“সঁচাকৈয়ে জীৱনটো দুঃসাহসিকতাৰে ভৰা”- কমিউনিকেশ্যন ষ্ট্ৰেটেজিষ্ট অম্বিকা শৰ্মা

0

সৈনিকৰ পৰিয়ালৰ জীয়ৰী হোৱা বাবেই অম্বিকা শৰ্মাই শৈশৱৰ পৰাই পাইছিল ভ্ৰমণৰ সোৱাদ । প্ৰতি দুই বছৰৰ মূৰে মূৰে এখন ঠাইৰ পৰা আন এখনলৈ ভ্ৰমণ কৰিছিল পৰিয়ালটো । সৰুৰে পৰাই বিভিন্ন দেশ ভ্ৰমণ কৰা অম্বিকাই প্ৰতিখন ঠাইতে নতুন নতুন বন্ধু-বান্ধব লগ পোৱাৰ লগতে. প্ৰতিটো পৰ্বতত আৰোহণ , প্ৰায় প্ৰতিখন নদীতে সাঁতোৰাৰ লগতে প্ৰতিটো জলপ্ৰপাতো উপভোগ কৰে।

সমান্তৰালভাবে তেওঁৰ নতুন নতুন কৰ্মৰাজি আৰু হবিৰো সৃষ্টি হয়। কোনো এটা গ্ৰীষ্মকালত যদি তেওঁ কাঠেৰে কলা সৃষ্টি আৰম্ভ কৰে তেন্তে পিচৰতো গ্ৰীষ্মকালত ৰং-তুলিকালৈ চিত্ৰকৰ হয়। খেলৰ উপৰিও বন্ধ সময়ত অম্বিকাই দুঃসাহসিক ক্ৰীড়া যেনে ৰাফটিং, ট্ৰেকিং, আদিও কৰি ভাল পায়। তেওঁৰ ধৰণ-কৰণ আৰু জীৱনশৈলীয়ে তেওঁক এনেভাবে উপযুক্ত কৰি গঢ়ি তুলিলে যে তেওঁ যিকোনো পৰিস্থিতিৰ সাহসীকতাৰে সন্মূখীন হবলৈ সাজু।

বাৰ বছৰ বয়সতে গৰম বন্ধত কমিউকেশ্যন এণ্ড ষ্ট্ৰেটেজি ফাৰ্মৰ অধীনত কাম কৰা অম্বিকাই কৰ্মৰ প্ৰেমত পৰে যিয়ে তেওঁৰ জীৱনটোৱেই সলনি কৰি পেলালে। অম্বিকাই কৈছিল, ‘প্ৰথম দিনাখনেই মই উপলব্ধি কৰিছিলো যে ইয়েই হ’ল মোৰ কেৰিয়াৰৰ বাটকটীয়া স্বৰূপ’। পাচলৈ অম্বিকাই পাল্প ষ্ট্ৰেটেজি কমিউনিকেশ্যন সৃষ্টি কৰে।

পাল্প ষ্ট্ৰেটেজি কমিউনিকেশ্যন হৈছে এখন সাম্ৰাজ্য যি কাৰিকৰী কৰ্মত পাৰ্গত, অভিজ্ঞ, বাৰ্তা আদান প্ৰদানৰ কাৰিকৰী কৌলন আৰু বজাৰৰ সম্যক জ্ঞানেৰে ভৰপূৰ। পাল্প ষ্ট্ৰেটেজিৰ দ্বাৰা কোনো ধৰণৰ বাধাৰ সন্মূখীন নোহোৱাকৈ মুখামুখি সম্পৰ্কৰে উপভোক্তাৰ লগত অনলাইন আৰু অফলাইন যোগাযোগ স্থাপন কৰিব পাৰে।

এই সংস্থাটোৱে বিস্তৃতভাবে সকলোকে একগোট কৰি সমস্যা সমাধানৰ কৌশল প্ৰদান কৰে, য’ত আছে উদ্ভাৱনী শক্তি, উপভোক্তাৰ অন্তৰ্দৃষ্টি, নক্সা আৰু কাৰিকৰী জ্ঞান, যাতে তেওঁলোকে তেওঁলোকৰ ব্ৰেণ্ডৰ উপযুক্ত ফলাফল লাভ কৰে।

আন সকলো ব্যৱসায়ৰ দৰে আমিও প্ৰতিযোগিতাৰ সন্মূখীন হওঁ আৰু আমাৰ প্ৰতিযোগীতাও হৈছে আন আন প্ৰতিষ্ঠানসমূহৰ দৰেই যি বজাৰৰ পৰা মুনাফা আদায় কৰিব বিচাৰে।

এগৰাকী উদ্যোগী মহিলা হিচাপে যাত্ৰা

এগৰাকী মহিলা উদ্যোগী হিচাপে নিজৰ এই মনোৰম যাত্ৰাৰ কথা অম্বিকাই কয়, “মই প্ৰতিটো মূহুৰ্ততে অসাধাৰণ অভিজ্ঞতা তথা আনন্দ বিচাৰি পাওঁ। এই সৃষ্টিৰ স্বাধীনতা, গঠনমূলক পৰিকল্পনা আৰু প্ৰযুক্তিবিদ্যাই মোৰ ব্যৱসায় আগবঢ়োৱাত প্ৰচুৰ পৰিমানে সহায় কৰিছে”।

তিনি বছৰ অতিক্ৰম কৰা এই প্ৰতিষ্ঠানটোৱে ইতিমধ্যে ৫০ তকৈও অধিক পুৰস্কাৰৰ লগতে সন্মানীয় MAA গ্ল’ৱ, ২০১৪ ও লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, ২০১৩-১৪ বৰ্ষত এই প্ৰতিষ্ঠানটোৱে ইয়াৰ আগৰ বৰ্ষৰ তুলনাত ১৬৮ শতাংশ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।

ভাল কৰ্মই হ’ল নিজৰ আকাংক্ষাক ফলপ্ৰসূ কৰাৰ উত্তম উপায়

সম্প্ৰতি মই যিটো স্থানত আছো তাক লৈ মই খুবেই সূখী, মোৰ বাবে প্ৰতিদিনেই নতুন আৰু ভৱিষ্যতেও কৰিবলগীয়া বহুখিনিয়েই আছে। মই বাইক চলোৱাৰ লগতে মোৰ সৃষ্টিমূলক কামত থকা স্বাধীনতাৰ ভাৰসাম্যৰক্ষা কৰাৰ বাবে সদায় নতুনত্বৰ সৃষ্টি কৰিব পাৰিছো। প্ৰতিবাৰেই সেই নতুনত্বই উপভূক্তাৰ পৰা সহাঁৰি লাভ কৰাৰ লগতে তেওঁৰ ব্ৰেণ্ডটোৱেও অশেষ পৰিমানে লাভাৱান্বিত হৈছে। “ভাল কৰ্মই হ’ল নিজৰ আকাংক্ষাক ফলপ্ৰসূ কৰাৰ উত্তম উপায়” – অম্বিকাৰ ভাষাত।

উদ্যোগৰ শীৰ্ষত থকাটো এক কঠিন কাম

অম্বিকাৰ মতে উদ্যোগ হৈছে এজন মানুহৰ ইচ্ছাৰ প্ৰতীক। তেওঁ ভাবে যে ই লিংগৰ ওপৰত নিৰ্ভৰশীল নহয়, কিন্তু এইটোও সত্য যে কেৱল সমগ্ৰ ভাৰতবৰ্ষতেই নহয়, সমগ্ৰ বিশ্বতেই মাত্ৰ কেইগৰাকীমানহে উদ্যোগী মহিলা আছে। উদ্যোগৰ শীৰ্ষত থকাটো সাধাৰণ কথা নহয়, ই এক কঠিন কাম। এগৰাকী মানুহে নিজৰ ব্যৱসায় আগবঢ়াই নিয়াৰ বাবে তেওঁৰ ব্যক্তিগত সময়ৰ লগতে বহুতে বস্তু বাদ দিবলগাত পৰে। দৃঢ়তা আৰু আত্মবিশ্বাসেই হৈছে এটা ব্যৱসায় মানসিকভাবে আগবঢ়াই নিয়াৰ প্ৰধান আহিলাস্বৰূপ।মই ভাবোঁ সামাজিক বাধ্যবাধকতা, সতৰ্কতা আৰু বংশানুক্ৰমে চলি অহা নীতি-নিয়মবোৰ লাহে লাহে কমি আহিছে আৰু ভালেখিনি সলনিও হৈছে। অম্বিকাৰ ভাষাত, “সমীক্ষামতে মহিলা উদ্যোগীসকলে আৰম্ভ কৰা ব্যৱসায় লাহে লাহে বৃদ্ধি হ’বলৈ ধৰিছে যিয়ে সামাজিক উন্নতিৰ ক্ষেত্ৰত যথেষ্ট অৰিহনা যোগাইছে”।

বাইকিঙৰ সময়তে উদ্ভৱ হয় ব্যৱসায়ৰ নতুন কৌশল

বাইক চলাই ভালপোৱা অম্বিকাৰ বাইককেইখন হৈছে চুজুকী জি এচ এক্স-আৰ ১০০০ আৰু হাৰ্লে ডেভিদচন ৰোড কিং। তেওঁ ১০০ৰো অধিক কিলোমিটাৰ বাইক চলাই প্ৰতিটো সপ্তাহৰ অন্তত। “মই প্ৰতি দুমাহৰ ভিতৰত কমেও এসাপ্তাহৰ বাবে ৪০০-১০০০ কিলোমিটাৰ বাইক চলাঁও। এই জানুৱাৰী মাহতেই মই মোৰ হাৰ্লেখন লৈ দিল্লীৰ পৰা কন্যাকুমাৰীলৈ প্ৰায় ২৮০০ কিলোমিটাৰ বাট অতিক্ৰম কৰিছিলো। এই বাইক ৰাইডিঙেই মোক মোৰ ব্যৱসায় আগবঢ়াই নিয়াত ভালেখিনি ইন্ধন যোগাইছে”- শেষত অম্বিকাই কয়।


লেখক- জয় ৱৰ্ধন

অনুবাদ- অৰুন্ধতী বেজবৰুৱা