চিকিৎসকে তিনি মাহ সময়সীমা বান্ধি দিয়া জাহ্নবী গোস্বামীৰ তেইশ বছৰীয়া জীৱন সংগ্ৰামৰ আলোক সন্ধানী যাত্ৰা

1

আন সাধাৰণ ছোৱালীৰ দৰেই সপোন বিলাসী আছিল এইগৰাকী কিশোৰী। সহজ, সুখময় জীৱন এটা তেৱোঁ কামনা কৰিছিল।কিন্তু নিয়তিয়ে তেওঁৰ বাবে নিৰ্দ্ধাৰিত কৰি থৈছিল আন এক পথ। সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতেই পিতৃক হেৰুৱাইছিল। পৈণত বয়স হোৱাৰ আগতেই বিবাহ পাশত সোমাব লগীয়া হৈছিল। স্বামীৰ পৰা প্ৰতিদান হিচাপে পাইছিল জীৱন ঘাটক এবিধ বীজাণু। মাতৃত্বৰ সৌভাগ্য হৈছিল। কিন্তু দুবছৰ হওঁতেই সন্তানক কাঢ়ি লৈ গৈছিল নিয়তিয়ে। জীৱনত সকলো পোৱাৰ পিছতো সকলো হেৰুৱাৰ যন্ত্ৰণা কিমান কষ্টদায়ক হ'ব পাৰে। কিন্তু জীৱন যুঁজত হাৰ নামানি আনকো জীয়াই থকাৰ প্ৰেৰণা দি আহিছে এইগৰাকী সাহসী মহিলাই। বিশ্ব নাৰী দিবস উপলক্ষে এই গৰাকী মহিয়সী নাৰীৰ সৈতে য়'ৰ ষ্ট'ৰীৰ ফালৰ পৰা হোৱা কিছু বাৰ্তালাপ পাঠক সমাজলৈ আগবঢ়াব খুজিছোঁ।


হয়, আমি আপোনাক ক'ব খুজিছোঁ জাহ্নবী গোস্বামীৰ কথা।উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী মহিলা যি নিজকে এইচ.আই.ভি পজিটিভ বুলি ঘোষণা কৰিছিল। Assam Network of Positive People (ANPP) ৰ প্ৰতিষ্ঠাতা হোৱাৰ লগতে Indian Network for People Living with HIV/AIDS (INP+)ৰ প্ৰথমগৰাকী মহিলা সঞ্চালক।২০১১ চনৰ IBN7 Zindagi LIVE বঁটাৰে সন্মানিত জাহ্নবী গোস্বামী।

সপোনৰ সিপাৰে কাঁইটিয়া পথ

মই সপ্তম মান শ্ৰেণীত পঢ়ি থাকোঁতেই দুৰ্বৃত্তৰ গুলীত পিতৃ নিহত হৈছিল। তাৰপাছত খুড়ায়ে পৰিয়ালটোৰ দায়িত্ব লৈছিল।চাৰিটা সন্তানৰ মই ডাঙৰ আছিলোঁ।সেয়ে মেট্ৰিক পৰীক্ষা দিয়াৰ পিছতেই মোক বিয়া দিছিল। সংস্কাৰ, ৰীতি-নীতিৰে ভৰা ঘৰ এখনত এজনী ছোৱালী হিচাপে প্ৰতিবাদ কৰিব পৰা নাছিলো। বিয়াৰ পিছৰে পৰাই দেখিছিলো স্বামীৰ ইটো-সিটো অসুখ। বাৰে বাৰে ডাক্টৰ ভিজিট,ঔষধ। মই এইবোৰ বুজি পোৱা নাছিলো। স্বামীৰ চিকিৎসা সন্দৰ্ভত ১৯৯৪ চনত এপ'ল' হস্পিতাল যাওঁতে ডাক্টৰে মোৰো তেজ পৰীক্ষা কৰিছিল। কিন্তু সেই তেজ পৰীক্ষাৰ ৰিপৰ্ট মই আজিলৈকে দেখা নাপালো। তেতিয়া মোৰ কন্যা সন্তানৰ বাইশ দিন হৈছিল। ডাক্টৰে মোক ব্ৰেষ্ট ফিডিঙ কৰাবলৈ মানা কৰিছিল। স্বামী এবাৰ গুৱাহাটীৰ জি.এম.চি.ত ভৰ্তি হওঁতে ডাক্টৰে খুড়াক কৈছিল যে মোৰ স্বামী এইডছত আক্ৰান্ত। তাৰপাছত স্বামীয়ে স্বীকাৰ কৰিছিল তেওঁৰ এইচ.আই.ভি. থকাৰ কথা আৰু মোক কৈছিল যে তোমাৰ গালৈকো এই বেমাৰ আহিব পাৰে। মই তথাপিও একো বুজি পোৱা নাছিলো। স্বামী ঢুকুৱাৰ পিছত খবৰ ল'বলৈ পৰিয়ালৰ লোক বা ওচৰ চুবুৰীয়া অহা নাছিল। তেতিয়া মাত্ৰ এটা কথা বুজি পাইছিলো যে এই বেমাৰটোৰ পৰা মানুহ আঁতৰি থাকে। ইতিমধ্যে মোৰ গাত এই বীজাণুৱে থিতাপি লৈছিল। আৰু ডাক্টৰে কৈছিল যে মই মাত্ৰ তিনিমাহ জীয়াই থাকিম।


১৯৯৬ চনত স্বামী ঢুকুৱাৰ পিছত স্বামীৰ পৰিয়ালৰ লোকে মোৰ ওপৰত নিৰ্যাতন আৰম্ভ কৰিছিল।তেওঁলোকে কৈছিল যে মই কুলক্ষণী, চৰিত্ৰহীন। মোৰ বাবে স্বামীৰ মৃত্যু হ'ল। তেওঁলোকে ঘৰৰ আৰু ল'ৰা হেৰুৱাব নিবিচাৰে। গতিকে স্বামীৰ মৃত্যুৰ পোন্ধৰ দিন পিছত মোক ঘৰৰ পৰা উলিয়াই দিছিল।

উল্লেখ্য যে, গুৱাহাটীৰ এটা শিক্ষিত,সম্ভ্ৰান্ত পৰিয়াললৈ জাহ্নবী গোস্বামীৰ বিয়া হৈছিল। বিয়াৰ আগৰে পৰাই স্বামী এইচ.আই.ভি. আক্ৰান্ত আছিল কিন্তু এই কথা তেওঁৰ পৰা লুকুৱাই ৰখা হৈছিল। স্বামীৰ ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত তেওঁ নগাঁও কামপুৰৰ মাতৃৰ ঘৰলৈ গুছি গৈছিল। দুৰ্ভাগ্যই লগ এৰা নাছিল জাহ্নবীৰ। ইতিমধ্যে সন্তান কস্তুৰী এই ৰোগত আক্ৰান্ত হৈ দুবছৰ বয়সত মৃত্যুক আঁকোৱালি লৈছিল। স্বামীহাৰা, সন্তানহাৰা এগৰাকী মহিলা। ভাগ্যই তেওঁৰ বাবে কি পথ নিৰ্দ্ধাৰণ কৰি থৈছিল? ডাক্টৰে তেওঁকো মাত্ৰ তিনিমাহ জীয়াই থাকিব বুলি কৈছিল।'মই সদায় কাউন্ট কৰি গৈছিলোঁ, মোৰ মৰিবলৈ আৰু কেইটা দিন বাকী আছে।' কিন্তু তিনিমাহ নহয়,তেইশ বছৰীয়া জীৱন সংগ্ৰামত সফলতা আৰু সাহসেৰে জীয়াই আনকো জীয়াই থকাৰ প্ৰেৰণা দিছে জাহ্নবী গোস্বামীয়ে।


আজি মই যি পৰ্যায়ত উপনীত হৈছোঁ সেয়া কেৱল মোৰ মাৰ বাবে, মাৰ সাহসত কৰিছো। মায়ে সদায় কয় তোৰ নিচিনা জাহ্নবী মই আৰু এজনী চাব নিবিছাৰোঁ।পৰিয়ালৰ আন লোকসকলৰ লগতে কামপুৰৰ দৰে এটা সৰু অঞ্চলৰ লোক সকলে মোক আন্তৰিকতাৰে আঁকোৱালি লৈছিল।মই পুণৰ কলেজত নাম লগাই উচ্চতৰ মাধ্যমিক তাৰ পাছত ৰাজনীতি বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিলো।

সংগ্ৰামৰ আন এক অধ্যায়

গুৱাহাটীলৈ আহি অসম চৰকাৰৰ 'আসাম ষ্টেট এইডছ কন্ট্ৰল ছছাইটি' (ASACS) ৰ চাকৰিত যোগদান কৰোঁ। গুৱাহাটীলৈ অহাৰ পিছত মই ভাৰা ঘৰত থাকিবলগীয়া হৈছিল।কিন্তু মালিকে যেতিয়া গম পাইছিল যে মই এইচ.আই.ভি.আক্ৰান্ত,তেতিয়া বিভিন্ন অজুহাত দেখুৱাই ঘৰ খালী কৰিবলৈ কৈছিল। মই উপায়হীন হৈ ইটোৰ পিছত সিটো ঘৰ সলনি কৰিবলগীয়া হৈছিল।অৱশেষত অফিচৰ ফালৰ পৰা থকা কোঠা এটাৰ ব্যৱস্থা কৰি দিছিল। ২০০৩ চনত অসম চৰকাৰে এটা ফ্লেট দিছিল।


চাকৰিত যোগদান কৰাৰ পিছত ২০০২ চনত পাঁচ জন সদস্যৰে Assam Network of Positive People নামৰ সংস্থা গঠন কৰোঁ।বৰ্তমান ২৫০০ সদস্যৰে এই সংস্থাই এইচ.আই.ভি.আক্ৰান্ত লোকসকলৰ বাবে কাম কৰি আহিছে। আমাৰ প্ৰধান উদ্দেশ্য হ'ল HIV/AIDS আক্ৰান্ত লোক সকলক সহযোগিতা আগবঢ়োৱা আৰু এই লোকসকলৰ প্ৰতি থকা সামাজিক বৈষম্য আঁতৰ কৰা।

এই সংগঠনৰ দ্বাৰা অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায়বোৰ ঠাইত HIV/AIDS ৰ সজাগতা অভিযানৰ লগতে বিভিন্ন ছেমিনাৰ আদিৰ দ্বাৰা এইচ.আই.ভি.আক্ৰান্ত লোকসকলৰ বাবে এটা সন্মানজনক জীৱনৰ অধিকাৰৰ দাবী কৰি আহিছে জাহ্নবী গোস্বামীয়ে।


জীৱনৰ শেষ মুহূৰ্তলৈকে মই এই সজাগতা অভিযান চলাই যাম।মই যোৱা বিশ বছৰ এইচ.আই.ভি.ৰ সৈতে যুঁজি জীয়াই আছোঁ।ইমান বছৰত বুজি উঠিছো যে আমাৰ দৰে লোকসকলৰ বাবে কিমান নিষ্ঠুৰ এই সমাজ ব্যৱস্থা।আনকি এইচ.আই.ভি.ত আক্ৰন্ত হোৱা মহিলাক সমাজে চৰিত্ৰহীন বুলি ক'ব খুজে। মই নিজকে এইচ.আই.ভি. পজিটিভ বুলি ঘোষণা কৰিছিলোঁ এই লক্ষ্যৰে যে মোৰ দৰে হাজাৰ জন লোক যাতে ওলাই আহে আৰু সাহসেৰে জীৱন সংগ্ৰামত ব্ৰতী হয়।আৰু সাধাৰণ লোকৰ বাবেও আমি যাতে সজাগতা আনিব পাৰোঁ।মই নিজে সন্মানেৰে জীয়াই থাকিব বিচাৰোঁ আৰু আনকো সন্মানেৰে জীয়াই থকাত সহায় কৰিব খোজোঁ।

পৰৱৰ্তী সময়ত জাহ্নবী গোস্বামীয়ে Indian Network for People living with HIV/AIDS (INP+)ৰ সঞ্চালক হিচাপে যোগদান কৰে। এই দুই সংগঠনৰ জৰিয়তে তেওঁ অসম, উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰতৰ প্ৰায়বোৰ ঠাইতে সজাগতাৰ অভিযান চলাই আহিছে।

নতুন প্ৰজন্মৰ মাজত বৃদ্ধি পাইছে এইচ.আই.ভি.সংক্ৰমণ

মই অসম,উত্তৰ পূৰ্বাঞ্চলৰ সকলো ঠাই ঘূৰিছোঁ। ভাৰতৰ কাশ্মীৰৰ বাদে সকলো ঠাই ঘূৰিছোঁ। অসমৰ লগতে মণিপুৰ, নাগালেণ্ডত এইচ.আই.ভি. আক্ৰান্তৰ সংখ্যা বেছি। ইফালে ভাৰতৰ মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আদিত বেছি।মহাৰাষ্ট্ৰ আৰু তামিলনাডুত এই সংখ্যা হ্ৰাস পাইছে। কিন্তু অসমত বাঢ়ি গৈ আছে। কামৰূপ, বৰাক ভেলী, নগাঁও, গোলাঘাট আদিত এইচ.আই.ভি. আক্ৰান্তৰ সংখ্যা বাঢ়ি গৈছে। মঙলদৈত কেইদিন মানৰ আগত পাঁচ জনকৈ মানুহ ইনফেক্টেড হৈছে।আমাৰ ইয়ঙ জেনেৰেশ্যন ইনফেক্টেড হৈছে। লাইফ ষ্টাইল, এগ্ৰেছিভ বিহেভিয়ৰ ইয়াৰ কাৰণ হ'ব পাৰে। ৪৫০০-৫০০০ মাইকী মানুহ ইনফেক্টেড হৈছে। যেতিয়া মই সৰু ছোৱালী দেখোঁ তেতিয়া খুব দুখ লাগে। ঘৰৰ পৰা বোৱাৰী উলিয়াই দিয়া দেখো তেতিয়া দুখ লাগে। মোৰ অনুভৱ হয় ইমানখিনি কৰাৰ পিছতো মই কৰবাত সফল হ'ব পৰা নাই।


আজি কিছুদিনৰ আগত মঙলদৈত এইচ.আই.ভি. আক্ৰান্ত শিশু এজনক স্কুলৰ পৰা উলিয়াই দিছে। তথাপি বিহাৰ, ইউ পিতকৈ আমাৰ ইয়াত বৈষম্য কম। অসমত দুই এটা কেছৰ বাহিৰে ৰিপৰ্টিভ কেছ আমাৰ বহুত কম। বৈষম্যৰ বলি হোৱাৰ ভয়ত বহুলোকে তেওঁলোকৰ বেমাৰৰ কথা লুকুৱাই ৰাখে। ৮০ শতাংশ লোকে ছুচাইড মেন্টেলিটি এটা লৈ আমাৰ ওচৰলৈ আহে।কিন্তু আমাৰ কাউন্সেলিঙৰ পিছত তেওঁলোকৰ আত্মবিশ্বাস আহে। আমি নিজে দেখুৱাওঁ যে আমি কেনেকৈ জীয়াই আছোঁ। কাউন্সেলিঙ কৰোঁতে আমি প্ৰথমে নিজৰ চিনাকি দি লওঁ। তাৰ পাছত তেওঁলোকে নিজৰ কথা আৰম্ভ কৰে।

এজন এইচ.আই.ভি. আক্ৰান্ত লোকৰ চিকিৎসাৰ বাবাদ মাহে ৩২০০ টকা খৰচ হয় যিটো বহন কৰা প্ৰায়বোৰ লোকৰ বাবেই সম্ভৱ নহয়। চৰকাৰে ঔষধ বিনামূলীয়াকৈ দিছে। কিন্তু অহা-যোৱাৰ খৰচ, স্বাস্থ্য পৰীক্ষাৰ খৰচ আদি বহন কৰা নাই। অসমত টেষ্টিঙ চেন্টাৰৰো অভাৱ। চৰকাৰে কিছুমান আঁচনি হাতত লৈছিল যদিও সেই সমূহ ফলপ্ৰসূ নহ'ল। চিকিৎসাৰ অভাৱতে বহু লোকে মৃত্যুক আঁকোৱালি ল'ব লগীয়া হৈছে বুলি আক্ষেপ প্ৰকাশ কৰে জাহ্নবী গোস্বামীয়ে।


Assam Network of Positive People আৰু Assam State AIDS Control Society ৰ যুটীয়া সহযোগত ২০১২ চনত গুৱাহাটীৰ সুন্দৰপুৰত এইচ.আই.ভি. আক্ৰান্ত অনাথ শিশু সকলৰ বাবে স্থাপন কৰা হয় ‘Kasturi Children’s Care Home’। বৰ্তমান ইয়াত ডেৰ বছৰ বয়সৰ পৰা বাৰ বছৰ বয়সলৈকে পোন্ধৰ জন শিশু আছে। তেওঁলোকৰ চিকিৎসাৰ লগতে থকা-খোৱা,পঢ়া-শুনাৰ খৰচ সংস্থাই বহন কৰে।



জীৱনমুখী এটা ধুনীয়া হাঁহিৰে মানুহৰ বাবে সংগ্ৰাম কৰি যোৱা জাহ্নবী গোস্বামী কেৱল এইচ.আই.ভি. নহয়,হেপেটাইটিছ চিৰ দ্বাৰাও আক্ৰান্ত।দুটা দুৰাৰোগ্য ব্যাধি লৈ মৃত্যুৰ শংকা নহয়নে বুলি প্ৰশ্ন কৰাত উৎফুল্লিত হাঁহি এটাৰে তেওঁ কৈছিল-সকলো মানুহেই এদিন নহয় এদিন মৰিব।সেয়ে মৃত্যুৰ শংকা লৈ জীয়াই থকাৰ জানো অৰ্থ আছে।আৰু মই আনক লৈ ইমান ব্যস্ত যে নিজৰ কথা ভাবিবলৈ সময়ে নাপাওঁ।পৰিয়াল,বন্ধু-বান্ধৱ,শুভাকাংক্ষীৰ মৰমেও মোক জীয়াই ৰাখিছে।

জীৱনত পিছলৈ উভতি নোচোৱা জাহ্নবী গোস্বামীৰ এই মহৎ অভিযান আৰু আগবাঢ়ি যাওক,তেওঁৰ অনুপ্ৰেৰণাৰে আৰু হাজাৰ হাজাৰ মানুহ জীয়াই থাকক,য়'ৰষ্ট'ৰীৰ পৰিয়ালবৰ্গৰ পৰা এইগৰাকী মহিয়সী নাৰীৰ দীৰ্ঘায়ো কামনা কৰিলোঁ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

জানি লওক ষ্টাৰ্টআপ চলোৱাৰ নীতি-নিয়ম

ছেণ্ড এনিমেশ্বনেৰে দিগন্ত মাধৱ গোস্বামীৰ বিশ্বমুখী যাত্ৰা

বেঞ্জামিন ফ্ৰেংকলিনৰ কৰ্মকুশলতাৰ এক গোপন মন্ত্ৰ উদ্যমীসকলৰ বাবে

দেশী-বিদেশী কম্পেনিৰ বাবে যুৱক-যুৱতী সকলক প্ৰস্তুত কৰিছে মডেলছ দিল্লী ডট কমে

With over 8 years experience in print and electronics I am doing freelance as a feature writer. I believe in humanity and love people. I like to do story about people. I believe learning is a never ending process.

Related Stories

Stories by Pubali Bhagowati