ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগক (SME) সংযোগৰ লক্ষ্যৰে ভাৰতী এয়াৰটেলে বিনিয়োগ কৰিব ৬০,০০০ কোটি টকা

ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগক (SME) সংযোগৰ লক্ষ্যৰে ভাৰতী এয়াৰটেলে বিনিয়োগ কৰিব ৬০,০০০ কোটি টকা

Sunday December 06, 2015,

5 min Read

মোবাইল সেৱা যোগানকাৰী কোম্পানী ভাৰতী এয়াৰটেলে অলপতে তেওঁলোকৰ Project Leap শীৰ্ষক নেটৱৰ্ক পৰিৱৰ্তন আঁচনিৰ শুভাৰম্ভ ঘোষণা কৰে। নেটৱৰ্কৰ মানদণ্ড উন্নত কৰা আৰু গ্ৰাহকক সন্তোষজনক সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই কৌশলগত আঁচনিটোৰ বাবে অহা তিনি বছৰত ৬০,০০০ কোটি বিনিয়োগ কৰা হ’ব।

এই বিনিয়োগ এয়াৰটেলে ইতিমধ্যে ইয়াৰ সক্ৰিয় নেটৱৰ্ক স্পেকট্ৰাম, ফাইবাৰ, ছাবমেৰিন তাঁৰ আৰু শেহতীয়া পদ্ধতিবোৰৰ বাবে কৰা ১৬০,০০০ কোটিৰ বিনিয়োগৰ পৰা পৃথক, যাৰ দ্বাৰা ই ভাৰতত বৃহত্তম বিনিয়োগকাৰী ব্যক্তিগত খণ্ডৰ কোম্পানী হিচাপে পৰিগণিত হ’ব। ২০১৫-১৬ চনত কোম্পানীটোৱে CAPEX সম্প্ৰসাৰণ কৰাৰ পিছতে এই বিনিয়োগ কৰা হৈছে।

image


আঁচনিখনৰ শুভাৰম্ভ ঘোষণা কৰি ভাৰতী এয়াৰটেলৰ (ভাৰত আৰু দক্ষিণ এছিয়া) পৰিচালন সঞ্চালক তথা মুখ্য কাৰ্যবাহী বিষয়া গোপাল ভিট্টালে কয়, "আমাৰ বৃহৎ গ্ৰাহক সহায়তাই গ্ৰাম্য, নগৰীয়া, ঘৰুৱা আৰু উদ্যোগ শ্ৰেণীক সামৰি লৈছে আৰু আমি তেওঁলোকৰ প্ৰত্যেককে এক অতুলনীয় অভিজ্ঞতা প্ৰদান কৰাৰ বাবে বদ্ধপৰিকৰ যাতে আমি চিৰদিনৰ বাবে তেওঁলোকৰ হৃদয় জয় কিৰব পাৰো। আজি আমি Project Leapৰ শুভাৰম্ভ কৰিবলৈ পাই আনন্দিত হৈছো। আমাৰ বিশ্বাস যে এই নতুন আঁচনিয়ে সঁচাকৈ গ্ৰাহকসকলক এক পৃথক অভিজ্ঞতা প্ৰদান কৰিব আৰু আমাক ই ভৱিষ্যতৰ বাবে উপযোগী নেটৱৰ্ক এটা গঢ় দিয়াৰ প্ৰতি আমাৰ মনোবল বৃদ্ধি কৰিব।" এয়াৰটেলৰ দহ-সূত্ৰীয়া Project Leapৰ কেতবোৰ বিশেষ দিশ ইয়াত উল্লেখ কৰা হ’ল :

তিনি বছৰৰ ভিতৰত 1,60,000 মূল কেন্দ্ৰ সম্প্ৰসাৰণ

এয়াৰটেলে ২০১৫-১৬ বিত্তীয় বৰ্ষত ৭০,০০০ মূল কেন্দ্ৰ সম্প্ৰসাৰণৰ লক্ষ্য হাতত লৈছে যি হ’ব এয়াৰটেলৰ আৰম্ভণিৰ পৰা যিকোনো এটা বছৰত কৰা বৃহৎসংখ্যক সম্প্ৰসাৰণ। কোম্পানীটোৱে ২০১৬ চনৰ মাৰ্চ মাহৰ ভিতৰত ইয়াৰ ৬০ শতাংশতকৈ অধিক নেটৱৰ্ক মোবাইল ব্ৰডবেণ্ড সক্ষম হৈ উঠিব বুলি অনুমান কৰিছে। অহা তিনি বছৰত ১৬০,০০০টা মূল কেন্দ্ৰৰ সম্প্ৰসাৰণৰ দ্বাৰা বৰ্তমানৰ সংখ্যাৰ দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্যও নিৰ্ধাৰণ কৰা হৈছে।

ভাৰতত সকলোৰে বাবে ব্ৰডবেণ্ড আৰু প্ৰতিখন চহৰতে উন্নত অন্তঃদ্বাৰ অভিজ্ঞতা

২০১৬ চনৰ মাৰ্চ মাহৰ ভিতৰত এয়াৰটেলে সকলো চহৰ আৰু ২,৫০,০০০ খন গাঁৱলৈ মোবাইল ব্ৰডবেণ্ড সেৱাৰ প্ৰসাৰ ঘটাব। তিনি বছৰৰ ভিতৰত দেশৰ ৫,০০,০০০ খন গাঁৱত মোবাইল ব্ৰডবেণ্ড আগবঢ়োৱাৰো এয়াৰটেলে পৰিকল্পনা কৰিছে। ক্ষুদ্ৰ কেন্দ্ৰ, Carrier, Aggregation Solution, ৱাই-ফাই আৰু বিভিন্ন স্পেকট্ৰামৰ বাবে বেলেগ বেলেগ প্ৰযুক্তি ব্যৱহাৰ কৰাৰ দিশতো এয়াৰটেলে ব্যাপক সমাধান আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে। ইয়াৰ দ্বাৰা কোম্পানীটোৱে কণ্ঠ আৰু তথ্য সেৱাৰ ক্ষেত্ৰত চহৰ-নগৰৰ অট্টালিকাবিলাকৰ ভিতৰত উন্নত ক’ভাৰেজ আগবঢ়াবলৈ সক্ষম হ’ব। অহা তিনি বছৰৰ ভিতৰত এয়াৰটেলে ৱাই-ফাই হটস্পট, ক্ষুদ্ৰ কেন্দ্ৰ আৰু অন্তঃদ্বাৰ সমাধানৰ ক্ষেত্ৰত প্ৰায় ১,০০,০০০ টা সমাধান সেৱা আগবঢ়াবলৈ পৰিকল্পনা কৰিছে।

৫,৫০,০০০ কিলোমিটাৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ফাইবাৰ

ভাৰতত তথ্য সেৱাৰ বৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এয়াৰটেলে গ্ৰাহকক দ্ৰুত আৰু উন্নত সেৱা যোগান ধৰাৰ বাবে সামগ্ৰিকভাৱে ৫,৫০,০০০ কিলোমিটাৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ফাইবাৰ সম্প্ৰসাৰণৰ কাম হাতত লৈছে। IAMAI আৰু MRB Internationalৰ দ্বাৰা অলপতে প্ৰকাশিত Internet in India 2015 প্ৰতিবেদনত কোৱা হৈছে যে ২০১৫ চনৰ ডিচেম্বৰ পৰ্যন্ত ভাৰতত ইণ্টাৰনেট ব্যৱহাৰ কৰা লোকৰ সংখ্যা ৪০২ মিলিয়ন হ’বগৈ।

চলিত নেটৱৰ্কৰ আধুনিকীকৰণ

এয়াৰটেলে ইয়াৰ প্ৰচলিত নেটৱৰ্ক আৰু মূল কেন্দ্ৰবিলাক অহা তিনি বছৰত সলনি কৰি তাৰ ঠাইত অধিক সুক্ষ্ম, সংহত আৰু কাৰ্যক্ষম প্ৰযুক্তিৰে গ্ৰাহকক অধিক সন্তোষজনক সেৱা আগবঢ়াব। সকলোবোৰ আধুনিক মূল কেন্দ্ৰতে এটা মাত্ৰ ৰেডিঅ’ নেটৱৰ্কৰ দ্বাৰা কেইবাটাও স্পেকট্ৰাম বেণ্ড পৰিচালনা কৰা হ’ব।

২০১৬ চনত ঘৰুৱা ব্ৰডবেণ্ড নেটৱৰ্কৰ বাবে ৫০ mbps গতি

২০১৬ চনৰ ভিতৰত এয়াৰটেলে ইয়াৰ ১৬mbps গতিসম্পন্ন ঘৰুৱা ব্ৰডবেণ্ড নেটৱৰ্কত ব্যৱহৃত তামৰ সঁজুলি বিলাকৰ ঠাইত vectoning প্ৰযুক্তি ব্যৱহাৰ কৰি ইয়াক ৫০ mbps গতিসম্পন্ন কৰি আধুনিকীকৰণ কৰিব। ইয়াৰ উপৰি ঘৰবিলাকত ফাইবাৰ সংযোগ স্থাপন কৰি ১০০ mbps গতি প্ৰদান কৰা হ’ব।

ভাৰতৰ সকলো ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সৈতে সংযোগ স্থাপন আৰু উন্নত সেৱা কেন্দ্ৰৰ যোগান

এয়াৰটেলে অট্টালিকা, Internet Wireless Access Network আদিত ফাইবাৰ সংযোগ স্থাপনকে ধৰি ইয়াৰ বিশাল ঘৰুৱা আন্তঃগাঁথনিত এক প্ৰতিকাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিকল্পনা কৰিছে। ইয়াৰ অংশ হিচাপে কোম্পানীটোৱে ভাৰতৰ কেইবা নিযুত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ ক্ষেত্ৰত উন্নত সংযোগ ব্যৱস্থা প্ৰৱৰ্তনৰ দিহা কৰিছে।

এয়াৰটেলে CEM (Customer Experience Management), সক্ষমতা বৃদ্ধি, নেটৱৰ্ক পৰিকল্পনা আদিৰ বাবে geo spatial networkৰ সঁজুলি, automatic network optimisationৰ বাবে SON (Self Optimisation Networks) আদি সঁজুলি ব্যৱহাৰৰ যোগেদি ছফটৱেৰ নেটৱৰ্ক আদিৰ বাবেও বিনিয়োগ কৰিব যিয়ে গ্ৰাহকৰক সুবিধা বৃদ্ধিত সহায় কৰিব।

তিনি বছৰত ৭০% কাৰ্বন হ্ৰাস

এয়াৰটেলে পৰৱৰ্তী তিনি বছৰত সেউজ প্ৰযুক্তিৰ ক্ষেত্ৰতো বিশেষভাৱে বিনিয়োগ কৰাৰ লক্ষ্য লৈছে। ই সংহত মূল কেন্দ্ৰ আৰু ক্ষুদ্ৰ কেন্দ্ৰবিলাকত কম শক্তি খৰচী আধুনিক ৰেডিঅ’ প্ৰযুক্তি ব্যৱহাৰ কৰিব। লগতে ই কেইবাটাও বেণ্ড সামৰি লোৱা এণ্টেনা স্থাপন কৰিব আৰু নতুন বেটাৰী প্ৰযুক্তি ব্যৱহাৰ কৰিব, যিয়ে শক্তিৰ খৰচ কম হোৱাটো নিশ্চিত কৰিব আৰু ডিজেলৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিব। এই নতুন কাৰ্যপ্ৰণালীৰ যোগেদি এয়াৰটেলে অহা তিনি বছৰত নিজৰ দ্বাৰা সৃষ্ট কাৰ্বন নিৰ্গমনৰ মাত্ৰা ৭০% কমাবলৈ আশা কৰিছে।

গোপালে আৰু কয়, ‘‘আমি নিশ্চিত যে Project Leapয়ে দেশৰ ইমূৰৰ পৰা সিমূৰলৈ কণ্ঠ আৰু তথ্য সেৱাৰ ক্ষেত্ৰত মানদণ্ড উন্নত কৰাৰ দিশত এয়াৰটেলক সহায় কৰিব। তাতোকৈ গুৰুত্বপূৰ্ণ কথা হ’ল, আমি বিশেষ কোনো অঞ্চল এটাৰ প্ৰতিগৰাকী গ্ৰাহকৰ লগত Project Leap আঁচনি সংযোগ কৰিবলৈ পাই আমি অতিশয় আনন্দিত। আমাৰ বিশ্বাস, এইটোৱে গ্ৰাহকক অধিক স্বচ্ছ আৰু অধিকভাৱে সেৱা আগবঢ়োৱাত আমাক সহায় কৰিব।"

Your Storyৰ ক’বলগীয়া

চলিত বছৰৰ আৰম্ভণিতে ‘‘এয়াৰটেল জিৰ’’ বিতৰ্কৰ পিছত এতিয়া কোম্পানীটোৱে জনগণৰ প্ৰয়োজনৰ প্ৰতি গুৰুত্ব দিয়া দেখা গৈছে। গৃহস্থীৰ পৰা আৰম্ভ কৰি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ ক্ষেত্ৰলৈ সকলোৰে বাবে Project Leap নামৰ নতুন আঁচনিখনত কিবা এটা সুবিধা থকাটো পৰিলক্ষিত হৈছে। এইক্ষেত্ৰত এয়াৰটেলে Reliance Jioৰ লগত প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে। ৰিলায়েন্সে ব্ৰডবেণ্ড নেটৱৰ্ক, ক্ৰয়সম্ভৱ মূল্যত স্মাৰ্টফোন আৰু বেছি সূচীযুক্ত আৰু এপ্লিকেশ্বন - এই তিনিমূলীয়া ব্যৱস্থা গ্ৰহণ কৰিচে। Reliance Jioই ডিজিটেল পদ্ধতিত ধন আদায় দিয়া ব্যৱসায়ৰ ওপৰত গুৰুত্ব দিছে আৰু স্বাস্থ্য, শিক্ষা আদি খণ্ডত ডিজিটেল সেৱা প্ৰদান কৰি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ ক্ষেত্ৰকো সামৰি লোৱাৰ পৰিকল্পনা কৰিছে।

১,৬০,০০০ মূল কেন্দ্ৰৰ সম্প্ৰসাৰণ আৰু ৫,৫০,০০০ কিলোমিটাৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় ফাইবাৰ স্থাপন কৰি কণ্ঠ আৰু তথ্য সেৱা উন্নত কৰিব বিচৰাটো এটা সহজসাধ্য কাম নহয়। এয়াৰটেল নিজৰ লক্ষ্যত কিদৰে উপনীত হয়, সেয়া চাবলৈ গুৰুত্বপূৰ্ণ হ’ব।

মূল: হৰ্ষিথ মালিয়া

অনুবাদ : সুৰেশ কুমাৰ