নাগৰিকৰ বিবেকক দংশন কৰিছিলগৈ৷ বিগত কিছুদিনত দিল্লীৰ বাটে-ঘাটে, অলিয়ে-গলিয়ে হোৱা কথা বতৰাত এই ‘যুগ্ম-অযুগ্ম’ৰ সূত্ৰটোৰ কথাই মূলতঃ স্থান পাইছিল৷ বিষয়টোৱে দিল্লীৰ সীমা অতিক্ৰমি সমগ্ৰ ৰাষ্ট্ৰৰ প্ৰতিজনৰ বিবেকক চুই গৈছিল৷ মানুহে ঘৰে-বাহিৰে সঘন চর্চা কৰাৰ ফলত এই ফর্মূলাটোৰ প্ৰতিটো দিশেই অজানিতেই দেশৰ প্ৰতিজন নাগৰীকৰ মনত জলজল-পটপট হৈ পৰিছে৷

মই আপোনালোক খোলাখুলিকৈ কথা এটা ক’ব খুজিছো৷ ২০১৫ চনৰ ডিচেম্বৰৰ মাজভাগত চৰকাৰৰ উচ্চপদস্থ বিষয়া আৰু মন্ত্ৰীবর্গৰ মাজত দীর্ঘসময় জুৰি চলা এখন মিটিঙত এই ‘যুগ্ম-অযুগ্ম’ ধাৰণাটোৰ প্ৰতিটো দিশ ফঁহিয়াই চাই আঁইনখন ততাতৈয়াকৈ ৰূপায়ণৰ সিদ্ধান্ত লোৱা হৈছিল৷ কিন্তু তেতিয়া দিল্লীৰ মূখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই সিদ্ধান্তটো মানি লোৱা নাছিল৷ বৰঞ্চ তেওঁ এই বিতর্কটো দিল্লীৰ সাধাৰণ জনতাৰ মাজলৈ লৈ যোৱাৰ পোষকতা কৰিছিল যাতে জনসাধাৰণৰ মাজৰ পৰা চৰকাৰলৈ প্ৰত্যক্ষভাৱে বিভিন্ন পৰামর্শ অহাৰ পৰিবেশ এটাৰ সৃষ্টি হয়৷ আৰু এইদৰেই এই বিতর্কটো লাহে লাহে জনসাধাৰণৰ মাজলৈ সোমাই গৈছিল আৰু চৰকাৰখনে যে ৰাইজৰ হিতৰ কাৰণে কিবা এটা কৰিব খুজিছে সেই কথাটো ৰাইজে উপলব্ধি কৰিব ধৰিছিল৷ লগতে চৰকাৰখনেও দিল্লীৰ ভিন্ন স্তৰৰ জনসাধাৰণে এই ফর্মূলাটো সম্পর্কে লোৱা দৃষ্টিভঙ্গীবোৰো বিশদভাবে জানিব পাৰিছিল৷ অৰবিন্দ কেজৰিৱালৰ সেই সিদ্ধান্তৰ ফলতেই এই ফর্মূলাটো সম্পর্কে প্ৰথমবাৰ আলোচনা হোৱাৰ পিছৰ চতুর্থটো সপ্তাহত যেতিয়া ফর্মূলাটো কার্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছিল তেতিয়া দিল্লীৰ ৰাইজে ইয়াক আনন্দেৰে আঁকোৱালি লৈছিল৷ কাৰণ তেতিয়ালৈ দিল্লীৰ জনতা মানসিকভাৱে প্ৰস্তুত হৈ পৰিছিল৷ শেষত এনেকুৱা হ’লগৈ যে দিল্লী চৰকাৰতকৈয়ো ইয়াৰ জনতাইহে এই আঁচনিখনক বেছিকৈ আপোন বুলি ভাবিবলৈ ল’লে আৰু ইয়াৰ সফল ৰূপায়ণৰ বাবে বদ্ধপৰিকৰ হৈ পৰিল৷ এই কথাটোৱে ভাৰতবর্ষৰ প্ৰত্যেকখন চৰকাৰকে এটা শিক্ষাই দিলে যে যদিহে জনসাধাৰণক এটা আঁচনিৰ লগতে শাসন প্ৰণালীৰ অংশ কৰি ল’ব পৰা যায় তেনেহ’লে নিশ্চিতভাৱে আঁচনিসমূহৰ সফল ৰূপায়ন হোৱাটো এশ শতাশংই সম্ভৱ হ’ব পাৰে৷

আনহাতে এই ‘যুগ্ম-অযুগ্ম’ৰ ফর্মূলাটোৰ সফলতাই এটা কথাই প্ৰতীয়মান কৰিলে যে আম আদমি পার্টিয়ে নির্বাচনৰ সময়ত দি অহা প্ৰতিশ্ৰুতি সমূহ পূৰন কৰিবলৈ বদ্ধপৰিকৰ৷ লগতে এই কথাটোৱে ‘আপ’ দলটো আৰু চৰকাৰখনৰ সততাকে প্ৰতিফলিত কৰে৷

মই এতিয়া তুলনা কৰিব বিচৰা নাই, যদিও বিগত ২০ মাহত মোডী চৰকাৰে হাতত লোৱা বহুকেইটা অভিলাষী আঁচনিৰ অন্তিম দশা কি হ’ল সেয়া ইচ্ছা কৰিলে ৰাইজেই বিচাৰ কৰি চাব পাৰে৷ উদাহৰণস্বৰুপে স্বচ্ছ ভাৰত অভিযানৰ কথাকে উল্লেখ কৰিব পাৰি৷ ইমান এটা ভাল অভিযান যাক আমি ‘আপ’ দলে আন্তৰিকতাৰে সমর্থন কৰিছিলো কিন্তু এই অভিযানটো আৰম্ভণিতেই উজুটি খাই মৰহি গ’ল৷ শেষত গৈ থৈ এই স্বচ্ছ ভাৰত অভিযানটো এটা মিডিয়া কেন্দ্ৰিক আৰু সস্তীয়া চমক দিয়া এক অভিযান হৈ পৰিল৷ দেশৰ জনসাধাৰণৰ সৈতে এই অভিযানটোক আগবঢ়াই নিয়াৰ কোনো ব্যৱস্থাই কৰা নহ’ল৷ মূলতঃ স্বচ্ছ ভাৰত অভিযানৰ নামত দেশৰ নাগৰিকৰ কৰৰ পৰা সংগ্ৰহ কৰা কোটি কোটি টকাৰ অপচয় হ’ল কিন্তু কামৰ নামত একো এটাই নহ’ল৷ ইয়াৰ বাহিৰেও আপোনালোকে ‘ডিজিটেল ইণ্ডিয়া কেম্পেইন’ আৰু ‘মেক ইন ইণ্ডিয়া কেম্পেইন’ দুটাৰ কথাও মন কৰিব পাৰে৷ এই অভিযান দুটা কোন দিশে গতি কৰিছে সেয়া আজি কোনেও ন দি ক’ব নোৱাৰে৷ ইয়াৰ কাৰণ হ’ল কেন্দ্ৰীয় চৰকাৰখনে দেশৰ জনতাক একেবাৰেই বিশ্বাসত ল’ব পৰা নাই৷ শেষত গৈ থৈ মোডী চৰকাৰৰ এনে প্ৰতিখন আঁচনিয়েই সস্তীয়া চমক সৃষ্টিকাৰী কিছুমান আহিলালৈ পর্যৱসিত হৈছে৷

এতিয়া ‘যুগ্ম-অযুগ্ম’ৰ ফর্মূলাটোৰ কথালৈ আকৌ ঘূৰি আহিছো৷ যদিও এই সূত্ৰটো প্ৰথমাৱস্থাত সফল হোৱা বুলি ধাৰণা হৈছে তথাপিও কিন্তু এতিয়াও দিল্লী চৰকাৰৰ সন্মূখত সম্পূর্ণ সফলতাৰ দিশত শত যোজন বাট পৰি আছে৷ কেৱল মাত্ৰ দিল্লীৰ জনসাধাৰণৰ সহযোগিতাৰেহে দিল্লীখন এখন প্ৰদূষণ মুক্ত ৰাজ্য হিচাপে পৰিগণিত হ’ব পাৰে৷ ২০১৬ চনৰ ১৫ জানুৱাৰীৰ পিছত দিল্লী চৰকাৰে এই আঁচনিখনৰ পুনৰীক্ষণৰ সিদ্ধান্ত লৈছে৷ দিল্লীৰ জনসাধাৰণ আৰু ইয়াৰ ভবিষ্যৎ প্ৰজন্মৰ সুস্বাস্থৰ প্ৰতি লক্ষ্য ৰাখি ১৫ জানুৱাৰী তাৰিখেই এই আঁচনিৰ সফলতা-বিফলতাৰ বিশ্লেষণ কৰি প্ৰয়োজন সাপেক্ষে আৰু কঠোৰ কিছু পদক্ষেপ লোৱাৰ সিদ্ধান্তও হ’ব পাৰে৷ কথাটো শুনিবলৈ বা ভাবিবলৈ হয়তো বৰ কঠিন হৈছে৷ কিন্তু সুস্থ সমাজ এখন গঢ়ি তুলিবলৈ ইয়াৰ যথেষ্ট প্ৰয়োজনীয়তা আছে৷

অমি এনে এখন সমাজ বিচাৰোঁ য’ত মুক্ত, সজীব বায়ু দুষ্প্ৰাপ্য নহ’ব, য’ত শিশু সকলে দূষিত বায়ু সেৱন কৰি শ্বাসজনিত ৰোগত ভূগিব লগা নহ’ব, য’ত বয়োজ্যেষ্ঠ সকলে দূষিত বায়ুৰে হাওফাও ভৰাই ল’ব লগা অৱস্থা এটাৰ সৃষ্টি নহ’ব৷ ‘যুগ্ম-অযুগ্ম’ৰ ফর্মূলাটোৱে এক নতুন আশাৰ সঞ্চাৰ কৰাৰ লগতে ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে চৰকাৰৰ শাসন প্ৰণালীত জনসাধাৰণৰ প্ৰত্যক্ষ অংশগ্ৰহণকে প্ৰতিফলিত কৰিছে৷ আজি মই মনেপ্ৰাণে আশা আৰু বিশ্বাস কৰোঁ যে দিল্লীত এই ‘যুগ্ম-অযুগ্ম’ৰ ফর্মূলাটোৰ প্ৰথমটো ধাপৰ সফল ৰূপায়ণৰ পিছত যিখন চহৰক এতিয়া পৃথিবীৰ ভিতৰতে আটাইতকৈ প্ৰদূষিত মহানগৰৰ আখ্যা দিয়া হৈছে সেইখন চহৰে কিছু বছৰৰ ভিতৰতে ভাৰতবর্ষৰ আটাইতকৈ কম প্ৰদূষিত চহৰ হিচাপে চিনাকি দিবলৈ সক্ষম হ’ব৷ ধন্যবাদ দিল্লীবাসী – আপোনালোকক শত-কোটি প্ৰণাম৷

(লেখক প্ৰাক্তন সাংবাদিক আশুতোষ IBN7ৰ প্ৰাক্তন মেনেজিং এডিটৰ আৰু বৰ্তমান আম আদমী পাৰ্টিৰ নেতা । এই লেখাত প্ৰকাশিত মাতামত লেখকৰ নিজৰ )

মূল ৰচনা: আশুতোষ

অসমীয়া অনুবাদ: মণি ভট্টাচার্য্য৷৷