মাতৃৰ কথামতে চিকিৎসক হোৱা পুত্ৰ আজি কৰ্কট ৰোগীৰ জীৱন দাতা

মাতৃৰ কথামতে চিকিৎসক হোৱা পুত্ৰ আজি কৰ্কট ৰোগীৰ জীৱন দাতা

Friday November 27, 2015,

5 min Read

তেওঁৰ মাতৃয়ে তেওঁক দিছিল জীৱনৰ এক উদ্দেশ্য, তেওঁৰ নিজৰ আছিল চিকিৎসক হোৱাৰ জেদ তথা দৰিদ্ৰক সহায় কৰাৰ মানসিকতা। আৰু তাৰ বাবেই আজি মহাৰাষ্ট্ৰৰ আহমদনগৰ জিলাৰ জনসাধৰণে ডাক্তৰ স্বপ্নীল মানেক ভগৱানৰ সৈতে তুলনা কৰে। অৰ্থনৈতিকভাৱে পাছপৰা এই অঞ্চলটোৰ লোকসকলৰ মাজৰ কৰ্কট ৰোগীৰ বাবে বিনামূলীয়া চিকিত্সাৰ ব্যৱস্থা কৰি দিছে ডাক্তৰ স্বপ্নীল মানেই। ইয়াৰ উপৰি সমগ্ৰ মহাৰাষ্ট্ৰত কৰ্কট ৰোগৰ সচেতনতামূলক শিৱিৰ অনুষ্ঠিত কৰাৰ লগতে তেওঁ প্ৰয়োজনৰ সময়ত দৰিদ্ৰ লোকক সহায় কৰাৰ পৰাও বিৰত নাথাকে। মহাৰাষ্ট্ৰৰ আহমদনগৰৰ পৰা ৩৫ কিলোমিটাৰৰ দূৰত অৱস্থিত এখন ঠাই হৈছে ৰাহুৰী। সৰ্বসাধাৰণ ৰাইজে হয়তো এই ঠাইডোখৰ চিনি নাপাব পাৰে কিন্তু দৰিদ্ৰ কৰ্কট ৰোগীসকলৰ বাবে শেষ ভৰষা হৈছে এই ঠাই ডোখৰ।

মহাৰাষ্ট্ৰৰ আহমদনগৰ জিলাৰ এখন সৰু গাৱত ডাক্তৰ স্বপ্নীল মানেৰ জন্ম। তেওঁৰ পিতৃ আছিল বেংকৰ ক্লাৰ্ক আৰু মাতৃ আছিল অংগনবাড়ী শিক্ষক।৮ বছৰ বয়সত স্বপ্নীল মানেই তেওঁৰ প্ৰতিবেশী এজন কৰ্কট ৰোগীক দেখা পায়। দৈনিক হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা অতি দৰিদ্ৰ এই লোকজনৰ আছিল হাওঁ-ফাওঁৰ কৰ্কট ৰোগ। দৈনিক ৫০ৰ পৰা ৬০ টকা হাজিৰা লাভ কৰি জীৱন নিৰ্বাহ কৰা এই লোকজনৰ শাৰিৰীক অৱস্থা নিতৌ বেয়ালৈ ঢাল খাবলৈ ধৰিলে আৰু স্থানীয় চিকিৎসকে লোকজনৰ চিকিৎসা কোনো ডাঙৰ হাস্পাতালত কৰাবলৈ পৰামৰ্শ দিয়ে। তেওঁ যেতিয়া এখন ডাঙৰ চিকিৎসালয়লৈ গৈ চিকিৎসা কৰাব বিচাৰে তেতিয়া তেওঁৰ পৰা ৫০-৬০ হাজাৰ টকা বিচৰা হয়। কিন্ত স্বাভাৱিকভাৱেই তেওঁৰ ওচৰত ইমান টকা-পইচা নাছিল। এই কথা জনাৰ পাছত শিশু স্বপ্নীল মানেই নিজৰ মাতৃক সুধিছিল যে কি কাৰণত ডাঙৰ চিকিৎসালয় সেই কৰ্কট ৰোগীজনৰ চিকিৎসা কৰাবলৈ অপৰাগ। তেতিয়া তেওঁৰ মাকে কৈছিল এজন ডাক্তৰে তেওঁলোকৰ হে চিকিৎসা কৰে যিসকলে টকা-পইচা পৰিশোধ কৰিব পাৰে। এই কথাটোৱে শিশু স্বপ্নীল মানেৰ মনত যথেষ্ট সাচঁ পেলায় আৰু তেওঁ মাকক কয়, "মই ডাঙৰ হৈ চিকিৎসক হ’ম আৰু এনে ৰোগীসকলৰ বিনামূলীয়াকৈ চিকিৎসা কৰাম। আৰু ইয়াৰ পাছত স্বপ্নীল মানেই জীৱনৰ লক্ষ্য স্থিৰ কৰি লয় যে তেওঁ জীৱনত কেৱল ডাক্তৰেই হ’ব আৰু অন্তিম শয়নলৈ দৰিদ্ৰ লোকসকলক সহায় কৰি যাব।

image


ভাৰতীয় মেডিকেল কাউন্সিলৰ এক প্ৰতিবেদনত প্ৰকাশ যে সমগ্ৰ দেশত প্ৰতিদিনে ১৩০০ লোকৰ কৰ্কট ৰোগত মৃত্যু হয়। তাৰোপৰি ২০১২ চনৰ পৰা ২০১৪ চনলৈ দেশত ৬ শতাংশ হাৰত কৰ্কট ৰোগী বৃদ্ধি পাইছে। প্ৰতিবেদনত এই তথ্যও প্ৰকাশ যে ২০১৪ চনত কৰ্কট ৰোগৰ ফলত দেশত ৫লাখ লোকৰ মৃত্যু হৈছে। প্ৰতিবছৰে দেশত ৫০ হাজাৰ মহিলা চাৰ্ভাইকেল কৰ্কট ৰোগত আক্ৰান্ত হয়। এই সমূহ কথা মনত ৰাখিয়েই আজিৰ পৰা ৫ বছৰ আগতে ডাক্তৰ স্বপ্নীল মানেই ৰাহুৰীত “ডাঃ মানে মেডিকেল ফাউণ্ডেশ্বন আৰু ৰিচাৰ্ছ চেন্টাৰ” মুকলি কৰে। ১৬ খন বিছনাযুক্ত এই চিকিৎসালয়খনত ডাক্তৰ মানেৰ উপৰি ১২ গৰাকী অন্য চিকিৎসক আৰু ৬ গৰাকী পেৰা-মেডিকেল কৰ্মী আছে। এই সংস্থাটোৰ জৰিয়তে স্বপ্নীল মানেই এতিয়ালৈ ৬শৰো অধিক ৰোগীৰ চিকিৎসা কৰাইছে।

image


ডাক্তৰ মানেই জনোৱামতে তেওঁলোকে বৰ্তমান দুটা প্ৰকল্পত কাম কৰি আছে। ইয়াৰে এটা হৈছে কমিউনিটী বেছ চাৰ্ভাইকেল কেন্সাৰ প্ৰজেক্ট। এই প্ৰকল্পৰ জৰিয়তে তেওঁলোকে গাওঁ ভ্ৰমণ কৰি সাধাৰণ লোকক কৰ্কট ৰোগ সম্পৰ্কে সজাগ কৰে আৰু প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়ায়। তেওঁ কৰ্কট ৰোগত আক্ৰাম্ত গাওঁবাসীক প্ৰয়োজনীয় চিকিৎসাৰ বাবে ৰাহুৰীলৈ আহিবলৈ কয়। তেওঁ ভাৱে যে কৰ্কট ৰোগৰ চিকিৎসা যথেষ্ট ব্যয়বহুল আৰু দেশত কমমূল্যত কৰ্কট ৰোগৰ চিকিৎসা হোৱা ঠাই বহু কম আছে আৰু তাৰ বাবেই বহু লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে। স্বপ্নীল মানেই মুম্বাইৰ টাটা মেমোৰিয়েল হাস্পাতালৰ পৰা ফেলোশ্বিপ লৈছিল। তেওঁ কয় যে টাটা মেমোৰিয়েল হাস্পাতাললৈ দৈনিক যথেষ্টসংখ্যক কৰ্কট ৰোগী আহে। ৰোগী অনুযায়ী চিকিৎসালয়খনত ঠাইৰ অভাৱ আৰু যিসকলৰ হাতত ধনৰ অভাৱ তেওঁলোক এই সুবিধাৰ পৰা বঞ্চিত হ’বলগীয়া হোৱাৰ লগতে ধন থকাসকলেও চিকিৎসাৰ বাবে অপেক্ষা কৰিবলগীয়া হয় আৰু এইখিনি সময়তেই কৰ্কট ৰোগে ৰোগীৰ শৰীৰত অধিক বিয়পি পৰে আৰু ৰোগীৰ শাৰিৰীক অৱস্থা গম্ভীৰ কৰি তোলে।

image


দৰিদ্ৰ লোকসকলৰ এই দুৰৱস্থা দেখিয়েই ডাক্তৰ মানে আৰু তেওঁ দলটোৱে মহাৰাষ্ট্ৰৰ বিভিন্ন গাওঁ পৰিভ্ৰমণ কৰি স্বাস্থ্য-শিৱিৰৰ আয়োজন কৰি আহিছে। যোৱা ৫টা বছৰত ডাক্তৰ মানেই এনে স্বাস্থ্য শিৱিৰৰ জৰিয়তে ২০ হাজাৰৰো অধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱাইছে। তেওঁ লগতে কয় যে আহমদনগৰ আৰু ইয়াৰ আশে-পাশে থকা অন্য জিলাসমূহতো মহিলাৰ চাৰ্ভাইকেল কেন্সাৰ ৰোগ তীব্ৰ গতিত বৃদ্ধি পাই আহিছে। প্ৰতি এশ মহিলাৰ এগৰাকী এই ৰোগত আক্ৰান্ত হৈ আহিছে। তেওঁ কয় যে পশ্চিমীয়া দেশবোৰত কৰ্কট ৰোগকলৈ যথেষ্ট সজাগতা আছে আৰু তাৰ বাবেই তাত কৰ্কট ৰোগৰ প্ৰাৰ্দুভাৱ ভাৰতৰ তুলনাত যথেষ্ট কম। ভাৰতৰ গাওঁবোৰত এতিয়াও কেন্সাৰ ৰোগক লৈ সজাগতা নাই আৰু বহুতেই এই বেমাৰটো সম্পৰ্কত বিশেষ একো নাজানে। বহুতেই কৰ্কট ৰোগক সাধাৰণ বেমাৰ বুলি জ্ঞান কৰি ইয়াক আওকাণ কৰে। এইবোৰ কাৰকৰ বাবেই দেশত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা অধিক।

ইয়াৰ উপৰিও মহিলাসকলে লাজকুৰীয়া স্বভাৱৰ বাবেই কৰ্কট ৰোগৰ লক্ষণ দেখা দিলেও ঘৰৰ মূল মানুহজনক সেয়া ব্যক্ত নকৰে। ইয়াৰ বাবেই কৰ্কট ৰোগ শৰীৰত বৃদ্ধি পাই থাকে। ডাক্তৰ মানেৰ মতে ৬০ শতাংশ কৰ্কট ৰোগী গুৰুতৰ স্তৰ পোৱাৰ পাছতহে চিকিৎসকৰ ওচৰ পাইগৈ। সেই স্তৰত চিকিৎসকৰ হাতত বিশেষ কৰিবলগীয়া একো নাথাকে আৰু ৰোগীক মাথো কেম’থেৰাপী আৰু ৰেডিঅ’ থেৰাপি দিয়াই হয়। ডাক্তৰ মানেই বিশ্বাস কৰে যে অশিক্ষিতৰ সংখ্যাধিক্যৰ বাবেই দেশত কৰ্কট ৰোগৰ নিৰ্মূলকৰণত যথেষ্ঠ অসুবিধাৰ সৃষ্টি হৈছে। সাক্ষৰতা নথকাৰ ফলতেই জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱ দেখিৱলৈ পোৱা যায়।

image


ডাক্তৰ স্বপ্নীল মানেই কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবেই নিজৰ জীৱন উসৰ্গা কৰিছে। ৰাহুৰীত ডাক্তৰ মানেই চলাই থকা প্ৰতিষ্ঠানটোত কৰ্কট ৰোগীৰ চিকিৎসাৰ বাবদ মাত্ৰ ১২ হাজাৰ টকা লয়। উল্লেখনীয় কথাটো হ’ল যে যিসকল ৰোগীয়ে এই ধনৰাশিও জমা কৰি চিকিৎসা কৰাব নোৱাৰে, তেনে ব্যক্তিক ডাক্তৰ মানেই বিনামূলীয়াকৈ চিকিৎসা কৰায়। তেওঁ জনাই যে এইবোৰ কাৰণতেই তেওঁৰ প্ৰতিষ্ঠান যথেষ্ট বিত্তীয় সংকটৰ সম্মুখীন হ’বলগীয়া হয়, কিন্তু বিভিন্নজনৰ সহায়ত তেনে সমস্যাবোৰ আঁতৰ হৈ যায়। ২০১১ চনত “ডাক্তৰ মানে মেডিকেল ফাউণ্ডেশ্বন আৰু ৰিচাৰ্ছ চেন্টাৰ” নামৰ প্ৰতিষ্ঠানটো মুকলি কৰাৰ সময়ত প্ৰয়োজনীয় যন্ত্ৰ-পাতি কিনিবলৈ তেওঁৰ জমা ধন খৰচ কৰিছিল আৰু বাকীখিনি বিভিন্নজনৰ পৰা পোৱা বৰঙণিৰ জৰিয়তে আৰম্ভ কৰাইছিল। তেওঁ কয় যে যন্ত্ৰ-পাতিসমূহ বিকল হৈ পৰিলে সেয়া ঠিক কৰাতো তেওঁলোকৰ বাবে যথেষ্ট সমস্যাৰ সৃষ্টি কৰে। ডাক্তৰ মানেই বৰ্তমান ৩৫ খন বিছনাযুক্ত সাইধাম কেন্সাৰ হস্পিটাল নামেৰে ৬হাজাৰ বৰ্গমিটাৰ ঠাইত এখন নতুন চিকিৎসালয় খোলাৰ পৰিকল্পনা কৰি আছে। ভাৰতবৰ্ষৰ পৰা কৰ্কট ৰোগ আৰু কৰ্কট ৰোগী সমূলি নাইকীয়া কৰিবলৈ ডাক্তৰ স্বপ্নীল মানেই এতিয়া এনে ব্যক্তিৰ সন্ধানত আছে যিয়ে তেওঁলোকৰ এই কামত বিত্তীয় সাহায্য আগবঢ়াব পাৰে।

লেখক- হৰীশ বিষ্ট

অনুবাদ- শোণিত কুমাৰ গোস্বামী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মাইকেল জেকচনৰ নৃত্যশৈলীৰে ট্ৰেফিক নিয়ন্ত্ৰণ কৰা এজন ‘দবং’ আৰক্ষী

‘আঞ্জা-আচাৰত লেটি লৈ থকা এই ভাৰতীয়টোক পিটি পিটি ফাঁচী দিব লাগে’: ই-মেইল উদ্ভাৱক শিৱ আয়াদুৰাইৰ বিৰুদ্ধে বৰ্ণবাদী আক্ৰোশৰ কাহিনী

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান