৫০০, ১০০০ টকীয়া নোট অচল

৫০০, ১০০০ টকীয়া নোট অচল

Wednesday November 09, 2016,

2 min Read

প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ লগে লগে আঠ নৱেম্বৰৰ মাজৰাতিৰপৰা প্ৰচলন বন্ধ হ'ল ৫০০ আৰু এহেজাৰ টকীয়া নোটৰ । এই নোটবোৰ এতিয়া হৈ পৰিল মাত্ৰ কাগজৰ টুকুৰা । 

১০ নৱেম্বৰৰপৰা ৩০ ডিচেম্বৰলৈকে মানুহে বেংকত ১০০০ আৰু ৫০০ টকীয়া নোট জমা কৰিব পাৰিব । যিসকলে ১০০০ আৰু ৫০০ টকা ৩০ ডিতেম্বৰৰ ভিতৰত জমা কৰিব নোৱাৰে তেওঁলোকে পৰিচয় পত্ৰ দেখুৱাই ৩১ মাৰ্চৰ ভিতৰত এই নোট সলাব পাৰিব । 

এতিয়া ২০০০ টকাৰ নতুন নোট ছপা কৰি উলিউৱা হ'ব ।

অৱশ্যে ১১ নৱেম্বৰৰ মাজৰাতি পৰ্যন্ত হাস্পাতাল, ৰাজহুৱা খণ্ডৰ পেট্ৰল পাম্প, ৰেলৰ টিকট কাউন্টাৰ, শৱদাহ গৃহ আৰু আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত এই নোট সমূহ চলিব । গাখীৰ বিক্ৰী কেন্দ্ৰ, পেট্ৰল আৰু চি এন জি ষ্টেচনত জমা আৰু বিক্ৰীৰ হিচাপ ৰাখিব লাগিব । ১০০ টকা, ৫০ টকা, ২০ টকা, ১০ টকা, পাঁচ টকা, এটকাৰ নোট আৰু সকলো মুদ্ৰা বৈধ হৈ থাকিব ।

২০০০ আৰু ৫০০ টকাৰ নতুন নোট প্ৰচলনৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে ।


প্ৰধানমন্ত্ৰীয়ে কয়, "কেৱল আৰম্ভণীৰ দিনবোৰত এ টি এমৰপৰা ধন উলিউৱাৰ সীমা প্ৰতিদিনে ১০,০০০ আৰু প্ৰতি সপ্তাহত ২০ হাজাৰ ৰখা হৈছে । আৰম্ভণীতে ৪০০০ টকাৰ নোট সলনি কৰিব পৰা যাব আৰু ২৫ নৱেম্বৰৰ পাছত এই সীমা বৃদ্ধি কৰা যাব । ৯ তাৰিখে বেংক বন্ধ থাকিব আৰু ৯ আৰু দহ তাৰিখে কিছুমান এ টি এম বন্ধ থাকিব । চেক, বেংক ড্ৰাফট অথবা অন্য ইলেক্ট্ৰনিক মাধ্যমৰ লেনদেল চলি থাকিব । ৩০ ডিচেম্বৰৰ ভিতৰত নোট সলনি কৰিব নোৱৰা সকলে ২০১৭ চনৰ ৩১ মাৰ্চ পৰ্যন্ত আৰ বি আইৰ কাৰ্যালয়ত পৰিচয় পত্ৰ দেখুৱাই নোট সলনি কৰিব পাৰিব ।"

image


 প্ৰধানমন্ত্ৰীয়ে কয় যে এই তথ্য গোপনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি একে সময়তে সকলোকে দিয়া হৈছে । এই ব্যৱস্থাৰ লগত খাপ খুৱাবলৈ সকলো যাৱতীয় ব্যৱস্থা কৰাবিৰ কাৰণে বেংকসমূহ ৯ তাৰিখে বন্ধ ঘোষণা কৰা হৈছে । ইয়াৰ ফলত হ'ব লগীয়া অসুবিধাবোৰ দেশৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে স্বীকাৰ কৰি ল'ব বুলিও প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে । দুৰ্নীতি, জালনোট আৰু সন্ত্ৰাসবাদৰ মোকাবিলা কৰাৰ বাবে এই ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি তেওঁ দাবী কৰে । সকলোৱে এই প্ৰচেষ্টা সফল কৰাত আগভাগ ল'ব বুলিও তেওঁ আশা কৰে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ভাৰতীয় 'চায়ৱালী' উপমা অষ্ট্ৰেলিয়াৰ বিজনেছ ৱমেন অব দা ইয়েৰ

পথত বাতৰি কাকত বেচাৰপৰা আই আই টিলৈ শিৱাঙ্গীৰ প্ৰেৰণাদায়ী যাত্ৰা

উত্তৰ-পূবৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ ৫০ কোটি টকীয়া 'অইল ষ্টাৰ্টআপ পুঁজি'

ৱিনিজ ফুডৰ বিনিতা জৈনৰ বাবে জীৱন হৈছে সাধাৰণ শৈলী আৰু উচ্চ চিন্তা