মাছ ধৰি খাবলৈ 'মাছ'লৈ যাওক

মাছ ধৰি খাবলৈ 'মাছ'লৈ যাওক

Sunday February 07, 2016,

3 min Read

মাছ ধৰি খোৱাৰ মজাই বেলেগ । পিছে মহানগৰীৰ মাজ মজিয়াত মাছ খাবলৈ পালেও মাছ ধৰি খোৱাৰ কথা ভবা আৰু পৰ্বতত কাছ কণী বিচৰা প্ৰায় একেই কথা । ক্ৰমান্বয়ে সংকুচিত হৈ অহা মহানগৰীত এই আনন্দ অতি বিৰল । পিছে যদি আপোনাক এনে এখন ৰেষ্টোৰাঁৰ সন্ধান দিয়া হয় য'ত আপুনি নিজে মাছ ধৰি খোৱাৰ সুবিধা আছে তেতিয়া ? এনেকুৱাই এটা সুবিধা লৈ আহিছে এখন বিশেষ ৰেষ্টোৰাঁই । ইয়াত আপুনি সোৱাদ ল’ব পাৰিব মাছৰ চেন্দউইচ, বাৰগাৰ, কাটলেট, ম’ম, তন্দুৰিকে আদি কৰি বিভিন্ন ব্যতিক্ৰমী ফাষ্ট ফুডৰ । কেৱল খাবৰ বাবেই উপলব্ধ নহয়, ইচ্ছা অনুসৰি নিজৰ পছন্দত মাছ ধৰাৰো সুবিধা আছে ।

image


নতুন চিন্তাক ন ৰূপত সজোৱা ব্যক্তি কেইজন

মহানগৰীৰ সুশিক্ষিত অভিযন্তা যুৱক অভিনন্দন পৰাশ আৰু তেওঁৰ মোমায়েক ডº প্ৰদীপ কুমাৰ শৰ্মাৰ নৱচিন্তাৰ উন্মেষেৰে সমগ্ৰ ভাৰতৰ ভিতৰত পোন-প্ৰথমবাৰৰ বাবে আৰম্ভ হৈছে মাছ নামৰ এক বিশেষ ৰেষ্টোৰাঁ তথা বিক্ৰী কেন্দ্ৰ । উল্লেখযোগ্য মাছৰ ধাৰণাটো সম্পূৰ্ণ নতুন হোৱাৰ লগতে ইয়াৰ প্ৰচাৰৰ ধৰণটোও আছিল সম্পুৰ্ণ নতুন। মহানগৰীৰ চানমাৰীস্থিত পাঞ্জাৱ এণ্ড ছিন্দ বেংকৰ ২৫ লাখ টকা মূলধন হিচাবে প্ৰথমে ৰেষ্টুৰেণ্টখন আৰম্ভ কৰিছিল ২০১৫ ৰ ফ্ৰেব্ৰুৱাৰী মাহত । জনসাধৰণে যাতে মাছৰ বিষয়ে জানে তাৰ সজাগতাৰ অৰ্থে প্ৰথমে দুজন ঢুলীয়াক লৈ বাটৰ নাট প্ৰদৰ্শন আৰু বিভিন্ন কাকত, ৰেডিঅ’ যোগে বিজ্ঞাপন প্ৰকাশ কৰিছিল । বৰ্তমান মাছ নামৰ ৰেষ্টুৰেণ্টখন গ্ৰাহকৰ মাজত বেছ জনপ্ৰিয় হৈ উঠিছে । ইয়াৰ উপৰিও ১৪ জন নিবনুৱা যুৱকে ইয়াত কৰ্মসংস্থাপন লাভ কৰি আৰ্থিকভাৱে স্বচ্ছল হৈ পৰিছে ।

image


"মাছৰ গুণাগুণ সম্বন্ধে সকলোৱে জ্ঞাত । বৰ্তমানেও আমাৰ সমাজত মাংসতকৈ মাছক অধিক প্ৰাধান্য দিয়া হয় । এতিয়াও অসমীয়া সমাজৰ অনুষ্ঠান পৰ্বত মাছকে সৰ্বাধিক ৰূপত গুৰুত্ব আৰোপ কৰা হয় । মাছ খালে চকু ভাল হয় আৰু তেজ হয় বুলি আজিও কিছু মতবাদ প্ৰচলিত । মাছক জনপ্ৰিয় কৰা উদ্দেশ্যৰে আমি এই প্ৰচেষ্টা লৈছো । ব্যতিক্ৰম ধৰণেৰে মাছৰ জুতি ল’বলৈ এবাৰ মাছত এভূমুকি মাৰক । " অভিনন্দন পৰাশৰে কয় ।

image


মাছ ৰেষ্টোৰাঁত কি পাব

বিভিন্ন প্ৰকাৰৰ লোকেল অথবা চালানীৰ সৰু-ডাঙৰ মাছৰ লগতে সাগৰীয় মাছ যেনে- টুনা, চুৰমাই, মাৰ্কেৰেল, প’মফ্ৰেট, ৰাবাচ, ভোলা, টোপশ্ৰে, পাৰশ্ৰে, টাইগাৰ প্ৰন আৰু জম্বু প্ৰন আদিও মাছ ৰেষ্টোৰাঁত উপলব্ধ । মাছ বজাৰৰ কদৰ্য ৰূপৰ বাবে বহুতে মাছ বজাৰত ভাল কাপোৰ এযোৰ পিন্ধি সোমাব নোৱাৰে । কিন্তু এই ক্ষেত্ৰত মাছ বিক্ৰী কেন্দ্ৰটো ব্যতিক্ৰম । সম্পূৰ্ণ নিকা-পৰিস্কাৰ আৰু গোন্ধমুক্ত পৰিবেশত থকা এই কেন্দ্ৰটোৰপৰা আপুনি মাছ ক্ৰয় কৰিবলৈ হয়তো দ্বিধাবোধ নকৰিব । সকলো ধৰণৰ মাছ ব্ৰণলেচ অৰ্থাৎ কাইটবিহীন কৰি বিক্ৰি কৰাৰ সুবিধা আছে । আনহাতে নুন্যতম মূল্য ৫৫ টকাৰপৰা ৬৫০ টকালৈকে বিভিন্ন ধৰণৰ মাছৰ আইটেম পোৱা যায়। মহানগৰীৰ বিভিন্ন অঞ্চলত এখন গাড়ীয়ে মাছ যোগানৰ ব্যৱস্থাও ৰখা হৈছে । এই ফোন নম্বৰটোত মহানগৰীৰ বাসিন্দা সকলে ৯০৮৫৪৪০৯০৪ মাছৰ গাড়ী পাব পৰা সুবিধা আছে ।


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


এনেধৰণৰ আৰু কাহিনী


গুৱাহাটীত অনন্য হৈ উঠিছে জয়িতা কৰ চৌধুৰীৰ বেকাৰী এণ্ড কনফেকশ্বনাৰী ‘ডেলিচ’

শিক্ষাৰ পোহৰ বিলাবলৈ এখোজ দুখোজকৈ আগুৱাইছে ‘বেয়াৰ ফুট’

গাৰো পাহাৰৰ দুগৰাকী ডিজাইনাৰ, তিনিটা মেচিন আৰু তিনিগৰাকী শিপিনীৰ কাহিনী

ঘৰে ঘৰে মুৰ্গী মাংসৰ সোৱাদ দিবলৈ দীপ বৰাৰ 'চিকেন ভান'

মাজুলীৰ ভীমকলেৰে ইন্দুকল্পৰ শিশুখাদ্যৰ ব্ৰেণ্ড ‘ভীম ভিটা’

যোগাত্মক চিন্তাৰ প্ৰসাৰ যাৰ জীৱনৰ ব্ৰত- ডঃ বুলজিৎ বুঢ়াগোহাঁই

ঘৰত চাহপাতৰ অভাৱ পূৰাবলৈ চাহবাগান খোলাৰ সপোন দেখা ছোৱালীজনী