এগৰাকী চেম্পিয়ন সৃষ্টিৰ কাহিনী-হ্ৰদ নগৰীৰ কন্যাৰ সমুদ্ৰ জয়

0

যিটো বয়সত শিশুৱে থুপুক থাপাককৈ খোজ কাঢ়ে সেই বয়সতে ভক্তি শৰ্মাই সাঁতুৰিবলৈ আৰম্ভ কৰিছিল।

ভক্তিৰ জন্ম মুম্বাইত আৰু ডাঙৰ দীঘল হয় উদয়পুৰত।সাঁতোৰৰ প্ৰতি হেঁপাহ ভক্তিৰ শিৰাই ধমনীয়ে প্ৰবাহিত হৈ আছে।ভক্তিৰ মাতৃ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ হোৱা হেতুকে তেওঁ ভক্তিক আঢ়ৈ বছৰ বয়সৰে পৰা সাঁতোৰ শিকাবলৈ লৈছিল।

মোৰ ভয় লাগিছিল।কিন্ত্ত কম বয়সতে সাঁতোৰ শিকাৰ সুফলটো হ’ল এটি শিশুৰ বাবে ৪ ফুট বা ৬ ফু্ট গভীৰতা একেই হয়।মনত পৰা দিনৰে পৰা মই সাঁতোৰ শিকিছো।

কিন্ত্ত ভক্তিৰ বাবে কথাবোৰ ইমান সহজ নাছিল।তেওঁ বেছি দিনলৈ সাঁতোৰ শিকিব পৰা নাছিল-ভাল চুইমিং পুলৰ অভাৱতো আছিলেই,লগতে ডাঙৰ হৈ অহাৰ লগে লগে ছোৱালী বাবেই সাঁতোৰৰ ক্ষেত্ৰত বিভিন্ন সামাজিক বাধা নিষেধৰো সন্মুখীন হবলগীয়া হৈছিল।অৱ্শেষত তেওঁ সাতোৰ এৰিবলগীয়া হৈছিল।কিন্ত্ত সহজতে হাৰ মনা বিধৰ নহয় বাবেই ভক্তিয়ে আন এটা খেলত যোগ দিলে,তেওঁ কাৰাটে ক্লাছত নামভৰ্তি কৰি ব্লেকবেল্টৰ বাবে প্ৰশিক্ষণ লবলৈ আৰম্ভ কৰিলে।।কিন্ত্ত প্ৰশিক্ষক জন নিজৰ গৃহ চহৰলৈ গুচি যোৱাৰ বাবেই তেওঁৰ এই শিক্ষাও আধৰুৱা হ’ল।দুটাকৈ খেলত যোগ দি এটাও সম্পূৰ্ণকৈ শিকিব নোৱাৰাৰ খঙত ভক্তিয়ে হয়তো খেলিবলৈ এৰি দিলেহেতেন যদিহে এয়া তেওঁৰ মাকৰ বাবে নহ’লহেতেন। ভক্তিৰ মতে,‘মোৰ মা এটা কথাত খুবেই স্পষ্ট আছিল ,কোনো কাম কৰিলে হয় ১০০% ই মনপুতি কৰা,নহ’লে নকৰিবাই’।

ইয়াৰ পাছত আৰু তেওঁ পাছলৈ উভতি চাবলগীয়া হোৱা নাই।ভক্তিয়ে অশেষ পৰিশ্ৰমেৰে পুনৰ সাঁতোৰ আৰম্ভ কৰিলে,ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাতো ভাগ ললে।শুনিলে এনে ধাৰণা হয় যেন তেওঁ নিজৰ অধিকাংশ সময় খেলাত দিয়াৰ বাবে শিক্ষা দীক্ষাত বিশেষ মনযোগ দিব পৰা নাছিল ,কিন্ত্ত জানি আচৰিত হবলগীয়া যে দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত তেওঁ ক্ৰমে ৮৪% আৰু ৮৭% কৈ নম্বৰ লাভ কৰিছিল ।‘দিনটোৰ ৫ঘ্ণ্টাকৈ সময় প্ৰশিক্ষণৰ বাবে খৰছ কৰিবলগীয়া হোৱাৰ ফলত অধ্যয়ন আৰু সাঁতোৰ দুয়োটা একেলগে চলাই নিয়াত সমস্যা হৈছিল সঁচা,কিন্ত্ত অধ্যয়্নক অৱহেলা কৰিবলৈ সাঁতোৰক কেতিয়াও অজুহাত হিচাবে লোৱা নাছিলো,’ ভক্তিৰ মন্তব্য ।

নিজৰ চেষ্টাৰে ভক্তিয়ে বিভিন্ন প্ৰতিযোগিতাত শীৰ্ষস্থান লাভ কৰিছে আৰু উল্লেখযোগ্য কথাটো হ’ল প্ৰায়্ভাগ প্ৰতিযোগিতাতে সৰ্বকণিষ্ঠ খেলুৱৈ হিচাবে তেওঁ ভাগ লৈছে। এটা প্ৰতিযোগিতাৰ আকৰ্ষণীয় ঘটনাৰ কথা ভক্তিয়ে সোঁৱৰে,‘ “জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত প্ৰথম হোৱা বাবে মই ৰাজ্যিক পৰ্যায়লৈ নিৰ্বাচিত হৈছিলো আৰু প্ৰথম ইভেণ্টটোত ভাগ লোৱাৰ বাবে ব্লকত সাজু হৈছিলো। তেতিয়া মোৰ বয়স ৮ বছৰ আৰু ২০০ মিটাৰ সাঁতোৰৰ বাবে মই সাজু হৈছিলো।প্ৰতিযোগিতাৰ টাইমকীপাৰজনে তেনেতে মোৰ মাক সুধিলে,‘য়ে পুৰা তো কৰ্ লেগী?’(তাই সাঁতোৰটো পূৰাকৈ কৰিব পাৰিবনে?)

অৱশ্যে ছোৱালীজনীয়ে নিৰ্দিষ্ট সময়ৰ ভিতৰতে সাঁতোৰ সমাপ্ত কৰিবলৈ সক্ষম হৈছিল।

অ’পেন ৱাটাৰ চুইম

১৪ বছৰ বয়সত ভক্তিয়ে প্ৰথমে মুকলি পানীত সাঁতুৰিছিল।উৰান পৰ্ট আৰু গেটৱে অৱ ইণ্ডিয়াৰ মাজত দীৰ্ঘ দূৰত্বৰ সামূদ্ৰিক সাঁতোৰ অনুষ্ঠিত হব বুলি মাকে ভক্তিক জানিবলৈ দিছিল।পুলত সাঁতুৰি থকা ছোৱালীজনীৰ বাবে প্ৰতিভা প্ৰদৰ্শনৰ এয়া ডাঙৰ সুযোগ আছিল আৰু সেয়েহে ইয়াৰ বাবে নিজক সাজু কৰিবলৈ ঘণ্টাৰ পাছত ঘণ্টা জুৰি তেওঁ অভ্যাস কৰিবলৈ ললে।

“মই শীতকালতো অভ্যাস কৰিবলৈ আৰম্ভ কৰিলো,এনেসময়ত তাপমাত্ৰা ৫-৬ ডিগ্ৰীলৈ নিম্নগামী হয়।মই অভ্যাস কৰা চুইমিং পুলৰ কৰ্তৃপক্ষই হা মোক পুলটো শীতকালিও ব্যৱহাৰৰ বাবে অনুমতি দিছিল আৰু খোলা ৰাখিছিল।মা আৰু মই নিজেই তলা খুলি পুলৰ ভিতৰ সোমাইছিলো তলা বন্ধ কৰি উভতি আহিছিলো আৰু আমিয়েই সেই সময়ত কেম্পাছত প্ৰবেশ কৰা একমাত্ৰ মানুহ আছিলো।মই পানীত নামিছিলো আৰু মাই বাহিৰত ডেকত অপেক্ষা কৰিছিল ।মই ৩-৪ ঘণ্টা জুৰি একেৰাহে সাঁতোৰ অভ্যাস কৰিছিলো।’’পেশাদাৰী প্ৰশিক্ষণ নোহোৱা সাঁতোৰ খেলুৱৈয়ে অনেক প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হয়।নিজে নিজক লক্ষ্যৰ বাবে প্ৰণোদিত কৰিব লাগে।ভক্তিৰ বাবেও এই পথ উজু নাছিল,অকৃতকাৰ্য হোৱাৰ পাছত পুনৰ কৃতকাৰ্যতাৰ বাবে লক্ষ্য লবলৈ তেওঁ নিজক সাজু কৰিছিল।

“সাঁতোৰ প্ৰতিযোগিতাত অংশ লোৱাৰ সময়ত কেইবাবাৰো মই সাঁতোৰ এৰি দিম বুলি ভাবিছিলো,কিয়নো বহু চেষ্টাৰ পাছতো মহাৰাষ্ট্ৰ আৰু দক্ষিণ ভাৰতৰ সাঁতোৰিদ সকলৰ পৰ্যায় পোৱা নাছিলো।নিজক বিফল যেন লাগিছিল।একেবাৰে অপেছাদাৰীভাৱে নিজৰ ক্ষমতা বঢ়োৱাৰ চেষ্টা কৰিছিলো।দীৰ্ঘ দূৰত্বৰ সাঁতোৰৰ বাবে মোৰ কোনো পেছাদাৰী প্ৰশিক্ষণ নাছিল।মাত্ৰ যুক্তিৰ ওপৰত আধাৰকৰি আগবাঢ়ি গৈছিলো।একেৰাহে যিমান দেৰীলৈ পাৰি মই সাঁতোৰাৰ অভ্যাস কৰিছিলো আৰু প্ৰতি বাৰতে আৰু কিছু সময় বেছিকৈ সাঁতোৰাৰ চেষ্টা কৰিছিলো।”

মুকলি পানীত সাঁতোৰাৰ স্বাধীনতা অনুভৱ কৰাৰ পাছত যেন আকাশেই তেওঁৰ বাবে সীমা আছিল।সম্প্ৰতি ভক্তিয়ে বিশ্বৰ কণিষ্ঠ আৰু এছিয়াৰ প্ৰথম সাঁতোৰবিদ হিচাবে ৮টা জলভাগ সামৰি চাৰিওখন মহাসাগৰতে(ভাৰত,আটলাণ্টিক,প্ৰশান্ত,আৰৱ) সাঁতোৰাৰ গৌৰৱ অৰ্জন কৰিছে।

ইংলিছ চেনেল অতিক্ৰম কৰাৰ অভিজ্ঞতা

ইংলিছ চেনেল একেলগে সাঁতুৰি পাৰ হোৱা প্ৰথম মাতৃ কন্যা হিচাবে ভক্তি আৰু মাতৃয়ে গৌৰৱ অৰ্জন কৰিছে। ইংলিছ চেনেল একেলগে পাৰ হোৱা কাহিনীটো বৰ আকৰ্ষণীয়।ভক্তিয়ে কয়,‘

“মাতৃ কন্যাৰ দ্বৈত সাঁতোৰৰ ঘটনাটো আকষ্মিকভাৱে ঘটিছিল।যোধপূৰৰ এজনী ছোৱালীয়ে আমাৰ ঘৰলৈ আহি ইংলিছ চেনেলত সাঁতোৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ লগতে মোক আৰু মাক তেওঁক শিকাবৰ বাবে অনুৰোধ কৰিছিল।আমি তেওঁৰ প্ৰস্ত্ততি আৰু মানসিক শক্তি দেখি প্ৰথমে চ’ল’ বা একক ভাৱে সাঁতোৰাৰ সলনি ৰীলে চুইম কৰাৰ পৰামৰ্শ দিলো।কিন্ত্ত তেতিয়া তেওঁৰ বাবে ৰীলে টীমটো গঠন কৰাত সদস্যৰ অসুবিধা হ’ল।মই তেওঁৰ সৈতে সাঁতুৰিম বুলি ইচ্ছা প্ৰকাশ কৰিলো যদিও আমাক আৰু সদস্যৰ প্ৰয়োজন হ’ল।কিয়নো দুজনে ৰীলে সাঁতুৰিলে পৰস্পৰৰ ওপৰত বেছি চাপ পৰে আৰু অকলে সাঁতোৰাৰ দৰেই কষ্ট হয়। তেতিয়া মই মাক ক’লো যে তেওঁ ইয়াত ভাগ লোৱা উচিত ।

মাৰ কাষেৰে এখন নাৱঁত বহি তেওঁক আৰু বেগাই সাঁতুৰিবলৈ উৎসাহিত কৰি যোৱা কথাটো লৈ মই খুবেই আনন্দিত হৈছিলো কিয়নো বহু বছৰ ধৰি তেওঁ মোৰ বাবে সেয়াই কৰি আহিছিল।এনেদৰেই তিনিগৰাকী মহিলাৰ দলটো গঠন কৰি আমি অভ্যাস কৰি গৈছিলো। সেই সময়ত মোৰ মাৰ বয়স ৪৫ বছৰ আৰু আমি ডিচেম্বৰৰ শীততো ২৪ ঘণ্টা জুৰি নিজক পৰীক্ষা কৰিবলৈ অভ্যাস কৰিছিলো।চেনেলত সাঁতোৰাৰ পূৰ্বে আমি মুম্বাইত সাঁতুৰিলো।চেনেলত আমাৰ প্ৰথম প্ৰচেষ্টাত ৯ ঘ্ণ্টা জুৰি সাঁতোৰাৰ পাছত আমি বিফল হৈছিলো।সাঁতোৰ সম্পূৰ্ণ নকৰাকৈ উঠি অহা সেয়া আছিল মোৰ জীৱ্নত প্ৰথম আৰু শেষ ঘটনা।

বতৰ প্ৰতিকূল আছিল,সাগৰত প্ৰচণ্ড ঢৌৰ সৃষ্টি হৈছিল আৰু আমাক ঢৌৱে যেন দলিয়াই দিছিল।’

সেয়া দ্বিতীয়বাৰৰ বাবে ভক্তিয়ে ইংলিছ চেনেল অতিক্ৰম কৰাৰ কাহিনী ।১৬ বছৰ বয়সত তেওঁ প্ৰথমবাৰৰ বাবে ইংলিছ চেনেল অতিক্ৰম কৰিছিল।

ৰাষ্ট্ৰপতিৰ পুৰষ্কাৰ

২০১২ চনত ভক্তিয়ে নিজৰ কৃতিত্বৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা টেঞ্জিং নৰ্গে পুৰষ্কাৰ লাভ কৰে। “এয়া এক মিশ্ৰিত অনুভূতি।অনুষ্ঠানৰ এদিন আগেয়ে তেওঁলোকে গোটেই অনুষ্ঠানটোৰ আখৰা কৰে সেয়েহে আধা আনন্দৰ আভিজ্ঞতা সেইদিনাই হয়।তেওঁলোকে কেনেদৰে বঁটাটো গ্ৰহণ কৰিব লাগে সেয়া আখৰাত শিকাই দিয়ে আৰু পাছত ট্ৰফীটো সেইদিনাৰ বাবে ঘূৰাই লয়।

একেটা অনুষ্ঠানতে যুৱৰাজ সিঙেও অৰ্জুন বঁটা লাভ কৰিছিল।অনুষ্ঠানত মাননীয় ৰাষ্ট্ৰপতিয়ে বঁটা প্ৰদানৰ আগমুহূৰ্তত বঁটা প্ৰাপকৰ পৰিচিতি আৰু বঁটা লাভৰ আঁৰৰ কৃতিত্ব সম্পৰ্কে কোৱা হৈছিল আৰু মোৰ বিষয়ে কৈ থাকোতে চৌদিশে ‘ওহ..’ বুলি শব্দ এটা একেলগে উচ্চাৰিত হৈছিল কিয়নো দৰ্শকসকলে হয়তো মই কেনেধৰণৰ সাঁতোৰত অংশ লৈছো জানি আচৰিত হৈছিল ।"

বৰফত সাঁতোৰ

সম্প্ৰতি ভক্তিয়ে এণ্টাৰ্কটিকাত সাঁতোৰাৰ বাবে সাজু হৈছে আৰু ইয়াৰ বাবে অৰ্থ সংগ্ৰহৰ চেষ্টা চলাই আছে।এই সাঁতোৰৰ দ্বাৰা সংগৃ্হীত ধনেৰে তেওঁ ৰাজস্থানৰ শিশুৰ বাবে গঠিত এটা এন জি অ’ক সহায় কৰিব।কোনো প্ৰবন্ধক বা পেছাদাৰী প্ৰশিক্ষক অবিহনে নিজৰ সপোন সাৰ্থক কৰিবলৈ চেষ্টা চলাই যোৱা ভক্তিক ‘ৱান মেন আৰ্মী’ বুলি অভিহিত কৰা হৈছে।তেওঁৰ একমাত্ৰ সহযোগী হ’ল পিতৃ-মাতৃ,যিয়ে প্ৰথমৰে পৰা তেওঁক উৎসাহিত কৰি আহিছে।নিজৰ সময়্সূচীৰ বিষয়ে জনাই ভক্তিয়ে কয়, “যিহেতু মই সাঁতোৰৰ বাবে সাজু হৈছো,দুঘণ্টা সাঁতোৰেৰে মই দিনটো আৰম্ভ কৰোঁ আৰু তাৰ পাছতেই কান্ধৰ আঘাতৰ পৰা উপশম পাবলৈ ফিজিওথেৰাপী লওঁ।দিনটো বহু পঢ়া-শুনা কৰিবলগীয়া হয়,স্পনছৰশ্বিপৰ বাবে কেইবাটাও মেইল কৰো আৰু সন্ধিয়া জীমলৈ যাওঁ।মই এতিয়া খেলুৱৈ ,প্ৰবন্ধক,জনসম্পৰ্কৰক্ষী আৰু স্পনছৰ বিচাৰি থকা এজেণ্টো।”

আন খেলতকৈ সাঁতো্ৰ বহু পৃথক আৰু মহিলাই ইয়াক কেৰিয়াৰ হিচাবে লবলৈ যাওতে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হবলগীয়া হয়।ডাঙৰ হৈ অহাৰ লগে লগে ভক্তিয়েও সাঁতোৰ এৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল কিন্ত্ত পুনৰ এই খেল আকোৱালি লবলৈ তেওঁৰ সাহস আছিল।সকলোৱে তেওঁৰ দৰে সাহসী হব নোৱাৰে। “এইটো সঁচা যে এতিয়াও ভাৰতত সাঁতোৰ বৰ উৎসাহজনক খেল নহয়।মই দেখিছো যে ডাঙৰ হৈ অহাৰ লগে লগে মোৰ লগৰ বহু ছোৱালীয়ে পোছাক বিতৰ্কৰ বাবে আধাতে সাঁতোৰ এৰি দিবলগীয়া হয়।মই দেখা পাওঁ যে চৰকাৰী বিদ্যালয়ৰ পৰা অহা বহু ছাত্ৰীয়ে সঠিক পোছাক পৰিধান কৰি নহাৰ ফলত সাঁতোৰত অসুবিধাৰ সন্মুখীন হবলগীয়া হয়।

মুকলি পানীত সাঁতোৰক জনপ্ৰিয় কৰি তোলাৰ বাবে ভক্তিৰ সপোন আছে।যদি নিজৰ জীৱনটোক চলচিত্ৰ ৰুপ দিয়া হয় ভক্তিৰ বাবে হেনো প্ৰিয় দৃশ্যটো হব,‘য’ত চুইমিং পুলৰ সলনি কোনো সাগৰ বা হ্ৰদত কমেও ১০ জনী ছোৱালীয়ে মোৰ সৈতে সাঁতুৰিব আৰু মই মাত্ৰ পানীত ওপৰমুৱাকৈ শুই আলাসত ওপঙি থাকিম,ঢৌবোৰে নিজৰ কোলাত যেন মোক নিচুকাই থাকিব।”