গাৰো পাহাৰৰ দুগৰাকী ডিজাইনাৰ, তিনিটা মেচিন আৰু তিনিগৰাকী শিপিনীৰ কাহিনী

গাৰো পাহাৰৰ দুগৰাকী ডিজাইনাৰ, তিনিটা মেচিন আৰু তিনিগৰাকী শিপিনীৰ কাহিনী

Wednesday December 09, 2015,

8 min Read

“বাম (Bum) হৈছে আমি এজনে আনজনক মাতিবলৈ ব্যৱহাৰ কৰা উপনাম । সেয়েহে আমাৰ বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ মানুহেও আমাক বামবামচ (the Bumbums) বুলি মাতিবলৈ লয় । এই নামটো চিত্তাকৰ্ষক, ভিন্ন তথা ই মানুহৰ মুখত হাঁহি বিৰিঙাই তোলে। যিহেতু যুগ্মভাবে এইয়া আমাৰ প্ৰথম উদ্যোগ আছিল, আমিও ঠিৰাং কৰিলোঁ যে ‘Bumbum’ নামটোৱেই খাপ খাই পৰিব।”

image


image


আচলতে এই “বামবাম” নো কি তাক লৈ আপুনি বিপাঙত পৰিছে নেকি? বামবামৰ ধাৰণাৰ আৰম্ভণি কৰিছিল দিল্লীৰ নেশ্বনেল ইনষ্টিটিউট অব ফেশ্বন টেকন’লজী (NIFT) ৰ পৰা ফেশ্বন ডিজাইনত স্নাতক ডিগ্ৰী লাভ কৰা বিলচেং আৰু ফেশ্বন আৰু লাইফষ্টাইল একচেছ’ৰিজত স্নাতক ডিগ্ৰী লাভ কৰা শ্ৰেয়া দেবী নামৰ দুগৰাকী ব্যক্তিয়ে। ভিন্ন পেছাগত দক্ষতাসম্পন্ন তথা মেজাজ থকা দুই ব্যক্তিৰ মাজত আৰম্ভ হোৱা বন্ধুত্ব ক্ৰমান্বয়ে পৰিবৰ্তিত হ’ল সৃষ্টিৰ প্ৰতি তেওঁলোকৰ অবিৰাম স্নেহৰ জৰীৰে বান্ধ খাই পৰা প্ৰেমলৈ আৰু ঘৰলৈ (উত্তৰ-পূৱ ভাৰত) উভতি যোৱাৰ প্ৰবণতালৈ।

তেওঁলোকৰ কাহিনী আৰম্ভ হৈছিল নতুন দিল্লীত

“আমি দুয়ো একেবাৰে হোজা, সৰলমনা লোক আছিলো । এজনৰ ঘৰ মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰ কাষৰীয়া এখন গাঁৱত আৰু আনজনৰ ঘৰ বঙাইগাওঁ জিলাৰ এখন সৰু চহৰত- এজনৰ ঘৰৰ পৰা আনজনৰ ঘৰলৈ গাড়ীৰে সময় লাগে প্ৰায় ডেৰ ঘন্টা । দিল্লীৰ দৰে ঠাইত এনে কাৰোবাক লগ পোৱাটো এক বিচিত্ৰ অভিজ্ঞতা আছিল যি গাঁৱৰ কথা জানিছিল আৰু ভাললগা সেই জীৱন-প্ৰণালীকো বেয়া নাপাইছিল ।” শ্ৰেয়াই কয় ।

image


খাৰকোট্টা হৈছে মেঘালয়ৰ উত্তৰ গাৰো পাৰ্বত্য জিলাৰ এখন চালে চকু ৰোৱা চহৰ, যি অসম আৰু মেঘালয়ৰ সীমান্তৰ সমীপত অৱস্থিত । এই স্থানতেই 2011 চনৰ গ্ৰীষ্মকালত বিলচেং আৰু শ্ৰেয়াই মিলি Bumbumৰ আৰম্ভণি কৰে ।

ডিজাইনৰ অন্য স্নাতকৰ দৰে শ্ৰেয়া আৰু বিলচেঙেও এক ডাঙৰ কোম্পানীত চাকৰি কৰি ভাল দৰমহা অৰ্জন কৰাৰ স্বপ্ন দেখিছিল । কিন্তু 2008 চনত তেওঁলোকৰ শ্ৰেণীটোৱে সমুখীন হ’বলগীয়া হয় এক মন্দা উদ্যোগৰ।

“ঘৰতে বহি আমাৰ জেপখৰছেৰে দিন কটাই ৰৈ থকাটো এক বিকল্প নাছিল; গতিকে আমি টিল’নীয়া, ৰাজস্থানত স্থিত Barefoot College নামৰ বিশ্ববিখ্যাত NGO এটাৰ কাষলৈ গ’লো যাতে আমি কেৱল 5000 টকা বেতনতে তেওঁলোকৰ ডিজাইন কনছাল্টেন্ট হিচাপে নিযুক্তি লাভ কৰিব পাৰোঁ । মন কৰিবলগীয়া কথা এই যে- সেই সময়ত গোটেই সংস্থাৰ ভিতৰতে আমি সৰ্বোচ্চ বেতনভোগী ব্যক্তি আছিলোঁ! এক গ্ৰামীণ NGOত ডিজাইনত স্নাতক ডিগ্ৰীধাৰী লোকে চাকৰি কৰাটো পূৰ্বতে আমাৰ ডিজাইনৰ ক্ষেত্ৰখনত দেখা নাছিলো ।” -শ্ৰেয়াই যোগ দিয়ে ।

ছমাহৰ বাবে ভাবে আৰম্ভ কৰা প্ৰজেক্টটো আঢ়ৈবছৰ কাল টিকি থাকিল । এইয়া একেবাৰে সহজসাধ্য কামো নাছিল । শ্ৰেয়াৰ ভাষাত, “ৰাজস্থানত আড়ম্বৰবিহীন ভাবে কাম কৰাটো আমাৰ বাবে এক চকু মুকলি কৰা অভিজ্ঞতা আছিল । তাত বোঁৱতী পানীৰ ঠাইত আছিল পানীৰ পাম্প, গ্ৰিড ইলেক্ট্ৰিচিটিৰ ঠাইত আছিল সৌৰশক্তি আৰু কোনো কৌশলী প্ৰফেছনেল সহকৰ্মীৰ ঠাইত আছিল গাঁৱত শিক্ষা লাভ কৰা আৰু নকৰা কিছুমান গঁৱলীয়া মানুহ- যি নিজৰ ক্ষেত্ৰত পাকৈত আছিল ।

Barefoot College তে দুয়ো নিজৰ দক্ষতা বৃদ্ধি কৰে আৰু নিজৰ তথা তেওঁলোকৰ চাৰিওফালৰ লোকৰ দায়িত্ব মূৰ পাতি ল’বলৈ শিকে । এই জ্ঞান আৰু অভিজ্ঞতাৰে সজ্জিত হৈ তেওঁলোকে নিজাকৈ উদ্যোগ খোলাৰ কথা চিন্তা কৰিবলৈ ধৰে ।

কিন্তু সঠিক সময় অহা নাছিল

2010 চনৰ শৰতকালি শ্ৰেয়া আৰু বিলে Barefoot Collegeক বিদায় দিয়ে । এহাতে বিলে গাৰো পাহাৰৰ নিজৰ ঘৰলৈ উভতি পৰিয়ালৰ ব্যৱসায়ত হাত উজান দিয়াৰ সিদ্ধান্ত লৈ তেওঁলোকৰ ভৱিষ্যতৰ ষ্টুডিঅ’ স্থাপিত কৰাৰ কথা চিন্তা কৰে আৰু আনহাতে শ্ৰেয়াৰ মনত আছিল মূলসুঁতিৰ ডিজাইনৰ ক্ষেত্ৰলৈ যোৱাৰ হেঁপাহ ।

“2011 চনৰ বসন্ত ঋতুত অলপ বিচাৰ-খোচাৰ কৰাৰ পিছত মই অৱশেষত চামৰাৰ ফাৰ্ণিছাৰৰ ব্যৱসায় কৰা এক এক্সপ’ৰ্ট হাউছত ডিজাইন হেড হিচাপে নিযুক্ত হ’লো । মূলসুঁতিৰ ডিজাইনৰ ক্ষেত্ৰলৈ উভতি অহাৰ বাবে মোৰ উপাৰ্জন মাহে 5ৰ পৰা 30000 হ’লগৈ! মহিলা হিচাপে এই আৰ্থিক স্বতন্ত্ৰতাই মোক অত্যন্ত স্বাধীনতা আনি দিছিল । কিন্তু কৰ্প'ৰেট চাকৰিৰ ডিমাণ্ডসমূহ আৰু পুৰুষ-প্ৰধান উদ্যোগ এটিত অফিছৰ লেতেৰা ৰাজনীতিৰ মাজত কাম কৰাটো দুৰ্বিসহ হৈ পৰিছিল । মই ভাবিবলৈ বাধ্য হৈ পৰিছিলো- ইমান মূৰৰ আৰু বুকুৰ বিষ লৈ কষ্ট কৰি অৰ্জা ধনখিনি সিমান মূল্যবান আছিল নে? এক শান্ত বন্ধুভাবাপন্ন পৰিবেশ, য’ত আমাৰ সৃষ্টিবোৰ কোনো বাধা নোহোৱাকৈ ওলাই আহিব পাৰিব- তেনে পৰিবেশৰ সম্ভাৱনা একেবাৰে বিৰল হৈ পৰিছিল” – শ্ৰেয়াই স্মৃতি ৰোমন্থন কৰি কয় ।

এনেকৈয়ে জন্ম হয় Bumbumৰ

Bumbum আছিল নিজৰ সৃষ্টিৰ ক্ষেত্ৰখনৰ প্ৰতি থকা স্পৃহাৰ সদুত্তৰ । শ্ৰেয়া আৰু বিল নিশ্চিত আছিল যে তেওঁলোকে এনে এক পৰিবেশ নিৰ্মাণ কৰিব, য’ত তেওঁলোকে আনৰ বাবে কাম কৰাতকৈ আনৰ সতে কাম কৰাৰ সুবিধা লাভ কৰিব ।

image


শ্ৰেয়াই সংক্ষিপ্তভাবে কয়, “যিহেতু আমাৰ দুজনৰ কাৰো মহানগৰৰ জীৱনৰ প্ৰতি মোহ নাছিল, আমি পূৰ্বোত্তৰত থকা আমাৰ ঠাইলৈ উভতি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো । এক মূল্যবান শিল্প আৰু বস্ত্ৰ উদ্যোগৰ উত্তৰাধিকাৰী হিচাপে এই ঠাইত ডিজাইনাৰ হিচাপে আমাৰ বাবে অনেক সম্ভাৱনাই বাট চাই ৰৈছিল।”

দুগৰাকী ডিজাইনাৰ, তিনিটা মেচিন আৰু তিনিগৰাকী শিপিনী

2011ৰ গৰমকালি অহালৈকে বিলে মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰ খাৰকোট্টাত নিজৰ দোকান আৰম্ভ কৰি পেলাইছিল । এখন বুটিক চলাবলৈ লগা অন্যান্য জৰুৰী বস্তুৰ লগতে তিনিটা ঔদ্যোগিক চিলাই মেচিনো তেওঁ কিনি পেলাইছিল । কিন্তু কথাবোৰ সিমানো সহজ নাছিল । গাৰো সমাজৰ মাজত চিলাইৰ কামটো কেৱল মহিলাৰ কাম হিচাপে গণ্য কৰা হয় । বৈদ্যুতিক চিলাই মেচিনত কাম কৰিব পৰা মহিলা বিচাৰি পোৱাটো মহা মস্কিলৰ কাম আছিল যিহেতু সেই ঠাইৰ তিৰোতাসকল প্ৰধানত: গৃহিণী হে আছিল ।

image


শ্ৰেয়াই আঙুলিয়াই দেখুৱায়, “মুখে মুখে প্ৰচাৰ কৰাৰ পিছাত, ভুলে শুদ্ধই কিবাকিবি কৰাৰ পিছত অৱশেষত বিলে তিনিজনীয়া মহিলাৰ এটি দল তৈয়াৰ কৰিলে যিসকলে ফেব্ৰিক কটা আৰু চিলোৱাৰ কিছু কাম জানিছিল- কিন্তু সেই কাম ডিজাইনাৰ কোৱালিটিতকৈ অনেক নিম্নখাপৰ আছিল। গাঁৱত জন্মগ্ৰহণ কৰি তাতে ডাঙৰ-দীঘল হোৱা মহিলাই আমাৰ ডিজাইনবোৰ কাটি-মেলি চিলায় । বিল আৰু মইৰ তেওঁলোকক আলসুৱা কৰি নথ’বলৈ চেষ্টা কৰোঁ- গতিকে আমি তেওঁলোকক প্ৰয়োজন হ’লে কটা আৰু চিলোৱা কামত সহায় কৰোঁ । আমি তেওঁলোকক সৌন্দৰ্য-বৰ্ধন, নিৰ্মাণৰ টেকনিক আৰু পেটাৰ্ণ গঠনৰ আলোচনাত অংশগ্ৰহণ কৰিবলৈ প্ৰেৰণা দিওঁ । আমাৰ অভিজ্ঞতাবোৰৰ পৰা দুয়োপক্ষই লাভান্বিত হয় ।”

যিখন ঠাইত কৰ্মসংস্থানৰ সুবিধা তেনেই তাকৰ আৰু শোষণৰ হাৰ অনেক বেছি, Bumbumৰ কৰ্মসংস্থানে গ্ৰামীণ মহিলাসকলক স্কুল বা ফৰ্মেল ট্ৰেইনিঙৰ অবিহনেও কৌশল উন্নত কৰাৰ সুযোগ প্ৰদান কৰে । তাৰোপৰি এই কামে তেওঁলোকক আৰ্থিক স্বতন্ত্ৰতা প্ৰদান কৰে ।

অন্য কষ্টৰ উপৰিও বিদ্ৰোহৰ মাজত কাম

Bumbumৰ বাবে গাৰো পাহাৰৰ অঞ্চলত কাম কৰিবলগীয়া হোৱাত অত্যধিক কিছুমান প্ৰত্যাহবানৰ সমুখীন হ’বলগীয়া হয় । বিদ্ৰোহৰ জুই চৌদিশে বিয়পি থকা এখন ৰাজ্যত সফল উদ্যোগবোৰ প্ৰায়েই উগ্ৰপন্থী সংগঠনৰ আঁৰ লৈ কাম কৰা লুণ্ঠনকাৰী গোটৰ টাৰ্গেট হ'বলগীয়া হয়|

শ্ৰেয়াই বহলাই কয়, “গাৰো পাৰ্বত্য অঞ্চলত আপোনাৰ যদি অকণমানো সফল ব্যৱসায় থাকে, তেন্তে আপুনি “লাভ লেটাৰ” (উগ্ৰপন্থীৰ পৰা) পোৱাৰ সম্ভাৱনা অনেক প্ৰবল । কম শিক্ষা, কৰ্মসংস্থান আৰু উপাৰ্জনৰ অভাৱে এনে এক বিত্তীয় অৱস্থাৰ সৃষ্টি কৰিছে যি বছৰৰ বেছিভাগ সময়তে লেহেমীয়া হৈ থাকে । দুৰ্বৃত্ত লোকে উগ্ৰপন্থী সংগঠনত যোগদান কৰি সহজতে টকা ঘটাৰ লোভত ডকাইত হৈ পৰে । কয়লাৰ ওপৰত লগোৱা NGT Banৰ ফলত গাৰো অঞ্চলৰ অৰ্থনীতি অধিক বেয়া হৈ পৰিল । গতিকে সংগঠনবিলাকে সৰু-সুৰা ব্যৱসায়ৰ ওপৰত ডকা দিয়া, অপহৰণ কৰা- আদিৰ ওপৰত অধিক গুৰুত্ব দিবলৈ ধৰিছে ।”

“গাৰো অঞ্চলত আমাৰ গতিবিধি কেৱল দিনৰ ভাগতে সীমিত কৰি ৰখা হৈছে । এখন সাপ্তাহিক বজাৰতো অকলশৰে ঘূৰি ফুৰাটো উপযুক্ত নহয় । আপুনি যিমানেই উন্নতি কৰিব, আপোনাক সিমানেই বেছিকৈবিচৰা হ’ব ।”

ভূতৰ ওপৰত দানহ পৰাদি খাৰকোট্টাৰ নেটৱৰ্ক অতিশয় বেয়া । শ্ৰেয়াই আমাক ফটোখিনি পঠাবলৈ দুদিনৰ বেছি সময় লাগিছিল । তেওঁ কোৱা মতে, “এনে দিনো দেখিবলগীয়া হয় যেতিয়া এটি ৱেবচাইট খোলেই নাখায় বা 1 MBত কৈ সৰু ফাইল এটাও বেয়া নেটৱৰ্কৰ বাবে ডাউনলোড কৰিব পৰা নাযায় । কুৰিয়াৰ ছাৰ্ভিছৰ ঠাইত কেৱল স্পীড পোষ্ট হে আছে । ইমান বাধাৰ উপৰিও আমি ছ’চিয়েল নেটৱৰ্কিং চাইটসমূহ আৰু মানুহৰ মূখ বাগৰি লাহে লাহে জনপ্ৰিয়তা লাভ কৰিবলৈ ধৰিছো ।”

তেওঁলোকৰ মিশ্বন সুস্পষ্ট

লাভ লেটাৰবিলাক আৰু বেয়া ইন্টাৰনেট স্পীডৰ বিপৰীতেও এই দুগৰাকী উদ্যমী ব্যক্তিয়ে নিৰন্তৰ কাম কৰি যাবলৈ ধৰিছে । তেওঁলোকৰ মিশ্বন স্পষ্ট হৈ আছে ।

“আমি বিশ্বাস কৰোঁ যে আভ্যন্তৰীণ অঞ্চলৰ লোকৰো উচ্চাভিলাষী হোৱাৰ বা সুন্দৰভাবে তৈয়াৰ কৰা হস্তনিৰ্মিত ডিজাইন পিন্ধাৰ অধিকাৰ আছে । আমাৰ Bumbum লেবেলটোৱে আজি সেই পৰ্যায় পাইছেগৈ য’ত আমি আমাৰ শক্তি বা দুৰ্বলতাক চিনিব পাৰিছোঁ । আমি চিলনি খুলি পুনৰ চিলাবলগীয়া হ’লেও আমাৰ ডিজাইনসমূহত মান বজাই ৰাখিব পাৰোঁ । আমাৰ বাবে প্ৰতিটো নতুন ডিজাইনেই এটি শিকিবলগীয়া অভিজ্ঞতা ।”

পৰীক্ষা নিৰীক্ষাই হৈছে সফলতাৰ চাবিকাঠী

“কিছু সময়ৰ আগলৈকে আমি কেৱল মহিলা আৰু শিশুৰ বাবেহে কাপোৰ প্ৰস্তুত কৰিছিলো । গাৰো পাহাৰ আৰু অসমৰ সীমাত থকাৰ হেতুকে খাৰকোট্টাত আচিক (যাক গাৰো বুলিও জনা যায়), অসমীয়া, ৰাভা আৰু বড়োসকলৰ মিশ্ৰিত জনসংখ্যা আছে| ইয়াৰ ফলত আমি বিভিন্ন ধৰণৰ পৰম্পৰাগত তথা ৱেষ্টাৰ্ণ কাপোৰৰ অৰ্ডাৰ লাভ কৰোঁ- যেনে চালৱাৰ কামিজ, চাৰ্ট, ট’প, স্কাৰ্ট, পেন্ট, ফ্ৰ’ক, ড্ৰেছ আৰু ৱেডিং গাউন । আমি কিছু পৰিমাণে বেগ, ৱালেট আৰু প’টলিও তৈয়াৰ কৰোঁ ।”

image


এফালে নিজৰ প্ৰডাক্টৰ সতে নিৰন্তৰ পৰীক্ষা কৰাৰ উপৰিও শ্ৰেয়া আৰু বিলে এইবিলাক কিছু পৃথকভাবে মাৰ্কেটিং কৰিব খোজে । “আমি Bumbumক ফেশ্বন শ্ব’ আদিত অংশগ্ৰহণ কৰি ফেশ্বন দুনিয়াখনৰ সৈতে চিনাকি কৰি দিব খোজোঁ; কিন্তু তাৰ বাবে চৰকাৰী বা বেচৰকাৰী বিনিয়োগ/পুঁজিৰ প্ৰয়োজন হ’ব । এনেবোৰ স্থানত ল’ন আৰু স্কীম পাছ কৰাবলৈ অসত্‍ উপায় অৱলম্বন কৰিবলগীয় হয় । যোৱাবছৰ আমি PMEGP ল’নৰ বাবে প্ৰস্তাৱ দিছিলো । আনৰ তুলনাত আমি অনেক যোগ্য আছিলো- কিন্তু কোনো অজ্ঞাত কাৰণত আমাক প্ৰত্যাখ্যান কৰি দিয়া হয় ।”

BUMBUM হৈছে এক সম্পূৰ্ণ প্ৰাৰম্ভিক উদ্যম

Bumbums য়ে স্বীকাৰ কৰে যে গাৰো পাৰ্বত্য অঞ্চলত ব্যৱসায় আৰম্ভ কৰাটো অতিশয় কষ্টকৰ কাম আছিল, কিন্তু তেওঁলোক প্ৰাৰম্ভিক সমস্যাৰ সৈতে যুঁজি আগুৱাই যাবলৈ দৃঢ়মনস্থ আছিল ।

“আৰম্ভণিতে দোকানখন খুলিবলৈ প্ৰায় 4 লাখ পুঁজিৰ আৱশ্যক হ’ল । আজি দুটিকৈ খ্ৰীষ্টমাছ আৰু বিয়াৰ চিজনৰ পিছত, পৰীক্ষা-নিৰীক্ষা, ভুল-শুদ্ধ প্ৰচেষ্টা আৰু প্ৰতিজন সদস্যৰে নিৰন্তৰ অধ্যৱসায়ৰ পিছত Bumbum আজি ডাঙৰ হৈছে । ইয়াৰ গ্ৰাহকৰ তালিকাত আজি নতুন কেঁচুৱাৰ পৰা আৰম্ভ কৰি প্ৰৌঢ় লোকো আছে । ই হৈ পৰিছে এক সৰু কিন্তু জনপ্ৰিয় ব্ৰেণ্ড যিটোক মানুহে ইয়াৰ উচ্চ মানদণ্ড, আৰামদায়ক ফিটিং আৰু যিকোনো ডিজাইনকে টক্কৰ দিব পৰা গুণৰ কাৰণে ভাল পায় ।” শ্ৰেয়াই গৌৰৱেৰে কয়|

পাঁচবছৰ পিছত Bumbum

“অহা 5 বছৰৰ ভিতৰতে আমি এক ব্যৱসায়িকভাবে সফল শিল্প-কেন্দ্ৰ নিৰ্মাণ কৰিব বিচাৰোঁ য’ত বয়নৰ বাবে, পৰম্পৰাগত হস্ততাঁতত কাপোৰ আৰু ফেব্ৰিক চিলাবৰ বাবে পৰ্যাপ্ত সুবিধা থাকিব । আমি বিচাৰোঁ মানুহবিলাকে কাম কৰি দাৰিদ্ৰতাক জয় কৰক । আমি বিচাৰোঁ যাতে এই মানুহবিলাকে সাধাৰণ সা-সুবিধাসমূহ যেনে পথ, বিজুলী, খোৱাপানী, বাৰ্তাসংযোগ আদিৰ বাবে একগোট হৈ যুঁজ কৰিব পাৰে । আমি বিচাৰোঁ মানুহে যাতে NH37ৰ পৰা আমাৰ ইয়ালৈ ফুৰিবলৈ আহে ।” ইয়াকে কৈ শ্ৰেয়াই সামৰণি মাৰে|

তেওঁলোকৰ সপোন পূৰ্ণ হৈ উঠক । এতিয়া উত্তৰ-পূৱ ভাৰতত আগতকৈ অধিক হাৰত এনে উদ্যমী লোকৰ প্ৰয়োজন হৈছে ।

মূল লেখিকা: প্ৰিয়াঞ্জনা দত্ত

অনুবাদ: শান্তনু চাংমাই


এনেকুৱা প্ৰেৰণাদায়ক কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এইধৰণৰ অন্যান্য কাহিনী

এজন শিক্ষক যি ছাত্ৰক শিকাবলৈ সাঁতুৰি পাৰ হয়, আৰু আজিলৈ ছুটী লোৱা নাই.....

চাৰিজন ছাত্ৰৰে আৰম্ভ কৰা CEC আজি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰে এক অগ্ৰণী ব্ৰেণ্ড

আজন্ম হাত নথকা বাসন্তীয়ে ভৰিৰেই ব্লেকবৰ্ডত লিখি শিক্ষা দান কৰে ছাত্ৰ ছাত্ৰীক

কৰ্ণাটকত ব্যাৱসায় সহজসাধ্য কৰি তোলাৰ প্ৰয়াস