পৰৱৰ্তী বৃহৎ বিপ্লৱ? শিক্ষা সকলোৰে বাবে মুক্ত আৰু সহজলভ্য কৰাৰ লক্ষ্যৰে খান একাডেমীলৈ ৰতন টাটাৰ সমৰ্থন

পৰৱৰ্তী বৃহৎ বিপ্লৱ? শিক্ষা সকলোৰে বাবে মুক্ত আৰু সহজলভ্য কৰাৰ লক্ষ্যৰে খান একাডেমীলৈ ৰতন টাটাৰ সমৰ্থন

Friday December 11, 2015,

5 min Read

লাভৰ বাবে বৰকৈ মূৰ নঘমোৱা স্ব-পৰিচায়ক সংস্থা খান একাডেমীয়ে ভাৰতৰ বাবে বিশেষভাৱে যুগুত কৰা অনলাইনযোগে বিনামূল্যে পাব পৰা বিষয়বস্তু প্ৰস্তুত কৰাৰ উদ্দেশ্যে স্বকীয় পৰিচয়েৰে সমানেই চহকী টাটা ট্ৰাষ্টৰ সৈতে যুটীয়া উদ্যোগ আৰম্ভ কৰিছে। কেইবা নিযুত ডলাৰ ব্যয়সাপেক্ষে এই যৌথ প্ৰয়াসে কেৱল ভাৰতীয় শিক্ষকসকলৰ সেৱা ক্ৰয় কৰাই নহয়, NCERTৰ পাঠ্যপুঠিৰ আধাৰত ভাৰতীয় ভাষাত অনলাইন সমল প্ৰস্তুত কৰিব।

image


Your Storyৰ দৃষ্টিত মানসম্পন্ন শিক্ষাৰ বাবে সংগ্ৰাম কৰি অহা ছাত্ৰ-ছাত্ৰী, শিক্ষক, বিদ্যালয় আদিৰ বাবে আৰু অনলাইন বিষয়বস্তু প্ৰস্তুতকৰ্তা বা ভাৰতৰ শিক্ষা প্ৰযুক্তিৰ দিশত মনোনিৱেশ কৰা উদ্যোগীৰ বাবে এয়া শিক্ষাক্ষেত্ৰৰ এক প্ৰচূৰ সম্ভাৱনাময় বিপ্লৱ। ক্ৰমাগতভাৱে ই ভাৰতৰ কেইবাশ কোটি টকীয়া শিক্ষা খণ্ডত স্বচ্ছতা আৰু উপলব্ধতাৰ মাধ্যম হিচাপে বিকশিত হৈ উঠিব। খান একাডেমীৰ প্ৰতিষ্ঠাতা ছলমান খানে কয় যে তেওঁ ভাৰতৰ শিক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত কাম আৰম্ভ কৰা ন-উদ্যোগীসকলৰ সৈতে কাম কৰি সকলোৰে বাবে সকলো স্থানতে বিনামূলীয়া আৰু বিশ্ব মানৰ শিক্ষা প্ৰদান কৰাৰ তেওঁৰ সংস্থাৰ সপোনটো বাস্তবায়িত কৰিব বিচাৰে।

আকৰ্ষণীয় কথাটো হ’ল যে কেতবোৰ কম খৰচী মাধ্যমৰ দ্বাৰা অনলাইন আৰু অফলাইন দুয়োধৰণে বিষয়বস্তুবিলাক উপলব্ধ কৰি তোলা হ’ব। খান একাডেমীয়ে ইতিমধ্যে বহুতো বিদ্যালয়ত শিক্ষকসকলৰ কৌশল বিকাশৰ উদ্দেশ্যে কিছুমান পাইলট প্ৰগ্ৰেম চলাই আহিছে। ইয়াৰ দ্বাৰা শিক্ষাদানৰ প্ৰতি আগ্ৰহী পেছাদাৰী লোকসকলকো আকৃষ্ট কৰি নিযুত নিযুত লোকক লাভান্বিত কৰাৰ আশা কৰা হৈছে। ভাৰতত শিক্ষাৰ প্ৰসাৰ বা মানসম্পন্ন শিক্ষাৰ সমস্যাটো এটা জটিল বিষয়। খান একাডেমীৰ শিক্ষণ প্ৰণালীয়ে শিক্ষকসকলক আঁতৰাব বিচৰা নাই, বৰঞ্চ ছাত্ৰ-ছাত্ৰীক অতিৰিক্ত সহায় আগবঢ়াবলৈ তেওঁলোকক সকাহ দিবলৈহে বিচৰা হৈছে। 

টাটাই খান আৰু তেওঁৰ পদক্ষেপক স্ফূৰ্তিদায়ক আৰু ব্যতিক্ৰম বুলি অভিহিত কৰি যে ইয়াৰ দ্বাৰা কেৱল নিৰক্ষৰক স্বাক্ষৰ কৰাই নহয়, বৰঞ্চ যিকোনো সময়ত, যিকোনো ঠাইত প্ৰত্যেকৰ বাবে জ্ঞান বিতৰণৰ ব্যৱস্থা কৰা হ’ব যিয়ে প্ৰকাৰান্তৰে ১০৯ বিলিয়ন আমেৰিকান ডলাৰৰ মুৰব্বী টাটা ট্ৰাষ্টক অধিক মানুহৰ মাজলৈ লৈ যাব। টাটাই কয় যে, ‘‘এগৰাকী ভাৰতীয় হিচাপে বা পৃথিৱীৰ এগৰাকী নাগৰিক হিচাপে এই অংশীদাৰত্ব আৰম্ভ কৰিবলৈ পোৱাটো মোৰ বাবে এক বিশেষ সুবিধা। অনাগত প্ৰজন্মৰ বাবে এটা পৰিৱৰ্তনৰ বাট মুকলি কৰাত ই আমাক সহায় কৰিব।’’

আনহাতে যিসকলে খানৰ বিষয়ে ইতিমধ্যে গম পোৱা নাই, তেওঁলোকক জনাওঁ যে তেওঁ এগৰাকী প্ৰাক্তন বিত্তীয় লোকচান বিশ্লেষক (hedge fund analyst) যিয়ে MIT আৰু হাভাৰ্ডৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে। তেওঁ প্ৰথম অৱস্থাত নিজৰ ভতিজাকক পঢ়াবলৈ এটা ভিডিঅ’ প্ৰস্তুত কৰিছিল আৰু পিছত অন্যান্য বহুতে তেনে ভিডিঅ’ প্ৰস্তুত কৰিবলৈ তেওঁক অনুৰোধ জনাইছিল। তেওঁ এই সকলোবোৰ ইণ্টাৰনেটত আপলোড কৰি দিছিল। বিষয়বস্তুখিনি ইন্টাৰনেটত প্ৰচাৰ হোৱাৰ লগে লগে তেওঁ কেৱল আমেৰিকাৰ পৰাই নহয়, বিশ্বৰ সকলো প্ৰান্তৰ পৰা চিঠি লাভ কৰিছিল যিয়ে তেওঁলোকৰ ল’ৰা-ছোৱালীক গণিত পঢ়োৱাত বা বিদ্যালয়, মহাবিদ্যালয়লৈ পুনৰ ঘূৰাই পঠিওৱাত এই শিকন প্ৰণালী বিলাকে বিশেষ সহায় কৰা উল্লেখ কৰিছিল। খানে কয় যে, ‘‘লগে লগে এইটো বুজি উঠিছিলো যে এনে বিষয়বস্তু বিলাকৰ বিশ্বজুৰি এক ব্যাপক প্ৰয়োজন আছে আৰু ই আমাক দেখুৱাই দিছিল যে পৃথিৱীৰ মানুহে এতিয়াও তেওঁলোকৰ সম্ভাৱনীয়তাখিনি ব্যৱহাৰ কৰাৰ দিশত উৎসুক হৈ আছে।’’ 

শেহতীয়াভাৱে খান একাডেমীয়ে গণিত, বিজ্ঞান, কম্পিউটাৰ বিজ্ঞান, Humanities, পৰীক্ষা প্ৰস্তুতি আদি বিষয়ৰ ১০ মিনিট দৈৰ্ঘ্যৰ প্ৰায় ২৭০০ বিনামূলীয়া ভিডিঅ’ মুকলি কৰিছে। প্ৰথমতে খান একাডেমীয়ে ইংৰাজী মাধ্যমত এইবিলাক প্ৰস্তুত কৰিছিল। অৱশ্যে কিছুদিনৰ আগতে খান একাডেমীৰ হিন্দী ভাষাৰ প’ৰ্টেল মুকলি কৰি খানে কয় যে, ‘‘যেতিয়া এক বৃহৎ জনসংখ্যাৰ প্ৰয়োজন আৰু তেওঁলোকৰ সম্ভাৱনাৰ বিকাশ স্থায়ীভাৱে কৰাৰ কথা চিন্তা কৰা হয়, তেতিয়াই ভাৰতৰ কথা প্ৰথমে মনলৈ আহে। আৰু নিঃসন্দেহে যিহেতু ময়ো ভাৰতীয় মূলৰ ব্যক্তি, গতিকে ভাৰত মোৰ হৃদয়ৰ আপোন। এয়া কেৱল এক সৰু আৰম্ভণি। অহা ৪-৫ বছৰত বা অহা দশকবিলাকত আমি এটা ভাৰতীয় সংস্থা হৈ পৰিম।’’

প্ৰথম পৰ্যায়ত এই যৌথ উদ্যোগে নগৰ অঞ্চলৰ নিম্ন আৰু মধ্যবিত্ত পৰিয়ালৰ ল’ৰা-ছোৱালীৰ বাবে শৈক্ষিক সমল প্ৰস্তুত কৰাত গুৰুত্ব দিব আৰু দ্বিতীয় পৰ্যায়ত কেইবাটাও ভাৰতীয় ভাষালৈ এই সমলবিলাক সম্প্ৰসাৰিত কৰা হ’ব। টাটা ট্ৰাষ্টৰ সৈতে কৰা এই যৌথ উদ্যোগে ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰথম অৱস্থাত sub-title যুক্ত সমল তৈয়াৰ কৰি পিছলৈ ভাৰতীয় ভাষাবিলাকত মৌলিক সমল সৃষ্টি কৰিব বিচাৰিছে আৰু সম্ভৱতঃ পিছলৈ অন্য কোনো ‘ছলমানো’ আগবাঢ়ি আহিব পাৰে।

খানৰ সপোন এয়ে যে, ভাৰতৰ প্ৰতিগৰাকী শিকাৰুৱে যাতে তেওঁলোকৰ আটাইতকৈ পছন্দৰ ভাষাটোৰ যোগেদি মনে বিচৰা বিষয়বস্তুৰ জ্ঞান আহৰণ কৰি নিজৰ সম্ভাৱনীয়তাৰ দুৱাৰ মুকলি কৰিবলৈ সমৰ্থ হয়। তেওঁলোকে যাতে কম্পিউটাৰ বা কম দামী ম’বাইলৰ যোগেদিও এইবোৰ আহৰণ কৰিবলৈ সমৰ্থ হয়, সেয়া খানৰ কাম্য আৰু একাডেমীয়েও তাকেই বিচাৰে। খানে আৰু কয় যে, ‘‘যেতিয়া মই সকলোৰে বাবে সকলো ঠাইতে বিশ্বমানৰ বিনামূলীয়া শিক্ষা যোগান ধৰিব বিচৰা এই মিছনটো সম্পৰ্কে এটা বিৱৰণী লিখি আছিলো, তেতিয়া এইটো কিছু পৰিমাণে অবাস্তৱ যেন লাগিছিল। কিন্তু যেতিয়া আমি ৩০ নিযুত লোকৰ পৰা ব্যৱহাৰিক সমৰ্থন পালো, তেতিয়া ই আমাৰ বাবে কম ভ্ৰান্তিকৰ আৰু অদিক সম্ভৱপৰ হৈ পৰিল। এইক্ষেত্ৰত টাটা ট্ৰাষ্টতকৈ ভাল অংশীদাৰ আমি বিচাৰি নাপালোহেঁতেন।’’

খান আৰু টাটা প্ৰথমে উমৈহতীয়া বন্ধুৰ যোগেদি লগ হৈছিল, দুয়োৱে সৰ্বসাধাৰণৰ বাবে বিনামূলীয়া শিক্ষাৰ কথা পাতিছিল আৰু আজি তেওঁলোকৰ মাজৰ এই অংশীদাৰত্ব গঢ় লৈ উঠিছে।

Your Storyৰ বক্তব্য:

খান একাডেমীৰ যি বিশ্বজোৰা প্ৰভাৱ আৰু ই ইতিমধ্যে কিমান জনপ্ৰিয় হৈ পৰিছে, সেই কথাবিলাক বিবেচনা কৰি এটা শতিকা পুৰণি প্ৰযুক্তিৰ ঠাইত অন্য এটা নতুন, অপৰীক্ষিত শিক্ষণ প্ৰণালীৰ যোগেদি গভীৰ আৰু ব্যাপক পৰিৱৰ্তন আনিবলৈ হ’লে আৰ্থিক মুনাফাকেন্দ্ৰিক চিন্তাৰে পৰিচালিত নোহোৱা মাধ্যমটোৱেই একমাত্ৰ বিকল্প বুলি ক’ব পাৰি।

লাভ-লোকচানৰ সংখ্যাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা নহয়, প্ৰভাৱৰ ব্যাপকতাহে গুৰুত্বপূৰ্ণ। এবাৰ যদি এনে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, উদ্যোক্তাই আপোনাক বাৰে বাৰে সহায় কৰিবলৈ আগবাঢ়ি আহিব। যেতিয়া প্ৰথমকৈ আৰম্ভ কৰা ব্যৱসায় এটাত লাভ-লোকচানৰ কথাটোত প্ৰাধান্য দিয়া হয়, (অৱশ্যে সেইটো বেয়া নহয়) তেতিয়া বিভিন্ন ধৰণৰ ধৰণৰ আশা-আকাংক্ষাই জুমুৰি দি ধৰে, যিয়ে শেষত লক্ষ্যভ্ৰষ্ট কৰাবও পাৰে।

(ঘোষণাঃ Your Storyৰ বিনিয়োগকাৰীসকলৰ ভিতৰত ৰতন টাটাও এজন)

মূলঃ শ্ৰদ্ধা শৰ্মা (YourStory Media ৰ প্ৰতিষ্ঠাতা তথা মূখ্য সম্পাদক )

অনুবাদঃ সুৰেশ কুমাৰ