পৰিস্থিতিৰ বিৰুদ্ধে গৈ ব্যৱসায় স্থাপন কৰা এগৰাকী কাশ্মিৰী যুৱতী

পৰিস্থিতিৰ বিৰুদ্ধে গৈ ব্যৱসায় স্থাপন কৰা এগৰাকী কাশ্মিৰী যুৱতী

Friday November 25, 2016,

2 min Read

কাশ্মীৰৰ বুডগাম নামৰ গাওঁখনৰ এগৰাকী যুৱতী নাৰ্গিছৰ ইচ্ছা আছিল তেওঁৰ নিজৰ ব্যৱসায় আৰম্ভ কৰা । শ্ৰীনগৰৰপৰা ১৭ কিলোমিটাৰ দুৰত্বত চাডুৰাৰ পাঞ্জান নামৰ ঠাইৰ বজাৰখনত তেওঁ এটা সৰু কোঠা ভাড়ালৈ লৈ তেওঁৰ প্ৰতিস্থান জে কে ইউনিক টুৰ এণ্ড ট্ৰেভেলছৰ কাৰ্যালয় চলাই আহিছে । "মই উদ্যোগশীলতা বিকাশ প্ৰতিস্থানৰ বিষয়ে জানিব পাৰিছিলো আৰু পৰিয়ালক নজনোৱাকৈ মই তালৈ গৈছিলো । তাত মই দুসপ্তাহৰ প্ৰশিক্ষণ লৈছিলো আৰু ইয়াৰ দ্বাৰা মোৰ সপোনা পূৰণ হোৱাৰ আশা দেখিবলৈ পাইছিলো ।" নাৰ্গিছে কয় । 

Image: (L-R) Citizen Travels ; Greater Kashmir

Image: (L-R) Citizen Travels ; Greater Kashmir


অৱশ্যে তেওঁ ব্যৱসায় কৰাৰ সিদ্ধান্ত লোৱা শুনি তেওঁৰ পৰিয়াল অথবা আত্মীয়ই ভাল পোৱা নাছিল । "মোৰ দেউতাই আপত্তি কৰা নাছিল কিন্তু অন্যান্য সকলোৱে কৈছিল মই এই শিশুসুলভ আঁচনিবোৰ বাদ দি চৰকাৰী চাকৰিৰ কথা চিন্তা কৰা উচিত।" নাৰ্গিছে কয় । নাৰ্গিছহঁতৰ গাৱঁত ছোৱালীয়ে পঢ়া-শনা কৰিছিল যদিও এজনী ছোৱালীয়ে ব্যৱসায় কৰাটো কল্পনাৰো অগোচৰ আছিল । "মই মোৰ মা-দেউতাক অনুৰোধ কৰিবলগীয়া হৈছিল আৰু তেওঁলোক মান্তি হৈছিল ।" তেওঁ কয় ।

জহকালি পৰ্যটকেৰে ভৰি থকা এখন গাৱঁৰ বাসিন্দা নাৰ্গিছৰ মনলৈ এটা ধাৰণা আহিল । তেওঁ এটা ট্ৰেভেল এজেন্সী খুলিলে । "মোক বহুতে কলে যে ট্ৰেভেল এজেন্সী মহিলাই চম্ভালিবপৰা বস্তু নহয় । তথাপি মই হাৰ নামানিলো ।" তেওঁ কয় । 

পৰ্যটকৰ যাত্ৰাৰ ক্ষেত্ৰত তথ্য দিয়া, থকা-খোৱাৰ ব্যৱস্থা কৰাৰপৰা আৰম্ভ কৰি টুৰিষ্ট গাইড সেৱা প্ৰদান কৰালৈকে সকলো কাম কৰে নাৰ্গিছে । তেওঁ ইয়াক অতি শীঘ্ৰে প্ৰসাৰ কৰিব খোজে । "মই পৰ্যটন বিভাগৰ সৈতে পঞ্জিয়ন কৰিবলৈ আবেদন কৰিছো আৰু নিজা এটা ৱেবচাইট বনাইছো । অতি সোনকালে বিভিন্ন হোটেলৰ সৈতে আমি সম্পৰ্ক স্থাপন কৰিম ।"্ ইতিমধ্যে তেওঁ দেশৰ বিভিন্ন টুৰ অপাৰেটৰ আৰু ট্ৰেভেল এজেন্টৰ সৈতে কথা বতৰা পতিছে ব্যৱসায়টোক ভালকৈ বুজি পাবৰ বাবে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বৈধব্যৰ পাছত স্বামীগৃহই ত্যাগ কৰা নিধি এতিয়া সেনা বিষয়া

এসময়ত শাক পাছলি বিক্ৰী কৰা নিতিন গডছেই ২৫ কোটি টকীয়া কোম্পানী স্থাপন কৰাৰ কাহিনী

কলকাতাৰ ৰাজপথত কাগজ বুটলি পেট প্ৰৱৰ্তোৱাসকলৰ জীৱন সলনি কৰিছে এগৰাকী মহিলাই

সন্তানৰ অসুখেই সফল উদ্যোগীত পৰিণত কৰিলে এগৰাকী মহিলাক