মফছল চহৰত ৰূপচৰ্চাৰ সংজ্ঞাকেই সলনি কৰি পেলালে পুৰুলিয়াৰ অপৰ্ণাই

0

গোটেই দিনটো দৌৰাদৌৰি! দুখন চেলুন আৰু সংসাৰৰ দায়িত্ব চম্ভালোঁতে চম্ভালোঁতে তেওঁৰ প্ৰায়েই অভিলাষ হয় এদিনত চৌব্বিশতকৈ অধিক ঘন্টা পাবলৈ। এনে ব্যস্ততাৰ মাজতেই তেওঁ বিভিন্ন কৰ্মশালা বা কনফাৰেঞ্চত যোগ দিবলৈ দেশ বিদেশলৈ ভ্ৰমণো কৰিবলগীয়া হয়। যদি আপোনাৰ মনত পশ্চিমবংগৰ ভিতৰুৱা স্থানৰ মহিলা সম্বন্ধে কোনো গতানুগতিক পুৰণি ধাৰণা আছে, তেন্তে পুৰুলিয়াৰ অপৰ্ণা বেনাৰ্জীক লগ পোৱাৰ পিছত সেই ধাৰণা নিমিষতে সলনি হৈ পৰিব।

পুৰুলিয়া জিলা অৰ্থনৈতিকভাবে পিছপৰা জিলা বুলিয়েই জনাজাত। এই জিলাৰেই এটি মধ্যবিত্ত মুখাৰ্জী পৰিয়ালত অপৰ্ণাৰ জন্ম। স্কুল কলেজ শেষ হোৱাৰ পিছত চৰকাৰী চাকৰি এটা; বা সেই চেষ্টাত অসফল হ’লে টিউছন পঢ়োৱা- সৰু এই চহৰখনত সেইয়াই যেন দস্তুৰ। কিন্তু অপৰ্ণাই এই গতানুগতিক দস্তুৰ মানিব নুখুজিলে। কলেজত পঢ়ি থাকোঁতেই তেওঁ বিয়া সোমায়; বিয়া সোমোৱাৰ এবছৰৰ ভিতৰতে মাতৃও হয়। এনেকৈয়ে কিছুদিন তেওঁ সংসাৰধৰ্ম পালন কৰিলে।

সেইয়া আছিল ১৯৯৮ চন। মনৰ ভিতৰত ধীৰে ধীৰে বাঢ়ি যোৱা “স্বাৱলম্বী হোৱা”ৰ ইচ্ছাৰ বিষয়ে তেওঁ এদিন স্বামীৰ আগত কৈ পেলালে। পৰিয়ালৰ পৰা সন্মনি পালেও কি কৰা যায় তাক লৈ তেওঁ নিশ্চিত হ’ব পৰা নাছিল। তেওঁ আগতে ঘৰৰ কাষতে অলপ অচৰপ ৰূপচৰ্চাৰ কাম শিকিছিল। তাকে লৈ তেওঁ ঘৰৰ আলহী কোঠাত পাৰ্টিছন এখন দি, আইনা আৰু চকী পাতি লৈ কাম আৰম্ভ কৰি দিলে।চুবুৰীৰ মহিলাসকলেও আহিবলৈ আৰম্ভ কৰিলে। তেওঁৰ ভাল কামৰ খবৰ বিয়পি পৰিবলৈ বেছিসময় নালাগিল। অপৰ্ণাৰ বুজিবলৈ দেৰি নালাগিল যে এই কামৰ বাবে এক পৃথক ঠাইৰ খুবেই প্ৰয়োজন। স্কুলশিক্ষক তেওঁৰ স্বামীৰ কিছু জমাধন আৰু ডি.আই.চিৰ পৰা ল’ন লৈ ১৯৯৯ চনৰ ১৪ এপ্ৰিলত মাত্ৰ ষাঠি হাজাৰ মূলধন লৈ তেওঁ “লা-বেলা বিউটী পাৰ্লাৰ”ৰ যাত্ৰা আৰম্ভ কৰি দিয়ে। তেতিয়া অপৰ্ণাৰ ওচৰত কেৱল এগৰাকী সহকাৰী হে আছিল। কৰ্মসূত্ৰে তেওঁ প্ৰায়েই কলকাতালৈ গৈ থাকিবলগীয়া হৈছিল। অপৰ্ণাই বুজি পালে- যদি এই ব্যৱসায়ক ডাঙৰকৈ গঢ়ি তুলিবলগীয়া হয়, তেন্তে তেওঁ পেছাদাৰী শিক্ষা লোৱাটো অতি প্ৰয়োজনীয়। তেওঁ নিজে অৰ্জন কৰা টকাৰে চিটী এণ্ড গীল্ডছ লণ্ডনৰ কলকাতাৰ এটি শাখাত ভৰ্তি হ’ল। দুগৰাকী জীয়েক, স্বামী আৰু সংসাৰৰ লগতে পাৰ্লাৰৰ কাম-কাজ। এইবোৰ সকলো চম্ভালৰা পিছতো প্ৰতিমাহতে বাহিৰলৈ গৈ ক্লাছ কৰি যোৱাটো তেওঁৰ পক্ষে সহজ নাছিল। একেৰাহে তিনিবছৰ তেওঁ একেবাৰেই ছুটী লোৱা নাছিল বুলি ক’লে মিছা কোৱা নহ’ব। কিন্তু তেওঁৰ কঠোৰ পৰিশ্ৰমৰ ফল সোনকালেই দেখিবলৈ পোৱা গ’ল। এখন সৰু চহৰলৈ অপৰ্ণাই বিশ্বমানৰ বিউটি ট্ৰীটমেন্টৰ বিভিন্ন পদ্ধতি কঢ়িয়াই আনিলে। তেওঁ অনেক নামী ব্ৰেণ্ডৰ সতে কাম কৰিবলৈ আৰম্ভ কৰি দিলে। নিজে কাম কৰি যোৱাৰ লগে লগে পুৰুলিয়া চহৰৰ কেইবাগৰাকী ছোৱালীকো কামবোৰ শিকাই দিলে, নিজৰ পাৰ্লাৰত চাকৰি দিলে।

ইয়ালৈকে গোটেইটো কেৱল উত্থানৰ কাহিনী। কিন্তু ভাগ্য সদায় একে হৈ নাথাকে। অপৰ্ণাৰ জীৱনৰো এদিন ছন্দপতন ঘটিল। এদিন হঠাতে ঘৰত ঘটা এটি দুৰ্ঘটনাত তেওঁ স্বামীক হেৰুৱাব লগা হ’ল। মাথোন দুটিমান মূহুৰ্তৰ ভিতৰতে তেওঁৰ জীৱনৰ ছাপ’ৰ্ট চিষ্টেমটোৱেই থানবান হৈ পৰিল। তেতিয়া ডাঙৰ ছোৱালীয়ে পঢ়া শেষ কৰি কলকাতাত চাকৰি কৰে আৰু সৰুজনী ছোৱালী নৱম শ্ৰেণীত। কেইদিনমানৰ পূৰ্বে নতুনকৈ কিনা ফ্লেটৰ ল’নৰ বোজা মূৰত আছেই। ইমানখিনি হৈ যোৱাৰ পিছত ঘৰেই চম্ভালিব নে ব্যৱসায় তাক লৈ তেওঁ খুব বিপত্তিত পৰিছিল। কিন্তু মানসিকভাবে সবল অপৰ্ণাই দুমাহমানৰ ভিতৰতে নিজকে চম্ভালি লয়।

তেওঁ কামলৈ উভতি ব্যৱসায়ৰ পৰিধি বিস্তৃত কৰাৰ সিদ্ধান্ত লৈ পেলায়। সম্পূৰ্ণ নিজৰ চেষ্টাৰে তেওঁ লা-বেলাৰ দ্বিতীয়টো শাখা খোলে- “লা বেলা ফেমিলী জ’ন”। ইমান বৃহত্‍ কৰ্মক্ষেত্ৰ অকলে চম্ভালিবলৈ কঠিন হ’ব বুলি ভাবি তেওঁ বাহিৰৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত স্কিন আৰু হেয়াৰ এক্সপাৰ্ট কেইজনমানক আনিলে। জামছেদপুৰ, আছানছোল, আহমেদাবাদৰ নিচিনা ঠাইৰ পৰাও তেওঁ পুৰুলিয়াৰ চেলুনত কাম কৰিবৰ বাবে মানুহ লৈ আনিবলৈ সক্ষম হৈছিল। স্কিন ট্ৰীটমেন্ট, হেয়াৰ কালাৰ আৰু ট্ৰীটমেন্ট, প্ৰফেছনেল মেক-আপ, পিয়াৰ্ছিঙৰ লগতে ইয়াত বিভিন্ন প্ৰকাৰৰ স্পা, নেইল আৰ্ট, বডী আৰ্ট আৰু Tattooৰ দৰে বিষয়ো সাঙুৰি লোৱা হৈছে।

অপৰ্ণাই অত্যাধুনিক তথা সঠিক পদ্ধতিত কাম কৰি যাব খোজে। সেইকাৰণেই তেওঁ আজিও মুম্বাই, দিল্লীৰ দৰে ঠাইলৈ ক্লাছ কৰি শিকিবলৈ যায়। অনেক বিউটী এক্সপাৰ্টৰ বাবে অপৰ্ণা বেনাৰ্জী আজি এটা চিনাকি নাম। তেওঁৰ সতে যুক্ত হ’বৰ বাবে বিভিন্ন ব্ৰেণ্ডৰ অফাৰ আহিয়েই থাকে। মাথোন নিজৰেই নহয়, কেইবাটাও পৰিয়ালৰ দায়িত্ব এতিয়া পৰোক্ষভাৱে তেওঁৰ কান্ধতেই ন্যস্ত।

এইবোৰ জনাৰ পিছত তেওঁক প্ৰশ্ন কৰা হ’ল. “তেন্তে এইবাৰ সৰু চহৰ পাৰ হৈ লা-বেলাই কলকাতাৰ মুখ দেখা পাব নে?”

তেওঁ উত্তৰ দিলে, “কেতিয়াও নহয়। কলকাতাৰ দৰে চহৰত এইবিলাক দেধাৰ পৰিমাণত আছে। মইও অন্য জিলাত নাইবা অন্য সৰু চহৰৰ মানুহে এইধৰণৰ সুবিধা লাভ কৰাটো বিচাৰোঁ ।” যি ঠাইৰ মানুহে এনেধৰণৰ সুবিধা লাভ নকৰে, অপৰ্ণাই তেনে ঠাইত উপস্থিত হ’ব খোজে। ঠিকেই- চিৰাচৰিত প্ৰথা নেওচি আগুৱাব খোজা ব্যক্তি এজনে এনেদৰেই আগুৱাব খুজিব। নহ’লে নো তেওঁ ইমানবোৰ মানুহৰ অনুপ্ৰেৰণা হৈ উঠিব পাৰে নে ?

মূল: বিদিশা বেনাৰ্জী

অনুবাদ: শান্তনু চাংমাই