কর্পৰেটৰ লোভনীয় চাকৰিতকৈ শিক্ষাদানকে জীৱনৰ ব্ৰত কৰি ল’লে শুক্লা বোসে

মূল- স্বাতী মূখাৰ্জী

0

সেউজীয়াৰ মাজত ঘনৰঙা ৰঙৰ এযোৰ পোচাক, পৰিপাটিকৈ বন্ধা একোচা চুলি, কঁপালৰ সোঁমাজত জিলিকি থকা এটা ডাঙৰ ফোঁটেৰে যেতিয়া শুক্লা বোসে তেওঁৰ সপোনৰ আঁচনি – 'পৰিক্ৰমা হিউমিনিটি ফাউণ্ডেশ্বন'ৰ কথা বিৱৰি কৈছিল তেতিয়া মানুহগৰাকীৰ চকুৱে-মূখে আত্মবিশ্বাস আৰু প্ৰত্যয় বিৰিঙি উঠা দেখা গৈছিল৷ মন কৰিবলগী্য়া কথা যে এই “পৰিক্ৰমা” নামটোৰ উচ্চাৰণত ইংৰাজীৰ “এ” বর্ণটো উহ্য হৈ আছে কাৰণ শব্দটো মূল সংস্কৃতৰ পৰা লোৱা হৈছে৷ আনহাতে শিক্ষাবিদ শুক্লা বোসৰ মতে ‘এ’ যুক্ত “পৰিক্ৰমা” শব্দটো দেৱনাগিৰি মূলৰ শব্দ৷ নামটোৰ এই বিশেষত্বৰ কথা কওঁতে তেখেতে ধেমেলিয়া সুৰত যোগ দিয়ে যে দৰাচলতে যাদবপুৰ বিশ্ববিদ্যালয়ৰ পৰা তুলনামূলক সাহিত্যত স্নাতেকাত্তৰ উপাধি লোৱা বাবেই হয়তো সাহিত্য বিষয়ত এনেবোৰ যৎসামান্য বিষয়ো তেওঁৰ চকুৰ পৰা সাৰি যোৱা নাই৷

শুক্লা বোস হ’ল পৰিক্ৰমা ফাউণ্ডেশ্বনৰ প্ৰতিষ্ঠাপক তথা চি.ই.অ.৷ মূলতঃ সমতাৰ আধাৰত এখন সমাজ প্ৰতিষ্টা কৰাটোৱেই শুক্লাৰ জীৱনৰ একমাত্ৰ আাদর্শ৷ বস্তি অঞ্চলৰ অতিকৈ দুখীয়া পৰিয়ালৰ শিশুটিকো পৃথিবীত আন যিকোনো শিশুৰ সমপর্যায়ৰ সুযোগ সুবিধা প্ৰদান কৰাটোৱেই হৈছে এই ফাউণ্ডেশ্বনৰ মূল লক্ষ্য৷ বাৰ বছৰ আগতে ১৬৫ জন ছাত্ৰ-ছাত্ৰীৰে বাঙ্গালুৰুৰ ৰাজেন্দ্ৰনগৰ অঞ্চলত এচলিয়া স্কুল এখনেৰে পৰিক্ৰমাৰ যাত্ৰা আৰম্ভ হৈছিল৷ বর্তমানে বাঙ্গালুৰু চহৰৰ চাৰিটা অঞ্চল ক্ৰমে – জয়ানগৰ, শ্বাহাকৰনগৰ, ক’ৰামঙ্গলা আৰু নন্দিনীত অনুষ্ঠানটোৱে পৰিচালনা কৰা চাৰিখন স্কুলত সর্বমূঠ ১৭০০ ছাত্ৰ-ছাত্ৰীক মানবিশিষ্ট শিক্ষা প্ৰদান কৰিছে৷

সমাজৰ উপেক্ষিত আৰু নিষ্পেষিতজনৰ কাৰণে কিবা এটা কৰাৰ বৰ হেঁপাহ শুক্লা বোসৰ৷ শৈশৱতে তেখেতৰ এই হেঁপাহে পোখা মেলিছিল৷ দেউতাক চৰকাৰী বিভাগ এটাৰ উচ্চপদস্থ চাকৰিয়াল হোৱাৰ সূত্ৰে তেওঁলোকৰ পৰিয়ালটো দার্জিলিঙৰ নিগাজি বাসিন্দা আছিল৷

নিজৰ বিষয়ে সোধোতে শুক্লাই কয় - 'প্ৰায় পাঁচোটামান গর্ভপাতৰ পিছত মোৰ জন্ম হোৱা কাৰণেই বোধহয় মই মা-দেউতাৰ বৰ মৰমৰ আছিলো – বিশেষকৈ মাৰ৷ মোতকৈ প্ৰায় ডেৰ বছৰ সৰু মোৰ ভাইটিটোৰ জন্মৰ পিছতো কিন্তু ময়েই মা-দেউতাৰ নয়নৰ মনি হৈ থাকিলো৷' শুক্লা বোসে কোৱা অনুসৰি তেওঁ কেতিয়াও লিঙ্গ বৈষম্যৰ ধাৰণাটো অনুভৱেই কৰা নাছিল৷ তেওঁৰ শৈশৱ আছিল চমৎকাৰ আৰু তেওঁ ভালৰো ভাল স্কুলত পঢ়াৰ সুযোগ পাইছিল৷ তাৰোপৰি দেউতাকে তেওঁক সৰুৰেপৰাই কিছু মূল্যবান নীতি-নিয়মৰ সৈতেওঁ পৰিচয় কৰাই দিছিল৷ চৰকাৰৰ উচ্চপদস্থ বিষয়া হিচাপে দেউতাকে অফিচৰ পৰা ব্যৱহাৰৰ বাবে পোৱা সাতখন বিলাসী বাহনৰ এখনো শুক্লাই কোনোকালে ব্যৱহাৰৰ সুযোগ পোৱা নাছিল – সেইকেইখন সকলো সময়তে কেৱলমাত্ৰ অফিচৰ কাম-কাজত ব্যৱহাৰৰ বাবে সযতনে তেওঁলোকৰ ঘৰৰ সন্মূখত ৰাখি থোৱা হৈছিল৷ সেইকাৰণেই শুক্লাই ঘৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দূৰৰ স্কুল খনলৈ সদায় খোজকাঢ়ি যাব লগা হৈছিল৷

যদিওঁ তেওঁৰ শৈশৱ আছিল অতি বিনয়ী আৰু মিতব্যয়ী তথাপিও সেই পৰিবেশত ডাঙৰ হোৱাৰ এটা অদ্ভূত মাদকতা আছিল বুলি শুক্লা বোসে অজিও অনুভৱ কৰে৷ তেওঁৰ মতে, জীৱনৰ বিচিত্ৰ ঘাত-প্ৰতিঘাত অতিক্ৰম কৰাৰ সাহস আৰু ক্ষমতা তেওঁ শৈশৱৰ সেই জীৱন শৈলীৰ পৰাই আহৰণ কৰিছে৷ লগতে তেওঁ ভাবে যে মানুহে কেৱল শিক্ষাৰ জৰিয়তেহে সুনাগৰিক হিচাবে সমাজত নিজকে প্ৰতিস্থা কৰাৰ কর্তৃত্ব আৰু অধিকাৰ লাভ কৰে৷ তেওঁৰ মতে মাক-দেউতাকৰ পৰা পোৱা সেই শিক্ষাৰ সুবাদতে তেওঁ নিজকে এগৰাকী ভাল ছাত্ৰী হিচাবে প্ৰতিষ্ঠা কৰিব পাৰিছিল তাৰোপৰি শৈশৱৰ সেই জীৱনপ্ৰণালীয়ে তেওঁৰ চিন্তা-চর্চাকো প্ৰকৃত অর্থত গঢ় দিয়া বুলি তেওঁ অনুভৱ কৰে৷

কলেজীয়া শিক্ষা ল’বলৈ দার্জিলিঙৰ পৰা কলকাতালৈ আহি এখন বোৰ্ডিঙত তেওঁ আৰম্ভ কৰিছিল আন এক নতুন যাত্ৰা৷ সেই স্মৃতি ৰোমন্থন কৰি হাঁহি এটাৰে তেওঁ ক’লে যে সেই তেতিয়াই তেওঁ স্বাধীন হোৱাৰ প্ৰথম সোৱাদ পাইছিল৷ তাৰপিছত ১৯৭৬ চনত ভূটানত কর্মৰত এক যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ তেওঁ হিমালয়ৰ পাদদেশৰ সেই কনমানি দেশখন পালেহি৷

প্ৰথমখন বিদ্যালয়

শুক্লা বোসে জীৱনৰ প্ৰথমখন স্কুল খোলাৰ সুযোগ পালে বিদেশৰ ভূমিত৷ তেতিয়া ভূটানত কর্মৰত ভাৰতীয় সেনাবাহিনীৰ জোৱান সকলৰ শিশু সকলক শিক্ষা দিয়াৰ মানসেৰে তেওঁ সেই স্কুলখন আৰম্ভ কৰিছিল৷ তেওঁৰ মতে সেয়া এক বহুমূলীয়া অভিজ্ঞতা আছিল৷ ছাত্ৰ-ছাত্ৰীক পঢ়ুউৱা, তেওঁলোকৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাকে ধৰি স্কুল পৰিচালনাৰ সকলোবোৰ কামেই তেওঁ অকলেই চম্ভালিব লগা হৈছিল৷ কিন্তু বহু চেষ্টাৰ পিছতো ভূটানৰ জলবায়ু আৰু পানীৰ লগত শুক্লাই নিজকে খাপ খুৱাব নোৱাৰি ভাৰতলৈ ঘূৰি আহিবলৈ বাধ্য হৈছিল৷ ভাৰতলৈ ঘৰি অহাৰ পিছত তেওঁ তুলনামূলক ভাৰতীয় ভাষা বিষয়ত স্নাতকোত্তৰ উপাধি লৈ সেৱা খণ্ডৰ সৈতে নিজকে জড়িত কৰিলে৷ চাকৰি কৰি থকা কালতে তেওঁ চেলছ আৰু মার্কেটিঙক বিশেষ বিষয় হিচাপে লৈ এম বি এ উপাধিও লাভ কৰে৷

কর্পৰেটৰ লোভনীয় চাকৰি

এম. বি. এ. উপাধি লাভৰ পিছত কলকাতাৰ অবেৰয় গ্ৰেণ্ডত যোগদান কৰাৰ কিছুদিনৰ ভিতৰতে তেওঁ কর্পৰেটৰ চাকৰিত যথেষ্ট উন্নতি লভিবলৈ সক্ষম হৈছিল৷ মূলতঃ একক প্ৰচেষ্টাত অবেৰয়ৰ কর্মচাৰীসকলৰ বাবে আৰম্ভ কৰা বার্তালোচনী খনৰ কথা এতিয়া তেওঁ বৰ গৌৰৱেৰে স্মৰণ কৰে৷ মানৱজীৱনৰ সুক্ষ্ম অনুভূতি বোৰৰ বিকাশ ঘটোৱাই আছিল এই বার্তলোচনীখন প্ৰকাশৰ মূল উদ্দেশ্য৷ কেতিয়াবা সাধাৰণ কর্মচাৰী এজনৰো সুকুমাৰ বিষয় সমূহত দক্ষতা দেখি অনুপ্ৰাণিত হোৱা কথাটো তেওঁ আমাক জনালে৷ এই বার্তালোচনীখনে আশাতীত ভাৱে ভাল ফল দেখুৱাইছিল আৰু ইয়াৰ মাধ্যমেৰে শুক্লাই তেওঁৰ সহকর্মী সকলৰ সৈতে এটা সুসম্পর্ক স্থাপন কৰিবলৈ সক্ষম হৈছিল৷ তেওঁ আনকি কলেজত পঢ়ি থকা সময়ৰে পৰা মাদাৰ টেৰেচাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ দীর্ঘ ৭ বছৰকাল কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট আছিল৷ প্ৰথমে তেওঁ নিঃস্ব লোকসকলৰ মঙ্গলৰ হকে কাম কৰা অনুষ্ঠান নির্মল হৃদয়ৰ সৈতে কাম কৰি পিছলৈ তেওঁ পৰিত্যক্ত শিশুসকলৰ পৰিচর্যা কৰা অনুষ্ঠান শিশু ভৱনৰ সৈতে জড়িত হয়৷

কর্পৰেটৰ সফল বৃত্তি ত্যাগ কৰাৰ পিছত

সুদীর্ঘ ২৬ বছৰ কর্পৰেটৰ জগতত কটোৱাৰ পিছত শুক্লাই চাকৰি ত্যাগ কৰাৰ সিদ্ধান্ত ল’লে৷ চাকৰি জীৱনৰ শীর্ষবিন্দুত থকাৰ সময়তে তেওঁ বেলেগ কিবা এটা কৰাৰ মানসিক তাগিদাত এই সিদ্ধান্ত লোৱা বুলি আমাক জনায়৷ ২০০০ চনত তেওঁ এক আন্তৰাষ্ট্ৰীয় এন. জি. অ. ৰ ভাৰতীয় শাখাক নেতৃত্ব দিয়াৰ দ্বয়িত্ব ল’লে, যিটো অৱশ্যেই কর্পৰেটৰ চাকৰিৰ তুলনাত কম আকর্ষণীয় আছিল৷ তেতিয়া এই এন. জি. অ. টোৰ দেশে বিদেশে বিভিন্ন আঁচনিৰ কাম চলি আছিল আৰু ভাৰতীয় শাখাৰ পৰিচালন সঞ্চালক হিচাপে শুক্লা বোসে শিক্ষাকে তেওঁৰ আঁচনিৰ মূল বিষয় হিচাপে নির্বচিত কৰিলে৷ শুক্লাই ক’লে যে এই কামত জড়িত হোৱাৰ পিছত তেওঁ লাহে লাহে কর্পৰেটৰ ৰঙীন জগত খনৰ পৰা আঁতৰি আহিল যদিওঁ তেওঁৰ জীয়েক আৰু স্বামীয়ে কিন্তু তেওঁৰ সিদ্ধান্তত যথেষ্ট আনন্দিত হোৱাৰ লগতে এই সময়খিনিত দুয়োজনে শুক্লাক যথেষ্ট সহযোগ কৰিছিল৷ এই পৰিবর্তনৰ প্ৰথমাৱস্থাত অগৰ তুলনাত কম বেতনৰ কামটো কৰিওঁ, কম দামৰ এখন গাড়ীত ঘূৰাফুৰা কৰিও কিন্তু শুক্লাই উদ্যম হেৰুউৱা নাছিল বুলি কয়৷ কম সময়ৰ ভিতৰতে শুক্লাই এই নতুন কামটোতো নিজকে প্ৰতিষ্ঠা কৰাত সফল হৈছিল৷ এন. জি. অ. ৰ সেই কামটোত লাভ কৰা সফলতাই শুক্লাক ২০০৩ চনত 'পৰিক্ৰমা' নামৰ এই অনুষ্ঠানটো গঠন কৰিবলৈ অনুপ্ৰাণিত কৰিলে৷ এই অনুষ্ঠানটো তেওঁ সম্পূর্ণ ৰুপে নিজৰ কষ্টোপার্জিত মূলধনেৰে গঢ় দিছিল৷ লোকচানৰ যথেষ্ট আশংকা থকাৰ পিছতো কিন্তু তেওঁ নিজৰ মতত অটল আছিল আৰু শেষত সফলতাৰে সেই সংগ্ৰামখনত জয়যুক্ত হৈছিল৷

এই নতুন কামটো সফলকাম কৰিবলৈ শুক্লাই তেওঁৰ কর্পৰেট জগতৰ সকলো কিটিপ প্ৰয়োগ কৰিছিল৷ কিন্তু তাৰ পিছতো বাধা আঁতৰা নাছিল৷ অৱশেষত তেওঁ মুষ্টিমেয় কেইজনমান লোকক নিজস্ব চিন্তাৰে উদ্বূদ্ধ কৰি লক্ষ্য অভিমূখে প্ৰথমটো খোজ পেলাবলৈ সক্ষম হৈছিল৷ এক সামূহিক লক্ষ্যত উপনিত হ’বলৈ সকলোৱে কৰা কঠোৰ পৰিশ্ৰম আৰু নিজৰ কর্মৰ মাজেৰে পোৱা আনন্দই পৰিক্ৰমাৰ লগত জড়িত সকলোকে একগোট কৰি তেওঁলোকক এডাল ডোলেৰে বান্ধি ৰাখিছিল আৰু সিয়ে “পৰিক্ৰমা”ক আগুৱাই যোৱাত সহায় কৰিছিল৷ সেই বাটেৰে আগবাঢ়িয়েই আজি 'পৰিক্ৰমা'ই সফলতাৰ শিখৰত আৰোহন কৰিবলৈ সক্ষম হৈছে৷ নেতৃত্ব সুদৃঢ় হ’লে আৰু সঠিক অর্ন্তদৃষ্টিৰে আগবাঢ়ি গ’লে 'পৰিক্ৰমা'ৰ দৰে আন যিকোনো এটা অনুষ্ঠান সফল হ’ব পাৰে৷

এতিয়া কণর্হিল বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ লগতে আই. আই. এম. বি ৰ একোটাকৈ পৰিচ্ছেদত 'পৰিক্ৰমা হিউমিনিটি ফাউণ্ডেশ্বন'ৰ বিষয়টো অন্তর্ভূক্ত হৈছে – যিটোৱে 'পৰিক্ৰমা'ৰ সতে জড়িত সকলোকে উৎসাহিত কৰিছে৷

আগ্ৰহ আৰু গভীৰ অনুৰাগ

শৈশৱৰে পৰা পঢ়াশুনাৰ প্ৰতি শুক্লাৰ অসীম অনুৰাগ আছিল৷ তেওঁ বর্তমানেওঁ সেই অভ্যাস এৰি দিয়া নাই৷ এতিয়া তেওঁ 'উইনষ্টন চার্চিল'ৰ পত্নী 'ক্লিমেনটিন অগিলভি স্পেনচাৰ চার্চিলৰ' জীৱনী এখন পঢ়ি আছে যিখন চার্চিল দম্পত্তিৰ কন্যাই ৰচনা কৰিছে৷

আন যিকোনো এগৰাকী ভাৰতীয় মহিলাৰ দৰে পৰিয়ালৰ লোকসকলক নিজে তৈয়াৰ কৰা ব্যঞ্জনেৰে সদায় আপ্যায়িত কৰাটো শুক্লাৰ এটা অভ্যাস৷ সেয়ে শুক্লাই প্ৰায় প্ৰতিদিনে ৪.৩০ বজাতে বিচনা এৰি ৰন্ধা-বঢ়া কৰি নিজে সাজু হোৱাৰ লগতে ঘৰৰ সকলোকে সাজু কৰি নিজৰ কর্মক্ষেত্ৰলৈ ওলাই যায়৷ দিনটোৰ ব্যস্ততাৰ পিছত ৰাতি শুক্লাই টি.ভি. ৰ চিৰিয়েলৰ জগতত কিছু সময় ব্যয় কৰে৷ এইবোৰৰ উপৰিও কুকুৰ পোহা আৰু প্ৰতিপালন কৰাটো শুক্লাৰ আন এক ৰুচি৷ তেওঁ ঘৰত চাৰিটাকৈ কুকুৰ পোহাৰ উপৰিও বাঙ্গালোৰৰ বিভিন্ন স্থানত অৱস্থিত চাৰিখন স্কুলৰ প্ৰতিখনতে একোটাকৈ কুকুৰ পুহিছে৷ তাৰ বাহিৰেও ট্ৰেকিং কৰাটো শুক্লা বোসৰ আন এক হবি৷

তেওঁৰ আর্হিব্যক্তি

তিনিগৰাকী ব্যক্তিক শুক্লাই নিজৰ আর্হি ব্যক্তিৰূপে আৰধনা কৰে৷ তেওঁলোক হ’ল 'মাদাৰ টেৰেছা', 'দালাই লামা' আৰু ছাৰ নিক’লাছ উইনটন৷ এই ছাৰ নিক’লাছ উইনট এগৰাকী ইংৰাজ মানৱহিতৈষী ব্যক্তি যিয়ে দ্বিতীয় বিশ্বযুদ্ধত নাৎসি বাহিনীয়ে চেকোস্লোভাকিয়া অধিগ্ৰহণ কৰাৰ পৰৱর্তী সময়ত নাৎসি সকলৰ কৱলৰ পৰা ৬৬৯ গৰাকী শিশুৰ উদ্ধাৰ কার্যত মূখ্য ভূমিকা লৈছিল৷ শুক্লাৰ মতে ওপৰোক্ত তিনিওগৰাকী ব্যক্তিৰ সৰলতা আৰু বিনয়ী গুণে তেওঁক তেখেতসকলৰ প্ৰতি আকর্ষিত কৰিছে৷

এতিয়া শুক্লা বোসৰ জীৱনৰ এটাই মাথো ব্ৰত৷ তেওঁ আজিৰ পৰা বিশ বছৰৰ পিছতো প্ৰতিদিনে পুৱা ৮.১৫ বজাত হুইল চেয়াৰত বহি হ’লেওঁ স্কুলৰ প্ৰার্থনা সভাবোৰত উপস্থিত থাকিব বিচাৰে, যিখন স্কুল হয়তো 'পৰিক্ৰমা'ৰ এজন ছাত্ৰই পৰিচালনা কৰিব৷ 'পৰিক্ৰমা' পৰিয়ালৰ অতি মৰমৰ বাইদেউ গৰাকীয়ে তেওঁৰ মনৰ এই গোপন আকাংক্ষাৰ কথা আমাৰ আগত এনেকৈয়ে ব্যক্ত কৰে৷