অ-মহানাগৰিক যুৱক-ষ্টাৰ্টআপৰ নতুন ব্যৱসায়িক লক্ষ্য

অ-মহানাগৰিক যুৱক-ষ্টাৰ্টআপৰ নতুন ব্যৱসায়িক লক্ষ্য

Thursday December 10, 2015,

4 min Read

আমাৰ দেশৰ সামাজিক-অৰ্থনৈতিক ছবিখনলৈ পৰিৱৰ্তন অহাৰ মূল কাৰণবোৰৰ এটা হৈছে দ্ৰুত নগৰীকৰণ।McKinsey Global Institute এ চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে যে ২০৩০ চনৰ ভিতৰত দেশখনৰ চহৰসমূহে দেশৰ মুঠ জনসংখ্যাৰ ৪০ শতাংশ লোকৰ বোজা আৰু মুঠ ঘৰুৱা উৎপাদনৰ ৭০ শতাংশ বহন কৰিবলগীয়া হ’ব।বজাৰকেন্দ্ৰিক দৃষ্টিকোণৰ পৰা চাবলৈ গ’লে দ্ৰুত নগৰীকৰণ এক আশীৰ্বাদেই, কিয়নো ই এচাম নতুন মনোভৌগোলিক গ্ৰাহক সৃষ্টি হোৱাত সহায় কৰিছে আৰু ব্ৰেণ্ডবোৰকো জনপ্ৰিয় হোৱাৰ সুযোগ প্ৰদান কৰিছে।

যোৱা দশকটোত বহুতো নতুন শ্ৰেণীৰ গ্ৰাহক সৃষ্টি হৈছে যদিও এই প্ৰবন্ধটো মূলতঃ অ-মহানাগৰিক যুৱকবোৰৰ কাৰণেহে।

ৰঞ্জিত এটা ২৩ বছৰীয়া ল’ৰা আৰু তেওঁ কিছুদিনৰ আগতে ৱাৰংগলৰ পৰা বাংগালুৰুলৈ আহিছে।স্থানীয় এখন কলেজৰ পৰা ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লোৱাৰ পিছত তেওঁ জ্যেষ্ঠসকলক অনুকৰণ কৰি চাকৰিৰ সন্ধানত ডাঙৰ চহৰলৈ আহে।এখন সৰু আই,টি ফাৰ্মত এটা চাকৰি যোগাৰ কৰি লোৱাৰ পিছত ৰঞ্জিতে বন্ধুকেইজনমানৰ লগত পেয়িং গে’ষ্ট হিচাপে থাকিবলৈ লয়।ৰঞ্জিতে আমেৰিকাৰ সময়মতে কাম কৰে আৰু সেইকাৰণে দিনত শুই থাকে।আজৰি সময়ত বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ মানুহৰ সৈতে ফেচবুকত সময় কটায় আৰু মোবাইল ফোনত তেলেগু চিনেমা চায়।ৰঞ্জিতে চহৰখন ভালপাইছে, কাৰণ এই চহৰখনে তেওঁক অপৰিসীম স্বাধীনতা আৰু জীৱনটো নিজৰ মতে কটাব পৰাকৈ সুবিধাখিনি দিছে।অৱশ্যে তাৰ মাজতো তেওঁৰ কেতিয়াবা বৰ অকলশৰীয়া যেন বোধ হয়।তেওঁ মহানাগৰিক জীৱনশৈলীৰ এক অংশ হৈ পৰিবলৈ মনেপ্ৰাণে বিচাৰিছে আৰু ইয়াৰ ভাষাটো তেওঁৰ আয়ত্বাধীন হৈ আছে।সেয়েহে তেওঁ বিভিন্ন ব্ৰেণ্ড বিচাৰি ফুৰিছে, যাতে এইবোৰৰ অভিজ্ঞতাৰে তেওঁ মহানাগৰিক জীৱনৰ সৈতে নিজকে চামিল কৰাব পাৰে।

image


কৰ্মক্ষেত্ৰত আমাৰ মাজৰ বহুতৰে ৰঞ্জিতৰ দৰেই অৱস্থা। দ্ৰুত নগৰীকৰণৰ ফলত আমাৰ কৰ্মক্ষেত্ৰসমূহ অনাগত দিনত ৰঞ্জিতৰ দৰে প্ৰব্ৰজনকাৰীৰে হয়তো ভৰি পৰিব।বজাৰকেন্দ্ৰিক উপভোক্তা এজনৰ বাবে এই ছবিখন খুবেই উৎসাহজনক, কিয়নো দুটা দশকৰ পূৰ্বে এয়া সম্ভৱ নাছিল।অৰ্থনৈতিক উদাৰীকৰণৰ পূৰ্বে সৰু সৰু চহৰবোৰত জন্ম হোৱাসকলৰ বেছিভাগেই তেনে একো বিশেষ সুবিধা কৰিব নোৱাৰি ঘৰতে থাকিছিল।

অ-মহানাগৰিক যুৱকৰ বিষয়টো এক মনো-ভৌগোলিক ধাৰণা যিটো তেওঁৰ জীৱনৰ অৱস্থাৰ সৈতে সম্পৰ্কিত।আমি তেওঁলোকক ভালকৈ বুজি উঠিবলৈ আমাৰ এক গৱেষণা কৌশল নেটন’গ্ৰাফীৰ সহায় লৈছিলো, যিয়ে অ-মহানাগৰিক যুৱকবিলাকে ব্যৱহাৰ কৰা চচিয়েল মিডিয়াৰ বিষয়বোৰ অধ্যয়ন কৰিছিল।আমাৰ এই বিশ্লেষণৰ আধাৰত আমি ৫ টা পইণ্ট ব্যাৱসায়িকসকলৰ বাবে উলিয়াই দিছিলো যাৰ সহায়ত তেওঁলোকে গ্ৰাহকৰ প্ৰয়োজন অনুসাৰে লক্ষ্য থিৰ কৰি ল’ব পাৰে।

তেওঁলোক কোনঃ ডেকা ল’ৰা, মহানগৰত থাকে কিন্তু সৰু চহৰৰ পৰা আহিছে,স্নাতক ডিগ্ৰীধাৰী আৰু বৰ্তমান কোনো এক কোম্পানীত কৰ্মৰত।

তেওঁলোকে কি ক্ৰয়/ব্যৱহাৰ কৰেঃ ব্ৰেণ্ডেড কাপোৰ(অনলাইন বা অফলাইন), মোবাইল ফোন(উপভোগ, যোগাযোগ,তথ্যৰ আদান-প্ৰদান আৰু ব্যাৱসায়িক কাম-কাজৰ বাবে ব্যৱহাৰ কৰে), মটৰ চাইকেল, ভ্ৰমণমূলক সেৱা(চহৰৰ ভিতৰত বা বাহিৰত), বিত্তীয় সেৱা(বেংক, ঋণ বা ক্ৰেডিট কাৰ্ড),ঘৰুৱা বিভিন্ন সামগ্ৰী ইত্যাদি।

বিশ্বৰ সৈতে তেওঁলোকে কেনেদৰে কথা পাতে (প্ৰকাশভংগীৰ ভাষা)- ভাষা আৰু প্ৰকাশভংগীৰ ক্ষেত্ৰত ডাঙৰ চহৰত জন্ম গ্ৰহণ কৰাসকলে বেলেগ বেলেগ ধৰণেৰে আচৰণ দেখুৱায়।চচিয়েল মিডিয়া, উপহাৰ দিয়া, কবিতা আৰু চিনেমা সম্পৰ্কীয় ইত্যাদি কথা-বতৰাত তেওঁলোকে বহুলভাৱে স্থানীয় ভাষা প্ৰয়োগ কৰে।তেওঁলোকে নিজকে প্ৰকাশ কৰিবলৈ যথেষ্ট দামী সামগ্ৰী বিচৰাৰ লগতে ব্যৱহাৰো কৰে।

ধাৰণাৰ উপস্থাপনঃ চচিয়েল মিডিয়াত প’ষ্ট, উপহাৰ, ফটো আৰু ভিডিঅ’ৰ আদান-প্ৰদানৰ জৰিয়তে দুই ধৰণৰ স্ব-ধাৰণা উপস্থাপনকাৰীক বাচি উলিয়াব পাৰি।চচিয়েল মিডিয়াত ওপৰা-ওপৰিকৈ ফটো প’ষ্ট কৰিলে তেওঁলোকৰ মানসিক অৱস্থাৰ বিষয়েও কিছু কথা জানিব পাৰি।

স্ব-ধাৰণা ১- তজবজীয়া আৰু আত্মবিশ্বাসী আৰু মহানাগৰিক জীৱন প্ৰণালীৰ লগত ফেৰ মাৰি চলা- ক’লা গ্লাচ পৰিধান কৰি বাইকত ফটো উঠা, কোনো পাবত গৈ ড্ৰিংকচৰ গ্লাচ হাতত লৈ ফটো উঠা, মহিলা সহকৰ্মীৰ সৈতে একেলগে কৰ’বালৈ ফুৰিবলৈ যোৱা, বন্ধুৰ লগত দূৰ ভ্ৰমণলৈ যোৱা, কোনো প্ৰাচীন কীৰ্তিচিহ্নৰ কাষত ৰৈ ফটো উঠা,বিদেশৰ মনোমোহা ছবি আদি।

স্ব-ধাৰণা ২-সমস্যাৰ সৈতে যুঁজি থকা কিন্তু প্ৰেৰণাদায়ক কথা প’ষ্ট কৰা,পৰিয়ালৰ মানুহবোৰলৈ(বিশেষকৈ মাকলৈ)মনত পৰা, সমৰ্থন নকৰা অফিচৰ বছবোৰৰ প্ৰতি ক্ষোভ উজৰা, জীৱনত কোনো বিশেষ এজনৰ অভাৱ অনুভৱ কৰা, বিত্তীয় চিন্তা ইত্যাদি।তেওঁলোকে উৎসাহমূলক কবিতা, আধ্যাত্মিক উপহাৰ আৰু ধৰ্মীয় উক্তি প’ষ্ট কৰে।মহানগৰত জন্ম লোৱাসকলৰ সৈতে মিলাবলৈ তেওঁলোকে কেতিয়াবা হিংস্ৰতা দেখুৱায় আৰু ঘৰৰ পৰা আঁতৰত থাকি কৰিবলগীয়া হোৱা যুঁজখনৰ কথাও কয়।স্ব-ধাৰণাৰ এইটো এনে এক আকৰ্ষণীয় দিশ, য’ত ব্ৰেণ্ডবিলাকে গভীৰ মনোনিৱেশ কৰাৰ প্ৰয়োজন আছে।

ব্ৰেণ্ডবিলাকৰ ভূমিকাঃ ব্ৰেণ্ডবিলাকে এই দিশত তেওঁলোকৰ স্থান অনুসৰি দুই ধৰণেৰে কাম কৰিব পাৰে-

মহানাগৰিক জনগণৰ আদৰ্শঃমহানাগৰিক লোকৰ পৰিচয়ৰ মূল্য

এই ব্ৰেণ্ডবোৰ হৈছে মহানাগৰিক জীৱনৰ বাবে উপযোগী।অ-মহানাগৰিক যুৱকে লিভাইছ(ৰেহাই মূল্যত)কিনে, ৰে’ বেনৰ চানগ্লাচ পিন্ধে, ক’ল্ড ড্ৰিংকচ হিচাপে ক’ক লয় আৰু বেংকৰ লেনদেন কৰে আই,চি,আই,চি,আই-ৰ দৰে ব্যক্তিগত খণ্ডৰ বেংকত।তেওঁলোকে ডাঙৰ ব্ৰেণ্ডবিলাকৰ পৰা আৰাম বিচাৰে, যিয়ে তেওঁলোকক মহানাগৰিক যুৱকৰ দৰেই মহানাগৰিক জীৱনৰ সৈতে খাপ খোৱাত সহায় কৰিব। তেওঁলোক স্থানীয় ব্ৰেণ্ডবিলাকৰ প্ৰতি এতিয়াও আগ্ৰহী হৈ উঠা নাই।

স্থানীয় সমাধান প্ৰদানকাৰীসকলঃ মহানগৰলৈ গতি কৰিব খোজা লোকৰ সংখ্যা হ্ৰাস কৰাত সহায় কৰে।এই ব্ৰেণ্ডবোৰে অ-মহানাগৰিক যুৱকক মহানগৰীয় জীৱন-ধাৰণত সহায় কৰে।বৰ্তমান কিছু সংখ্যক মোবাইল এপছে্ এই ধৰণৰ গ্ৰাহকক থাকিবলৈ উপযুক্ত ঠাইৰ সন্ধান দিয়া,ঘৰুৱা খাদ্যৰ সন্ধান দিয়া,বিত্তীয় পৰামৰ্শ দিয়া,ফুৰিবলৈ ভাল ঠাই বিচাৰি দিয়া আদিকে ধৰি বিভিন্ন দিশত সহায় কৰি আহিছে।সম্ভৱতঃ মোবাইল এপছ্ বিলাকৰ সৌন্দৰ্য এইখিনিতেই যে, এইবোৰে অ-মহানাগৰিক যুৱকক তেওঁলোকৰ ব্যক্তিগত অজ্ঞতাবোৰ দূৰ কৰাত সহায় কৰে আৰু তেওঁলোকৰ ওচৰত নথকা বিভিন্ন তথ্যৰ যোগান ধৰে।

সামৰণিঃ

অ-মহানাগৰিক যুৱক এক অতি সু-সংঘবদ্ধ নতুন শ্ৰেণীৰ গ্ৰাহক, যিটো দ্ৰুত নগৰীকৰণৰ সৈতে হাতে হাত ধৰি আগুৱাই আহিছে।তেওঁলোকে বিভিন্ন ব্ৰেণ্ডৰ সামগ্ৰী ব্যৱহাৰেৰে নতুন চামৰ মাজত এক আদৰ্শ হিচাপে থিয় দিব খুজিছে আৰু তেওঁলোকৰ এই যাত্ৰাত ব্ৰেণ্ডবোৰেও সহায় কৰিছে।

মোৰ মন্তব্যত ইয়াকে ক’ব খোজো যে, ব্যাৱসায়িকসকলে এই অ-মহানাগৰিক যুৱচামৰ প্ৰত্যাহ্বান আৰু ডাঙৰ চহৰত তেওঁলোকে মিলি পৰিবলৈ কৰা প্ৰয়াসক সন্মান জনাই তেওঁলোকৰ প্ৰয়োজনবোৰ পূৰ কৰিবলৈ চেষ্টা কৰা উচিত।যিবোৰ ব্ৰেণ্ড বিশ্বাসযোগ্য, যিবোৰৰ নিজা ভাষা আছে আৰু যিবোৰে মুখৰ কথাৰ জৰিয়তে, সমতুল্য মানুহৰ পৰা স্বীকৃতি আদায় কৰিব পাৰে বা তৃতীয় পক্ষৰ পৰা অনুমোদন লাভ কৰিব পাৰে, তেনেবোৰ ব্ৰেণ্ডেই এই চাম গ্ৰাহকৰ ওচৰ চপাত সফল হৈছে।

-------------------------------------------

মূল লেখক- ৰিণি দত্ত

অনুবাদক- লীনা শইকীয়া