গাঁৱৰ পৰা চহৰমুখী প্ৰব্ৰজন ৰোধ কৰাৰ ব্যতিক্ৰমী পদক্ষেপ ছলোনী মালহোত্ৰাৰ

গাঁৱৰ পৰা চহৰমুখী প্ৰব্ৰজন ৰোধ কৰাৰ ব্যতিক্ৰমী পদক্ষেপ ছলোনী মালহোত্ৰাৰ

Tuesday January 12, 2016,

3 min Read

চাকৰিৰ সন্ধানত যুৱ প্ৰজন্ম চহৰমুখী হোৱাটো যেন এক গতানুগতিক কথা হৈ পৰিছে।গাঁও সমূহত কৰ্ম সংস্থাপনৰ অভাৱৰ বাবে যুৱক-যুৱতী সকল চহৰমুখী হবলৈ বাধ্য হৈছে।কিন্তু ইয়াৰ ফলস্বৰূপে চহৰ সমূহত জনসংখ্যা বৃদ্ধিৰ লগতে গাঁৱৰ উন্নয়ন স্থবিৰ হৈ পৰিছে।

কিন্তু এই বিষম পৰিস্থিতিৰ কথা চিন্তা কৰি ইয়াৰ সমাধানৰ উপায় উলিয়াইছে এগৰাকী উদ্যমী যুৱতীয়ে।নাম তেওঁৰ ছলোনী মালহোত্ৰা।তেইছ বছৰ বয়সতে তামিলনাডুৰ এখন গাঁৱত এটা বি.পি.অ.নিজা উদ্যোগত স্থাপন কৰিছিল এইগৰাকী যুৱতীয়ে।তেওঁৰ লক্ষ্য আছিল গাঁৱৰ যুৱক-যুৱতী চহৰমুখী নোহোৱাকৈ গাঁৱতে যাতে কৰ্মসংস্থাপন লাভ কৰে।অতি কম দিনৰ ভিতৰতে তেওঁৰ এই সপোন ফলৱৰ্তী হৈ উঠিল।

আৰম্ভণি

গাঁৱৰ উন্নতিৰ কথা চিন্তা কৰা ছলোনীৰ জন্ম হৈছিল দিল্লীত।দিল্লীৰ কন্ভেন্ট স্কুলত দ্বাদশ শ্ৰেনীলৈকে শিক্ষাগ্ৰহণ কৰি পুণেৰ ভাৰতীয় বিদ্যাপীঠৰ পৰা ইঞ্জিনিয়াৰিঙ ডিগ্ৰী লাভ কৰিছিল।কলেজত পঢ়ি থকা অৱস্থাত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ লগতে ছলোনী বিভিন্ন গ্ৰুপৰ সৈতে জড়িত আছিল।এনেদৰে তেওঁ গ্ৰামীণ ক্ষেত্ৰৰ বিকাশৰ কাৰণে বহু কাম কৰিছিল। ছলোনীয়ে তেতিয়াই থিৰাং কৰিছিল যে ভৱিষ্যতে গ্ৰামীণ ক্ষেত্ৰৰ বিকাশৰ কাৰণে তেওঁ কাম কৰিব।এই সন্দৰ্ভত ইয়'ৰ ষ্ট'ৰীৰ আগত ছলোনীয়ে ব্যক্ত কৰে-'মই গাঁৱৰ বিকাশৰ কাৰণে কাম কৰাৰ কথা চিন্তা কৰিছিলোঁ।কিন্তু ভাবি পোৱা নাছিলো যে কি এনে নতুন কাম কৰিব পাৰি যাৰদ্বাৰা যুৱক সকল উপকৃত হব। কিবা এটা কৰিবলৈ কেৱল চিন্তাই নহয়, মূলধনৰো প্ৰয়োজন।এই কথা চিন্তা কৰি মই দিল্লীস্থিত 'বেৱ চাটনী' নামৰ এজেন্সীত জইন কৰিলো।উদ্দেশ্য আছিল কম্পেনী পৰিচালনাৰ নীতি আয়ত্ব কৰা।'

এই সময়তে আই.আই.টি. মাদ্ৰাছৰ অধ্যাপক অশোক ঝুনঝুনৱালাৰ সৈতে ছলোনীৰ পৰিচয় হয়।তেওঁৰ উৎসাহ আৰু সহযোগিতাত ছলোনীয়ে ২০০৭ চনৰ ২ ফেব্ৰুৱাৰীত এটা গ্ৰামীন বি.পি.অ. 'দেশী ক্ৰু' স্থাপন কৰে।যুৱক-যুৱতী সকলে চাকৰিৰ বাবে যাতে চহৰমুখী নহৈ গাঁৱতে কৰ্ম সংস্থাপন লাভ কৰে সেই উদ্দেশ্য আগত ৰাখি দেশী ক্ৰু স্থাপন কৰা হৈছিল।

image


দেশী ক্ৰুয়ে যুৱকসকলক তেওঁলোকৰ অঞ্চলতে কৰ্মসংস্থাপন দিয়াৰ দায়িত্ব লয়।চাৰিজন সদস্যৰে চেন্নাইৰ কল্লোমঙ্গুদী অঞ্চলত আই.আই.টি. মাদ্ৰাছৰ উইলিগ্ৰ আৰু এজন উদ্যোগীৰ সহযোগত দেশী ক্ৰু স্থাপন কৰা হয়।সেই অঞ্চলৰ স্থানীয় ভাষা নজনাৰ বাবে আৰু অঞ্চলৰ নতুন বাসিন্দা হিচাপে প্ৰথম অৱস্থাত ছলোনী বহু সমস্যাৰ সন্মুখীন হবলগীয়া হৈছিল।কিন্তু প্ৰবল ইচ্ছাশক্তিৰ আগত সমস্যাই হাৰ মানিবলগীয়া হৈছিল আৰু দেশী ক্ৰু সফলতাৰ শিখৰত আগুৱাই গৈছিল।

ছলোনীৰ সপোনৰ প্ৰসাৰ

বৰ্তমান তামিলনাডুত দেশী ক্ৰুৰ পাচঁটা চেন্টাৰ থকাৰ লগতে বহু যুৱক-যুৱতীয়ে ইয়াত কৰ্মসংস্থাপন লাভ কৰিছে।গাঁৱত পৰ্যাপ্ত আন্ত:গাথনি নথকাৰ বাবে গ্ৰাহকক সন্তুষ্ট কৰিব পৰাকৈ সেৱা আগৱঢ়োৱাৰ ক্ষেত্ৰত দেশী ক্ৰু কিছু সমস্যাৰ সন্মুখীন হৈছিল। গাঁৱৰ লোকসকলে ইংৰাজী ভালকৈ নাজানিছিল।সাধাৰণতে বি.পি.অ.ৰ কৰ্মচাৰী সকল যথেষ্ট প্ৰশিক্ষিত আৰু স্মাৰ্ট হোৱা দেখা যায়।কিন্তু এই দুটা বস্তুৰ কিছু অভাৱ হলেও কৰ্মচাৰী সকলৰ ওপৰত থকা বিশ্বাসে দেশী ক্ৰুক আগুৱাই নিবলৈ উৎসাহিত কৰিছিল।

যিকোনো পৰিস্থিতিৰ সন্মুখীন হ'ব পৰাকৈ দেশী ক্ৰুৰ কৰ্মচাৰী সকলক প্ৰশিক্ষণ দিয়া হয়।তামিলনাডু আৰু কৰ্ণাটকৰ বিভিন্ন কম্পেনীক দেশী ক্ৰুৱে সেৱা প্ৰদান কৰাৰ লগতে দেশৰ আন বহু কম্পেনী দেশী ক্ৰুৰ সৈতে জড়িত আছে।অতি কম সময়ত দ্ৰুতভাবে দেশী ক্ৰুৱে সমগ্ৰ দেশতে প্ৰসাৰ লাভ কৰিছে।সাধাৰণতে এনে বহু বি.পি.অ. আছে য'ত গাঁৱৰ যুৱক-যুৱতী জড়িত আছে।কিন্তু ছলোনীয়ে গাঁৱতে বি.পি.অ. স্থাপন কৰি তাৰ লগত গাঁওবাসীক জড়িত কৰি এক আদৰ্শ দাঙি ধৰিছে।

image


এই পৰিকল্পনাৰ দ্বাৰা কেৱল গাঁওবাসীৰে নহয়,দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে তেইশ বছৰীয়া এই যুৱতী গৰাকীয়ে। তেওঁৰ অগতানুগতিক চিন্তা আৰু কৰ্মৰ বাবে বিভিন্ন সন্মানেৰে সন্মানিত হৈছে।২০১১ চনত টি.আই.ই. স্ত্ৰী শক্তি এৱাৰ্ড,২০০৮ চনত এম.টি.ভি.ৰ য়ুথ আইকনৰ বাবে নিৰ্বাচন, ২০১৩ ত গ্লবেল চৰ্ছিঙ কাউন্সিলৰ থ্ৰী এছ.এৱাৰ্ডত দ্বিতীয় স্থান লাভ ৰ লগতে ২০০৯ চনত এফ.আই.চি.চি.আই. এফ.এল.অ.বেষ্ট ৱমেন ছছিয়েল এন্টাৰপ্ৰেনাৰশ্বিপ এৱাৰ্ড লাভ কৰে।নিচেই কম বয়সতে ছলোনী ইমানবোৰ সন্মানেৰে সন্মানিত হোৱাৰ লগতে তেওঁৰ উদ্যোগত স্থাপন হোৱা দেশী ক্ৰু অতি কম সময়তে সমগ্ৰ দেশতে প্ৰসাৰ লাভ কৰাটো নি:সন্দেহে এক অভূতপূৰ্ব সফলতাৰ নিদৰ্শন।


মূল: আশোতোষ খন্তৱাল

অনুবাদ:পূবালী ভাগৱতী