দেশী-বিদেশী কম্পেনিৰ বাবে যুৱক-যুৱতী সকলক প্ৰস্তুত কৰিছে মডেলছ দিল্লী ডট কমে

দেশী-বিদেশী কম্পেনিৰ বাবে যুৱক-যুৱতী সকলক প্ৰস্তুত কৰিছে মডেলছ দিল্লী ডট কমে

Friday March 04, 2016,

4 min Read

সম্প্ৰতি সংস্থাপনহীনতাই কোঙা কৰা দেশ এখনত আপুনি বিশ্বাস কৰিব নে কৰ্ম সংস্থাপনৰ এনে এক ক্ষেত্ৰ আছে যাৰ বিষয়ে বহু লোক অৱগত নহয়।এই ক্ষেত্ৰখনত কৰ্ম সংস্থাপনৰ অনেক সুবিধা আছে।আনহাতে কেইটামান দিন বা কেই ঘন্টামান কাম কৰিও আপুনি ভাল উপাৰ্জন কৰিব পাৰে। সংবাদসেৱাৰ লগত বহু বছৰ জড়িত পুষ্পেন্দ্ৰ সিঙে এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আচৰিত হৈছিল যে ইমান বেছি কৰ্মসংস্থাপনৰ ডিমাণ্ড থকা ক্ষেত্ৰখনত আটাইতকৈ বেছি মেন পাৱাৰৰ সমস্যা। কিন্তু এই সমস্যাৰ সমাধান হিচাপে তেওঁৰ প্ৰচেষ্টাত স্থাপন হোৱা মডেলছ দিল্লী ডট কমে হাজাৰ হাজাৰ যুৱক-যুৱতীক কৰ্মসংস্থাপন দিয়াই নহয়,ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় কম্পেনিৰ লগত কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকক অভিজ্ঞ কৰি তুলিছে।

image



পুষ্পেন্দ্ৰ সিঙে তেওঁৰ বেৱছাইটৰ জৰিয়তে ইভেন্ট মেনেজমেন্ট কম্পেনি সমূহক মেন পাৱাৰৰ প্ৰয়োজন পূৰণ কৰে। যিটো কাম কম্পেনি সমূহে নিজে কৰাটো প্ৰত্যাহ্বানমূলক। আনহাতে এনে সমস্যাও নোহোৱা নহয়, যিসকল লোকে ইভেন্ট মেনেজমেন্ট কম্পেনিৰ লগত কাম কৰিব বিচাৰে, তেওঁলোকে কেনেকৈ কম্পেনিৰ সৈতে যোগাযোগ কৰিব লাগে সেই বিষয়ে অৱগত নহয়। ২০১১ চনত মডেলছ দিল্লী ডট কমৰ শুভাৰম্ভ হৈছিল 'ইণ্ডিয়ান অইল কৰ্পৰেশ্যন'ৰ সৈতে। ইয়াৰ পিছতে আমেৰিকান কম্পেনি 'স্কল কেণ্ডী' ৰ সৈতে কাম কৰিছিল। এইদৰেই পুষ্পেন্দ্ৰ সিঙৰ অভিযান আগবাঢ়িল। কিন্তু আজিৰ এই পৰ্যায় পোৱাটো ইমান সহজ নাছিল। এই কামটো আৰম্ভ কৰাৰ পূৰ্বে ৬-৭ মাহ ধৰি পুষ্পেন্দ্ৰ সিঙে যথেষ্ট গৱেষণা কৰিবলগীয়া হৈছিল। তেতিয়া তেওঁ অনুভৱ কৰিছিল যে ইভেন্ট মেনেজমেন্টৰ এই ক্ষেত্ৰখনত মেন পাৱাৰৰ বহু সমস্যা আছে। গৱেষণাৰ সময়চোৱাত দিল্লী, মুম্বাই, বাঙ্গালুৰু, হাইদৰাবাদ আৰু চেন্নাইৰ বহু কম্পেনিৰ সৈতে যোগাযোগ কৰোঁতে তেওঁ বুজি উঠিছিল যে কম্পেনি সমূহে তেওঁলোকৰ উৎপাদন সামগ্ৰীৰ প্ৰচাৰ কাৰ্যৰ বাবে মেন পাৱাৰৰ অভাৱত বহু সমস্যাৰ সন্মুখীন হয়।


image


নিজৰ সাঁচতীয়া ধনেৰে পুষ্পেন্দ্ৰ সিঙে 'মডেলছ দিল্লী ডট কম' আৰম্ভ কৰিছিল। ইয়াৰ বাবে দীঘলীয়া গৱেষণাৰ পিছত এটা টিম গঠন কৰিছিল। এই ৱেবছাইটৰ দ্বাৰা কেৱল ইভেন্ট মেনেজমেন্ট কম্পেনিৰ লগত যোগাযোগ কৰাই নহয়, এটা শক্তিশালী গোট গঠন কৰিলে যি ইভেন্ট মেনেজমেন্টৰ জৰিয়তে ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় কম্পেনিৰ বাবে কাম কৰিবলৈ সক্ষম। ইয়াৰ দ্বাৰা যুৱক-যুৱতী সকলে ডাঙৰ কম্পেনিৰ লগত কাম কৰাৰ অভিজ্ঞতা অৰ্জন কৰাই নহয়, কম সময়তে ভাল উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে।

'আমাৰ কাম কৰাৰ দুটা পদ্ধতি আছে। প্ৰথমতে,আমি আমাৰ ৱেবছাইটৰ জৰিয়তে কম্পেনি সমূহক তেওঁলোকৰ প্ৰয়োজনৰ বিষয়ে ২৬ ধৰণৰ প্ৰশ্ন কৰোঁ। ইভেন্ট ক'ত আৰু কেতিয়া হ'ব, তেওঁলোকক কিমান আৰু কেনে ধৰণৰ মানুহ লাগে ইত্যাদি।আনহাতে প্ৰম'টাৰ আৰু হষ্টেজ সকলৰ কাৰণে সুকীয়া ৫৬ টা প্ৰশ্ন সম্বলিত বেৱ পেজ থাকে। য'ত তেওঁলোকে শিক্ষা, বয়স, উচ্চতা, ভাষা, চহৰৰ নাম আদি সম্পূৰ্ণ কৰিব লাগে।'


image


মডেলছ দিল্লী ডট কমে এতিয়ালৈকে চিপ্লা, ছেমছাঙ, নকিয়া, স্নেপডীল, ভিডিঅ'কন, ৱৰ্লপুল আদি দেশী-বিদেশী কম্পেনিক তেওঁলোকৰ সেৱা আগবঢ়াইছে।

পুষ্পেন্দ্ৰৰ মতে বৰ্তনাম ১০২ খন চহৰৰ পৰা মেন পাৱাৰৰ ডিমাণ্ড আহিছে। এই ডিমাণ্ড পূৰণ কৰিবলৈ তেওঁ তেৰ হাজাৰ লোকক লৈ এক হোৱাটছ এপ গ্ৰুপ আৰম্ভ কৰিছে। ইয়াৰোপৰি বিভিন্ন দেশৰ বিভিন্ন কম্পেনিয়ে মেন পাৱাৰ বিছাৰি তেওঁলৈ ফ'ন কৰে। ইয়াৰ ভিতৰত চীনৰ বিভিন্ন কম্পেনিৰ পৰা অত্যাধিক ফ'ন আহে বুলি তেওঁ কয়। ইয়াৰোপৰি জাপান, টাইৱান, ইউৰোপীয় ইউনিয়ন আদি দেশৰ পৰাও মেন পাৱাৰৰ ডিমাণ্ড আহি আছে। কাম কৰাৰ পদ্ধতি সন্দৰ্ভত পুষ্পেন্দ্ৰই কয়-'এই কামটোত আমি মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰোঁ। যেতিয়া কোনো ক্লায়েন্টৰ পৰা ফ'ন আহে তেতিয়া আমি তেওঁলোকৰ প্ৰয়োজন অনুসৰি প্ৰম'টাৰৰ লগত যোগাযোগ কৰোঁ আৰু প্ৰম'টাৰক ক্লায়েন্টৰ ফ'ন নম্বৰ দি দিওঁ। তাৰপাছত তেওঁলোকে নিজৰ মাজত কথা পাতি সেইমতে কাম কৰে।'


image


যিখন চহৰত ইভেন্টটো আয়োজিত হয় তেওঁলোকে কম্পেনিক সেই চহৰৰ হ'ষ্টেছ দিবলৈ চেষ্টা কৰে যাতে স্থানীয় যুৱক-যুৱতী সকলে কৰ্মসংস্থাপন পায় আৰু কম্পেনিয়েও বেছি টকা ভৰিব লগীয়া নহয়। জানিব পৰা মতে প্ৰতি বছৰে প্ৰায় তিনি লাখ বিদেশী কম্পেনিয়ে দেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন অনুষ্ঠান আয়োজন কৰে। যাৰবাবে ৫০-৭০ শতাংশ প্ৰম'টাৰ আৰু হ'ষ্টেছ দেশৰ পৰাই হায়াৰ কৰে। প্ৰম'টাৰ তথা হ'ষ্টেছ সকলে কম্পেনিৰ সামগ্ৰীৰ গুণাগণৰ বিষয়ে লোকসকলক অৱগত কৰে।


image


পুষ্পেন্দ্ৰই মন্তব্য কৰে যে তেওঁৰ সকলো কাম যেনে-কৰ্মচাৰীক দৰমহা দিয়া, তেওঁলোকৰ অহা-যোৱা, থকাৰ সুবিধা আৰু খৰচ অনলাইনতে কৰা হয়। বৰ্তমান তেওঁৰ সৈতে তেৰ হাজাৰ লোক জড়িত হৈ আছে। প্ৰতিবছৰে সাতাইশৰ পৰা আঠাইশ শ লোকক তেওঁ কৰ্ম সংস্থাপনৰ সুবিধা প্ৰদান কৰিছে।


image


ভৱিষ্যত পৰিকল্পনা সন্দৰ্ভত পুষ্পেন্দ্ৰই কয়-'আমি এনে বিনিয়োগকাৰী বিচাৰিছো যি এই ক্ষেত্ৰ খনত পুঁজি বিনিয়োগ কৰে।কিয়নো ডিমাণ্ড আৰু সেইমতে মেন পাৱাৰৰ যোগান দিবলৈ আমি মুম্বাই আৰু বাঙ্গালুৰুত অফিচ স্থাপন কৰাৰ কথা চিন্তা কৰিছোঁ। কিয়নো যোৱা বৰ্ষৰ ডিচেম্বৰৰ পৰা এতিয়ালৈকে কেৱল বাঙ্গালুৰুৰ পৰাই তিনি হাজাৰ ক'ল আহিছে। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এই ক্ষেত্ৰখনত আৰু বহু কাম কৰিবলৈ বাকী আছে।'

বৃহৎ চহৰেই নহয়,টায়াৰ টু আৰু টায়াৰ থ্ৰী চহৰ যেনে ভূপাল, মচুৰী, ভিলাই, সনিপত, অজমেৰ আদি চহৰৰ পৰাওঁ হষ্টেছ বিচাৰি ফ'ন আহে।


image


এই কামত আহি পৰা প্ৰত্যাহ্বান সন্দৰ্ভত পুষ্পেন্দ্ৰই কয় যে বহু লোকলৈ মেছেজ প্ৰেৰণ কৰিব নোৱাৰাটো ডাঙৰ সমস্যা হিচাপে দেখা দিছে। ২০১২-১৩ চনত ট্ৰাইয়ে(TRAI)বাল্ক মেছেজ সমূহ বন্ধ কৰি দিয়াৰ বাবে এই সমস্যা আহি পৰিছে। যাৰ বাবে ডিমাণ্ড অনুপাতে তেওঁলোকে মেন পাৱাৰ যোগান দিব পৰা নাই। প্ৰতিজন ব্যক্তিৰ সৈতে সুকীয়াকৈ কথা পাতিবলৈ তেওঁলোকৰ যথেষ্ট সময় নাথাকে। এই ক্ষেত্ৰখনত প্ৰতি বছৰে তিনি লাখ ৭৫ হাজাৰ চাকৰিৰ ডিমাণ্ড থাকে। কিন্তু ট্ৰাইৰ ডি এণ্ড সিদ্ধান্তৰ বাবে এই টাৰ্গেট তেওঁলোকে পূৰণ কৰিব পৰা নাই। এই সমস্যাৰ সমাধান হ'লে মডেলছ দিল্লী ডট কমে প্ৰতি বছৰে প্ৰায় পাঁচ হাজাৰ লোকক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হ'ব।


মূল হৰিষ

অনুবাদ পূবালী ভাগৱতী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

সৌন্দৰ্যক উদ্যোগৰ ৰূপ দিয়া মধুমিতা শইকীয়া

ছেণ্ড এনিমেশ্বনেৰে দিগন্ত মাধৱ গোস্বামীৰ বিশ্বমুখী যাত্ৰা

মাজুলীৰ ভীমকলেৰে ইন্দুকল্পৰ শিশুখাদ্যৰ ব্ৰেণ্ড ‘ভীম ভিটা’

সংগীতৰ মাধ্যমেৰে বিশ্ববাসীক একত্ৰ কৰাৰ প্ৰচেষ্টাত ব্ৰতী জেজ গোৱা ষ্টুডিঅ'