উদ্ভাৱনৰ যাত্ৰাত ৰবীন্দ্ৰ নাথ সৰকাৰ

উদ্ভাৱনৰ যাত্ৰাত ৰবীন্দ্ৰ নাথ সৰকাৰ

Friday February 19, 2016,

3 min Read

সৰুৰে পৰা ল’ৰাজনৰ অদ্ভুত চখ । ঘৰৰ পেলনীয়া অথবা অপ্ৰয়োজনীয় যেন লগা বস্তুৰে নতুন কিবা এটা সাজি উলিওৱা। শুনিলে হয়তো আপুনিও আচৰিত হ’ব যে নিচেই কম বয়সতে তেওঁ সাজি উলিয়ালে এখন টেবুল ফেন। কাহিনী কাহিনী যেন লগা এই অগতানুগতিক কাম কৰা ল’ৰাজন হ’ল ৰবীন্দ্ৰ নাথ সৰকাৰ ।

বৰপেটাৰ সৰ্থেবাৰী বামুন্দী গাৱৰ বাসিন্দা নিত্যানন্দ সৰকাৰ আৰু ৰাচবালা সৰকাৰ পুত্ৰ ৰবীন্দ্ৰ নাথ সৰকাৰ । সেই সৰু কালৰ পৰা এতিয়ালৈকে বিভিন্ন যন্ত্ৰ, বিভিন্ন বস্তু সাজি উলিয়াই নিজকে সমাজত প্ৰতিষ্ঠা কৰাই নহয়, সমাজৰ বাবে আশাৰ কিৰণ হৈ জিলিকি উঠিছে ।

image


জনা নজনাকৈয়ে এদিন

'যন্ত্ৰ কি, কেনেকৈ সাজে এইবোৰ নজনাকৈয়ে এদিন টেবুল ফেন বনালো । ঘৰতে থকা ফল মুলৰে তৈয়াৰী এছিদ আৰু তাৰ পৰা বনোৱা চদা, এলুমিনিয়ামৰ ২ ইষ্ঞি পাটি, তামৰ ২ইষ্ঞি পাটি , কাচৰ গিলাছ আৰু তাঁৰেৰে টেবুল ফেনখন সজিছিলো, যেতিয়া মই দ্বিতীয় শ্ৰেণীত আছিলো। আমাৰ ঘৰৰ এক ধৰ্মীয় অনুষ্ঠান হৈছিল । তেতিয়া গৰম দিন আছিল । ধৰ্মীয় অনুষ্ঠানটো চলি থকাৰ সময়তে কাৰেণ্ট যোৱাত উপস্থিত ৰাইজে বহু অসুবিধাৰ সন্মুখীন হৈছিল , সেই দেখি মই তৈয়াৰ কৰা টেবুল ফেন খন লগাই দিছিলো । সকলো প্ৰশংসাৰ পাত্ৰ হৈ পৰিছিলো আৰু মোক প্ৰেৰণা যোগাইছিল । ন ন বস্তু বা সামগ্ৰী উদ্ভাৱনৰ বাবে এয়াই আৰাম্ভণী …… ' ৰবীন্দ্ৰ নাথ সৰকাৰে জানিবলৈ দিয়ে ।

উৎসাহ , প্ৰেৰণা বুকুতলৈ

বছৰ বাগৰাৰ লগে লগে এলাৰ্ম ঘড়ী, পানী ভাৰাসম্য জোখা যন্ত্ৰ,বেটাৰী, Magnetic Field আদি উদ্ভাৱন কৰিছিল। মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ অন্তত বৰপেটাৰ আই. টি .আই (I.T.I) ডিজেল মেকানিকৰ শিক্ষা ল’লে আৰু হাৰিয়ানাত মেকানিকেল ইঞ্জিনাৰিঙৰ (Mechanical Engineering) তিনিবছৰীয়া পাঠ্যক্ৰম গ্ৰহণ কৰিছিল । ইয়াৰ পিছতে ঘৰতে উপলব্ধ বিভিন্ন সামগ্ৰী যেনে চাইকেলৰ ৰিং, প্লাষ্টিকৰ গামলা, কাঠৰ সামগ্ৰী, চুম্বক, আদিৰে ২০১৫ চনত এটা টাৰবাইন নিৰ্মাণ কৰিছিল । উল্লেখযোগ্য যে এই মাইক্ৰ ট্ৰাৰ্বাইনৰ প্ৰভাৱ বিজুলি শক্তি উৎপাদন কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ বাবে টিহু নদীৰ পানীত মাইক্ৰ' টাৰ্বাইন স্থাপন কৰি চোৱা হৈছিল, যি সংবাদ মাধ্যমত বিশেষ ভাবে চৰ্চা লাভ কৰিছিল । ইয়াৰ উপৰিও পেট্ৰলৰৰ ব্যৱহাৰ নকৰাকৈ ভাতৰ মদেৰে বাইক যে চলাব পাৰি তাক প্ৰদৰ্শন কৰিছিল ।

image


উল্লেখযোগ্য যে ভাতৰ মদেৰে প্ৰায় ৩ কি: মিটাৰ পথত বাইকেৰে আতিক্ৰম কৰিছিল । নতুন ধৰণৰে বাইক চলোৱা প্ৰচেষ্টা দেখি সকলোৱে আচৰিত হোৱাই নহয়, কথাষাৰ মুখ বাগৰি বাগৰি যোৱাত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সভাত নিমন্ত্ৰিত হৈছিল আৰু সম্বৰ্দ্ধনা লাভ কৰিছিল । 

কিন্তু বৰ্তমান এক বৃহৎ পৰিকল্পনা হাতত লৈছে চৰকাৰে । ২.৫ মেগাৱাটৰ হাইড্ৰ প্ৰজেক্ট চৰকাৰ আগত দাঙি ধৰাৰ পৰিকল্পনা আছে । তেওঁ দাবী কৰে যে তেওঁ যিটো হাইড্ৰ প্ৰজেক্ট তৈয়াৰ কৰিব, সেইটো সম্পূৰ্ণ নিজা প্ৰচেষ্টাত, নিজা শৈলীৰে কৰিব বুলি মতপ্ৰকাশ কৰিছে ।

বিদ্যুতৰ লুকা- ভাকু চলি থকা অঞ্চলত ৰবীন্দ্ৰ নাথ সৰকাৰে নিৰ্মাণ কৰা টাৰ্বাইনে যথেষ্ট সকাহ দিব । সেয়েহে অঞ্চলবাসী এই উদ্ভাৱনক লৈ যথেষ্ট গৌৰৱাম্বিত ।

ৰবীন্দ্ৰ নাথ সৰকাৰে ঘৰুৱা ভাবে উদ্ভাৱন কৰা বেটাৰীৰ 1.5 volt পৰা 12 volt লৈ থাকে । ভবিষ্যতে পানীৰ তলৰ মাইক্ৰ টাৰ্বাইন প্ৰস্তুত কৰি সমাজক সেৱা আগবঢ়োৱা সপোন আছে । ৰবীন্দ্ৰ নাথ সৰকাৰৰ সকলো সপোন বাস্তৱায়িত হওক, শুভকামনা থাকিল ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

অসমীয়া খাদ্যক বিশ্ব সভালৈ নিয়া চেফ অতুল লহকৰ

অসমলৈ ৰাষ্ট্ৰীয় সন্মান অনা ৰঞ্জিমা দাসে অসুস্থতাৰ বাবে আৰম্ভ কৰিছিল শৰীৰ চৰ্চা

এসময়ত নিৰীহৰ তেজেৰে ৰাঙলী কাকপথাৰ এতিয়া অৰ্থনৈতিক বিপ্লৱৰ নিদৰ্শন

শিক্ষাৰ পোহৰ বিলাবলৈ এখোজ দুখোজকৈ আগুৱাইছে ‘বেয়াৰ ফুট’