ৰূটি বনোৱা এটা ৰবট আৰু প্ৰণতি নাগাৰকাৰৰ সৰলীকৰণৰ সূত্ৰ

ৰূটি বনোৱা এটা ৰবট আৰু প্ৰণতি নাগাৰকাৰৰ সৰলীকৰণৰ সূত্ৰ

Thursday December 24, 2015,

5 min Read

“মই কলেজৰ তৃতীয় বৰ্ষত পঢ়ি থকা সময়ত এটা স্বয়ংক্ৰিয় ইষ্ট্ৰী সাজি উলিয়াইছিলো৷ তেতিয়াই মই অনুভৱ কৰিছিলো যে মানুহৰ জীৱন সলনি কৰিব পৰা কিবা এটা উদ্ভাৱন কৰিব পাৰিম৷”

প্ৰনতি নাগাৰকাৰ ‘সৰলীকৰণ’ত বিশ্বাসী৷ এই ‘সৰলীকৰণ হৈছে তেওঁৰ ব্যক্তিগত দৰ্শন৷এই দৰ্শন তেওঁৰ Rotimaticৰ দলটোৰো দিশনিৰ্নায়ক দৰ্শন৷

Rotimaticহৈছে Zimplisticৰ এনে এটা বৰট যিটোৱে একেলগে স্বাস্থ্যসন্মত ৰূটি প্ৰস্তুত কৰি উলিয়াই আৰু সেই ৰূটি ধুনীয়াকৈ মেৰিয়াই দিয়ে৷ স্বাস্থ্যসচেতন ব্যক্তিহিচাপে প্ৰণতিয়ে ঘৰত স্বাস্থ্যৰ প্ৰতি অনুকুল খাদ্য প্ৰস্তুত কৰিব বিচাৰে৷ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতে খাদ্য প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সমুখিন হোৱা সমস্যাৰ বাবে তেওঁ Rotimatic উদ্ভাৱন কৰি উলিয়াইছিল৷ এই ক্ষেত্ৰত Zimplistic ২০১৫চনত এ প্ৰায় ১১.৫ মিলিয়ন ডলাৰ বিনিয়োগ সম্পূৰ্ণ কৰিছে৷


image


প্ৰতিস্থাপনৰ সময়খিনি-

চাৰিটাকৈ প্ৰজন্মৰ অভিযন্তাৰে সমৃদ্ধ এটা পৰিয়ালত ডাঙৰ দীঘল হোৱা প্ৰণতিয়ে সদায়েই এগৰাকী উদ্ভাৱক হোৱাৰ সপোন দেখিছিল৷নিজৰ অভিভাৱকৰ বিষয়ে কৈ তেওঁ কয়,“মোৰ মা দেউতা দুয়ো নিজৰ নিজৰ ধৰণে একোগৰাকী উদ্যোগী আছিল৷মোৰ মা আছিল এগৰাকী প্ৰতিভাশালী আৰু প্ৰগতিশীল ব্যক্তি আৰু এগৰাকী চিত্ৰকৰ৷ তেওঁ নিজৰ interior design consultancy এটা আৰম্ভ কৰিছিল৷ বৰ্তমান তেওঁ এগৰাকী অংকৰ শিক্ষয়িত্ৰী৷ মোৰ দেউতা এগৰাকী মাটিৰ মানুহ৷ তেওঁ যথেষ্ট যুক্তিবাদী আৰু বাস্তৱবাদী লোক আছিল৷ তেওঁ তেওঁৰ বৃত্তিগত জীৱন যন্ত্ৰ ডিজাইনৰ ক্ষেত্ৰখনত আৰম্ভ কৰিছিল৷ ৫০ৰ দশকত তেওঁ নিজৰ ব্যৱসায় আৰম্ভ কৰিছিল এটা point-of-sale turnkey solutions companyৰে৷”

প্ৰনতিয়ে কয় যে তেওঁ তেওঁৰ পিতৃ-মাতৃৰ প্ৰতিভা আৰু গুণৰ এক অপুৰ্ব সমাহাৰ:তেওঁৰ মাকৰ বিপ্লৱী,সৃষ্টিশীৱল আৰু চিন্তাশীল স্বভাৱ আৰু পিতৃৰ যুক্তিবাদী,বাস্তৱবাদী আৰু বিনম্ৰ স্বভাৱৰ এক মিলন৷ পুনেত জন্ম আৰু ডাঙৰ দীঘল হৈ তেওঁ Singapore Airlines’ Youth Scholarship নামৰ এক জলপানি লৈ তেওঁ চিংগাপুৰৰ National Junior Collegeত A-Levelsৰ শিক্ষা গ্ৰহণৰ হেতু আহে৷ আভিযান্তিক শিক্ষাৰ প্ৰতি থকা আকৰ্ষণৰ বাবে তেওঁ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ শিক্ষা লৈ National University of Singaporeলৈ Product Designৰ বাবে যায়৷ university exchange programmeৰ অংশ হিচাপে তেওঁ বাৰ্কলিলৈ পঢ়িবলৈ যায়৷

Rotimatic উদ্ভাৱন

এক বিখ্যাত উপভোক্তা সামগ্ৰী নিৰ্মাণকাৰী কোম্পানীত কাম আৰম্ভ কৰাৰ পিছত তেওঁ অনুভৱ কৰিলে যে প্ৰতিটো পৰিয়ালকে স্বাস্থ্যৰ বাবে অনুকুল খাদ্য প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহায় হোৱাকৈ কিবা এটা নিৰ্মাণ কৰি উলিওৱাটো প্ৰয়োজন৷

“সেইবাবেই মই ২০০৮চনত নিজৰ সমষ্ট জমাধন আৰু সময় বিনিয়োগ কৰি প্ৰতিস্থা কৰিলো Zimplistic৷ তাৰ পিছতেই উদ্ভাৱন কৰি উলিয়ালো বিশ্বৰ প্ৰথমটো সম্পূৰ্ণৰূপে স্বয়ংক্ৰিয় ৰূটি প্ৰস্তুতকাৰী যন্ত্ৰ Rotimatic৷”

বিগত ৭বছৰত প্ৰনতি আৰু তেওঁৰ দলটোৱে নিৰৱিচ্ছিন্নভাবে কাম কৰি জয় কৰিলে Start-Up@Singapore,যিটো Berkeley Technology Entrepreneurship Challengeত তৃতীয় স্থানত আছে৷সামগ্ৰীৰ উত্তৰণ শিকাৰ বাবে বাবে প্ৰণতিয়ে প্ৰস্তুতকৰণ আৰু ধৰণ নিৰ্মানৰ এক সংস্থাত দুই বছৰ কাম কৰিছিল৷

Rotimaticৰ ভৱিষ্যত-

Rotimaticএ একেবাৰতে ২০খনকৈ গৰম গৰম ৰূটি প্ৰস্তুত কৰি উলিয়াব পাৰে৷ প্ৰতি মিনিটত একোখনকৈ ৰূটি প্ৰস্তুত হৈ ওলায়৷

“২০১৪চনত আৰম্ভণীতে হাজাৰ হাজাৰ অৰ্ডাৰ লাভ কৰাটো আছিল সচাকৈয়ে উৎসাহজনক৷” প্ৰণতিয়ে কয়৷ বৰ্তমান ৩৫জনীয়া দলটো লাহে লাহে বৃদ্ধি হৈ আছে৷ “এজন প্ৰতিস্থাপক হিচাপে দলটোৰ বাবে উপযুক্ত মানুহ বিচৰাটোৱেই মোৰ মূল গুৰুত্ব৷ মই বিশ্বাস কৰোঁ যে ভাল কাম কৰাৰ আগ্ৰহেৰে উদ্ভাৱনৰ এক শক্তিশালী সংস্কৃতি গঢ়ি তুলি কৰ্মস্থলীত এক পৰিয়ালকেন্দ্ৰিক পৰিবেশেই হৈছে Rotimaticৰ দৰে এক বিশ্বমানৰ সামগ্ৰী সাজি উলিওৱাৰ আঁৰৰ কাহিনী,” প্ৰণতিয়ে কয়৷

প্ৰণতিৰ প্ৰাথমিক গ্ৰাহকৰ ভিতৰত আছে দেশৰ বাহিৰত, বিশেষতৈ আমেৰিকাত থকা প্ৰবাসী ভাৰতীয়সকল৷ প্ৰণতিৰ মতে,“তেওঁলোকৰ খাদ্য তালিকাৰ অন্যতম উপাদান হৈছে ৰূটি আৰু ইয়াক প্ৰস্তুত কৰাটোও হৈছে এক কলা৷ ব্যস্ততাৰ বাবে তেওঁলোকে প্ৰায়েই সতেজ আৰু স্বাস্থ্যৰ বাবে অনুকুল ৰূটি খোৱাৰ পৰা বঞ্চিত হয়৷”


image


তেওঁ তদুপৰি কয়, “Rotimaticৰ কাৰ্যদক্ষতাৰ বিশালতাৰ প্ৰতি লক্ষ্য কৰি এটা কথা ক’ব পৰা যায় যে ই হৈ পৰিব বিশ্বব্যাপি সকলো পৰিয়ালৰে এক অভিন্ন অংগ৷ কাৰণ দক্ষিণ আমেৰিকাৰ টৰটিলা সকলৰ পৰা ইথিওপিয়াৰ ইঞ্জেৰাসকললৈ বা ইটালীৰ পিয়াদিনাসকললৈ সকলোৰে প্ৰিয় খাদ্য হৈছে এই ৰূটি৷”

কাৰিকৰি ক্ষেত্ৰখনত মহিলা

প্ৰণতিয়ে মানি লয় যে এগৰাকী মহিলাৰ বাবে এনেকুৱা এটা বস্তু প্ৰস্তুত কৰি উলিওৱাটো এক অগতানুগতিক কথা৷ মানুহে এইকথা মানি ল’বলৈ দিগদাৰ পায় যে তেওঁ হৈছে এই কোম্পানীটোৰ মুখ্য কাৰিকৰী বিষয়া আৰু সেই ধাৰণাটোতেই তেওঁকো ধৰি লোৱা হৈছিল৷ মানুহে ভাবিছিল যে তেওঁ বিপণন বা বিজ্ঞাপন বিভাগত কাম কৰা কোনো মহিলা কৰ্মচাৰী ।

“সেইবাবেই বিভিন্ন বৈঠকলৈ গ’লে মই এখন মটৰচাইকেল চলাই যাওঁ,যাতে মই বুজাব পাৰো যে মই অলপ বেলেগ৷” তেওঁ কয়৷

যেতিয়া তেওঁ সন্তানসম্ভৱা হৈ আছিল,তেতিয়াও তেওঁৰ বাবে এক প্ৰত্যাহ্বান আহিছিল৷ তেওঁ কয়, “মই যিমানদুৰ পাৰো মোৰ গৰ্ভাৱস্থাৰ কথা লুকুৱাইছিলো,কাৰণ মই কোনো বিশেষ গুৰুত্ব বিচৰা নাছিলো৷” নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা তেওঁ কয় যে এগৰাকী মহিলাই যি সৃষ্টি কৰিব পাৰে সেয়া সদায়েই অভিনৱ হয়৷ “আমি আমাৰ নাৰীসুলভ গুণবোৰ বেচিকৈ উলাই কৰিব নালাগে, তাতকৈ নাৰী আৰু পুৰুষসুলভ দুয়োটা গুণৰ মাজত সুসমন্বয় ৰক্ষা কৰাটো বেছি প্ৰয়োজনীয়.৷” প্ৰণতিৰ পৰামৰ্শ৷ সকলো কামতেই ১০০শতাংশ শ্ৰেষ্ঠত্ব উজাৰি দিয়াৰ মানসিকতাই তেওঁক ইটোৰ লগত আনটোক ত্যাগ নকৰাকৈ থকাত সহায় কৰে৷

তেওঁৰ সহ-প্ৰতিস্থাপক অৰ্থাৎ তেওঁৰ স্বামী ৰিছি ইছৰাণীয়ে তেওঁৰ এই যাত্ৰাত আদিৰে পৰা তেওঁক সংগ দি আহিছে৷ “মই যেতিয়া প্ৰথম প্ৰথম সেই সামগ্ৰীটো নিৰ্মাণ কৰি আছিলো আৰু সম্পূৰ্ণ নিসংগ আছিলো, তেতিয়া তেওঁৰ লগত বহুত চিন্তাৰ যুঁজ হৈছিল৷ কিন্তু তাৰ পিছত ছফ্টৱেৰ বিশেষজ্ঞ হিচাপে তেওঁ মোক পূৰ্ণকালিনভাবে সংগ দিছিল আৰু কোম্পানীটো নিৰ্মাণত সহায় কৰিছিল৷” অতীতৰ কথা প্ৰণতিয়ে এইদৰে কয়৷ ৰিছিয়ে বহুদিনৰ পৰা এখন ৰেষ্টুৰাঁ খোলাৰ সপোন দেখিছিল৷ কিন্তু তাৰ পিছত স্বাস্থ্যসন্মত খাদ্য প্ৰস্তুত কৰাটোতে দুয়ো সিদ্ধান্ত কৰে৷


image


প্ৰত্যাহ্বানৰ আন এটা দিশ-- যেতিয়া আপুনি একেলগে বাস কৰে আৰু কাম কৰে, কামৰ কোনো সীমা নাথাকে

প্ৰনতিৰ মতে প্ৰত্যেকজন লোকৰে শক্তি অনুসৰি প্ৰতিটো কাম কৰাৰ ক্ষেত্ৰত একোটা পদ্ধতি থাকে৷তেওঁ কয়, “যেতিয়াই আমি কোনো প্ৰত্যাহ্বানৰ সমুখিন হওঁ আমি দুয়ো প্ৰথমে নিজৰ মাজতে উপায় বিচাৰোঁ, কিন্তু ই ভুল বুজাবুজিৰ সৃষ্টি কৰে৷ বুজাবুজিৰ সকলো বাট মুকলি কৰি ৰখাটোৱে কিন্তু এইক্ষেত্ৰত বহু পাৰ্থক্য আনে৷”

কিন্তু উদ্ভাৱকে তেওঁৰ দ্বাৰা উদ্ভাৱিত সামগ্ৰীটো ব্যৱহাৰ কৰেনে? প্ৰণতিয়ে কয়, “হয়, নিশ্চয়! আমাৰ পাকঘৰতো Rotimatic আছে মই নিজৰ সমস্যা সমাধান কৰাৰ বাবেই এই যন্ত্ৰটো সাজি উলিয়াইছিলো,যাতে কৰ্ম ব্যস্ততাৰ মাজতো স্বাস্থ্যকৰ আহাৰ খাব পাৰো৷ এতিয়া এগৰাকী স্বামী,এটা পুত্ৰ সন্তান আৰু এটা ব্যৱসায় চম্ভালাৰ ক্ষেত্ৰত Rotimatic এটা এৰাব নোৱাৰা অংগ হৈ পৰিছে৷”

মূল-স্মৃতি মোদী

অনুবাদ-প্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কলাৰ স্নাতকসকলে কিয় ষ্টাৰ্ট-আপ আৰম্ভ কৰিব লাগে

ষ্টাৰ্টআপৰ বাবে গণতান্ত্ৰিক নীতি ফলদায়ক নহয়

ব্যৱসায় আৰম্ভ কৰাৰ বাবে বিনিয়োগৰ প্ৰয়োজন নাই

নতুন উদ্যোগীৰ বাবে কেতবোৰ বিক্ৰীৰ পৰামৰ্শ