সৌৰ শক্তি উৎপাদন কৰা এজোপা গছ

সৌৰ শক্তি উৎপাদন কৰা এজোপা গছ

Monday October 10, 2016,

2 min Read

দৰ্গাপুৰৰ চেণ্ট্ৰেল মেকানিকেল ৰিচাৰ্ছ ইন্সটিটিউটৰ মূখ্য বৈজ্ঞানিক শিবনাথ মাইতিৰ নেতৃত্বত এদল বৈজ্ঞানিকে উদ্ভাৱন কৰিছে সৌৰ গছ । এই সৌৰ গছক মাত্ৰ চাৰি বৰ্গফুট স্থান লাগে কিন্তু ই পাঁচ ঘৰ মানুহক বিজুলী যোগান ধৰিব পাৰে । ইয়াৰ ফলত ভাৰতৰ শক্তি খমঅডৰ নাটনিৰ জোৰা মাৰিব পৰা যাব বুলি আশা কৰা হৈছে ।

Image : (L) - Twitter; (R) - Durgapur Adda

Image : (L) - Twitter; (R) - Durgapur Adda


"এটা সাধাৰণ কাৰ্যালয়ৰ গতানুগতিক মেজ এখনৰ আধা ঠাই ব্যৱহাৰ কৰি ৩-৫ কিলোৱাট শক্তি উৎপাদন কৰিব পাৰি ।" এই গছৰ আৰ্হি প্ৰস্তুত কৰা শিৱনাথে কয় । এই গছজোপা উন্মোচন কৰে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী হৰ্ষ বৰ্দ্ধনে । এই গছজোপা দিল্লীৰ বিভিন্ন স্থানত স্থাপন কৰা হ'ব ।

দুৰ্গাপুৰৰ পৌৰসভায়ো চি এম ই আৰ আইক এনেকুৱা ১০ জোপা গছৰ বাবে অনুৰোধ কৰিছে । আনহাতে বংগৰ এটা তাপ শক্তি উৎপাদন কেন্দ্ৰই ১২০ জোপা এনে গছ স্থাপনৰ আগ্ৰহ প্ৰকাশ কৰিছে । প্ৰতিজোপা এনে গছৰ জীৱনকাল ২৫ বছৰ ।

চি এছ আই আৰৰ সঞ্চালক প্ৰধান গিৰীশ সাহনীয়ে সৌৰ গছৰ উপযোগিতাৰ বিষয়ে উল্লেখ কৰি কয় যে ই সৌৰ শক্তিক বিজুলীলৈ ৰূপান্তৰিত কৰাৰ বাবে অতি কম ঠাই ব্যৱহাৰ কৰে ।

অলপতে মুম্বাইৰ এক দম্পতিয়ে উল্টা ছাতা নামৰ এক যতন প্ৰস্তুত কৰি উলিয়াইছিল যি সৌৰ শক্তি আহৰণৰ লগতে ১০০,০০০ লিটাৰ পৰ্যন্ত বৰষুণৰ পানী বছৰি আহৰণ কৰে । এনেধৰণৰ উদ্ভাৱনৰ সহায়ত দেশৰ শক্তি সংকটৰ অন্ত পৰিব বুলি আশা কৰিব পাৰি ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

৮২ বছৰীয়া 'ৰিভলভাৰ দাদী' চন্দ্ৰো তোমৰ

ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে অসমত গঢ়ি উঠিছে এটা কৃষি বিপ্লৱ

মালগাড়ীৰ গাৰ্ডৰূপে কাম কৰা ভাৰতৰ প্ৰথম মহিলা ইউ এইচ লক্ষ্মী

সাত দিনত আৰম্ভ কৰক ষ্টাৰ্টআপ