নৱেম্বৰৰ ৫ তাৰিখে প্ৰথম বাৰ্ষিক ভূপেন হাজৰিকা যাযাবৰ সঙ্গীত মহোৎসৱ

নৱেম্বৰৰ ৫ তাৰিখে প্ৰথম বাৰ্ষিক ভূপেন হাজৰিকা যাযাবৰ সঙ্গীত মহোৎসৱ

Friday September 08, 2017,

2 min Read

ড° ভুপেন হাজৰিকা ফাউণ্ডেচনে ( DBHF ) অহা নৱেম্বৰৰ ৫ তাৰিখে গুৱাহাটীত আয়োজন কৰিব প্ৰথম বাৰ্ষিক ভূপেন হাজৰিকা যাযাবৰ সঙ্গীত মহোৎসৱ । এই মহোৎসৱ সঙ্গীত, কলা, শিক্ষাৰ লগতে সামাজিক ন্যায় আৰু পৰিৱৰ্তনৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ দৰ্শনৰ সৈতে সঙ্গতি ৰাখি আয়োজন কৰা হ’ব। ফাউণ্ডেচনৰ অনলাইন সমীক্ষাৰ যোগেদি এই মহোৎসৱ সন্দৰ্ভত ৰাইজৰ মতামতো বিচৰা হৈছে ।

image


এই বছৰ এই অনুষ্ঠান দুদিনীয়াকৈ অনুস্থিত কৰা হ’ব । বভিন্ন শিল্পীৰ সাংস্কৃতিক অনুস্থানৰ সমান্তৰালকৈ ছচিয়েল নেটৱৰ্কিং আৰু মাৰ্কেটিং মেলা অনুস্থিত কৰা হ’ব য’ত সাংস্কৃতিক, শৈক্ষিক আৰু বাণিজ্যিক গোট আৰু ব্যক্তিৰ বাবে বিপণীৰ ব্যৱস্থা থাকিব । বিভিন্ন বিষয়ৰ ওপৰত আলোচনাও অনুস্থিত হ’ব ।

এই মহোৎসৱৰ জৰিয়তে দেশ বিদেশৰ ভুপেন দা অনুৰাগীসকলৰ সৈতে ভূপেন দাৰ জীৱন উদযাপন কৰাৰ লগতে ভূপেন দাৰ কৰ্মৰাজিক বিশ্ব দৰবাৰত প্ৰচাৰ কৰাৰো প্ৰয়াস কৰা হৈছে । ভূপেন দাই সঙ্গীতৰ মাধ্যমেৰে সকলোকে একগোট কৰাৰ প্ৰয়াস কৰিছিল । সেই আদৰ্শকে সৰোগত কৰি পাৰস্পৰিক সদ্ভাৱৰ জৰিয়তে মানৱতাবাদৰ উত্থানৰ বাণী প্ৰচাৰৰ বাবে সঙ্গীত আৰু গণ-মাধ্যমৰ সহায় লবসৈ বিচাৰিছে ফাউণ্ডেচনে । ইতিমধ্যে ২০ টা ভাষালৈ অনুদিত হোৱা মানুহে মানুহৰ বাবে গীতটি এই মহোৎসৱৰ থীম ছং হিচাপে গ্ৰহণ কৰা হৈছে ।

এই মহোৎসৱত অংশগ্ৰহণৰ বাবে বিভিন্ন সংগঠন আৰু ব্যক্তিক আহ্বান জনাইছে ফাউণ্ডেচনে । এই মহোৎসৱৰ জৰিয়তে ভূপেন দাৰ কৰ্মৰাজিৰ বিভিন্ন দিশৰ চৰ্চাৰ ওপৰত গুৰুত্ব দিয়া হ’ব । আগন্তুক দিনত এই মহোৎসৱক এক আন্তঃৰাষ্ট্ৰীয় কলা মহোৎসৱত পৰিণত কৰাৰো লক্ষ্য আছে ।

এই মহোৎসৱত অংশগ্ৰহণৰ ১০০১ টা ধৰণ সম্পৰ্কে শীঘ্ৰেই ঘোষণা কৰা হ’ব । গুৱাহাটীৰ উপৰিও অন্যান্য চহৰত সমান্তৰালভাৱে অনুস্থান আয়োজন কৰিব বিচাৰিলে ফাউণ্ডেচনে তাত আদৰণি জনাব।

এই মহোৎসৱৰ নামৰ সৈতে যাযাবৰ শব্দটো যুক্ত কৰাৰ সন্দৰ্ভত ফাউণ্ডেচনে ৰাইজৰ মাতামত বিচাৰে । ইচ্ছুক ব্যক্তিয়ে bhupenhazarikafoundation.org ৱেবচাইটত লগ ইন কৰি ৯ৰপৰা ১১ ছেপ্টেম্বৰলৈ নিজৰ মতামত দিব পাৰিব ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

শ্যামকানু মহন্ত : অসম আৰু উত্তৰ-পূবক ৰাষ্ট্ৰীয় স্তৰত ডাঙি ধৰিবলৈ অহৰহ চেষ্টা চলাই অহা এজন উদ্যমী

পথত ভিক্ষা মাগিবলৈ বাধ্য হোৱা গাজী জালালুদ্দিনে আজি ৫০০ শিশুক বিনামূলীয়া শিক্ষা দিয়ে

এ পি জে আব্দুল কালামৰ এসময়ৰ গাড়ীচালক এতিয়া ইতিহাসৰ অধ্যাপক